কোনো শিল্পী হঠাৎ মাটি ফুটি ওলাই নাহে। শিল্পী এগৰাকীৰ জন্ম হয় সন্তৰ্পনে, সাধনাই তেওঁৰ শিল্পী-পৰিচিতি নিৰ্মাণ কৰে, জনতাৰ ওচৰত অাপোন হৈ পৰে। তেওঁৰ শিল্পসাধনাত মুগ্ধ হ’লে জনতাই তেওঁক হৃদয়ৰ মাজতো ঠাই দিয়ে। মানুহ হিচাপে যদি সমাজৰ প্ৰতি শ্ৰদ্ধা-ভালপোৱা নাথাকে, তেনেহলে বিৰল প্ৰতিভাধাৰীসকলো এদিন সন্তৰ্পণে হেৰাই যায়। যিসকলে মানুহৰ সমাদৰ লাভ কৰে, শ্ৰদ্ধাষ্পদত পৰিণত হয়, তেওঁলোকৰ মাজৰ কিছুৱে জনপ্ৰিয়তা অাৰ্জে। পিছে গ্লেমাৰ বা জনপ্ৰিয়তা সকলোৰে নাথাকে। গ্লেমাৰ নাথাকিলে বা জনপ্ৰিয় হ’ব নোৱাৰিলে বুলিয়েই শিল্পীগৰাকী সাধাৰণ হৈয়ো নাযায়। সীমিত সংখ্যক হ’লেও জীৱনকালত তেওঁৰো গুণমুগ্ধ থাকে। কিন্তু তেওঁৰ গুণমুগ্ধৰ সংখ্যা নকমে, বৰং দিনযোৱাৰ লগে লগে বাঢ়েহে। প্ৰতিভাৰ মাজেৰেই সময়ৰ বুকুত খোদিত হৈ যায় বাবেই জীৱিত কালত জনপ্ৰিয়তা অাৰ্জিব নোৱাৰা জনেই কেতিয়াবা চিৰকালীন নমস্য হৈ ৰৈয়ো যায় তেওঁৰ শিল্প-প্ৰতিভাৰ কাল নিৰপেক্ষতাৰ বাবে।
প্ৰতিভাশালী হ’ল বুলিয়েই সকলোৱে জনপ্ৰিয় হৈ পৰিব তেনেও নহয়। সমাজৰ বুজন সংখ্যক মানুহক অাপ্লুত কৰিব নোৱাৰিলে কোনো শিল্পীয়ে জনপ্ৰিয়তা লাভ কৰিব নোৱাৰে। প্ৰতিভাৰ গ্ৰহণযোগ্যতা সাৰ্বজনীন হৈ উঠিলে তেওঁ জনপ্ৰিয়তা অাৰ্জে। ভূপেন হাজৰিকা অাছিল তেনে এগৰাকী শিল্পী। তেওঁৰ গীতৰ কথা,সুৰ অাৰু কণ্ঠই অসমীয়াৰ সকলো শ্ৰেণীৰ মানুহৰ হৃদয়ত স্হান লভিব পাৰিছিল বাবে তেওঁৰ জনপ্ৰিয়তা অাছিল অভূতপূৰ্ব।
অান এচাম শিল্পী অাছে, যাৰ জনপ্ৰিয়তা অকল প্ৰতিভাৰ বলত নহয়, শিল্প-বজাৰৰ চল-চাতুৰী, মানুহৰ ৰুচীবোধ অাৰু প্ৰচাৰমাধ্যমৰ ওপৰত নিৰ্ভৰ কৰিহে অৰ্জন কৰে। তেনে শিল্পীৰ প্ৰতিভাৰ বিষয়ে প্ৰচাৰ কৰোতে টিভি-চিনেমাকে অাদি প্ৰচাৰ মাধ্যমৰ জৰিয়তে তেওঁক তুলি ধৰা হয় জোখত কৈ বেছি, যাতে মানুহৰ মনত ভ্ৰমৰ সৃষ্টি হয়। চিনেমাজগতৰ বহু শিল্পীৰ বিশেষ একো যোগ্যতা নথকা স্বত্বেও চিনেমাৰ বজাৰখনে তেনে শিল্পীক কেবল প্ৰচাৰৰ জৰিয়তেই কিছুদিনৰ বাবে জনপ্ৰিয় কৰি তুলিব পাৰে। অানহাতে কেতিয়াবা বজাৰে এনেকুৱা একোটা ট্ৰেণ্ড জনপ্ৰিয় কৰি তোলে যে সেই ট্ৰেণ্ডৰ সোঁতত মিলি গৈ জন-সাধাৰণক ৰুচী অনুযায়ী সন্তুষ্ট কৰাৰ চেষ্টাৰেও বহুতে জনপ্ৰিয় হৈ পৰে। ফেচন শিল্প-সংগীত-অানকি সাহিত্যৰ ক্ষেত্ৰতো বজাৰে জনপ্ৰিয় ট্ৰেণ্ড সৃষ্টি কৰিব পৰাতো সম্ভৱপৰ। মানুহৰ বৌদ্ধিক স্তৰ অাৰু ৰুচীবোধ অনুযায়ী শিল্প সৃষ্টিৰে জনপ্ৰিয়তা অৰ্জাটো নতুন কথা নহয়। ৰুচীবোধ বা শিল্প-ৰসাস্বাদনৰ বৌদ্ধিক ক্ষমতা যদি সকলোৰে একে হলহেঁতেন, তেতিয়া সকলোৱে একে সময়তে একে ধৰণৰ বস্তুক সমানভাবে ভালপাব পাৰিলেহেঁতেন। অামি যদি কেৱল সংগীতৰ কথাই পাতোঁ দেখিম যে সংগীতৰ এটা ভাগ অাজিকালি সম্পূৰ্ণ ৰূপেই বজাৰ নিৰ্ভৰ হৈ পৰিছে, যাক বহুতে popular culture ৰ সংগীত বুলি অাখ্যা দিয়ে। অামি দেখিছো যে বজাৰৰ ট্ৰেণ্ডেই সংগীতৰ ৰূপ নিৰ্ধাৰণ কৰাৰ লগতে সংগীতৰ জনপ্ৰিয়তাৰ মাপকাঠিও নিৰ্ণয় কৰি দিছে।
ধৰক, অাজি কালি অামি ডালেৰ মেহেণ্ডিৰ নাম নুশুনা হ’লো। হিমেশ ৰেছমিয়াকো ভাল নলগা হ’ল। হনি সিঙৰো বজাৰত অাগৰ দৰে কদৰ নাই। নবৈৰ দহকত অামি অাপাচে ইণ্ডিয়ান অাৰু বালি ব্ৰহ্মভাটকো হঠাৎ জনপ্ৰিয় হৈ উঠা দেখিছিলো। চিনেমাৰ ক্ষেত্ৰত অামি দেখোঁ, বিখ্যাত পিতৃ বা মাতৃৰ পৃষ্ঠপোষকতা লৈ কিছু সন্তানে বলিউডৰ অভিনয় জগতত ভৰি থয়। কিছুৱে প্ৰতিষ্ঠা পায়, জনপ্ৰিয়ও হয়–কিন্তু যিবোৰ প্ৰতিভাহীনে প্ৰচাৰৰ জৰিয়তে জনপ্ৰিয়তা অাৰ্জে, তেওঁলোক ওফৰি যাবলৈ বেছি পৰ নালাগে। কুমাৰ গৌৰৱে বক্স অফিচ হিট কৰি কেৰিয়াৰ অাৰম্ভ কৰিছিল। ছোৱালীবোৰৰ হাৰ্ট থ্ৰৱ হৈ পৰাৰ পাছতো কিন্তু প্ৰতিভাৰ অভাবতে তেওঁ বলিউডৰ পৰা চিটিকি পৰিল। বাপ্পী লাহিড়ীৰ এটা জামানা অাছিল, ৮০ৰ দহকৰ তেওঁৰ ডিস্কো ডেন্সাৰ, হিম্মতৱালা,মাৱালি অাদি চিনেমাৰ জনপ্ৰিয় গীতবোৰ এতিয়া কতো নাবাজে। কল্যাণজী অানন্দজী, লক্ষ্মীকান্ত প্যায়াৰেলাল অাদি সংগীতকাৰ সকলে যি মাইল্ড মেলডী বা নম্ৰ-সুষম ৰিদমেৰে সংগীতৰ ধাৰা এটা বৰ্তাই ৰাখিছিল, সেই ধাৰা নাকচ কৰি বাপ্পী লাহিড়ীয়ে উদ্দাম ডিস্কো কায়দাৰ অলেখ ছিনথেটিক বাদ্যযন্ত্ৰৰে ঝংকাৰ তুলিছিল, গানৰ গতি নতুন প্ৰাণস্পন্দনেৰে বেগতিক কৰি তুলিছিল। মানুহে এই পৰিবৰ্তন ভাল পাইছিল। পিছে পাশ্চাত্যৰ বজাৰমুখী সংগীতৰ সেই ট্ৰেণ্ডে লাহিড়ীক স্হায়িত্ব দিব নোৱাৰিলে। তেওঁৰ সেই জনপ্ৰিয়তা দুটা দহকৰ ভিতৰতে তাছপাতৰ ঘৰৰ দৰে খহি পৰিল। কেবল সংগীত বুলি নহয় অান অান ক্ষেত্ৰৰ শিল্পীসকলৰ জনপ্ৰিয়তা সন্দৰ্ভতো একেই কথা ক’ব পাৰি। সংগীতৰ উপৰি বিশেষকৈ অভিনয়, ক্ৰীড়া অাৰু অানকি সাহিত্যৰ ক্ষেত্ৰতো জনপ্ৰিয়তা কেতিয়াবা এচোৱা বিশেষ সময়ত তুংগত উঠে অাৰু পাচত লাহে লাহে সেই জনপ্ৰিয়তা ম্লান পৰি অাহে। এনে হয় যদি তেওঁলোকৰ সৃজনশীলতা হয় কাল সাপেক্ষ। যি প্ৰতিভাৰ গুণ গৰিমা চৰ্চিত হয় বজাৰৰ মাজেৰে, তেনে প্ৰতিভাৰ জনপ্ৰিয়তা হৈ পৰে হ্ৰস্বম্যাদী। তেনে প্ৰতিভাৰ জনপ্ৰিয়তা বজাৰ নোহোৱা হ’লে ম্লান পৰি অাহিবলৈ বাধ্য। তেওঁলোকৰ কীৰ্তিবোৰ হৈ পৰে কেবল সংখ্যা-পৰিসংখ্যাত। বিশেষকৈ এনে দৃষ্টান্ত দেখোঁ চিনেমাৰ দৰে বজাৰভিত্তিক সংগীত শিল্পীসকলৰ ক্ষেত্ৰত। বজাৰৰ স্বাৰ্থত তেওঁলোকৰ ব্যাপক জয়গান কৰোৱা হয়। মানুহৰ মাজত এক ভ্ৰম সৃষ্টি কৰা হয়। তেওঁলোকৰ গুণমুগ্ধ সকলক ক্ৰেতালৈ ৰূপান্তৰ কৰা হয় অাৰু এনেদৰেই তেওঁলোকৰ গান হৈ পৰে বেষ্ট ছেলাৰ। কিন্তু তেওঁলোকৰ সৃষ্টিৰ একঘেয়ামীৰ বাবে সোনকালেই মানুহৰ অাৱেশ কাটি যায়। প্ৰথমৰ দৰে গানবোৰ ভাল নলগা হৈ পৰে। ফলত অৱধাৰিতভাৱে জনপ্ৰিয়তাতো ভাটা অাহি পৰে। কিন্তু কিছুমান শিল্পীৰ প্ৰতিভা ইমানে বিৰল যে তেওঁলোকৰ গানৰ ভাল লগা চিৰকালীন। বজাৰে তেওঁলোকক চৰ্চাও কৰি নাথাকে, তথাপি তেওঁলোক হৈ ৰয় জনপ্ৰিয়। অামাৰ ভাৰতত লতা বা কিশোৰ কুমাৰে গোৱা কিছুগীত অাজিৰ প্ৰজন্মৰ ওচৰতো কদৰ অাছে। অাছে বাবেই তেনে গীতবোৰ নতুন ৰূপত বজাৰৰ জৰিয়তে পুণৰ ওভতি অাহে বাৰে বাৰে। পাশ্চাত্যত মোজাৰ্ট, বিথোভেনৰ বা চাৰ্কস্কিৰ ছিম্ফনি জনপ্ৰিয়তা অাজিও অটুত।
এই কথা সকলোৱে নিশ্চয় বুজি পায় যে বজাৰত ভেজা দি যিয়ে লিখে, গান গায় বা অান প্ৰদৰ্শন মূলক শিল্প নিৰ্মাণ কৰে, তেওঁলোকে এটা বিশেষ কালৰ বাবে বা এটা বিশেষ শ্ৰেণীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে, সেইবুলি তেওঁৰ সেই সৃষ্টিয়ে মহৎ হোৱাৰ যোগ্যতা নাথাকিবও পাৰে। মানুহে ভাল পালেই বাবেই বস্তু এটা মহৎ হৈ নপৰে। হোৱা হ’লে পৰ্ণগ্ৰাফী, সুৰা-ড্ৰাগছো অামি মহৎ বুলি স্বীকাৰ কৰি ললোহেঁতেন। এইবোৰতকৈ ডাঙৰ কথাটো হল মানুহৰ ৰুচীৰ লগত তাল মিলাই যিয়ে শিল্পসৃষ্টি কৰে অাৰু জনপ্ৰিয়তা লভিব বিচাৰে, তেনে শিল্পৰ চমক বাহ্যিকতাতহে, ভিতৰত সাৰমৰ্ম বুলিবলৈ সততেই একো নাথাকে। সেইবাবে সেই শিল্পৰ স্হায়ীত্ব তেনেই কম। এটা সময়ত ফেনিহিল নামৰ এৰোটিক সাহিত্যৰ চিৰিজ এটা ইউৰোপত খুৱ চলিছিল, অাজি নতুন প্ৰজন্মৰ পাঠকে ফেনিহিলৰ খৱৰ নলয়। হেৰল্ড ৰবিনচনেও তেনেধৰণৰ সাহিত্য ৰচি এসময়ত ‘বেষ্ট ছেলাৰ’ত পৰিণত হৈছিল। অামাৰ ইয়াত শোভা দেৰ লেখা অাজি কালি নতুন প্ৰজন্মই নিবিচৰা হল, পুৰণিসকলৰো অাগ্ৰহ কমিল। অাহিল কিছু নতুন লেখক। চেতন ভগতৰ ক্ষেত্ৰতো দেখিছোঁ পঢ়ুৱৈৰ কৌতুহল হ্ৰাস পাইছে। এতিয়া দেখিছোঁ অামিশ ত্ৰিপাঠী -দুৰ্জয় দত্তৰ দিন চলি অাছে। শিল্প-ৰসিকৰ সাম্প্ৰতিক ৰুচী অাৰু বজাৰৰ ট্ৰেণ্ডেই যদি শিল্পৰ গতিপথ নিৰ্মাণ কৰি দিয়ে তেনেহলে সেই ট্ৰেণ্ডতে সেই শিল্পৰ ভৱিষ্যতো নিৰ্ভৰশীল হয়। সময়ত ট্ৰেণ্ডৰ লগত শিল্পও উটি গুচি যায়, মানুহেও ভৱিষ্যতে ‘মিছ’ নকৰে।
শিল্প-কলা সমাজিক ক্ৰিয়া-কলাপৰে অংশ, এইবোৰ সমাজৰ পৰা বিচ্ছিন্ন বস্তু নহয়। শিল্প সৃষ্টিৰ মাজেৰে মানুহে সমাজিক বিষয়বোৰকে উপস্হাপন কৰে। ঘুৰিপকি অাচলতে শিল্পৰ মাজত সামাজিক বিষয়বোৰেই প্ৰতিফলিত হয়। প্ৰতিবিম্বিত হয় সামাজিক প্ৰমূল্যসমূহ। অানকি শিল্পীগৰাকীৰ সমাজ চেতনা বা সমাজৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাও উন্মোচিত হয় তেওঁৰ শিল্পসাধনাৰ মাজেৰে। এজন শিল্পীয়ে যদি গাব জানে বাবেই পইচাৰ বিনিময়ত চুক্তিৰ নিয়ম মানি কেবল সুৰাৰ বিজ্ঞাপনতে গীত গাই থাকে, তেতিয়া বুজিম তেওঁক কেবল পইচা লাগে। চিনেমাত গীত গাই থকা সকলৰ সকলোৱে শিল্পী নহয়, বেছি ভাগেই গায়কহে। বক্তি জীৱন যদি সমাজ জীৱনৰ প্ৰতি দায়বদ্ধ নহয় কোনো গায়কে শিল্পী হ’ব নোৱাৰে। শিল্পৰ কাম হ’ল সমাজত বৌদ্ধক জাগৰণ বা অালোড়ণ তোলা। যদি সেই উদ্দেশ্যত শিল্প বিফল হয়, তেন্তে তেনে শিল্পৰ কোনো স্হায়ীত্বও নাথাকে, তেনে শিল্পৰ জনপ্ৰিয়তা ক্ষন্তেকীয়া। দুদিন পাছতে মানুহে পাহৰি যায়। বহুতে ভাবে গান কেবল বিনোদনৰ বস্তু, গানেনো কি অানে, কি জাগৰণৰ সৃষ্টি কৰে? শুনি ভাল লাগে যেতিয়া তাতেই গায়কৰ সফলতা। পিছে কথাটো সেইটো নহয়, এজন শিল্পীয়ে গান এটা ৰেপ নে ৰক গালে, তাত একো অাহে নাযায়, কেতিয়াবা হয়তো তাৰ লিৰিকতো একো মতলব নাথাকিব পাৰে, কিন্তু গায়ক গৰাকীৰ গানটো গাওতে কি লক্ষ্য উদ্দশ্যলৈ গাইছে, তাৰ ওপৰতেই নিৰ্ভৰ কৰে গান বা গায়কৰ চৰিত্ৰ। পল ৰৱচন, বব মাৰ্লো-বব ডিলান বা পীট চিগাৰৰ কেবল গীতৰ কথাতে দায়বদ্ধতা নাছিল, তেওঁলোকৰ সত্বাৰ মাজতো অাছিল সেই একেই দায়বদ্ধতা বা সমাজৰ প্ৰতি ভালপোৱা। সাম্প্ৰতিক ৰাচিয়াৰ এগৰাকী ৰক সংগীত শিল্পী নাডেঝেদা টোলোকোন্নিকোভা। তেওঁৰ পুছি ৰায়ট বুলিএটা গ্ৰুপ অাছে, অাজি দীৰ্ঘদিন ধৰি পুটিনৰ স্বৈৰতন্ত্ৰী শাসনৰ বিৰুদ্ধে সংগীতৰ মাজেৰে প্ৰতিবাদ কৰি অাহিছে। তাৰ বাবে চৰকাৰৰ অকথ্য নিৰ্যাতনো সহিব লগা হৈছে । নাইজেৰিয়াৰ ফেলা কুটিৰ বিখ্যাত ‘জম্বি’নামৰ গীতটো বোধহয় বহুতে শুনিছে। অাশীৰ দহকত সামৰিক শাসনৰ বিৰুদ্ধে গোটেই দেশবাসীক এই এটা গীতেৰেই জাগ্ৰত কৰি তুলিছিল শিল্পী গৰাকীয়ে। তেঁৱো নিৰ্যাতনৰ সমুখীন হৈছিল। কিন্তু অন্যায়কাৰীৰ ওচৰত অাঁঠু লোৱা নাছিল। এনেধৰণৰ অলেখ সংগীত শিল্পীৰ নাম অাপুনি বিচাৰি উলিয়াব পাৰিব যিয়ে ৰজাঘৰীয়াই যচা প্ৰলোভন, ভয়-ভাবুকিৰ ওচৰত নতজানু হোৱা নাই, তেওঁ শাসকৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে সংগীতকে হাতিয়াৰ হিচাপে লৈ যুঁজ দি গৈছে জনগণৰ হকে। তাৰবাবে লাগিলে তেওঁ শাস্তিকে মূৰ পাতি লৈছে। কেবল যে সংগীত শিল্পীসকলেই এনে দায়বদ্ধতা দেখুৱাইছে এনে নহয়, অান অান শিল্প ক্ষেত্ৰৰ সাধকসকলেও প্ৰমাণ দিছে সমাজপ্ৰেমৰ। 


সকলেই কবি নয়, কেউ কেউ কবি। সকলোৱে শিল্পীও নহয়, কোনোবাজনহে শিল্পী। গান গালে, বাহী বজালে অভিনয় কৰিলে বা লিখামেলা কৰিলেই বুলি সকলোৱে শিল্পীত্ব অৰ্জন কৰিব নোৱাৰে। শিল্পই যদি বৃহত্তৰ সমাজীৱনৰ স’তে সংপৃক্ত হ’ব নোৱাৰে তেনেহলে সেই শিল্পী হৈ পৰে কেবল Performer । সৃষ্টিশীল কিবা এটাই শিল্পত্ব অৰ্জন কৰিবলৈ হলে স্ৰষ্টাৰ শিল্পীমনন অাৰু ব্যক্তিসত্বা একাকাৰ হ’বই লগিব। কেবল কামত নহয়, সামাজিক চেতনাও সমৃদ্ধ হ’ব লাগিব শৈল্পিক ভাবনাময়। হিটলাৰেও দৃষ্টি নন্দন ছবি অাঁকিছিল, পঠনীয় কবিতা লিখিছিল। কিন্তু অাজি মানুহে তেওঁক মনত ৰাখিছে নৃশংস গণহত্যাকাৰী হিচাপেহে, চিত্ৰকৰ বা কবি হিচাপে নহয়। গ্ৰিথিফ এজন প্ৰতিভাশালী চিনেমা নিৰ্মাতা অছিল, কিন্ত তেওঁৰ ‘বাৰ্থ অৱ দা নেছন’ক অাজি চিহ্নিত কৰা হয় কুখ্যাত বৰ্ণবিদ্বেষী প্ৰপাগণ্ডা চিনেমা হিচাপে। প্ৰপাগণ্ডা চিনেমাৰে হিটলাৰৰ নাজীবাদক সমৰ্থন কৰা লেনি ৰিফেলস্তাল বিৰল প্ৰতিভাধৰ হোৱা স্বত্বেও তেওঁক চিহ্নিত কৰা হৈছে মানৱতাবিৰোৰী ব্যক্তি হিচাপে, শিল্পী হিচাপে নহয়। মাইকেল জেকছন যিমানে জনপ্ৰিয় নওহক কিয় ব্যক্তি হিচাপে তেওঁক শ্ৰদ্ধা কৰিবলৈ একো নাই। ড্ৰাগছ সেৱন, শিশুক কৰা যৌন নিৰ্যাতনৰ কলংকিত অধ্যায়বোৰেৰে মাইকেল জেকছনক সোঁৱৰা হ’ব নীতিহীন ভোগবাদী জীৱনৰ প্ৰতিভূৰূপেও। অাজাহাৰউদ্দীনৰ কথা যেতিয়াই পাতিম, তেওঁৰ দৰ্শনীয় লেগকাট বা স্কোৱেৰ ড্ৰাইভবোৰৰ স্মৃতি সদায়ে ঢাক খাই যাব মেচ ফিক্সিঙৰ কুকীৰ্তিৰে।
যেতিয়া জুবিন গাৰ্গে চৰকাৰৰ ক্ষমতাৰ অংশীদাৰ হল, অাৰু যতীন বৰাইয়ো ‘কা’ অান্দোলনক সমৰ্থন জনোৱাটো তেওঁৰ ভুল বুলি ৰাজহুৱা ভাৱে স্বীকাৰ কৰি বিজেপি চৰকাৰৰ শৰণাপন্ন হল, তেতিয়া ৰাইজ বা একাংশ গুণমুগ্ধই ক্ষুধ্ব-বিৰক্ত হোৱাতো স্বাভাবিক কথা। দুয়োজনেই সম্পূৰ্ণ বিপৰীত চৰিত্ৰ এটা প্ৰকাশ কৰিছে। ‘কা’ বা ‘কেব’ বিৰোধী অান্দোলন অাৰু বিজেপি চৰকাৰ –দুই বিপৰীত মেৰুৰ বস্তু। বিজেপি চৰকাৰে অসমত বিদেশী বাংলাদেশীক নাগৰিকত্ব দিব বিচাৰে, অাৰু ‘কা’ বিৰোধীসকলে বিদেশী বহিস্কৰণ বিচাৰে। জুবিনেও ‘কা’ বিৰোধী ৰাইজৰ লগত চামিল হৈ চৰকাৰ বিৰোধী স্হিতি গ্ৰহণ কৰিছিল। অানকি তেওঁ এই অান্দোলনৰ নেতৃত্ব গ্ৰহণ কৰি ৰাইজক ‘কা’ৰ অপকাৰীতাৰ বিৰুদ্ধে উদাত্ত ভাষণ দি ফুৰিছিল। অাজি হঠাৎ তেওঁ ৰজাঘৰীয়া হৈ পৰিল। সমাজবাদী বুলি পৰিচয় দিয়া জনেই ধৰ্মান্ধ চৰকাৰ এখনৰ ক্ষমতাযন্ত্ৰৰ অংগ হৈ পৰিল। তাৰ পাচতো অামি সুধিমেইঃ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ অামাক কিয় লাগে ? অসমৰ ৮০ শতাংশ মানুহেই কৃষিজীৱি। কৃষি বা পথাৰ অবিহনে তেওঁলোকৰ জীয়াই থকাৰ কোনো বিকল্প নাই। অাজি যিখিনি মানুহ কৃষিৰ পৰা অাঁতৰি অাহিছে ; উপায়হীন হৈহে অাহিছে। মূলত ইয়াৰ কাৰণ বানপানী, খহনীয়া, কৃষি ফচলৰ সংগঠিত বজাৰৰ অভাৱ অাৰু সদৌ শেষত চৰকাৰী কৃষি বিভাগৰ স্বজন-তোষণ তথা দুৰ্নীতি। চৰকাৰী হেমাহি অাৰু অদূৰদৰ্শীতাৰ বাবে অসমৰ খেতিয়কে কেতিয়াও ধনী হোৱাৰো সুযোগ নাপালে , তেওঁলোকৰ সামাজিক মৰ্যাদাও উন্নীত নহ’ল। কৃষি কৰ্মৰ বাবে অসমীয়াক Motivate কৰাৰ কোনো প্ৰয়োজন নাই, অসমৰ সৰহভাগ মানুহেই জাত খেতিয়ক। বংশানুক্ৰমেই তেওঁলোক খেতি-খলাৰ স’তে জড়িত। বৰং চৰকাৰকহে Motivate কৰাৰ প্ৰয়োজন। চৰকাৰক বুজোৱাৰ দৰকাৰ কিয় বানপানী প্ৰতিৰোধৰ স্হায়ী ব্যৱস্হা অসমবাসীক লাগে, কিয় খহনীয়াৰ প্ৰতিৰোধ লাগে, কিয় নামৰূপৰ সাৰ কাৰখানা জীয়াই তুলিব লাগে, কিয় অসমৰ থলুৱা কৃষকক অাৰ্থিক সহায়তা দিব লাগে, কিয় ৰামদেব বা অাম্বানিৰ দৰে বহিৰাগত উদ্যোগপতিৰ হাতত কৃষিভূমি গটাই নিদি দিব লাগে ৰাজ্যৰ থলুৱা ভূমিহীন কৃষকক।
অামাক চৰকাৰী ব্ৰেণ্ড এম্বেচাদৰ নালাগে, অামাক লাগে কৃষক সংগঠনৰহে এজন ব্ৰেণ্ড এম্বেচাদৰ, যিয়ে এই কথাবোৰ শাসকপক্ষক বুজাই মেলি Motivate কৰিব পাৰে। জুবিনে অসমীয়া মানুহক খেতি কৰিবলৈ অাহ্বান জনোৱাৰ প্ৰয়োজন নাই, তাৰ পৰিবৰ্তে তেওঁ বিজেপি চৰকাৰক বুজাওক । তেওঁ বুজাওক যে অসমৰ কৃষক ৰাইজৰ সমস্যাবোৰ সমাধান কৰি দিয়ক, অাধুনিক কৃষি ব্যৱস্হাপনাৰ অান্তঃগাঁঠনি গঢ়াই দিয়ক, তেতিয়া অসমীয়া মানুহে নিশ্চিতমনে খেতিকে কৰিব। নহলে অান কিবা এটা কৰি খাবলৈ ৰাজ্যখনত চৰকাৰে উপায় ৰাখিছেনো কি ? অানহাতে যতীন বৰা সম্পৰ্কতো যদি অামি অসমীয়াই ভাবি অাছোঁ যে চিনেমাৰ নায়ক-নায়িকাসকলেই সমাজৰো নায়ক-নায়িকা, তেনেহ’লে অামাক অাৰু ভৱিষ্যতে কোনো প্ৰতিবাদী অান্দোলনৰ প্ৰয়োজন নাই, ৰাইজে গাঁঠিৰ ধন ভাঙি অথবা দান-বৰঙণিৰে হ’লেও যতীন-প্ৰাঞ্জণাৰ দৰে অভিনেতাসকলক চিনেমাকে কৰি থাকিবলৈ সুযোগ দিয়ক। অামি তাকে চাই চাই সমাজজীৱন কটাই দিম।

ক্ষমতাৰ ৰাজনীতিত যোগ দিয়াৰ অধিকাৰ সকলোৰে অাছে। এই পৃথিৱীত শিল্পী-কলাকাৰ বা অান বৌদ্ধিক জগতৰ মানুহেও ক্ষমতাৰ ৰাজনীতিত অংশগ্ৰহণ কৰাৰ দৃষ্টান্ত অাছে অলেখ। কেবল ‘অধিকাৰ’ৰ সেই যুক্তিকে দোহাৰি যদি অামাৰ শিল্পী-কলাকাৰ সকলে কংগ্ৰেছ-বিজেপিত যোগ দি মন্ত্ৰী-এম এল এ হ’ব খোজে অাৰু তেওঁলোকৰ দুতলীয়া অাচৰণৰ নাৰ্যতা দাবী কৰে, তেনেহ’লে অৱশ্যেই তেওঁলোকে অসমৰ ৰাইজক মুৰ্খ বুলি ভাবি লৈছে। তেওঁলোকে হয়তো ভাবি অাস্বস্ত হৈছে যে অসমীয়া মানুহৰ বিচাৰ বা ৰুচীবোধেই এনেকুৱা, যে চিনেমাৰ এটা ডায়লগ শুনি অথবা মেলোডী গীত এটা শুনিয়েই অামি মোহিত হৈ পৰিম অাৰু তেওঁলোকৰ বাবে জীৱন দিবলৈ ওলাই অাহিম। তেওঁলোকৰ কথাতেই অামি নাচি-বাগি ভোট দিবলৈ ওলাই অাহিম অাৰু এনে একোটা দলকো ক্ষমতাত বহুৱাই দিম যাৰ স্বাৰ্থত অামি হিন্দু-মুছলমান কৰি কটাকটি মৰি যাবলৈকো অাক্ষেপ নাথাকিব। অথবা অামাৰ গৌৰৱৰ জাতীয় সম্পত্তিবোৰৰ নিলাম দিলেও অামি অসন্তোষ নকৰিম কিংবা বিদেশী অাহি অামাৰ ঘৰৰ বাৰীখনত দখল দিলেও মানি লম হাঁহি হাঁহি।
সংস্কৃতিক জগতৰ মানুহবোৰ এনেদৰে বিজেপি-কংগ্ৰেছ গমণৰ ঘটনাই অামাক এই কথাও বুজাই দিলে যে অামাৰ ৰাজ্যৰ জনপ্ৰিয় গান-বজনাবোৰ বজাৰমুখী তৰল সংস্কৃতিত পৰিণত হ’ব ধৰিছে। নহলেনো দলসমূহে কিয় অান শিল্পী-কলাকাৰক প্ৰয়োজন অনুভৱ নকৰে? ৰাজনৈতিক দলক নাট্যকাৰ-নাট্যকৰ্মী,চিত্ৰ-পৰিচালক, লেখক-চিত্ৰশিল্পী-নৃত্যশিল্পীক নালাগে, তেওঁলোকক খেলুৱৈও নালাগে ( হিমা দাসক অৱশ্যেই সকলোকে লাগে), তেওঁলোকক খনিকৰ-ভাস্কৰ্যবিদকো নালাগে, লোকসংগীতৰ গায়ক-বাদককো তেওঁলোকৰ প্ৰয়োজন নাই, তেওঁলোকক লাগে সংগীত বজাৰত পৰিচিত মুখ।
মনত পৰিছে সেই খৰ-খজুৱতিৰ ঔষধ বেচিবলৈ ফেৰীৱালাই লগত লৈ ফুৰা বান্দৰটোলৈ, মালিক ফেৰীৱালাই ডুগডুগি বজায়, বান্দৰটোৱে লুটি-বাগৰ মাৰি নাচ দেখুৱায়, তাকে দেখি এজন এজন কৈ গোট খায় উৎসুক জনতা। বিক্ৰি হয় ঔষধ। বজাৰ ভাঙি গ’লে ঔষধৰ ফেৰীৱালা গছৰ তলত জিৰণি লয়, বান্দৰ জাগি থাকে। কিছু মুহূৰ্তৰ ঔষধৰ মালিক হৈ জাগি থাকে বান্দৰ।
নিৰ্বাচনী মেলা বজাৰত ৰাজনৈতিক দলৰ ক্ষন্তেকীয়া মালিক হোৱাৰ যোগ্যতা অাৰ্জি অামাৰ শিল্পী-সকলৰ দুই-একেও নিশ্চয় টিকট পাব। তেওঁলোকৰ অাশা পূৰণ হওঁক।
হিন্দু নাৰী, প্ৰেমৰো নাই যাৰ অধিকাৰ

সত্যভমাৰ প্ৰশ্নত অাহত হৈছিল দ্ৰুপদকন্যা অাৰু খেদেৰে কৈছিল,” কৃষ্ণৰ পত্নী হৈ তুমি এনেধৰণৰ চিন্তা কৰা উচিত নহয়। স্বামীক বশ কৰিবলৈ কেবল অসৎ তিৰোতাবোৰেহে ঔষধ বা মন্ত্ৰ প্ৰয়োগ কৰে।”
হিন্দুৰ পৰম পবিত্ৰ এই গ্ৰন্হত দুই বিখ্যাত নাৰী চৰিত্ৰৰ মাজেৰে তদানীন্তন সনাতন ভাৰতীয় হিন্দুসমাজত নাৰী অাৰু নাৰী-পুৰুষৰ সম্পৰ্কত প্ৰচলিত কেতবোৰ ভেল্যুজ বা মূল্যবোধ অামাৰ ওচৰত উন্মোচিত হৈ পৰে। সত্যভমাৰ প্ৰশ্নৰ অৰ্থ হল, তেওঁৰ মনত এটি দুখ অাছে। এই দুখ পত্নী হৈয়ো কৃষ্ণক একান্ত নিজৰ বুলি লাভ কৰিব নোৱাৰাৰ দুখ। অাচলতে বশ কৰাৰ অৰ্থনো কি? কোনে কাক বশ কৰি ৰাখিব বিচাৰে? যদি বশৰ কৰি ৰখাৰ কথাই অাহে ইয়াৰ অৰ্থই হল কৃষ্ণই সত্যভমাৰ মনৰ বোধ-অনুভূতিক বুজিবলৈ চেষ্টা কৰা নাছিল, কৃষ্ণই অাচলতে তেওঁক ভালপায় নে নাপায় সত্যভমাই বুজি উঠিব পৰা নাছিল। পৰা নাছিল বাবেই তেওঁৰ বশ কৰি ৰখাৰ ইচ্ছাটো অাহিছে। অৰ্থাৎ পত্নী হলেও কৃষ্ণই সত্যভমাৰ সতে এটা ব্যৱধান ৰাখিছিল।
যি কি নহওক, দ্ৰোপদীৰ মুখৰে মহাভাৰতৰ প্ৰণেতাই কি কলে শুনক–” হে সত্যভমা, মই সৰ্বদায় কাম, ক্ৰোধ,অহংকাৰ ত্যাগ কৰি সহপত্নীসকলৰ সৈতে স্বামীসকলৰ সেৱা কৰো। স্বামীসকলে স্নান-ভোজন-শয়ন নকৰালৈ ময়ো স্নান-ভোজন-শয়ন নকৰো অাৰু অত্যন্ত হাস্যৰস অাৰু চপলতাকো প্ৰশ্ৰয় নিদিও। অভিজাত অাৰু সৎ স্ত্ৰীসংগ বাদে কাৰো সতে মিলা-মিছা নকৰো। অসৎ অাৰু স্বামীৰ অপ্ৰিয় তিৰোতাৰ সংগ পৰিহাৰ কৰি চলো। বৰকৈ গৃহৰ বাজ নহওঁ। স্বামী সকলে যি অাহাৰ গ্ৰহণ কৰে ময়ো সেই অাহাৰকে গ্ৰহণ কৰোঁ। স্বামীসকলে যি অাহাৰ বেয়া পায়,ময়ো সেই অাহাৰ বৰ্জন কৰি চলোঁ। অাত্মীয়ৰ সতে ব্যৱহাৰ, ভিক্ষাদান, শ্ৰদ্ধা ইত্যাদি সম্পৰ্কত মহাৰাণী কুন্তীয়ে মোক যি অাদেশ দি থৈছে সেয়া প্ৰতিক্ষণ মানি চলোঁ। যেতিয়া যুধিস্হিৰ ইন্দ্ৰপ্ৰস্হৰ ৰজা অাছিল, তেতিয়া ৰাজ্যৰ সমস্ত অায়-ব্যয়ৰ হিচাপ ৰাখিছিলো, চিৰকাল মই সকলোৰে অাগতে শোৱাপাটী এৰিছিলোঁ, অাৰু সকলোৰে শেষত শয়ণ কৰিবলৈ গৈছিলোঁ। তুমি যদি কৃষ্ণৰ প্ৰিয়পাত্ৰ হবলৈ বিচৰা, তেন্তে মোক অনুসৰণ কৰা।”
দ্ৰৌপদীৰ কথাবোৰ যদি অামি অাজিৰ বিচাৰেৰে তদানীন্তন সমাজখনৰ মূল্যবোধসমূহ decode কৰি চাও দেখিম যে এইবোৰ দ্ৰৌপদীৰে কথা নহয়, সেই প্ৰাচীন পুৰুষপ্ৰধান হিন্দু সমাজখনৰো মনৰ কথা। মহাভাৰতৰ ৰচকেও বিচাৰে এগৰাকী হিন্দু অাদৰ্শপত্নী দৌপদীৰ দৰেই হোৱা উচিত। হয়তো অাজিৰ সমাজৰ পৰিয়ালবোৰেও সেইবাবেই দ্ৰৌপদীৰ দৰেই ত্যাগস্বীকাৰ কৰিব পৰা গৰাকীকহে অাদৰ্শ বোৱাৰী বুলি গণ্য কৰে। পৰিয়ালবোৰে অাজিও বিচাৰে পত্নীয়ে নিজৰ ইচ্ছা অনিচ্ছাবোৰ বৰ্জন কৰি স্বামীৰ ইচ্ছা-অনিচ্ছাকে নিজৰ বুলি মানি লওক। নিজৰ প্ৰিয় খাদ্যবোৰ বিসৰ্জন দিয়ক। ঘৰৰ বাজ নহওক। বয়োজ্যেষ্ঠ মুৰব্বীয়ে নকৰিলেও নাই, কিন্তু পত্নী বা বোৱাৰীয়ে কামবন কৰি অাজৰি হৈহে সকলোৰে শেষত শোৱা পাটীলৈ যাওক, অাৰু সকলোৰে অাগতে শোৱাপাটী এৰক। কোনোবা নাৰীয়ে স্বেচ্ছাই দ্ৰৌপদীৰ অাদৰ্শ মানি যদি সুখী হৈছে, সেয়া তেওঁৰ নিজৰ কথা। কিন্তু যদি ইচ্ছা নথাকৈয়ো ত্যাগ কৰিব লগা হয়, সেয়া তেওঁৰ ক্ষেত্ৰত কেতিয়াবা হৈ পৰে শোষণৰ সমতুল্য। দ্ৰৌপদীৰ কথাৰ প্ৰসংগবোৰে এটা ধাৰণা দিয়ে যে তেওঁ সামাজিক প্ৰমূল্যৰ ওচৰত অনুগত হৈ ৰ’বলৈ বাধ্য এগৰাকী নাৰী।যিয়েই নহওক মহাভাৰতক এটি কিংবদন্তী অাখ্যান হিচাপে বিচাৰ কৰাত বাদে অামাৰ হাতত অাৰু একো উপায় নাই। মহাভাৰতৰ কাহিনীবোৰৰ সত্যতাৰ কোনো প্ৰামাণিক বিশ্বাসযোগ্য তথ্য নাই। মানুহ অাৰু ঈশ্বৰ, লৌকিক অাৰু অলৌকিক ঘটনাৰ সমিলমিলেৰে বাস্তৱ পৃথিবীৰ কোনো ইতিহাস সৃষ্টি হ’ব নোৱাৰে। তথাপি হিন্দুৰ এই মহাকাব্যখন বা তদানীন্তন অাৰ্যবৰ্তৰ সাহিত্যৰাজীক অামি ইতিহাসৰ সমলৰূপে গ্ৰহণ কৰিবই লাগিব। এই ধৰণৰ কাহিনী-অাখ্যান-কিংবদন্তী-বাণী-উপদেশসমূহৰ মাজেৰে সেইকালৰ সামাজিক ৰীতি-নীতি অাৰু প্ৰমূল্যক অামি দেখিবলৈ পাওঁ। জীৱন-জগত, লোক-পৰলোক, মানুহ-সমাজ অাৰু প্ৰকৃতি সম্পৰ্কে ধ্যান-ধাৰণা কেনে অাছিল– ইয়াৰ এক সামগ্ৰিক ধাৰণা অামি অতীতৰ মিথলজিৰ মাজতে সুন্দৰকৈ সন্ধান পাওঁ।
কৃষ্ণৰ লীলা, মিনিয়েছাৰ পেইন্টিংঅামাৰ সমাজ-জীৱন ধৰ্মীয় অাখ্যান অাৰু মিথবোৰেৰে এনেদৰে যুগোপৎ প্ৰভাৱিত হৈ অাহিছে যে অামাৰ দৈনন্দিন হাজাৰ কামকাজত সেইবোৰকে মনলৈ অানো অথবা দৃষ্টান্ত হিচাপে লওঁ। অামি সেইবোৰকে বাস্তৱৰ সত্য বুলি পতিয়ন যাওঁ। সকলো দেশ,সকলো জাতি, সকলো ধৰ্মতে অামি এনে প্ৰৱণতা প্ৰত্যক্ষ কৰোঁ। অামি জানো যে অনেক নিষ্ঠাবান ধাৰ্মিক হিন্দু মানুহে তাহানিৰ বেদ-উপনিষদ-পুৰাণ-মহাকাব্যৰ কথাবোৰ চৰম ঐতিহাসিক সত্যৰূপে বিশ্বাস কৰি অাহিছে। মানি চলিছে নীতি উপদেশবোৰ। অলপতে ইউটিউৱত দেখিলোঁ, এজনে কলমৌ শাক কেনেদৰে ভাজি খাব লাগে তাকে শিকাই অাছিল, কৌশলবোৰ শিকাই থাকোতে মাজতে তেওঁ ক’লে যে ভাদ মাহত কলমৌ শাক খাবলৈ নাপায়, কাৰণ ভাদত কৃষ্ণ জন্মিছিল। শুনি ভাৱ হল, কৃষ্ণৰ জন্ম কোনো মিথ নহয়, এটা সত্য। পিছে তাৰ সৈতে কলমৌৰ বিধি নিষেধবোৰ কিয়, জনা নগ’ল। অামি সবিস্ময়ে দেখোঁ অনেক হিন্দুই সেই ৰামায়ণ-মহাভাৰত-বেদ-উপনিষেদৰ নীতি-বচনবোৰ জীৱনৰ পদে পদে অাওৰায়। কয়-“বুজিছা গীতাত কৃষ্ণই কৈছে নহয়”…, অথবা “যুধিস্হিৰক দেখা নাছিলা ?”…হয়তো ক’ব “ৰামে এইবোৰ কৰিছিল”, “স্বয়ং কৃষ্ণই এইবোৰ কৰিছিল, অামিনো কোন কুটা?” বহুতে নাৰীৰ শ্ৰেষ্ঠতাৰ কথা বুজাবলৈ সীতাৰ সততা-পবিত্ৰতাৰ উদাহৰণ দিয়ে। এনেদৰে অামি হাজাৰ হিন্দুই অতীতৰ মিথবোৰেৰে অাজিৰ প্ৰমূল্যক তুলনা কৰোঁ। এই তুলনাবোৰে সদায়ে যে অামাক বা অাজিৰ মানৱ সমাজখনক উজ্জীৱিত কৰি ৰাখিছে এনে কিন্তু মুঠেও নহয়। বৰং বহু ক্ষেত্ৰত অামাক স্বাধীন মানুহ হিচাপে সন্মান অাৰু অাৰু মৰ্যাদা প্ৰাপ্তিত বাধাও দি অাহিছে। বিশেষকৈ যদি অামি ভাৰতীয় হিন্দু নাৰীৰ জীৱন অাৰু স্বাধীনতা সম্পৰ্কীয় কথাবোৰ লক্ষ্য কৰোঁ, অান নালাগে, যদি কেৱল দ্ৰৌপদীৰ জীৱন বৃত্তান্তৰ মাজেৰে চাওঁ–তেতিয়াও এই হিন্দু ঐতিহ্যৰ স্বৰূপ স্বতঃস্ফূৰ্তভাবে উন্মোচিত হৈ পৰে। সেই উন্মোচিত স্বৰূপে অামাক ব্যথিতও কৰে।
মহাভাৰতৰ কাহিনীৰ মাজেৰে বুজা যায়, এই যে সত্যভমা অাৰু দ্ৰৌপদীৰ কথোপকথন–ইয়াৰ মাজেৰে দ্ৰৌপদীৰ ব্যক্তিত্বৰ উমান অামি পাব পাৰো। দ্ৰৌপদীয়ে ৰাজকন্যাৰূপে জীৱনটো অাৰম্ভ কৰিছিল, কিন্তু বাকী দীৰ্ঘসময় এছোৱা কটাইছিল সাধাৰণ তিৰোতাৰ দৰে। ৰাজকীয় জীৱন কটাবলৈ বিশেষ সুযোগেই তেওঁ নাপালে। পালে কেবল দুখ-কষ্ট- দুৰ্ভোগ যাতনা। তাৰ বাবে কিন্তু কোনো দিনেই অাক্ষেপ অনুশোচনা কৰা নাই যে স্বামীগৃহৰ পাৰিবাৰিক কন্দলৰ ফলতে এই যাতনা সহিব লগা হৈছে। তেওঁ কেৱল পাশাখেলৰ মুহূৰ্তত, বস্ত্ৰহৰণৰ সময়তহে স্বামীগণৰ প্ৰতি ক্ষোভ-বিৰক্তি চৰমভাবে প্ৰকাশ কৰিছিল। তেওঁক ৰাজহুৱাভাবে নাঙঠ কৰিব ধৰিছে নিজৰে অাত্মীয়ই, তাকো স্বামীসকলৰ সমুখত অথচ স্বামীগণে ধৰ্মৰ দোহাই দি চুপ হৈ বহি ৰৈছে,সেয়া হয়তো তেওঁ এগৰাকী নাৰী হিচাপে মানি লব পৰা নাছিল। সিদিনা প্ৰতিবাদ কৰিছিল কেবল ভীমে। সেই মুহূৰ্তটোৰ ক্ষোভক বাদ দি বাকী গোটেই জীৱনটোত দ্ৰৌপদীয়ে পৰম নিষ্ঠা, সততা অাৰু অান্তৰিকতাৰে পঞ্চ পাণ্ডৱক স্বামীৰূপে সেৱা পৰিচৰ্যা কৰি গৈছিল। পাশাখেলৰ পণ্যদ্ৰব্যত পৰিণত হোৱাৰ সময়তো, ৰাজহুৱাভাবে শালীনতা হানি হোৱাৰ সময়তো কিন্তু দ্ৰৌপদীয়ে নিজৰ ভাগ্যকে ধিয়াইছিল। অানকি এই ত্যাগ স্বীকাৰৰ উপৰিও ধৈৰ্য,সাহস,সততা অাৰু বুদ্ধিমত্তাৰে পাণ্ডৱক দাসত্বৰ পৰা মুক্ত কৰি উঠাৰ পাছতো ঈশ্বৰৰ দৃষ্টিত দ্ৰৌপদী অাছিল ব্যভচাৰিণী অসতী তিৰোতা।অাৰু কেৱল সেইবাবেই দ্ৰৌপদীৰ স্বৰ্গপ্ৰাপ্তি সম্ভৱতো নহ’লেই, অানকি স্বৰ্গাৰোহণৰ পথত সৰ্বপ্ৰথমেই সততাৰ পৰীক্ষাত ব্যৰ্থ হৈ মৃত্যুক সাবতি ল’ব লগা হোৱা ব্যক্তিগৰাকীয়েই অাছিল দ্ৰৌপদী।
অামি সকলোৱে জানোঁ দ্ৰৌপদীৰ জীৱনৰ বিড়ম্বনাবোৰনো অাচলতে অাছিল কি? মহাকাব্যৰ বৰ্ণনা অনুসৰি দ্ৰৌপদীৰ হেনো অৰ্জুনৰ প্ৰতি অনুৰাগ অলপ বেছি অাছিল। বাকী চাৰিজন স্বামীৰ তুলনাত অৰ্জুনৰ প্ৰতি অলপ বেছি ভালপোৱা থকা বাবেই এগৰাকী হিন্দু নাৰী হিচাপে দ্ৰৌপদীৰ পাপ হৈছিল। যিয়ে তেওঁক পত্নী হোৱা স্বত্বেও জুৱাৰ পণ হবলৈ বাধ্য কৰাইছিল অাৰু পাকেপ্ৰকাৰে যৌন অাতিশায্যৰ বলি হবলৈ পৰপুৰুষৰ হাতত বিক্ৰি কৰি দিছিল, সেই পাণ্ডৱতকৈয়ো ঈশ্বৰৰ দৃষ্টিত অাছিল দ্ৰৌপদী অধিক পাপী।
মহাভাৰতৰ প্ৰণেতাই দ্ৰৌপদীৰ চৰিত্ৰটো বলিষ্ঠ, দৃঢ়চেতা অাৰু সৎ হিচাপে চিত্ৰিত কৰি উঠিও বা নাৰীকেন্দ্ৰিক নৈতিকতাৰ দ্বন্দ্ববোৰ উপস্হাপন কৰিও কিন্তু শেষ পৰিণতি এনে ধৰণে প্ৰতিষ্ঠা কৰিলে যে দ্ৰৌপদীৰ সেই নিষ্ঠা-সততাৰ কোনো মূল্যই বৰ্তি নাথাকিল। অৰ্থাৎ ভাষ্যকাৰসকলে যি লিখিলে তাৰ মাজেৰে শেষত এই কথাই ক’লে যে হিন্দু নাৰীৰ নিজৰ ওপৰত অধিকাৰতো নায়েই, নিজৰ হৃদয়ৰ ওপৰতো নাই। নাৰীয়ে অানকি গোপনেও, জগতে নজনাকৈয়ো পুৰুষ-সমাজে যদি নিবিচাৰে কাকো ভালো পাব নোৱাৰিব।
অথচ অৰ্জুননো অাছিল কোন, নিজৰেতো স্বামী! অৰ্জুনতো পৰপুৰুষ নাছিল। অামি জানোঁ দ্ৰৌপদীয়ে পাণ্ডৱৰ বাকী চাৰিজনৰ অান কাকোৱেই স্বামীৰূপে বিচৰা নাছিল। অৰ্জুনক তেওঁ ভাল পাইছিল,কামনা কৰিছিল। স্বয়ম্বৰ সভাত অনেক ৰজা-মহাৰজা, সুদৰ্শন গুণী জ্ঞানী যুৱৰাজকো প্ৰত্যাখ্যান কৰি বৰমাল্য অৰ্পণ কৰিছিল অৰ্জুনৰ ডিঙিত। প্ৰথা অনুসৰিয়েই দ্ৰৌপদীৰ স্বামী অৰ্জুনহে। গতিকে অৰ্জুন তেওঁৰ প্ৰকৃত প্ৰেমাষ্পদ হোৱাৰে কথা। বাকী কেইজনক তেওঁৰ জীৱনত জাপিহে দিয়া হৈছে। তেওঁ এক মানৱী জীৱ সত্তাহে, কোনো খাদ্য দ্ৰব্য নহয় যে অাৰাধ্য মাতৃয়ে ক’লে বুলিয়েই পাঁচজন পুৰুষে ভগাই লব! কথাবোৰ জানো ইমান সহজ অাছিল? পাঁচজনকৈ যৌনসক্ষম পুৰুষৰ সতে একে সময়তে জীৱন কটোৱা, বুজাপৰা, এৰাধৰাৰে পাঁচখন সংসাৰ চলোৱাটো জানো ইমানেই মামুলি কথা ? পাঁচ গৰাকীৰ চখ-অভিৰুচী হয়তো অাছিল ভিন ভিন। তথাপি প্ৰতিজনৰে ৰুচি-অভিৰুচিকে অনুসৰণ কৰিছিল দ্ৰৌপদীয়ে। পাঁচজনকে সন্তুষ্ট কৰি দেহ-মন সঁপি দিব পাৰিছিল বাবেইতো কোনো দিনেই পাণ্ডৱৰ মাজত ইয়াকে লৈ ক্ষোভ- অশান্তিৰ সৃষ্টি হ’ব লগা নহল। মন কৰক এজন পুৰুষৰ সতেই সাংসাৰিক জীৱনটো কটাবলৈ নাৰীৰ ক’ত বুজাপৰা,এৰাধৰা–দ্ৰৌপদীয়ে যে পাঁচখন সংসাৰ সুকলমে চলাই নিছে তাৰ কি কোনো মূল্য নাছিল ঈশ্বৰৰ ওচৰত? প্ৰকৃততে মহাভাৰতৰ ৰচিয়তাই জানো এই কথাকে ক’ব খোজা নাই যে বিবাহিতা হিন্দু নাৰীয়ে পতিসেৱাত এচুলিমানো ইফাল সিফাল হলেই সকলো নম্বৰ কটা যাব? দ্ৰৌপদীৰ কাহিনীটোৰ মাজেৰে ইয়াকেই সকিয়াই দিয়া হৈছে যে নাৰীৰ প্ৰেমৰো অধিকাৰ নাই। প্ৰেমো কৰিব লাগিব সমাজৰ অনুমতি লৈ। ঠিক অাছে, হিন্দু প্ৰমূল্যই বাৰু নাৰীৰ বিশ্বস্ততা এনেধৰণে নিৰূপণ কৰিলে, কিন্তু পুৰুষৰ বেলিকা? পুৰুষসকলৰ ক্ষেত্ৰত বিধি বিধানবোৰ কত ? ধৰা হওক অৰ্জুনৰ কথা, যি অৰ্জুনক অধিক ভালপাৱলৈ গৈ দ্ৰৌপদী স্বৰ্গবাসৰ পৰা বঞ্চিত হ’ব লগা হল, সেই অৰ্জুনে দ্ৰৌপদীৰ কিমান নিজৰ হৈ থাকিল? দ্ৰৌপদীৰ বিশ্বস্ত হৈ থাকিল জানো ? অৰ্জুনে দেখোন অাৰু অনকে সুন্দৰীৰ নাৰীৰ মাজতো প্ৰেম বিচাৰি ফুৰিলে! সুভদ্ৰা, চিত্ৰাংগদা, উলুপী এওঁলোকৰো জানো প্ৰেম অাৰু সংগসুখ অাদায় কৰা নাছিল অৰ্জুনে ? সমাজে দোষ ধৰিছে, নে ঈশ্বৰেই শাস্তি প্ৰদান কৰিছে অৰ্জুনক ? সম্ভৱতঃ মহাভাৰত কালৰ লেখকে ভবা নাছিল যে প্ৰেমৰ স্বাধীনতাৰ ক্ষেত্ৰত নাৰীৰ দৰে পুৰুষৰো কিবা সীমা থকা উচিত। যদি এনে ধৰণৰ কিবা নৈতিকতাৰ প্ৰয়োজন বুলি ভাবিলেহেঁতেন তেনেহলে কেতিয়াও ষোল্ল হাজাৰ গোপিনীৰ প্ৰেমিক হ’ব পৰাতো কৃষ্ণৰ কৃতিত্বৰ চিন বুলি গণ্য কৰা নহলহেৃতেন।

ধৰা হওক মহাভাৰতৰ পুলোমাৰ কথা। ব্ৰহ্মাপুত্ৰ মহৰ্ষি ভৃগুৰ পত্নী অাছিল পুলোমা। স্বামীৰ প্ৰতি অনুগত্য পুলোমাই বিয়াৰ অাগতে ভাল পাইছিল এক অনাৰ্য যুৱকক। তাৰো নাম অাছিল পুলোমা। বিয়াৰ পাচত পূৰ্বৰ প্ৰেমিকৰ সতে কোনো সম্পৰ্ক নাছিল ঋষি পত্নীৰ। তথাপি পুলোমাৰ সন্তানসম্ভৱা অৱস্হাত ঈশ্বৰৰ কিনো জানো মন গ’ল যে পুলোমাৰ পতিভক্তিৰ পৰীক্ষা লব । ( ঈশ্বৰ যদি সৰ্বশক্তিমান অন্তৰ্যামী, তেনেহলে তেওঁৰনো অাকৌ প্ৰমাণ চাবলৈ পৰীক্ষা কৰাৰ কি দৰকাৰ, অামাৰ দৰে মনুষ্যৰ বুজাৰ উপায় নাই)। ঈশ্বৰে কৌশলেৰে ঋষিপত্নীৰ ওচৰলৈ পঠিয়াই দিলে পূৰ্বৰ অনাৰ্য প্ৰেমিক পুলোমাক। যজ্ঞৰ অগ্নিয়ে দুয়োৰে মিলনক বৈধ বুলি ৰায় দিয়াত ঋষিপত্নী গুচি গল অনাৰ্য প্ৰেমিকৰ সৈতে। বাটত পুলোমাই সন্তান প্ৰসৱ কৰিলে অাৰু সেই সন্তানৰ কোপ দৃষ্টিত ভষ্মীভূত হৈ গল মাতৃৰ অনাৰ্য প্ৰেমিক। হিন্দু ঐতিহ্যৰ ক্ষমতা এয়ে যে সদ্যজাত সন্তানৰো থাকে অদম্য শক্তি যিয়ে মাতৃৰ প্ৰেম উচিত নে অনুচিত তাক সিদ্ধান্ত লৈ বিচাৰ কৰিব পাৰে। অাৰু সেই যে শকুন্তলা–প্ৰথম দৰ্শনতে ৰজা দুষ্মন্ত শকুন্তলাৰ প্ৰেমত পৰিল, শকুন্তলায়ো ভালপালে ৰজাক। শকুন্তলাক তেওঁৰ অাশ্ৰয় দাতা ঋষিৰ অাশ্ৰমতে এৰি থৈ যাব লগা হোৱাৰ পাচত এদিন অাহিল মহান ঋষি দুৰ্বাসা। ভাৰতীয় হিন্দু বিশ্বাস অনুসৰি এওঁ হল এনে এজন মহান ‘ঋষি’, যিয়ে সততেই হিতাহিত জ্ঞান হেৰুৱাই পেলায়। খঙ ৰিপু দমনত ব্যৰ্থ ঋষিয়ে ভিক্ষা বিচাৰি অাহি অাত্মমগ্ন শকুন্তলাক অভিশাপ দিলে, ‘যাৰ কথা ভাবি অাছা, সেইজনে পাহৰি যাৱ তোমাক।’ সদ্য বিয়া পাতি দুষ্মন্ত অাঁতৰি গৈছে, গতিকে বিৰহ বেদনাত কাতৰ শকুন্তলাৰ মনলৈ প্ৰিয় স্বামীৰ স্মৃতি অহাটোৱেই স্বাভাৱিক কথা। কিন্তু ভাৰতীয় হিন্দু নাৰীয়ে ক্ষত্ৰিয় স্বামীৰ অাৱেশত মন মজি থকাৰো অধিকাৰ দিয়া নাই, তেওঁলোকৰ বাবে ব্ৰাহ্মণক অাতিথ্য দিয়াটোহে মুখ্য। গতিকে ইয়াৰ ব্যতিৰেকে শাস্তি ভোগ কৰিব লাগিব তেওঁলোকে।

নাৰীৰ মন অাৰু শৰীৰৰ ওপৰত পুৰুষে অাধিপাত্য বজাই ৰখাৰ স্বাৰ্থত পৃথিৱীৰ সৰ্বত্ৰ এনেধৰণৰ অজস্ৰ কাহিনী অাখ্যানৰ জন্ম দিয়া হৈছে। কেৱল হিন্দু ধৰ্মই ইয়াৰ দৃষ্টান্ত নহয়।এনে ধৰণৰ কাহিনী নিৰ্মাণৰ জৰিয়তে সমাজত পুৰুষ প্ৰধান প্ৰমূল্য গজগজিয়া কৰি ৰাখিবলৈ সকলো চেষ্টাই চলাই যোৱা হৈছে। মধ্যযুগৰ পৰা

মন্দিৰ-মছজিদ অাৰু ভঙা-গঢ়াৰ খেল


পুত্ৰক ধৰ্মনিৰপেক্ষতা বজাই ৰাখিবলৈ উপদেশ দিয়া এইজন বাবৰে হিন্দুৰ মন্দিৰ ভাঙিব পৰা ধৰ্মান্ধ শাসক অাছিল বুলি ইতিহাসৰ সূত্ৰই ইংগিত দিব নোখোজে। বাবৰৰ ধৰ্মীয় নীতিৰ দৃষ্টিভংগীৰ প্ৰভাৱ নাতি অাকবৰ পৰ্যন্ত কিদৰে প্ৰৱাহিত হৈছিল সেয়া প্ৰমাণ পোৱা যায় অাবুল ফজলৰ দ্বাৰা ৰচিত এষাৰ কথাৰ পৰা। এই কথাষাৰ প্ৰস্তৰলিপিৰূপে খোদাই কৰা অাছে অাকবৰে স্হাপন কৰা এটা হিন্দু মন্দিৰৰ প্ৰাংগনত। তাত লিখা অাছে,” …অসৎ উদ্দেশ্যৰে যিয়ে এই মন্দিৰ ভাঙিবলৈ বিচাৰিব, তেওঁ যেন অাগতে নিজৰ উপাসনালয় ধ্বংস কৰে, কাৰণ অন্তৰৰ অনুশাসনে শিকায় সকলো মানুহৰ প্ৰতি সহিষ্ণু হবলৈ। অাৰু কেবল বাহ্যিকতাই যদি মূল কথা হয়, তেন্তে অামাৰ ওচৰত থকা সকলো বস্তুৱেই ধ্বংসৰ যোগ্য। কথাষাৰ অাবুল ফজলে লিখিছিল অাকবৰৰো মনৰ কথাৰূপে। এইখিনি অাইনী অাকবৰতো উল্লেখ অাছে। বাবৰনামা অনুবাদ কৰিছিল ফৰাচী ইতিহাসবিদ তথা অনুবাদিকা এনেট্ৰে বিভাৰিজে। তেওঁৰো ধাৰণা যে বাবৰে অযোধ্যাৰ কোনো ৰাম মন্দিৰ ধ্বংস কৰা নাছিল। অান কিছু বুৰঞ্জীকাৰৰ মতেও বাবৰি মছজিদত এনে কেতবোৰ ইটা ব্যবহাৰ কৰা হৈছিল, যিবোৰ হয়তো পূৰ্বে মধ্য যুগৰ কোনো শৈৱ মন্দিৰত ব্যবহৃৰ কৰা হৈছিল। অতীজত এখন সম্ৰাজ্যৰ ৰজাই পূৰ্ববতী সম্ৰাজ্যৰ মঠ-মন্দিৰৰ কংক্ৰিটেৰে নতুনকৈ অন্য মঠ-মন্দিৰ নিৰ্মাণ কৰাৰ যথেষ্ট তথ্য-প্ৰমাণ অাছে। গুপ্ত যুগৰ বেছ কিছু সৌধ নিৰ্মাণত কুশান যুগৰ নিৰ্মাণ-উপাদনৰ অস্তিত্ব পোৱা গৈছে। বাবৰি মছজিদৰ ক্ষেত্ৰতো বহুতৰ অনুমান যে উক্ত ঠাইত পোৱা কিছু অৱশেষ ভবাৰ দৰে ৰাম মন্দিৰৰ নহয়। পিছে যি নহওক, অযোধ্যাত ৰাম মন্দিৰ বাবৰে ভাঙিছিল বুলি সিদ্ধান্ত এটা লৈ এই মঠ-মন্দিৰ ভঙা কাৰ্যক অামি যদি মুছলমান শাসকৰ হিন্দু বিদ্বেষ প্ৰমাণ কৰিব বিচাৰো, তেনেহলে ই হ’ব ইতিহাসৰ পক্ষপাতিত্বমূলক বিশ্লেষণ। অাজিৰ সময়ৰ ৰাজনৈতিক বিচাৰ, জাতীয়তাবাদ , বা কোনো ধৰ্মীয় অাবেগেৰে ইতিহাসৰ তথ্যক অামি ব্যাখ্যা দিব খোজাটো অতি ক্ষতিকাৰক। অামি ইতিহাস পঢ়োতে বহু কথাৰ নিৰপক্ষভাবে বিচাৰ কৰাৰো প্ৰয়োজন অাহি পৰে।


যদি ধৰ্মীয় চেতনাই মুছলিম শাসকৰ মন্দিৰ ভঙাৰ অাচল কাৰণ হলহেঁতেন তেনেহলে তেওঁলোকৰ চৰিত্ৰৰ মাজত এই বৈপৰত্যৰ দৃষ্টান্ত দেখিবলৈ পোৱা নগলহেঁতেন। যেনে ঔৰংগজেৱ। বহু ইতিহাসবিদে ঔৰংগজেৱক হিন্দু বিদ্বেষী মুছলমান শাসক ৰূপে চিহ্নিত কৰিছে। বিশেষকৈ ধৰ্মান্তকৰণ অাৰু জিজিয়া কৰ সন্দৰ্ভ ঔৰংগজেৱৰ হিন্দু বিদ্বেষ অাচৰণ সন্দাহতীত বুলি ভবাৰ অৱকাশ অৱশ্যেই অাছে। পিছে এইজন ‘সাম্প্ৰদায়িক’ মুছলমান শাসকেই হিন্দুক এফালে অত্যাচাৰ কৰি ঘৃণাৰ পাত্ৰ হৈছে অাৰু অানফালে হিন্দু মন্দিৰৰ ৰক্ষণাবেক্ষণ দি সাধুবাদৰো পাত্ৰ হৈছে। টকা-পইচা-ভূমি প্ৰদানেৰে মন্দিৰ পৰিচালনাত সহায় কৰিছে। বিহাৰত উদ্ধাৰ হোৱা মোগল অামোলৰ চনদত উল্লেখ অাছে যে হিন্দু মন্দিৰ নিৰ্মাণাৰ্থে মাটি দান কৰিছিল ঔৰংগজেৱে। জৈন অাৰু শৈৱ সম্প্ৰদায়ৰ বাবে নিষ্কৰ ( কৰবিহীন) ভূমিও দান কৰিছিল এই গৰাকী মোগল সম্ৰাটে। অসমৰ অাহোম ৰাজ গদাধৰ সিংহৰ দিনত নিৰ্মিত শিৱ মন্দিৰ উমানন্দ পৰিচালনাৰ ব্যয় বহন কৰিছিল ঔৰংগজেৱে। ওড়িশাৰ প্ৰাক্তন ৰাজ্যপাল বিশ্বম্ভৰ নাথ পাণ্ডেই ১৯৭৭ চনত এক গুৰত্বপূৰ্ণ তথ্য সদৰি কৰিছিল। তেওঁ কৈছিল যে এলাহবাদৰ অাৰাইল সংগমৰ পাৰত থকা শ্বামেশ্বৰ মহাদেৱ মন্দিৰৰ বাবে ঔৰংগজেৱে ভূমি অাৰু অৰ্থ দান কৰিছিল। এই তথ্যখিনি লিপিবদ্ধ অাছে মন্দিৰ প্ৰাংগনত থকা ধৰ্মদণ্ড নামৰ স্তম্ভ এটাত। পিচত অলপতে এইবোৰ পুণৰ বিশদ অালোচনা কৰিছে সৰ্বেশ্বৰী ডিগ্ৰী কলেজৰ অধ্যাপক প্ৰদীপ কেশৰৱানিয়ে। তেওঁ কৈছে যে কেবল শ্বামেশ্বৰ মহাদেৱ মন্দিৰেই নহয়,ভাৰতৰ বিভিন্ন স্হানত থকা কিছু মন্দিৰ যেনে মহাকালেশ্বৰ মন্দিৰ( উজ্জয়িনী), বালাজী মন্দিৰ( চিত্ৰকূট), উমানন্দ (গুৱাহাটী),জৈন মন্দিৰ (সাৰাঞ্জয় )অাৰু দাক্ষিণাত্যৰ কেইটামান মন্দিৰৰ বাবেও ঔৰংগজেৱৰ পৃষ্ঠপোষকতা অাছিল। এই তথ্যবোৰ এলাহবাদত হোৱা মন্দিৰ সম্পৰ্কীয় এক বিবাদ মীমাংসা কৰিবলৈ বিচাৰক টিপি সাপ্ৰু কমিটীয়ে যি প্ৰতিবেদন প্ৰস্তুত কৰিছিল তাতো উল্লেখ কৰা হৈছিল।

Writing in February of 1659 Aurangzeb said he had learned that “several people have, out of spite and rancour, harassed the Hindu residents of Benares and nearby places, including a group of Brahmins who are in charge of ancient temples there.” The king then ordered his officials: “You must see that nobody unlawfully disturbs the Brahmins or other Hindus of that region, so that they might remain in their traditional place and pray for the continuance of the Empire.”

সাম্প্ৰতি ভাৰতবৰ্ষত শাসকৰ উদ্যোগত একাংশই হাজাৰ বছৰীয়া ইছলামিক ইতিহাস একেবাৰে নিশ্চিহ্ন কৰি দিব বিচাৰিছে। বাবৰি মছজিদ ভাঙি পেলোৱাৰ পৰা অাৰম্ভ কৰি ইতিহাসৰ কিতাপবোৰো নতুনকৈ লিখিবলৈ প্ৰস্তুতি লোৱা হৈছে। শ শ বছৰ ধৰি লিপিবদ্ধ হৈ থকা ঘটনাবোৰ সলাই দিব বিচৰা হৈছে। পিছে এইবোৰ কৰি কি পাৰ পাব ? কেইখনমান কিতাপৰ অাখৰবোৰ মচি, ঐতিহাসিক স্মৃতিচিহ্নবোৰ নোহোৱা কৰি দিলেই জানো অতীতৰ সত্যও নোহোৱা হৈ যাব? যি ঘটিছিল সেয়া সমাজ বিৱৰ্তনৰ অাঁত ধৰিয়েই ঘটিছিল। দৃশ্যমান মনুমেন্টবোৰ বা অাখৰবোৰ নোহোৱা কৰি দিলেই যদি অতীতৰ সত্য মচ খাই যাব পাৰে তেনেহলে প্ৰাগঐতিহাসিক কালৰ ডাইনোচৰ জাতীয় জীৱবোৰৰো অস্তিত্ব মিছা বুলি ক’ব পৰা গলহেঁতেন। এটা দাঁতৰ পৰা যিদৰে এটা ডাইনচৰৰ অাাকৃতি নিৰ্মাণ সম্ভৱ,তেনেদৰে এটা শিলৰ পৰাও এটা কংক্ৰিট ইমাৰতৰ সময়কাল অাৰু চৰিত্ৰ নিৰূপণ কৰাটোও অাজিৰ যুগত সম্ভৱ।


মধ্যযুগত মুছলমান বণিকক হিন্দু ৰজাই সকলোধৰণৰ সুবিধা প্ৰদান কৰিছিল। অানকি তেওঁলোকৰ সতে অহা ধৰ্ম প্ৰচাৰকসকলকো কোনেও বাধা দিয়া নাছিল। Andre Wink য়ে Al-Hind: The Making of the Indo-Islamic World, Vol 1: Early Medieval India and the Expansion of Islam গ্ৰন্হখনত উল্লেখ কৰা অনুসৰি প্ৰথম ভাৰত(সিন্ধু) অাক্ৰমণকাৰী অাৰৱ যোদ্ধা মহম্মদ বিন কাচিমৰ ভাৰত অভিযানৰ অাঁৰত সিন্ধুুৰ ৰজা দাহিৰৰ অহংকৰ, অবিবেচকতা অাৰু অদূৰদৰ্শীতাৰে পৰিণাম অাছিল। বিন কাচিমৰ পূৰ্বেও মধ্যপ্ৰাচ্যৰ মুছলমানে ভাৰত অাক্ৰমণৰ চেষ্টা মাজে মাজে চলাই অাহিছিল। কিন্তু বাৰে বাৰে সেই অভিযান ব্যৰ্থ হৈছিল। অাৰৱ মুছলমান শাসকৰ দীৰ্ঘদিনীয়া এটি ক্ষোভ সিন্ধু শাসকৰ ওপৰত থকাৰ এটা কাৰণ অাছিল এয়ে যে তেওঁলোকে অাৰৱ মুছলিমৰ বিৰুদ্ধে পাৰস্যবাসীক সহায় কৰিছিল। ৭০০ খ্ৰীষ্টাব্দ মানত এবাৰ সিংহললৈ বাণিজ্য কৰিবলৈ অহা অাৰৱৰ ব্যৱসায়ীৰ মৃত্যু হৈছিল উক্ত দ্বীপ দেশত। সেইসময় ভাৰতীয় উপমহাদেশত অাৰৱৰ বণিক সকলে মুকলিভাৱে বেহা-বেপাৰ চলাইছিল। মুছলমান বণিকসকলৰ ভাৰতৰেও সুসম্পৰ্ক অাছিল। পিছে যি নহওক, সিংহলৰ শাসকে মৃত অাৰৱ বণিকৰ স্ত্ৰী-কন্যাসমেত পৰিয়াল অাৰু অনুচৰবৰ্গক উপঢোকনসহ অাঠখন জাহাজত তুলি অাৰৱলৈ ওভতাই পঠোৱাৰ ব্যৱস্হা কৰিছিল। কিন্তু অাদবাটত প্ৰতিকুল বতৰে সিন্ধুৰ দেৱল বন্দৰলৈ সেই জাহাজ চপাই অানে। সেই জাহাজ লুট কৰে ভাৰতৰ জলদস্যুৱে। কিছু ঐতিহাসিকৰ মতে সেই জলদস্যু সকল অাছিল ভাৰতৰ কেতবোৰ অঘৰীজাতি,যিয়ে বাৰে বাৰে অাগে-পিছেও অাৰৱ বণিকৰ জাহাজত লুটপাত চলাই অাহিছিল। কিন্তু অান এচামৰ মতে দেৱল বন্দৰৰ কাষত লুটপাত চলোৱাসকল অাছিল ৰজা দাহিৰৰে সৈন্য। লুণ্ঠনকাৰীসকলে অাৰৱ বণিকৰ স্ত্ৰী-কন্যাকো বন্দীকৰে। তেতিয়া অাৰৱৰ শাসন কৰ্তা (তদানীন্তন উমাইয়া সাম্ৰাজ্য ইৰাক প্ৰদেশৰ অধীনেশ্বৰ) হাজ্জাজ বিন ইউছূফে ৰজা দাহিৰক ক্ষতিপূৰণ দাবী কৰি পত্ৰ প্ৰেৰণ কৰে। কিন্তু ৰজা দাহিৰে জনাই দিয়ে যিহেতু লুণ্ঠণকাৰীসকল তেওঁৰ প্ৰজা নহয়, গতিকে ইয়াৰ দায়িত্ব তেওঁ লব নোৱাৰে। সেই সময়ত ইউছুফৰ শাসনৰ বিৰোধী বিদ্ৰোহী কিছু মুছলমানকো দাহিৰে নিজৰ ৰাজ্যত অাশ্ৰয় দিছিল। ইয়াতে ক্ৰুদ্ধ হৈ খলিফাৰ পৰা সন্মতি অাদায় কৰি সিন্ধু অাক্ৰমণৰ বাবে প্ৰেৰণ কৰে ১৭ বছৰীয়া মহম্মদ বিন কাচিমক। অৱশ্যে ধৰ্মীয় বা ৰাজনৈতিক দৃষ্টিকোণেৰে চাবলৈ গলে বিন কাচিমৰ ভাৰত অভিযানৰ একো বিশেষত্ব নাই বুলি মন্তব্য কৰিছে ইতিহাসবিদ সকলে। অাধুনিক বুৰঞ্জীবিদ ষ্টেনলি লেন পুলৰ মতে “ভাৰত অাৰু অাৰৱৰ ইতিহাসত মুছলমানৰ সিন্ধু বিজয় এটি উপাখ্যান মাত্ৰ। ই এক নিস্ফল সামৰিক অভিযান। “
ভাৰতলৈ বাবৰৰ নেতৃত্বত মোগল অাহিছিল ৰাজপুত ৰাণাসংঘৰ অামন্ত্ৰণত, যাতে সেই সময়ৰ এক মুছলমান শাসক ইব্ৰাহিম লোডীক এসেকা দিব পৰা যায়। মন কৰিব লগীয়া কথা এয়ে যে বাবৰে লোডী শাসিত ভাৰত অাক্ৰমণ কৰোতে ধৰ্মযুদ্ধৰ ধ্বনি তুলিছিল।সেই ধৰ্মযুদ্ধ কিন্তু মুছলমান শাসকৰ বিৰুদ্ধে কৰা যুঁজৰেহে অাৰম্ভ কৰিছিল। ইতিহাসবিদৰ মতে মধ্যযুগত ধৰ্মৰ নাম লৈ ৰাজনৈতিক উদ্দেশ্য সাধন অাছিল প্ৰচলিত কৌশল। ধৰ্ম প্ৰাচীন কালৰ পৰা ক্ষমতাৰ হাতিয়াৰ হৈ অাহিছে । মধ্যযুগত ধৰ্মৰ যেতিয়া উত্থান তীব্ৰতৰ হৈ উঠিছিল, তেতিয়া শাসকে যদি ভাবিছে ধৰ্মৰ এই উত্থানে তেওঁৰ ৰাজশক্তিৰ ভাবুকি হৈ পৰিছে, তেতিয়াই শাসকে ধৰ্মৰ বিৰুদ্ধে অভিযান চলাইছে। অাৰু হয়তো কেতিয়াবা সেই ধৰ্মক পৃষ্ঠপোষকতা কৰি তাৰ জৰিয়তে ক্ষমতা অাৰু অধিক শক্তিশালীও কৰি তুলিছে। ভাৰতত শাসন চলোৱা সকলো মুছলমান শাসক ধৰ্মান্ধ নাছিল, নাছিল তেওঁলোক নৈষ্ঠিক মুছলমানো। কিছু শাসকে ভাৰতত ইছলাম ধৰ্ম প্ৰচাৰত অাগভাগ লৈছিল এই বাবেই যাতে এক ধৰ্মৰ অাধাৰত ধৰ্মীয় জাতীয়তাবাদেৰে শাসন সুনিশ্চিত কৰিব পৰা যায়। বেছ কিছু মুছলমান শাসকে মোল্লা-মৌলবী বা উলেমাৰ প্ৰৰোচনাত হিন্দু বিৰোধী কাৰ্যত লিপ্ত হৈছিল। বহুতে অাকৌ হিন্দু ধৰ্ম বিদ্বেষৰ পৰিবৰ্তে হিন্দু ধৰ্মৰ পৃষ্ঠপোষক হিচাপেহে অবতীৰ্ণ হৈছিল। তেওঁলোকে ক্ষমতা সুৰক্ষিত কৰাৰ স্বাৰ্থত হিন্দু প্ৰজাৰ সন্তুষ্টিৰ হকে ধৰ্মীয় স্বাধীনতাৰ পোষকতা কৰিছিল । লগতে মঠ-মন্দিৰো সাজি দিছিল। ভাৰতৰ মুছলমান শাসকৰ সৰহ ভাগেই যে নিজ ধৰ্মৰ প্ৰতি নৈষ্ঠিকতা দেখুৱা নাছিল সেই কথাৰ প্ৰামাণিক তথ্য হল তৈয়মুৰ লঙৰ ভাৰত অাক্ৰমণ। ভাৰতৰ মুছলমান শাসক সকল ইছলাম ধৰ্মৰ পৰা বিচ্যুত হোৱাৰ অভিযোগৰ এক অাহ্বানতহে তৈয়মুৰে ভাৰত অাক্ৰমণ কৰিছিল।


বুজা যায় এইধৰণৰ মন্দিৰ ধ্বংস কাৰ্য কেবল ৰাজনৈতিক প্ৰতিশোধ বা ৰাজনৈতিক দমনৰহে প্ৰতীক অাছিল মাথো। মধ্যযুগত ৰজাই ধৰ্মক পৃষ্ঠপোষকতা কৰি মন্দিৰ বা ধৰ্মীয় উপাদানসমূহক ৰাজকীয় মৰ্যাদাৰে উন্নীতও কৰিছিল। মন্দিৰক কৰিছিল ৰাজ ঐতিহ্যৰ ষ্টাটাছ চিম্বল। গতিকে শত্ৰুপক্ষই যেতিয়া ইয়াত অাঘাত হানিছিল, তেওঁলোকে অাচলতে কোনো মন্দিৰত অাঘাত হনা নাছিল,অাঘাত হানিছিল ৰজাৰ সন্মানত। ৰাজপুত পৰমা বংশৰ সুভাত বৰ্মনে গুজৰাট অাক্ৰমণ কৰোতে ডাভেই অাৰু কম্বেৰ বহু জৈন মন্দিৰ ধ্বংস কৰি থৈ গৈছিল। নবম শতিকাৰ প্ৰথম ভাগত পাণ্ডিয়ান( শ্ৰীলংকা পৰ্যন্ত দক্ষিণ ভাৰতৰ প্ৰাচীন ৰাজ্য)ৰ ৰজা শ্ৰীমাৰাশ্ৰীবল্লভে শ্ৰীলংকা অাক্ৰমণ কৰি সোণৰ বুদ্ধ মূৰ্তি লুট কৰি লৈ অানে অাৰু ৰাজপ্ৰাসাদত স্হাপন কৰে। তেনেদৰে দশম শতিকাৰ প্ৰথমভাগত প্ৰতিহাৰাৰ ৰজা হেৰম্ব পালে কংগ্ৰাৰ শ্বাহী ৰজাক হৰুৱাই জব্দ কৰি নিজ ৰাজ্যলৈ লৈ অানে সোণৰ বিষ্ণু বৈকুন্ঠৰ মূৰ্তি এটা। দশম শতিকাৰ মাজ ভাগত সেই একেটা মূৰ্তি লৈ যায় লৈ যায় কেণ্ডেলা (ৰাজপুত বংশৰ দ্বাৰা শাসিত মধ্য ভাৰতৰ ৰাজ্য)ৰ ৰজা যশোবৰ্মনে অাৰু মূৰ্তিটো খাজুৰাহোৰ লক্ষ্মণ মন্দিৰত স্হাপন কৰে। ১৫৭৯ চনত ঘটা এটা ঘটনা অাছিল লক্ষণীয়। গোলকুণ্ডাৰ সেনাই মুৰাহাৰি ৰাওৰ নেতৃত্বত কৃষ্ণ নদীৰ দক্ষিণে বিজয় নগৰ অাক্ৰমণ কৰি অন্ধ্ৰপ্ৰদেশৰ অাহোবিলাম মন্দিৰৰ পৰা লৈ অানে ৰুবী খচিত এটা দেৱপ্ৰতিমা। সেইটো নি যুদ্ধ বিজয়ৰ চিন স্বৰূপে উপহাৰ দিয়ে চুলতানক। গোলকুণ্ডাৰ চুলতানৰ সৈতে বৈৰিতা অাছিল বিজয় নগৰৰ ৰজা কৃষ্ণদেৱৰায়ৰ। কৃষ্ণদেৱৰায় উক্ত মন্দিৰটোৰ পৃষ্ঠপোষক অাছিল অাৰু নিয়মিত মন্দিৰ দৰ্শন কৰিছিল। গুৰত্বপূৰ্ণ কথাটো হল মুৰাহৰি ৰাও অাছিল জাতত এজন মাৰাঠী ব্ৰাহ্মণ। কালাপাহাৰৰ কথা অামি সকলোৱে জানো। পুৰীৰ মন্দিৰত প্ৰৱেশ কৰিব নিদিয়া বাবেই এজন ব্ৰাহ্মণে কিদৰে মুছলমান ধৰ্মত দীক্ষিত হৈ ওড়িশাৰ প্ৰায় সমস্ত মন্দিৰ ভাঙি পেলাইছিল সেই কাহিনীও কিন্ত ধৰ্মবিদ্বেষৰ নহয়, ক্ষোভ-অপমানৰহে। গতিকে বুজা যায়, মন্দিৰ ভঙা-গঢ়াৰ এই খেল অাছিল কেবল ৰাজনৈতিক স্বাৰ্থপূৰণৰ খেল। ইয়াত ধৰ্মৰ সতে কোনো সম্পৰ্ক অাছিল গৌণ। অামেৰিকা যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্ছিটি অব্ অৰিজোনাৰ ইতিহাসৰ অধ্যাপক ৰিচাৰ্ড এম এটোনে বহু গৱেষণাৰ অন্তত লিখি উলিয়াইছে,’টেম্পল ডেষ্ট্ৰাকছন এণ্ড ইণ্ডো-মুছলিম ষ্টেটছ’,যত তেওঁ মুছলিম শাসকে হিন্দু মন্দিৰ ধ্বংস কৰা সন্দৰ্ভত প্ৰচলিত বাকধাৰাক ডিচকোৰ্চ কৰি উলিয়াইছে। ভাৰতত মুছলিম অামোলত ষাঠি হাজাৰ হিন্দু মন্দিৰ ধ্বংস কৰা হৈছে বুলি হিন্দু সংগঠনে কৰা দাবী তেওঁ নাকচ কৰি কৈছে যে মুছলমান শাসকৰ হাতত ( ১১৯২-১৭২৯ খ্ৰীষ্টাব্দ পৰ্যন্ত ধ্বংসপ্ৰাপ্ত মন্দিৰৰ সংখ্যা ৮০টাত কৈ অধিক নহয়। তেওঁ ইয়াকো ফঁহিয়াই দেখুৱাইছে যে এই ধ্বংস কাৰ্যৰ অাঁৰৰ কাৰণ ধৰ্মীয় নহয়, মূলতঃ ৰাজনৈতিকহে।
ইতিহাসৰ তথ্যবোৰ যদি অামি সুক্ষ্মভাৱে নিৰীক্ষণ কৰোঁ, দেখিম যে উপসনাগৃহ ধ্বংসৰ ক্ষেত্ৰত কিছু হিন্দু ৰজাৰহে ধৰ্মবিদ্বেষ বেছি প্ৰকট। কেবাজনো হিন্দু ৰজাই ব্ৰাহ্মণ্যবাদৰ স্বাৰ্থত বৌদ্ধ অাৰু জৈন ধৰ্ম উৎখাত কৰিবলৈ উঠিপৰি লাগিছিল। বৌদ্ধ বিহাৰ অাৰু স্তূপসমূহ ধ্বংস কৰিয়েই হেঁপাহ পলুওৱা নাছিল, নিৰ্মমভাৱে হত্যা কৰিছিল বৌদ্ধ ভিক্ষু সকলকো। অশোকৰ পুত্ৰ জালালুক ইমানেই গোড়া শিৱভক্ত অাছিল যে তেওঁ প্ৰতিদ্বন্দ্বী জ্ঞান কৰি বৌদ্ধ মন্দিৰ ভাঙি পেলাইছিল, জ্বলাই দিছিল বৌদ্ধ ধৰ্মৰ অলেখ পুথি-পাঁজি। ইতিহাসবিদ ডি এন ঝাই ১২ শতিকাৰ কাশ্মীৰী গ্ৰন্হৰ উদ্ধৃতি দি এই কথা কৈছে। ৰমীলা থাপাৰসহ বহু ইতিহাসবিদৰ মতে জালালুক অাছিল মগধৰাজ অশোকৰে অান এক পুত্ৰ। জালালুকও অৱশ্যে পিতৃ বা ভাতৃ-ভগ্নীৰ পদাংক অনুসৰণ কৰা নাছিল। প্ৰাচীন ব্যাকৰণবিদ পতঞ্জলিয়ে ‘মহাভাষ্য’ ত লিপিবদ্ধ কৰি থৈ যোৱামতে সেই কালত সাৰমান( বৌদ্ধ) অাৰু ব্ৰাহ্মণ অাছিল উভয়ে উভয়ৰে শত্ৰু, যদিওবা গুপ্ত ৰজাই বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল। বহু বিখ্যাত পণ্ডিতৰ এই সত্যাসত্য সন্দৰ্ভত মতবিৰোধ থাকিলেও খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতকত পুষ্যমিত্ৰ শুংগৰ অামোলত পাইকাৰী হাৰত বৌদ্ধ নিৰ্যাতন চলোৱাৰ অভিযোগ অাছে। ইউনিভাৰ্ছিটি অৱ কেমব্ৰিজ লাইব্ৰেৰীৰ সংগ্ৰহালায়ত ১০১৫ খ্ৰীষ্টাব্দৰ ভাৰতৰ এখন তালপাতৰ পাণ্ডুলিপি সংৰক্ষিত হৈ অাছে, যত জনৈক বৌদ্ধ ভিক্ষু কৰুণাভজৰাই বৌদ্ধ ধৰ্মৰ ওপৰত চলা হিন্দু ব্ৰাহ্মণ্যবাদীৰ নিৰ্মম অত্যাচাৰৰ কথাৰ ইংগিত দি গৈছে। বৌদ্ধ অাৰু জৈন ধৰ্মৰ জন্ম হৈছিল হিন্দু ব্ৰাহ্মণ্যবাদীৰ নিৰ্মম শোষণ-দমণৰ প্ৰতিবাদকল্পে। বৌদ্ধ ধৰ্মৰ ব্যাপ্তি অাৰু জনপ্ৰিয়তাক মুঠেও সহ্য কৰিব পৰা নাছিল গোড়া ব্ৰাহ্মণ্যবাদী হিন্দুই। গতিকে বৌদ্ধধৰ্ম বিশ্বাসীৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিল মুক্তভাবে। বৌদ্ধ ধৰ্মৰ পুথি-পাঁজি বিনষ্ট কৰাৰ লগতে বৌদ্ধ ধৰ্মালম্বীক হীন বা তুচ্ছ কৰি তুলিবলৈ ধ্যান-ধাৰণাও গঢ়ি তোলা হৈছিল। ‘ইতিহাস, সাম্প্ৰদায়িকতা ও ব্ৰাহ্মণ্যতন্ত্ৰ’ত বাংলাদেশী ইতিহাসবিদ পুলক চন্দে হিন্দুৰ বৌদ্ধ বিদ্বেষৰ কথা বিস্তৃতভাবে উদঙাই দেখুৱাইছে। গ্ৰন্হখনত এই সন্দৰ্ভত কিছু গুৰত্বপূৰ্ণ তথ্যও দিয়া হৈছে। ৭০০- ৯০০ খ্ৰীষ্টাব্দৰ এখন স্মৃতিগ্ৰন্হ ‘সৎমিত্ৰমিসাংমাতা’ত লিখা হৈছে ” বৌদ্ধ, পাণ্ডপত্য,,জৈন, নাস্তিক, অাৰু কপিলৰ শিষ্যসকলৰ দেহ স্পৰ্শ কৰিলে স্নান কৰিব লাগিব। ” মনু অাৰু যাজ্ঞবল্ক্যই ব্ৰাহ্মণক বৌদ্ধ প্ৰধান দেশ বৰ্জনৰ পৰামৰ্শ দিছিল। বিষ্ণু ধৰ্মসূত্ৰত কোৱা হৈছে–হালধীয়া বৰণৰ বস্ত্ৰ পৰিহিত সাধু অৰ্থাৎ বৌদ্ধ অাৰু তান্ত্ৰিকসকলৰ দৰ্শনো মংগলজনক নহয়।

বৌদ্ধধৰ্মৰ প্ৰতি হিন্দু শাসকৰ বিৰাগ বৰ্তি অাছিল ১৮শতিকা পৰ্যন্ত। ১৭৮৪ চনত বেনাৰছৰ হিন্দু ৰজা চেত সিঙৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী জগত সিংহই ৰজাৰ এটি ইমাৰত নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা ইটাৰ বাবে ভাঙি পেলাবলৈ লৈছিল সাৰানাথৰ দুটা স্তূপ। এই স্তূপ দুটা অাছিল সম্ৰাট অশোকৰো অাগৰ। ধৰ্মৰাজিকা নামৰ স্তূপটো সমুলাঞ্চে ধ্বংস কৰি পেলোৱা হৈছিল অাৰু ধমেখ নামৰ স্তূপটো গুৰুতৰ ভাবে ক্ষতিগ্ৰস্ত হৈছিল। খননৰ সমক্ষত ধৰ্মৰাজিকা স্তূপৰ ভিতৰত এটি সেউজীয়া মাৰ্বলৰ পাত্ৰত ছাঁই উদ্ধাৰ হৈছিল, বিশ্বাস কৰা হৈছিল যে এই ছাঁইখিনি বুদ্ধৰ। অাৰু সেয়ে পাচত জগত সিঙে হিন্দু বিশ্বাস মানি গংগাত ছাইখনি উটুৱাই দিছিল। যি নওক এই ঘটনাৰ সম্ভেদ পাই লগে লগে ইংৰাজ কৰ্তৃপক্ষই অদূৰদৰ্শী এই হিন্দু শাসকৰ হাতৰ পৰা প্ৰাচীন কীৰ্তিচিহ্ন ৰক্ষা কৰিবলৈ কঠোৰ ব্যৱস্হা হাতত লয় অাৰু তেনেদৰেই কোনো প্ৰকাৰে ৰক্ষা পৰে ধমেখ স্তূপ। এই সমস্তকথা লিপিবদ্ধ হৈ অাছে Hans Wolfgang Schumannৰ ‘The Historical Buddha: The Times, Life, and Teachings of the Founder of Buddhism.



কিন্তু তাৰ পিচতো জানো মচি পেলাৱ পাৰি সত্য? চেকশ্লেভিকিয়াৰ স্বৈৰতন্ত্ৰী কমিউনিষ্ট শাসক গটৱাল্টৰ মূৰত ৰৈ যোৱা ক্লিমেন্টিছৰ টুপিটোৰ দৰেই অামাৰো চেতনাৰ মাজত জানো ৰৈ যাব নাযাৱ ইছলামৰ ইতিবাচক অৱদানবোৰ? অামি চিৰকাল জানি থাকিম যে এই মন্দিৰটোৰ তলতে পাচঁশ বছৰ ধৰি এটা ঐতিহাসিক মুছলিম ইমাৰত অাছিল। অাৰু অামি ইয়াকো জানি থাকিম যে অামি অাধুনিক মানুহবোৰেও ধৰ্ম বা ক্ষমতাৰ ৰাজনীতিৰ নামত অতীতৰ বৰ্বৰতাকে বাৰে বাৰে কৰি যাবলৈ ভালপাওঁ।
বাবাবাদ

অামাৰ বহুতৰ বাবে মৰমৰ সম্বোধন বাবা। খেয়ালেই কৰা নাছিলো যে বাবাৰ অনেক ৰূপভেদ অাছে। ই কেবল মৰমৰ সম্বোধনেই নহয়। ই পণ্য নামবাচকৰ পৰা অৰ্থনীতিৰ নামকৰণলৈ–ই কেবাবিধো– বাবা জাংগিয়াৰ পৰা বাবা জৰ্দালৈ। ভাঙসেৱীৰো বাবা এটি অাদৰৰ নাম। পিছে বাবা যে এক পূঁজিবাদী অৰ্থনীতিও, সেই কথা বুজিলোঁ বহু দেৰিকৈ। পূঁজিবাদী অৰ্থনীতিৰ কেবাবিধো ভাগৰ মাজত ইয়ো এটা ভাগ–বাবা অৰ্থনীতি। অৱশ্য বাবা অৰ্থনীতি মূলত ইণ্ডিয়ান ভাৰ্চনহে। বিচিত্ৰ এই ভাৰতবৰ্ষত দেখিবলৈ পাইছো বাবা অৰ্থনীতিৰ জয়জয় ময়ময় অৱস্হা। এই অৰ্থনীতিৰ উদ্যোক্তা সকল হৈছে বিষয়-বাসনা বৰ্জনকাৰী সাধু-সন্ত-সন্যাসীসকল। যাক অামি বাবা বুলি মাতো। কি অৰ্থত বাবা বুলি মাতো অামাৰ পাপা ডেডিহতেও চাগে নাজানিব, কিন্তু বুজা গৈছে যে বাবা নামৰ জীৱবিধ হ’ল দুই প্ৰকাৰৰ, এবিধ মন্দিৰৰ বাৰান্দাত বহি চিলিম টানি থকা সৰ্বস্বান্ত মানুহ অাৰু অানবিধ ফাইভ ষ্টাৰ হোটেল বা লাক্সাৰী কাৰত সুন্দৰী যুৱতীৰ সতে বহি ফলৰ ৰস পান কৰা ধনাঢ্য পুঁজিপতিসকল। এনে ধনাঢ্য পূঁজিপতি বাবা সকলে বেহা-বেপাৰ কৰিবলৈ যি কৌশল অৱলম্বন কৰে সিয়ে বাবা অৰ্থনীতি বা বাবাবাদ। অতীজৰে পৰা অামাৰ ভাৰতবৰ্ষখন চিন্তা-ভাৱনা কৰি ভালপোৱা মানুহৰ দেশ। অাগতে অানবোৰ দেশৰ মানুহে যুদ্ধবিগ্ৰহেৰে সাম্ৰাজ্য বিস্তাৰ কৰি ফুৰিছিল, অামাৰ ইয়াত অাকৌ মানুহবোৰে পাহাৰ-পৰ্বত, হাবি-জংঘললৈ গৈ গুম হৈ ভাবি থাকিছিল। মানুহবোৰ যে এলেহুৱা বা ঘৰ-সংসাৰৰ দায়িত্ব লবলৈ কিবা ভয় কৰিছিল, তেনে কিন্তু একেবাৰে নহয়। বহুতে অাকৌ ভুলতে ভাবিব পাৰে ঘৈনীয়েকবোৰৰ স’তে চাগে কাজিয়া পেচাল কৰি বৈৰাগী হৈছিল অাৰু মনৰ বেজাৰতে তিৰোতা মানুহবোৰক পদ্মিনী, শংখিনী, হস্তিনী অাদি শ্ৰেণীকৰণ কৰি কিতাপ লিখিছিল। অাচলতে ভাৰতীয় মানুহ স্বভাৱজাত ভাবুক। যি নহওক এইখন ঋষি-মুনিৰ দেশ। সাংসাৰিক মায়ামোহে তেওঁলোকক ধৰি ৰাখিব নোৱাৰে। তেওঁলোক হল অাত্মা-পৰমাত্মাৰ সন্ধান কৰা ঈশ্বৰ সাধক। হাজাৰ বছৰ অাগতেই তেওঁলোকে ধ্যান-গৱেষণা কৰি যি পৰম জ্ঞান লভিছে তাৰে বাখ্যা দি অামাক কৈ গৈছে যে জীৱন অনিত্য, সংসাৰৰ মায়াত ভূঞ্জি থকাটো ভুল। মোক্ষই অামাৰ লক্ষ্য হোৱা উচিত। ধন-সম্পদ,ঐশ্বৰ্য -বিভূতি সকলো ভ্ৰম। সেই বাবে অামি সাধুসকলক দেখো সকলোতে বিৰাগ, বেছিভাগেই সাংসাৰিক দায়-দায়িত্বৰ পৰা দূৰৈত। কীৰ্তন-ভজন ,পূজা-পাতল কৰি, অত তত বাগৰি ভাং-তাং খাই বহুতে জীৱনটো কটাই দিয়ে। বহুতে ইমানে বেছি বাবা যে গেৰুৱা বস্ত্ৰখনতো বাদেই বাবা জাংগিয়াটোও নিপিন্ধে। (যেনে নগা সন্যাসী)।

অৱশ্যে ভাৰতত গেৰুৱা বসনৰ কদৰৰ তুলনা নাই। গেৰুৱা ৰঙৰ প্ৰতি অাসক্তি বা মোহেই হল এই দুই প্ৰকাৰৰ বাবাৰ উমৈহতীয়া বৈশিষ্ট্য। যদিও দূৰ অতীজত গোড়া বিষ্ণু উপাসক হিন্দুসকলে হালধীয়া-গেৰুৱা বস্ত্ৰধাৰী বৌদ্ধ অাৰু তান্ত্ৰিক সাধুসকলক চকুপাৰি দেখিব নোৱাৰিছিল। (সূত্ৰঃ বিষ্ণু ধৰ্মসূত্ৰ)। যি নহওক ভাৰতীয় বাবাসকলৰ গেৰুৱা বসন হল ব্ৰেণ্ড মাৰ্ক -হল মাৰ্কৰ দৰে বস্তু। হবই, কাৰণ গেৰুৱা ৰঙটো অামি হিন্দু ঐতিহ্যত ত্যাগ অাৰু মোহমুক্তিৰ প্ৰতীক বুলি ভাবো। সেইবাবেই কোনোবাই যেতিয়া গেৰুৱা বসন পিন্ধে অামাৰ অবললীলাক্ৰমেই তেওঁক সাধুবাবা সাধুবাবা যেন লাগে। অৰ্থাৎ গেৰুৱা বসনধাৰী সাধু এজনক অামি নিৰ্লোভ, কাম-মোহমুক্ত বৈৰাগী বুলি ধৰি লওঁ। ধৰি লওঁ যে ঈশ্বৰ চিন্তাত বাদে বাকী তেওঁৰ মনত একো নেখেলায়। ৰামদেৱক দেখিও প্ৰথমেই তেনে লাগিছিল। ভৰিত কাঠৰ খৰম অাৰু গাত গেৰুৱা একবস্ত্ৰ। মানুহজনৰ দেহৰ অৰ্ধেক উদং হৈ থাকে। শীতৰ দিনত চাগে মানুহজনৰ কষ্ট হয়। অৱশ্যে লগে লগে ভাব হয় সাধুবাবাৰনো কি কষ্ট! দেহটো হৈছে এটা মাায়া, এবিধ খোলা। দৈহিক দুখ-কষ্টই স্হিতপ্ৰজ্ঞ মানুহক তলাব নোৱাৰে। কিন্তু এদিন হঠাৎ টিভিৰ পৰ্দাত দেখিলো সকলোকে বাই বাই দি হেলিকাপ্টাৰত উঠি অাকাশেৰে উৰি গুচি গৈছে অামাৰ বাবা ৰামদেৱ। দৃশ্যটো দেখি অাচৰিত হলো, এয়া কেনে সাধুগিৰী ! কাঠৰ খৰম পিন্ধা, একবস্ত্ৰধাৰী সাধু-সন্যাসীয়ে গীতাৰ বাণী দিছে, যোগ-ব্যায়াম শিকাইছে, অাৰু তাকে কৰিবলৈ হেলিকাপ্টাৰত উৰি ফুৰিছে ? তেওঁৰ এই স্ব-বিৰোধিতাবোৰ ভণ্ডামী নে এইবোৰ স্বাভাবিক বুলি মানি লব নোখোজাতো অামাৰ মুঢ়তা? মইতো ভাবিছিলো খাটি সন্যাসীৰ দৰে তেওঁ চাগে মাইলৰ পাচত মাইল ধৰি পদব্ৰজে ঘূৰি ফুৰে। গৰুগাড়ী বা ঘোঁৰাগাড়ী বেছি ভাল পায়। সি যি নহওক ভোগবাদৰ পৃথিৱীত যেতিয়া সকলোৰে চৰিত্ৰ সলনি হৈ যায়, সাধুসকল একেই থাকিব বুলি ভবাটোহে চাগে অামাৰ মুঢ়তা। সাধু-সন্ততো মঙল গ্ৰহৰ জীৱ নহয়, এইখন সমাজতে উৎপন্ন হোৱা মানুহ। গতিকে অান হাজাৰ জনৰ দৰে সন্তৰ্পণে ভাৰতীয় সাধুৰ ৰূপ অাৰু চৰিত্ৰও সলনি হৈছে। সাধুবাবাৰ ইমেজ ভাঙি যোৱাৰ অাঁৰত ৰামদেৱৰে হাত নাই, প্ৰকৃততে পূৰ্ৱসুৰী এচামে অাজিৰ এই বাবাবাদৰ পথ সাজি দিছে। এইখন ভাৰতত সাধু-সন্যাসীক সিদ্ধিপুৰুষ হিচাপে গণ্য কৰি অশেষ সন্মান ভক্তি যচা হয়। সন্যাসীৰ জনপ্ৰিয়তা, গণ-সমৰ্থন অাগতেও অাছিল। কিন্তু স্বাধীন ভাৰতত সাধুতা- বৈৰাগ্যই গ্লেমাৰ পাৱলৈ অাৰম্ভ কৰিলে বিনোদনজগতৰ সংশ্ৰৱত। ১৯৬৮চনত হৃষিকেশৰ অাশ্ৰমলৈ অাহি বিটলছৰ সদস্যসকলে মহৰ্ষি মহেশ যোগীৰ শিষ্যত্ব লোৱাৰ পাচৰে পৰা ভাৰতীয় অাধ্যাত্মিক দৰ্শন বিনোদনধৰ্মী গ্লেমাৰ পৃথিৱীৰ সতে অানুষ্ঠানিকভাৱে সাঙোৰ খাই পৰিছিল। পৰবৰ্তী সময়ত ৰজনীশ, ছাইবাবা, চন্দ্ৰস্বামী অাদি কৰি সাম্প্ৰতিক কালৰ গুৰমিত ৰাম ৰহিম সিঙলৈ—কিদৰে বিনোদন, ৰাজনৈতিক অাৰু বাণিজ্য জগতৰ ক্ষমতাবান মানুহে ঘেৰি ৰাখি বাবাসকলক এক বিশেষ ভাৱমূৰ্তি প্ৰদান কৰি অাহিছে,অামি সকলোৱে দেখিয়েই অাছো।

অাজিৰ ভাৰতীয় ভোগবাদী সমাজত সফল সাধু বা বাবা হ’ব পৰাটো বিশেষ কৃতিত্বৰ কথা। ভবিষ্যতে লৰা-ছোৱালীক ডাক্টৰ-ইঞ্জিনীয়াৰ পৰিবৰ্তে বাবা হ’বলৈকে হয়তো উদগনি দিব মাক- দেউতাকে। উদাহৰণ হিচাপে হয়তো তেওঁলোকে ৰামদেবৰ কথাকে ক’ব। ক’ব চোৱা, এনেদৰে পাৰ্থিৱ বস্তুৰ প্ৰতি মায়ামোহ ত্যাগ কৰিব জানিলে কিমান ধনী হ’ব পাৰি। টকা-ক্ষমতা সকলো লাভ কৰিব পাৰি, প্ৰধান মন্ত্ৰীৰো বন্ধু হ’ব পাৰি। ৰামদেবক দেখা নাই ? বাবা হৈ অাজি হাজাৰ হাজাৰ কোটি টকাৰ মালিক। স্বয়ং নৰেন্দ্ৰ মোডী তেওঁৰ বন্ধু।
কেবল ৰামদেৱেই নে ? মা অমৃতানন্দময়ীৰ সম্পত্তিৰ পৰিমাণ প্রায় দেড় হাজাৰ কোটি টকা। নিজৰ নামত স্কুল, কলেজ, টিভি চেনেল পৰ্যন্ত অাছে তেওঁৰ। আর্ট অব লিভিং ফাউন্ডেশনৰ প্রতিষ্ঠাতা শ্রী শ্রী ৰবিশঙ্কৰৰ বাৰ্ষিক আয় প্রায় হাজাৰ কোটি। গুৰমিত ৰাম ৰহিম সিংহৰ সম্পত্তিৰ পৰিমাণ প্রায় এক এহাজাৰ কোটি টকা। তেওঁৰ ডেৰাতে অাছে ৭০০ একৰ কৃষিভূমি, স্কুল, কলেজ, মাল্টিপ্লেক্স, ৰেস্তোৰা ৰিজর্ট, ছপিংমল, হাস্পতাল অানকি পেট্রোল পাম্পো। দেশ-বিদেশত ২৫০খন আশ্রম অাছে ৰাম ৰহিমৰ। অৱশ্যে ধর্ষণ অভিযোগত অভিযুক্ত হৈ ২০ বছৰৰ কাৰাবাসৰ দণ্ডৰে দণ্ডিত হব লগা হৈছে এই গৰাকী মহান বাবাই। হত্যা-ধৰ্ষণৰ অপৰাধত সুযোগ্য পুত্ৰৰ স’তে যাৱজ্জীৱন কাৰাবাস খাটিবলগীয়া হোৱাৰ অাগতে অাশাৰাম বাপুই কমেও ১০,০০০কোটিৰ সাম্ৰাজ্য গঢ়ি থৈ অাহিছিল। এইবোৰ সকলো বৰঙণি অাৰু লুণ্ঠণৰে অৰ্জা ধন। ইফালে দেশে-বিদেশে ৰামৰ অাদৰ্শ বিলোৱা শ্রী মোৰাই বাপুৰ বছৰি উপাৰ্জন ১৫০ কোটি টকা। তেনেদৰে অদ্ভুত বাবা শিবানন্দজি মহাৰাজৰ বছৰি অায় ৪০ কোটি টকা। পতঞ্জলি ব্র্যান্ড, পতঞ্জলি যোগপীঠ এবং দিব্যা যোগী মন্দিৰ প্রতিষ্ঠা কৰি বাবা ৰামদেবে অৰ্জন কৰা সম্পত্তিৰ পৰিমাণ প্রায় ১১ হাজাৰ কোটি টকা, কিন্তু মন কৰিবলগীয়া কথাটো হল পতঞ্জলীৰ ব্যৱসায়ৰ ৯৮.৫৫ শতাংশ ছেয়াৰ অাছে আচার্য বালকৃষ্ণৰ হাতত।

ফোর্বছ’অালোচনীৰ মতে বালকৃষ্ণৰ মুঠ সম্পদৰ পৰিমাণ ৪৯০ কোটি ডলাৰ (প্রায় ৩৪ হাজাৰ কোটি টাকা)। এনেধৰণৰ অলেখ বাবা অাছে, যি ৰাইজক কেবল অাত্মা-পৰমাত্মাৰ বাণী দি সম্পত্তিৰ পাহাৰ গঢ়িছে। ৰামদেৱ অৱশ্যে অলপ বেলেগ কায়দাৰ বাবা। তেওঁ কেবল কাম-ক্ৰোধ-লোভ-মোহ অাদি ৰিপু দমনৰ নীতি-নিয়ম গায়ে ক্ষান্ত হোৱা নাই, ভক্তৰ স্বাস্হ্য তন্ডুৰুস্ত ৰাখিবৰ নিমিত্তে দাৱাই-টনিকো প্ৰস্তুত কৰিছে, অাৰু সেইবোৰ বিক্ৰি কৰিবলৈ দেশৰ অালিয়ে গলিয়ে দোকান-পাটো খুলিছে। তেওঁৰ দোকান বিদেশতো অাছে। দাৱাইৰ বেহা কৰিবলৈ বিঘাই বিঘাই মাটি লৈছে, খেতি কৰিছে, ইণ্ডাষ্ট্ৰি খুলিছে, বনুৱা নিযুক্তি দিছে। চি-ই-অ ৰাখিছে। মুঠতে কৰ্পোৰেট ষ্টাইলৰ বাবাগিৰী। অান দহজন পূঁজিপতিৰ যিদৰে সম্পদ বাঢ়ি গৈ থাকে, তেনেদৰে ৰামদেৱৰো বাবাগিৰী বেহা বাঢ়ি গৈ অাছে। কিছুকাল অাগতে দ্য নিউ ইয়ৰ্ক টাইমছত The Billionaire Yogi Behind Modi’s Rise নামৰ এটা মজাৰ প্ৰবন্ধ এটা লিখিছিল Robert F. Worthয়ে। ( অাগ্ৰহীসকলক লিংকটো দিলো, পঢ়ি চাব পাৰে।https://www.nytimes.com/2018/07/26/magazine/the-billionaire-yogi-behind-modis-rise.html)। এই লেখাটো পঢ়ি বুজিব পাৰি যে কিদৰে সম্প্ৰতি ভণ্ড সাধু-সন্তবোৰে নকল সাধুবাদৰে ভাৰতত পুঁজিবাদ-ভোগবাদ বিস্তাৰিত কৰিবলৈ ধৰিছে। বাবাবাদী অৰ্থনীতিৰ চমকপ্ৰদ উত্থানৰ কথা জানিবলৈ হ’লে ৰাইজে অাৰু এখন কিতাপ পঢ়ি চাব পাৰে সেইখন হৈছে প্ৰিয়ংকা পাঠক নাৰিনৰ ‘গডমেন টু টাইকুন, দ্য আনটোল্ড ষ্টৰি অব বাবা ৰামদেব’।

ভাৰতত হিন্দুভাবাদৰ্শক কিদৰে বাণিজ্যিকীকৰণ কৰি এচাম গেৰুৱাবস্ত্ৰধাৰীয়ে বিপুল সম্পদ অাহোৰণ কৰিছে অাৰু সমাজৰ অৱক্ষয় দ্ৰুততৰ কৰি তুলিছে, সেই সকলৰ স’তে অাদানি-অাম্বানিয়েও ফেৰ মাৰিব নোৱাৰে। দেখা গৈছে যে পূঁজিপতি বাবাসকল বেছি চলনাকাৰী। বেছি সুবিধাবাদী। তেওঁলোকে ত্যাগ-বৈৰাগৰ কথা কয়। কিন্তু অাচৰণ কৰে মৰ-খকুৱাৰ দৰে। তেওঁলোক একো একোজন বিড়াল তপস্বীত কৈ অান একো নহয়। বৰং কেতিয়াবা তাতোকৈ বেছি। পিছে বেছিভাগ এনে পপুলাৰ বাবাৰ শেষ অাশ্ৰয় হৈ পৰিছে জেল। ধৰ্ষণ, হত্যা, অপহৰণ,লুণ্ঠন, জালিয়াতি, অধাচাৰী যৌন বিকৃতি–এইবোৰেই হৈছে তেওঁলোকৰ জীৱনৰ কৃতিত্ব। এইবোৰেই কৰিয়েই যদি বিপুল জনপ্ৰিয়তা অাৰ্জিব পাৰি, তেনেহলে ডুবাই বা বেংককত থাকি ভাইগিৰী কৰাত কৈ দেশত থাকি বাবাগিৰী কৰাটো হাজাৰগুণে উত্তম বুলি উদীয়মান অপৰাধীসকলে নিশ্চয় ভাবিব। সন্দেহ নাই যে নব্য-পূঁজিবাদী ভাৰতৰ, এই ক্ৰনি কেপিটেলিজিমৰ কালত ৰামদেৱ এজন পাক্কা বিজনেছমেন। বাবাগিৰী তেওঁৰ বিজনেছৰ কৌশল। তেওঁ ভাৰতীয় সনাতন হিন্দু অাদৰ্শ অাৰু হিন্দু জাতীয়তাবাদক শ্লোগান হিচাপে ব্যৱহাৰ কৰি ব্যৱসায়ৰ এক সফল অাৰু নতুন কৌশল উদ্ভাৱন কৰিছে।

অাৰম্ভণিতেই তেওঁ তেওঁৰ কমোডিটিবোৰত বিজ্ঞাপন দিছিল এনেদৰে “As East India Company plundered our country for 200 years likewise these multinationals are exploiting our country by selling their harmful and dangerous chemical products. Beware!” এয়াই সেই অামাৰ মহান ৰামদেৱ, যি মাত্ৰ কিছুবছৰ অাগতে বিদেশী ঔপনিৱেশিক শোষণ লুন্ঠণৰ বিষয়ে সকিয়াই দি এতিয়া তেওঁ নিজেই লুণ্ঠণ ঠগবাজত নামি পৰিছে। যি সময়ত সমগ্ৰ দেশবাসী মহামাৰীৰ কবলত অসহায় দিকহাৰা হৈ পৰিছে, সেই সময়ত মানুহৰ বিপদৰ সুযোগ লৈ টকা ঘটিবলৈ উঠিপৰি লাগিছে ৰামদেৱ। অলপতে কোৰোনিল নামৰ ঔষধ এবিধ উলিয়াই ৰামদেৱে কোভিড বেমাৰ নিৰাময় কৰিব পাৰে বুলি যি ভুৱা দাবী কৰিছিল তাতেই প্ৰমাণ হৈ পৰিছে যে এই সাধুজন কিমান ভয়ংকৰভাৱে লোভী হ’ব পাৰে। কোনো ধৰণৰ বৈজ্ঞানিক প্ৰমাণ অাৰু চৰকাৰী অনুমোদন নোহোৱাকৈ এনেদৰে বিপথে পৰিচালিত কৰি মানুহক ঔষধ বেচাটো ভাৰতীয় দণ্ডবিধি অাইনমতে গুৰুতৰ অপৰাধ। অাপুনি কল্পনা কৰক পৰিস্হিতিটো, যে দেশত ১৩০ কোটি মানুহ অাছে, বেমাৰে এদিন কিমান কোটিক অাক্ৰান্ত কৰিব কোনো ঠিকনা নাই। প্ৰতিকাৰৰ কোনো ঔষধ নাই এতিয়াও, যাৰ বাবে দৈনিক কেবাশকৈ মৃত্যু অাৰু কেবা হাজাৰকৈ অাক্ৰান্ত হ’ব লাগিছে। দেশৰ কোটি কোটি মানুহে যদি অন্ধভাৱে বিশ্বাস কৰিবলৈ লয় যে অাৰু চিন্তা নাই, ৰামদেৱৰ কৰোনিলে অামাক বচাব, মানুহে তেতিয়া কোৰোনা অাক্ৰান্ত হ’লে চিকিৎসালয়লৈ নগৈ চুপে চাপে ঘৰতে থাকি কৰোনিল সেৱন কৰিব। পৰিণতি কি হ’ব ভাবি চাওক। ৰোগটো অবহেলা কৰাৰ ফলত যিসকলক যৎসামান্য চিকিৎসাৰে অথবা জৰুৰী হোৱাবোৰক অক্সিজেন দি জীৱন বচাব পৰা গলহেঁতেন, সেইসকল অাওমৰণে মৰিব। ৰমদেৱে নিজৰ ভক্তৰ জীৱনৰ সতে হেতালি খেলি ধন অাৰ্জিব খুজিছিল, এয়া কম শঠতা নহয়! কিন্তু তেওঁ হল প্ৰধানমন্ত্ৰীৰ বন্ধু।

গতিকে কাৰ সাহস তেওঁক প্ৰশ্ন কৰাৰ ? ঔষধ বা পুষ্টিদায়িনী খাদ্যদ্ৰব্য বেচিবলৈ গৈ অসাধু পন্হাৰ অাশ্ৰয়লোৱা বুলি পতঞ্জলীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ এয়াই প্ৰথম নহয়। ইয়াৰ অাগতেও তেওঁৰ বিৰুদ্ধে ভেজালকৰণৰ অভিযোগ উঠিছিল। ২০১৭ চনত এক অাৰ টি অাই কৰ্মীক চৰকাৰে তথ্য অাদায় দিছিল যে পশ্চিম বংগৰ জনস্বাস্হ্য গৱেষণাগাৰত প্ৰমাণ হোৱা অনুসৰি ৪০ শতাংশ অায়ুৰ্বেদিক পণ্যই ভেজাল। তাৰ ভিতৰত পতঞ্জলীৰ প্ৰডাক্টো অাছে। ভেজালৰ অভিযোগতে সেনা বিভাগৰ কেন্টিন ষ্টোৰ ডিপাৰ্টমেন্ট( CSD)এ বৰ্জন কৰিছিল পতঞ্জলীৰ তেনে বস্তু। ইয়াৰ অাগতে পতঞ্জলীৰ মৌৰ বিৰুদ্ধেও ভেজালকৰণৰ তথ্য প্ৰকাশ কৰিছিল Centre for Science and Environmentয়ে। পতঞ্জলীৰ মৌত পোৱা গৈছিল মাত্ৰধিক পৰিমাণৰ ক্ষতিকাৰক এন্টিবায়টিক। ভেজালৰ অভিযোগ তুলি নেপালেও বৰ্জন কৰিছিল পতঞ্জলীৰ পণ্য। অান এবাৰ খোদ পতঞ্জলীৰ কৰ্মীসকলেই ফাদিল কৰি দিছিল উদ্যোগটোৰ কুকীৰ্তি। ২০০৫ চনত কোম্পানিটোৰ প্ৰায় চাৰি ভাগৰ এভাগ কৰ্মচাৰীয়ে প্ৰাপ্য মজুৰীৰ দাবীত হৰ্তাল কৰিব লগীয়া হৈছিল, তেওঁলোকে উদঙাই দিছিল যে পতঞ্জলীৰ নিৰ্দিষ্ট কেতবোৰ প্ৰডাক্ট প্ৰস্তুত কৰোতে মৰা মানুহৰ হাড়-মূৰ ব্যৱহাৰ কৰা হৈছে নীতিবিৰুদ্ধ ভাবে। পাচত এই অভিযোগৰ সত্যতা এটি চৰকাৰী গৱেষণাগাৰত প্ৰমাণিত হৈছিল। পোৱা গৈছিল মানৱ লাওখোলাৰ ডি এন একে ধৰি কিছু অপ্ৰয়োজনীয় উপাদান। পাচত এইবোৰৰো ৰফা দফা কৰা হ’ল।

এক শক্তিশালী হিন্দুত্ববাদী ৰাজনৈতিক শক্তিয়ে ৰামদেৱক সুৰক্ষিত কৰি ৰাখিলে। সি যি নহওক, দীৰ্ঘকাল ধৰি সমালোচনা-অভিযোগে খেদি ফুৰিলেও, বা কেবাবাৰো বিচাৰৰ কাঠগড়াত থিয় হব লগা হ’লেও হিন্দুত্ববাদৰ ৰাজনৈতিক ছত্ৰছায়াত থাকি বাৰে বাৰে সুৰক্ষিত হৈ ৰৈছে ৰামদেৱ। ২০১৬ চনৰ অক্টোবৰত খাদ্য অাৰু ঔষধ প্ৰশাসনে পতঞ্জলীৰ ঘী ভেজাল অাৰু ক্ষতিকাৰক বুলি অভিযোগ অানিছিল। পতঞ্জলীৰ ঘী প্ৰকৃততে গৰু -মহ-ছাগলীৰ গাখীৰৰ মিশ্ৰণ হে বুলি কোৱা হৈছিল। পাচত ভাৰতীয় সেনা বিভাগে সেনাৰ বাবে কিনা পতঞ্জলীৰ ফলৰ ৰসো ভেজলকৰণৰ উমান পাই নিষিদ্ধ কৰিব লগা হৈছিল। শংকৰদেৱ নামৰ তেওঁৰে এগৰাকী গুৰুৰ নিৰুদ্দেশ সংক্ৰান্তীয় চিবিঅাইৰ গোচৰতো সাঙোৰ খাইছিল নাম। গোচৰ-অভিযোগৰ সেই সমস্ত ফাইলত এতিয়া ধুলি জমিছে ।
ভাৰতবৰ্ষত অালিয়ে গলিয়ে ‘গডমেন’ বা ক্ষমতাশালী ধনবান সাধুবাবাৰ অাৰ্বিভাৱৰ ঘটনাবোৰ যিমানে বাঢ়ি গৈছে, সিমানে স্পষ্ট হৈ গৈ অাছে সমাজিক অৱক্ষয়ৰ।

অতীজ ভাৰতত মানুহে জীৱনৰ অৰ্ধেক কাল ব্ৰহ্মচাৰ্য-সন্যাস জীৱনেৰে বিষয়-বাসনাৰ পৰা মুক্ত হবলৈ ঈশ্বৰ সাধনা কৰিছিল। অাজিকালি মানুহে বিষয়-ভোগ নিশ্চিত কৰিবলৈ ঈশ্বৰ সাধনা কৰে। লোভী অাৰু বিষয়ী মানুহৰ ঈশ্বৰ বিশ্বাস অধিক। অাজিৰ ভোগী মানুহৰ এনে দুৰ্বলতাৰ কথা জানে বাবেই দেশখনত অতবোৰ যোগী বাবাৰ অাৰ্বিভাব হবলৈ পাইছে। লুভীয়া মানুহে ইচ্ছাবোৰ পূৰাবলৈ সকলোতে এটা চমু ৰাস্তা বিচাৰে। তেওঁলোকক ভগবানৰ অাশীৰ্বাদ লাগে মনৰ বৈষয়িক বাঞ্ছা পূৰ হবলৈ। পিছে তেওঁলোকে জানে ঈশ্বৰক সহজে মেনেজ কৰিব নোৱাৰি। ঈশ্বৰ সহজে সন্তুষ্ট নহয়, গতিকে তেওঁলোকক চৰ্ট কাট ৰাস্তা দেখুৱাৰ প্ৰতিশ্ৰুতিৰেই সমাজত দেখা দিয়ে স্বয়ম্ভূ ভগৱান বা সাধুবাবাৰ। তেওঁলোকে ঈশ্বৰ অাৰু ভক্তৰ মধ্যভোগীৰেই কাম নকৰে, কেতিয়াবা সুযোগ বুজি নিজকেও ভগৱানৰ অৱতাৰ বুলি ঘোষণা কৰি দিয়ে। ভাৰতৰ সাধুবাবাবোৰ ইমানে চালাক যে মানুহৰ মাজত ইলুজন সৃষ্টি কৰিবলৈ সকলো ধৰণৰ কৌশল অৱলম্বন কৰে। প্ৰথমেই ডিম্বে-মদন অাদি পুৰণি নামটো পৰিহাৰ কৰি গ্ৰহণ কৰে এটা ঈশ্বৰৰ নাম। তাৰ পাচত কোনোবাই যদি নগ্ন হয়, কোনোবাই অাকৌ সোণৰ সিংহাসনত ৰজাৰ দৰে বহি থাকে। খোলে টিভি চেনেল, যাতে চিনেমাত অাসক্ত ভাৰতীয়ৰ মনত ভ্ৰমৰ সৃষ্টি কৰিব পাৰি। কাৰণ চিনেমাৰ মায়াজালে ভাৰতীয় মানুহক ইমানেই অাচ্ছন্ন কৰি ৰাখিছে, টিভি-চিনেমাৰ পৰ্দাত চোৰ-ডাকু যিয়েই নহওক, যিমানে ভূমুকি মাৰিব সিমানে গ্লেমাৰাছ হৈ উঠিব। গতিকে গ্লেমাৰাছ সন্ত এজনে যেতিয়া সমস্যা, দুখ-কষ্ট দূৰ কৰাৰ অাশা দেখুৱায়, উচ্চাকাংক্ষাবোৰো পূৰ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে, মানুহ অাকৰ্ষিত হোৱাটো স্বাভাবিক। পিছে কিবা এটা মনোকামনা পূৰণৰ অাশাতেই যদি হত্যাকাৰী, ধৰ্ষণকাৰী বা লুণ্ঠণকাৰী কোনো বাবাৰ চৰণত অামি এনেদৰে উবুৰি খাই পৰোঁ, তেনেহলে সমাজখন কেনে লুভীয়া স্বাৰ্থপৰৰ সমাজত পৰিণত হৈ পৰিছে বুজাই যায়। মন কৰিব যে সদায় সেয়ে ঠগবোৰ খায় লুভীয়া-স্বাৰ্থপৰবোৰেই। গতিকে ঈশ্বৰৰ নামত, ধৰ্মৰ নামত দগাবাজবোৰে মানুহৰ লোভ-স্বাৰ্থপৰতাৰে সুযোগবোৰ লৈ অাহিছে অতি সহজে। ৰামদেৱ এটা সময়ত বেছ কিছু কংগ্ৰেছী নেতাৰেও দৰহম মহৰম সম্পৰ্ক অাছিল। অান্না হাজাৰেই যেতিয়া কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতিবিৰোধী অান্দোলন অাৰম্ভ কৰিছিল, পৰিস্হিতিৰ সুযোগ লবলৈ ৰামদেৱো তাত চামিল হৈছিল। অান্নাৰ মঞ্চত তেওঁ স্বদেশীয়ানাৰ কথা কবলৈ গৈ, এবাৰ পুলিচৰ খেদাত মঞ্চৰ পৰা ৰামজাপ দি পলায়ণ কৰিব লগা হৈছিল। পাচত অান্না হাজাৰে অান হাজাৰজনৰ সোঁতত হেৰাই গ’ল,ৰামদেৱে খুলিলে ৰাজনৈতিক দল। পাচত অৱশ্যে ৰাজনীতিৰ পৰা তেওঁ অাঁতৰত থকাৰ সিদ্ধান্ত লয়। মন কৰিবলগীয়া কথা যে বিজেপি অাৰু ৰামদেৱ দুয়োৰে উত্থান একেলগে হৈছিল। টেবলেট খাই খাই ক্লান্ত-অতীষ্ঠ হৈ পৰা বেমাৰী মানুহক ৰামদেৱে সপোন দেখুৱালে যোগ-ব্যয়াম অাৰু বনৌষধেৰে সুস্হ কৰি তোলাৰ। অনুলোম-বিলোম, কপাল ভাটি অাদি হাজাৰ বছৰীয়া পুৰণি যোগ-অাসনবোৰ চাৰ্কাচৰ দৰে সফলতাৰে বাৰে বাৰে কৰি দেখুৱাই ইমানে চমক খুৱাই দিলে যে হঠাৎ সকলো ৰামদেৱৰ প্ৰতি অাকৰ্ষিত হল। অসহায় ৰুগ্ন মানুহৰ এয়া সহজাত প্ৰৱণতা যে তেওঁলোকে ৰোগমুক্তিৰ সহজ উপায় এটা বিচৰি ফুৰে। যোগ অাৰু বনৌষধিৰ জৰিয়তে মানুহ নিৰোগী হ’ব পাৰি বুলি থকা ধাৰণাটো ৰামদেৱে এনেদৰে জনপ্ৰিয় কৰি তুলিলে যে এই বিশ্বাসটো হৈ পৰিল এক ধৰণৰ শক্তি। ৰাজনীতিৰো, অৰ্থনীতিৰো। ৰামদেৱৰ অনুগামী যিমানে অনুগামী বাঢ়িল, সিমানে তেওঁৰ গ্লেমাৰ বাঢ়িল, যিমানে গ্লেমাৰ বাঢ়িল সিমানে তেওঁ হৈ পৰিল ৰাজনৈতিক। ৰাজনৈতিক এই অৰ্থত যে যিহেতু তেওঁ হিন্দু সংস্কৃতিৰ কথা কয়, তেওঁ যিহেতু হিন্দু জাতীয়তাবাদৰ কথা কয়, অাৰু দেশৰ মানুহ তাতে উদ্ধুদ্ধ হয়–গতিকে একেধৰণৰ হিন্দু ভাৱাদৰ্শৰে মানুহক সংগঠিত কৰিব পৰা এই শক্তিৰ বাবেই বিজেপিকে ধৰি হিন্দুত্ববাদী শক্তিসমূহে মিত্ৰতা গঢ়িবলৈ ৰামদেৱৰ ওচৰ চাপি অাহিল। ৰামদেৱৰ বাবে ই অাছিল সোণালী সুযোগ। তেওঁ জানিছিল যে বিজেপি ক্ষমতাত অধিষ্ঠিত হলে তেওঁৰ ব্যৱসায়িক উত্থান সহজ হ’ব। গতিকে পিছৰ দৃশ্যবোৰ অাছিল তেনেই স্বাভাৱিক। ২০১৪ অাৰু ২০১৯ৰ নিৰ্বাচনৰ বিজেপিৰ মঞ্চসমূহত মুকলি ভাৱেই ৰামদেৱক দেখা গল বিজেপিৰ জয়গান কৰাত। অানকি তেওঁ বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগী হিচাপেও গ’ল। অাজি এই কথা ক’বই লাগিব যে কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ পোৱাৰ ক্ষেত্ৰত ৰামদেৱৰ অৱশ্যেই কিছু অবদান অাছে। সেয়ে অামি দেখিছো ৰামদেৱক প্ৰতিদান দিবলৈ বিজেপি চৰকাৰখনে সদায়ে কিদৰে চেষ্টা চলাই অাহিছে। প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি ভাবে ৰামদেৱৰ প্ৰডাক্টৰ প্ৰশংসা কৰে। সহায় কৰে ৰেহাই মূল্য বা বিনামূল্যত মাটি বাৰী দি ।

২০১৪ চনত ক্ষমতালৈ অাহিয়েই মোডী চৰকাৰে ঋণ সুজিবলৈ সাধু ৰামদেৱক ৰেহাই মূল্যত শ শ বিঘা মাটি অাবন্টন দিছিল, যাতে তেওঁ হিন্দুত্ববাদৰ পতাকা উৰুৱাই ৰাখিবলৈ দেশৰ ধনবান সাধুত পৰিণত হব পাৰে। ৰামদেৱক সুখী কৰিবলৈ বাচি লৈছিল অামাৰ উৰ্বৰ অসমখন। অামি জানো যে অসমখন অতীজৰে পৰা লুন্ঠণৰ সহজ ক্ষেত্ৰভূমি । অাগতে কংগ্ৰেছ চৰকাৰেও বিশেষ উদ্যোগ নীতিৰ অচিলাৰে অসমৰ উৰ্বৰ মাটি বাহিৰৰ পূঁজিপতিক দি সন্তুষ্ট কৰিছিল। ৰামদেৱ হ’ল সেই তালিকাখনৰ শেহতীয়া সংযোজন। খৱৰ মতে অসমৰ ১২০০ একৰ মাটি ৰামদেৱক দিয়া হ’ল এটা পইচাও নোলোৱাকৈ। The Billionaire Yogi Behind Modi’s Rise নামৰ প্ৰতিবেদনটোত Robert F. Worthয়ে উল্লেখ কৰিছে যে তিনিখন ৰাজ্যৰ মাটি এনেদৰে বিনামূল্যে বা কমমূল্যত দিয়া বাবে পতঞ্জলীৰ লাভ হৈছে ৪৬ মিলিয়ন ডলাৰ। ইয়াকে কয় বাবাবাদী অৰ্থনীতি।

ৰাইজৰ নিশ্চয় মনত অাছে তেজপুৰত নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে বালিপাৰাত উদ্যোগ স্হাপনৰ বাবে পতঞ্জলীক যি ৩৫০ বিঘা ভূমি অবন্টন দিয়া হৈছিল সেই ভূমি অাচলতে বন্যহস্তীৰ বিচৰণ স্হলী অাছিল। পতঞ্জলীয়ে খন্দা গাতত পৰি ২০১৬ চনত মৃত্যু হৈছিল এটি বনৰীয়া হাতী। ৰাজ্য চৰকাৰে তদন্তৰো নিৰ্দেশ দিছিল। শেষত সকলো খোলাকটিৰ তাল। প্ৰধান মন্ত্ৰীৰ বন্ধুক কোনে জোকাই লব! অৰ্থাৎ ৰামদেৱৰ স্বাৰ্থত অসমৰ বন্যকূলকো বলি দিয়া গ’ল। ৰাইজ, বাবাবাদৰ পৰিণতি ইয়াতে শেষ হোৱা নাই, ই হৈছে এনে এটা বাদ যিয়ে যি পাত্ৰত খাব, তাতেই মল ত্যাগ কৰিব। ২০১৮ৰ ২৮ ছেপ্টেম্বৰৰ দিনা দৰঙৰ ডুনিত পতঞ্জলীৰ এজন কৰ্মকৰ্তা সতীনাথ বৰালে মিটিঙত ঘোষণা কৰি দিলে যে শংকৰদেৱ পণ্ডিত তণ্ডিত একো নহয়, কেবল নামঘৰ পতা মানুহ। নামঘৰৰ চাকিবোৰ সৰিয়হ তেলেৰে জ্বলোৱাক লৈয়ো কোম্পানিটোৰ এইজন যোগ বিষয়াই ঠাট্টা-মস্কৰা কৰিলে।

ইয়াৰ কেইমাহমান অাগতে পতঞ্জলী কোম্পানিৰ জনৈক বিষয়া এছ বি সিঙে নিউ ইয়ৰ্ক টাইমছত পতঞ্জলীৰ ব্যৱসায় প্ৰসংগত অসমীয়া মানুহৰ খাদ্যাভাস অাৰু ব্যৱহাৰ লৈয়ো তামাচা কৰিছিল। তেওঁলোকে সকলো কৰিব পাৰে। কাৰণ তেওঁলোক শাসকৰ বন্ধু। গতিকে দখল লুণ্ঠণ তেওঁলোকৰ অাইনগত অধিকাৰ। যিখন ঠাইৰ উৰ্বৰ ভূমি কৰ্ষণ কৰি দুহাতে ধন ঘটিব, সেইখন ঠাইৰ বাসিন্দা অাৰু ঐতিহ্যক কৃতজ্ঞতা জনোৱাৰ পৰিবৰ্তে ভৰিৰে মোহাৰি দেখুওৱা এই সাহস -স্পৰ্ধা অাৰু অান একো নহয়, এয়া হৈছে পচিব ধৰা এখন দেশৰ সামাজিক-ৰাজনৈতিক স্বৰূপ। এইখনেই হৈছে সেই দেশ যাৰ নেতৃত্বত অাছে নকল নেতা অাৰু নকল সাধু। অাজি শ শ বিঘা ভূমি দান দিয়া হৈছে বিড়াল তপস্বী স্বৰূপ ধুৰন্ধৰ ব্যৱসায়ীক। তেওঁলোকে তাত চৰ্বত, নুডল, বিস্কুট অথবা ঘী উৎপাদন কৰিব। তেওঁলোকে তাত কাপোৰৰ কাৰখানা খুলিব, তেওঁলোকে তাত যোগৰ বিশ্ববিদ্যালয় পাতিব, অথচ এইখন দেশতেই কোটি কোটি ভূমিহীন নাগৰিকে কটাইছে হাহাকাৰৰ জীৱন। পঁজা এটা সাজিবলৈ, খেতি এডৰা পাতিবলৈ মটি নাই। নাই এটা চপৰাও।


অাজি অামি বাবাক বিঘাই বিঘাই মাটি দিছো, বন্যকূলক বলি দি হাতত তুলি দিছো বনজ সম্পদ, বাবাই কি দিছে অসমবাসীক? শ্ৰমিকৰ কেইটামান চাকৰি? এই বানপানী-মহামাৰীৰ দুৰ্যোগ কালত কত অামাৰ মহান বাবা ? কোনোবাই দেখিছেনে এনে এটা দৃশ্য যে কোনো অনাহাৰীৰ হাতত বাবাই মৰমেৰে তুলি দিছে বিস্কুটৰ এটা হলেও পেকেট ?
গভীৰ ৰাতিৰ কেট ৱাক/২

দৈহিক সৌন্দৰ্যৰ ধাৰণাটো ক’ৰ পৰা জন্মে?কোনো এগৰাকী ব্যক্তিয়ে যেতিয়া ড্ৰেচিং অাইনাৰ সমুখত বহি অতি যত্নৰে নিজকে সজায়– ক্ৰিম ঘহে, এক বিশেষ ধৰণেৰে মূৰ ফণীয়ায়, অথবা চকুত কাজল-মাস্কাৰা লগায়, গালত ব্লাছাৰ সানে। ওঁঠত লিপষ্টিক ঘহে, কাপোৰৰ ৰঙৰ সতে মেটছ কৰি কপালত ফোট পিন্ধে, নাকফুলি-কানফুলি পিন্ধে অথবা ডাঢ়ি-গোঁফত কলপ ঘহে –সেই সময়ত নিজক এনেদৰে সজাই থাকোতে ৰূপৰ অাৰ্হি (model)টো ক’ৰ পৰা লয় ? সমাজত প্ৰচলিত অাৰ্হিটোকে অনুসৰণ বা অনুকৰণ নকৰে জানো? হঠাৎ নিজে নিজে কোনেওতো সাজোন-কাচোনৰ কৌশল এটা অাবিষ্কাৰ নকৰে। নয়নাৰ বিয়াৰ দিনা মধুমতীৰ হঠাৎ যদি ভাব হয়, যে মই অাজি নিজক অলপ বেলেগ ধৰণে, অলপ নতুন ধৰণে সজাম! এই ভাবি তেওঁ যদি লিপষ্টিকৰ ৰঙা ৰঙ কপালত সানে, গালত টাটু অাঁকে,ওঁঠত কাজল সানে, থুঁতৰিত ফোটটো লৈ অাৰু কানফুলিযোৰ নাকত লগাই বিয়াৰ সমাজত অাহি বহে, উপস্হিত অতিথিবোৰে মুগ্ধ হৈ বাৰু ভাবিব নেকি যে এই ধুনপেছবোৰ নিজা নিজা বস্তু, গতিকে যাৰ যি মন যায় কৰিবই, কাৰণ মানুহেতো নিজক সজায় নিজক সন্তুষ্ট কৰিবলৈহে। মোৰনো কি ?
ধৰি লওক ৰিঙ চেৰিমনিৰ দিনা দৰা পক্ষৰ মানুহ অাহি এই ৰূপত খোদ কইনাজনীকে দেখিলে। তেতিয়া দৰাৰ মাকে অাত্মতৃপ্তিত ‘অামাৰ কইনাজনীক সঁচাকৈ ইমান ধুনীয়া দেখাইছে’ বুলি মন্তব্য কৰিব বুলি অামি অাশা কৰিব পাৰোনে?
বহুতে ভাবে মানুহে নিজক সজায় নিজক ভাল লগাবলৈ। কাকো দেখুৱাবলৈ নহয়। কিন্তু নিজক ভাল লগাবলৈ যি ধৰণেৰে নিজক সজায় সেই সাজোনৰ অাৰ্হিটো যে সমাজখনত প্ৰচলিত পূৰ্ব নিৰ্ধাৰিত অাৰু অাৰোপিত অাৰ্হিহে, সেই কথা পাহৰি যায়। পূৰ্ব নিৰ্ধাৰিত সেই সৌন্দৰ্যৰ অাৰ্হিৰ বাহিৰত কোনেও নিজক সজাবলৈ নাযায়, সজাবলৈ ভালো নাপায়। সজাবলৈ গলেও তেওঁ সমাজৰ পৰা বলিয়া অাখ্যা পোৱাৰ ভয় থাকে। কেতিয়াবা অামি দেখোঁ, যেতিয়া এটা নতুন ফেছন অাহি পৰে, বিশেষকৈ বাহিৰৰ পৰা, তেতিয়া সৰ্ব প্ৰথম সেই ফেছনেৰে নিজক সজাব খোজা সকললৈ সমাজৰ বাকীবোৰ মানুহে বিৰূপ দৃষ্টিৰে চায়। বিজাতৰীয় সংস্কৃতিবোৰ গ্ৰহণ কৰি অামাৰ লৰা-ছোৱালী গোল্লায় গ’ল বুলি হায়ৈবিয়ৈ কৰে। টাটু অাছিল এনে এক সৌন্দৰ্য চৰ্চা। ছোৱালীবোৰেও যেতিয়া গাত অাঁকবাঁক কৰিবলৈ ধৰিলে, বহুতে ভাবিলে যে এই ছোৱালীবোৰ অধঃপাতে গ”ল।





কোম্পানিবোৰে পণ্যৰ প্ৰসাৰ-প্ৰচাৰ ঘটাবলৈ সদায়ে গ্লেমাৰ জগতৰ চেলিব্ৰেটী সকলৰ কাষ চাপে। কেতিয়াবা এনে চেলিব্ৰেটী তেওঁলোকে তৈয়াৰো কৰি লয়। বিউটি কনটেষ্ট-চিনেমা-টিভি অাদি এনেধৰণৰ চেলিব্ৰেটী নিৰ্মাণৰ কাৰখানা।
পূঁজিবাদৰ প্ৰসাৰৰ লগে লগে ধীৰে ধীৰে মানুহৰ দৈহিক সৌন্দৰ্যৰ কনচেপ্টবোৰ এনেদৰে সলনি কৰি পেলোৱা হ’ল যে ইয়াৰ প্ৰভাৱত মানুহৰ মাজত বাৰুকৈয়ে পৰিল। ঔপনিৱেশিক কালৰ দাস প্ৰথাৰ সময়ৰ পৰা অামেৰিকাৰ স্বাধীনতাৰ বহু পাছলৈ ক’লা ছালৰ প্ৰতি শ্বেতাংগ মানুহৰ যি ঘৃণাৰ ভাব অাছিল, তাৰে গইনালৈ প্ৰসাধন সামগ্ৰীৰ বেপাৰীবোৰে মানুহৰ মাজত ছাল বগা কৰা সামগ্ৰী বেচিবলৈ অাৰম্ভ কৰিছিল।সেই
বেপাৰখন অাজিও চলি থাকিল।
কোম্পানীবোৰে পাকে প্ৰকাৰে ইয়াকে ক’লে যে ক’লা-ক’লীৰ বৰণলৈ জীৱনটো অথলে যাবলৈ নিদিবা। বগা হৈ জীৱনটো সাৰ্থক কৰা। বগা ছালৰ সপক্ষত যি মাৰ্কেটিং অাৰু তাকে লৈ মানুহৰ যি মোহ, সেয়া হৈছে ঔপনিৱেশিক শ্বেতাংগ প্ৰভুসকলে এৰি থৈ যোৱা বৰ্ণবাদৰ ৰেশ।
ভোগবাদৰ ওচৰত পুৰুষ শৰীৰটোৰো দাম অাছে
বহু দিনলৈ অাফ্ৰিকাৰ ক’লা যুবতীসকলে স্বগোষ্ঠীয় ক’লা যুৱকৰ স’তে বিয়াত বহিব লগীয়া হোৱাটো জীৱনৰ দুৰ্ভাগ্য বুলি গন্য কৰিছিল। তেওঁলোকে এনে এজন জীৱন সংগী বিচাৰিছিল যাৰ অাৱয়বিক বৈশিষ্ট্য শ্বেতাংগৰ দৰে হয়। Zero Hg, Mercury Working Group ৰ দ্বাৰা চলোৱা শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে যে নাইজেৰিয়াত হেনো প্ৰায় ৯৯.৫ মিলিয়ন মানুহে বগা হোৱাৰ অাশাত ফেয়াৰ ক্ৰিম ব্যৱহাৰ কৰে। বগা হ’বলৈ বিচাৰি প্ৰসাধন কিনা মানুহৰ সংখ্যাৰে বিশ্বৰ চতুৰ্থ স্হানত অাছে অাফ্ৰিকাৰ এই দেশখন। অানহাতে সেই একেটা সমীক্ষা মতে প্ৰায় ৭৩৫ মিলিয়ন ভাৰতীয় মানুহে fairness cream ব্যৱহাৰ কৰে। ইয়াৰে সৰহভাগেই মহিলা অাৰু কিশোৰী।
কিন্তু ইয়াৰ পাছতো মানুহৰ ধুনীয়া হোৱাৰ বাসনা দিনে দিনে তীব্ৰতৰ হৈ গৈয়ে অাছে। তেওঁলোকে কেবল প্ৰসাধন গাত ঘহিয়ে অাশ্বস্ত হ’ব পৰা নাই, বিউটি ছাৰ্জনৰ ওচৰলৈ গৈ দেহটো কটাকুটাও কৰিবলৈ দিছে।




মন কৰিব মহিলাসকলক সকাহ দিবলৈ চৰকাৰে শিক্ষা, বাসস্থান, স্বাস্থ্য অাৰু শিশুকল্যাণ অাদিৰ দৰে শিতানসমূহত ব্যক্তিগত খণ্ডক যি ৰাজ সাহাৰ্য দিছিল, এই মুক্ত বজাৰ অর্থনীতিয়ে সেই ৰাজ সাহাৰ্য তুলি দিবলৈ অথবা হ্ৰাস কৰিবলৈ চৰকাৰক পৰামৰ্শ দিছিল, অথচ সেই বজাৰ অৰ্থনীতিয়ে কিন্তু তেওঁলোকৰ পূঁজিৰ সৰ্বোচ্চ মুনাফা পাবলৈ নাৰীক ব্যৱহাৰ কৰিছে বিনোদন অাৰু সৌন্দৰ্য উদ্যোগত। নাৰীক মুক্তিৰ পথ দেখুৱাব খোজা পূঁজিবাদী বজাৰ অৰ্থনীতি এনে দুমুখীয়া স্বৰূপ অাপুনি তেওঁলোকে সৃষ্টি কৰা সমস্ত কৰ্মক্ষেত্ৰতো পাব। অাপুনি সমগ্ৰ পৃথিৱী ঘূৰি পকি সকলো ব্যক্তিগত কৰ্মস্হান সমূহত এটাই বস্তু দেখিব যে সাধৰণ শ্ৰমিকটো বাদেই উচ্চ পদস্হ পদবীসমূহতো নাৰীক পুৰুষৰ তুলনাত কম বেতন দিয়া হয়।
সাম্প্ৰতিক কালত অামি দেখিছো পূঁজিবাদে ধীৰে ধীৰে এনে এক ৰিভাৰ্ছ মূল্যবোধ প্ৰতিষ্ঠা কৰিবলৈ এক সন্তৰ্পণ চেষ্টাত ব্ৰতী হৈছে– যিয়ে পুৰুষক নাৰীৰ ওচৰত ছেক্সূৱেল অবজেক্ট হিচাপে তুলি ধৰিব পাৰে। বজাৰ অৰ্থনীতিয়ে বজাৰৰ স্বাৰ্থত বিচাৰিছে যে ইমান দিনে পুৰুষে যি সুবিধা ভোগ কৰিলে সেই সুবিধা এতিয়া নাৰীও ভোগ কৰক। তেওঁলোকৰ লক্ষ্য অাধুনিক ‘মুক্ত-স্বাধীন’ নাৰীয়ে পুৰুষ শৰীৰক যৌন অাকাংক্ষা পূৰণৰ অাহিলা ৰূপে ব্যবহাৰ কৰিবলৈ অাগ্ৰহী অাৰু সাহসী হৈ উঠক। বজাৰ অৰ্থনীতিৰ এনে উদ্দেশ্যত কোনো মানৱ কল্যাণৰ স্বাৰ্থ জড়িত নাই। তেওঁলোকে মানৱ সমাজত লিংগ বিভাজনবোৰ দূৰ হোৱাটোতো নিবিচাৰেই বৰং সমাজত নাৰী বিদ্বেষ বা পুৰুষ বিদ্বেষৰ মনোভাব বৃদ্ধি পোৱাটোকে কামনা কৰে। ভাৰতত মুক্ত বাণিজ্যৰ প্ৰথম মূহুৰ্তত , নবৈৰ দহকত এটা বিজ্ঞাপনত সৰ্বশৰীৰ ঢাক খোৱা ছুটেড বুটেড জেমছ বণ্ডক দেখিবলৈ পোৱা গৈছিল, যিয়ে হাতত পিষ্টল লৈ নাৰীৰ ৰক্ষক হিচাপে শক্তিমান পুৰষৰ ৰূপত বিজ্ঞাপনত জিলিকি উঠিছিল, সেই বিজ্ঞাপনত কাষত বিমুগ্ধ দৃষ্টিৰে বীৰ জেমছ বণ্ডলৈ চাই থিয় হৈ অাছিল চুইম ড্ৰেছ পিন্ধা এগৰাকী সুন্দৰীয়ে। মন কৰিব কোম্পেনিয়ে পৌৰষৰ ইমেজ দিছে জেমছ বণ্ডক সৰ্বশৰীৰ কাপোৰৰে অাবৃত কৰি , কিন্তু নাৰী গৰাকীক কৰি ৰখা হৈছিল অৰ্ধনগ্ন । সময় সলনি হল। এতিয়া বাটে পথে বিজ্ঞাপনৰ হোৰ্ডিংবোৰত অাপুনি দেখিব পুৰুষৰ অৰ্ধনগ্ন শৰীৰ। টি ছাৰ্ট-অাণ্ডাৰৱেৰৰ বিজ্ঞাপনবোৰ হ’ল ইয়াৰ সাৰ্থক উদাহৰণ। এই বিজ্ঞাপনৰ ছবিবোৰত খুৱ যত্ন সহকাৰে পুৰুষ শৰীৰটোক এক যৌন দ্ৰব্য ৰূপে ফুটাই তুলিব খোজা চতুৰ প্ৰয়াস এটা চকুত পৰিব। পুৰুষক এনেদৰে দেখুৱাৰ মাজেৰে তেওঁলোকে বিচাৰিছে যৌনতা ভিত্তিক নতুন ভ্যেলুজ এটাও নিৰ্মাণ কৰিবলৈ। নাৰীতো বাদেই স্বয়ং ক্ৰেতা পুৰুষজনেও যাতে নিজকে এক যৌনসত্বা ৰূপে গ্ৰহণ কৰিবলৈ শিকে, সেই প্ৰয়াসো সাম্প্ৰতিক কালৰ কোম্পানিৰ ব্যৱসায়িক নীতি। ফোৰমোন (pheromone) নামৰ এবিধ পুৰুষ ডিওডৰেন্ট অাছে, নামটোতে কোম্পানিৰ এই প্ৰয়াস স্পষ্ট। কাৰণ ফোৰমোন হল এনে এবিধ যৌন হৰমন, যাৰ নিঃসৰণে বিপৰীত লিংগৰ যৌন বাসনা জগাই তোলে। অামি সকলো পুৰুষ ডিওডোৰন্টৰ বিজ্ঞাপনতে কেবল ইয়াকে দেখো যে ডিওডোৰেন্ট গাত চটিয়াই পুৰুষে নাৰীক যৌন কাতৰ কৰি তুলিবলৈ চেষ্টা কৰি অাহিছে। অৰ্থাৎ এতিয়া ছুট-বুট পৰিহিত জেমচ বণ্ডৰ কাম নাই, কাম এতিয়া যদু মধুৰো, যদিহে জিমলৈ গৈ তেওঁ এটা অাটিল শৰীৰ কৰি লব পাৰে। এতিয়া পৌৰষৰ প্ৰতীক পিষ্টলটোৰো কাম নাই, কিয়নো ডিওডোৰেন্টৰ টেমাটো পিষ্টলতকয়ো অধিক শক্তিশালী।
সাম্প্ৰতিক পূঁজিবাদ বা উদাৰ বজাৰ অৰ্থনীতিয়ে যে কেবল নাৰীসকলকে শোষণ কৰিছে এনে নহয়, পুৰুষসকলো সাৰি যোৱা নাই। বজাৰ অৰ্থনীতিৰ দৃষ্টিত যিহেতু নাৰীও সমানে ক্ৰেতা, গতিকে পুৰুষকো নাৰীৰ দৰেই sexual object ৰূপে গঢ়ি তুলিবলৈ সকলোধৰণে চেষ্টা চলাই যোৱা হৈছে। এই যে পুৰুষৰ দেহশ্ৰী প্ৰতিযোগিতাবোৰ, এইবোৰো একধৰণৰ পণ্য বজাৰ সম্প্ৰসাৰণৰে চেষ্টা। বিভিন্ন ধৰণৰ পেশীবৰ্ধক-পুষ্টিবৰ্ধক এনাৰ্জি ফুড, তেল, ক্ৰীম অাৰু শৰীৰৰ চৰ্চাৰ উদ্যোগবোৰ তিষ্ঠি অাছে পুৰুষৰ দেহশ্ৰী প্ৰতিযোগিতাবোৰৰ অালম লৈ। অানকি টায়াৰ, লো-চিমেন্ট অাদিৰ দৰে প্ৰডাক্টবোৰো, যাৰ শক্তিমত্তা ক্ৰেতাৰ ওচৰত প্ৰমাণ কৰাৰ দৰকাৰ, তেনে প্ৰডাক্টবোৰো সততেই ‘মিঃ বডী বিল্ডাৰ’ৰ ‘মহিমা’ৰেই তুলনা কৰা হয়। অথচ এইখন পৃথিবীত নাৰী দেহৰ কমনীয়তাৰ ভিত্তিত অায়োজিত সৌন্দৰ্য প্ৰতিযোগিতা সমূহক যিমান ঢাকঢোল বজাই প্ৰচাৰ কৰা হয়, তাৰ তুলনাত নাৰীৰ দৈহিক শক্তিমত্তা বা পেশীবহুলতাৰ অাধাৰত অায়োজিত প্ৰতিযোগিতাবোৰক কোম্পানিবোৰে মুঠেও গুৰুত্ব নিদিয়ে, কাৰণ গুৰুত্ব দিবলৈ গ’লেই তেওঁলোকৰ হাজাৰ হাজাৰ কোটি টকীয়া প্ৰসাধন অাৰু ফেচন পণ্যৰ দোকানবোৰত তলা ওলোমাই দিব লাগিব।




দৈহিক বা অাবয়বিক সৌন্দৰ্য দুদিনীয়া। বয়স হ’লে প্ৰকৃতিৰ নিয়ম মানি অৱলীলাক্ৰমেই এদিন কোষবোৰ মৰি অাহিব, শিথিল হৈ অাহিব পেশীবোৰ, ছাল শোতোৰা পৰিব। সৌন্দৰ্যৰ জ্যোতি নিৰ্বাপিত হ’ব। তাৰুণ্য চেহেৰাত নাথাকে, থাকে মনত। কোনো অস্ত্ৰোপচাৰে মানুহক চিৰকাল ডেকা কৰি ৰাখিব নোৱাৰে। বৰং সত্য এয়াহে যে অশীতিপৰ কালতো মানুহক ধুনীয়া ৰাখিব পাৰে তেওঁৰ সোলা শোঁতৰা পৰা মুখত বিৰিঙি উঠা অকৃত্ৰিম সৰল হাহিটোৱেহে।
মানুহৰ সৌন্দৰ্য চেহেৰাত নিৰূপিত নহয়। হোৱা হলে দৈহিক সৌন্দৰ্যৰ এটি সাৰ্বজনীন সংজ্ঞা থাকিলহেঁতেন। কোনোবাই কৈছিল সৌন্দৰ্য থাকে চাওঁতাজনৰ চকুৰ কোণত। যদি অামি ধুনীয়া দেখা ব্যক্তিগৰাকীৰ মুখত এটা হাঁহি নাথাকে, সকলোকে ৰুঢ় ব্যৱহাৰ কৰে, উদ্ধত স্বভাৱৰ হয়, অথবা তেওঁ যদি হয় অপৰাধপ্ৰৱণ মানুহ, তেনেহলে তেওঁৰ সৌন্দৰ্যৰ কি গুৰুত্ব অাছে ? ব্যক্তিত্বত সৌন্দৰ্য নাথাকিলে, দৈহিক সৌন্দৰ্যই কাকো চিৰকাল অাৰ্কষিত কৰি ৰাখিব নোৱাৰে। অামাৰ যেতিয়া কাৰোবাক ভাল লাগে, শ্ৰদ্ধাশীল হওঁ, সেয়া ব্যক্তিজনৰ দৈহিক সৌন্দৰ্যৰ বাবে নহয়, তেওঁৰ ব্যক্তিত্বৰ গুণৱালীৰ বাবেহে–সেয়ে প্ৰসাধন কোম্পানিৰ দৃষ্টিত অশুৱনি বা কুৎসিত যেন লগিলেও, তেনে এগৰাকী ব্যক্তিহে চিৰকাল অামাৰ প্ৰিয়ভাজন হৈ ৰ’ব।
অচিনাকি চীন: পূঁজিপতিৰ কমিউনিজম

গাৱ ৱেংগি(Gao wengui)ৰ বয়স প্ৰায় পঞ্চাছ বছৰ, চীনত শি জিনপিং শাসনলৈ অহাৰ পাচত পৰিবৰ্তিত অাৰ্থিক নীতিৰ সুযোগ লৈ যিসকল সুযোগ সন্ধানীয়ে ৰাতিটোৰ ভিতৰতে ধনাঢ্য ব্যৱসায়ীত পৰিণত হৈছিল তাৰ ভিতৰত গাৱ ৱেংগি অাছিল অন্যতম। চীনৰ প্ৰথম ১০০ জন ধনবানৰ তালিকাত তেওঁ নাম সুমুৱাবলৈ সক্ষম হৈছিল জীৱনৰ ৪৫ টা বছৰ নৌ হওতেই। ৰাজনৈতিক ক্ষমতাৰেও বলিয়ান হৈছিল, সমাজ সেৱকৰ ৰূপতো দেখা গৈছিল তেওঁক। তাৰ পাচতে চীনা পিপুলছ পাৰ্টিৰে মধুচন্দ্ৰিকাৰ অন্ত পৰে। ৰোষত পৰে তথাকথিত কমিউনিষ্ট চৰকাৰৰ। দুনীৰ্তি ,লুণ্ঠণ, ব্যভিচাৰ,ধৰ্ষণ নানানটা অভিযোগত দোষী সাব্যস্ত কৰা হল গাওক। বিপদ বুজি ২০১৪ চনত গাও পলাই যায় অামেৰিকালৈ। লগত অাৰ্জিত টকাৰ পাহাৰখন। সেই টকাবোৰ এইবাৰ খটুৱালে অামেৰিকাৰ পূঁজি বজাৰত। অাৰু এনেদৰেই এই বৃহৎ পূঁজিবাদী দেশখনতো এজন শক্তিশালী কৰ্পোৰেট টাইকুনত পৰিণত হল একালৰ এই চীনা ব্যৱসায়ীজন।

এই হল চীনা পূঁজিপতিৰ বিকাশ-বিস্তাৰৰ কাহিনী। কাহিনীটো বিক্ষিপ্ত। কিন্তু যদি গাৱৰ উত্থান-পতন অন্য দৃষ্টিকোণৰে চাও, দেখিম চীনৰ অাৰ্থিক বিকাশৰ অাঁৰত প্ৰকৃততে অাৰু কিছু সত্যও লুকাই অাছে। এফালে সমাজবাদৰ নাম, অানফালে দুৰ্নীতি-ব্যভিচাৰ। ধন অাৰু ৰাজনীতিৰ বলেৰে উত্থান ঘটা এটা নতুন শ্ৰেণী। তেনেহলে সমাজবাদ কত ? কত শ্ৰেণীহীন সমাজ? যি নহওক, চীনত পিছে শাসিত বা নিৰ্ধনীৰে যে জীৱন শ্বাসৰুদ্ধ, তেনে নহয়। দেখা গৈছে যে চীনৰ বহু ধনবান চীনা মানুহ, অানকি বিলিয়নাৰ মিলিয়নাৰ সকলেও অাজি কালি অাৰু চীনত থাকিব নোখোজে। অামেৰিকা, কানাডা, ইংলেণ্ড,অষ্ট্ৰেলিয়া, বা ইউৰোপৰ অায়াৰলেণ্ডৰ দৰে দেশলৈ গৈ ব্যৱসায়-বাণিজ্যৰে তাতে বাকী জীৱনটো পা-পৰিয়ালৰ সতে কটাব খোজে শান্তিৰে। বহুতে ইতিমধ্যে দেশ এৰিছেও। ইফালে এনে ধনবান চীনাকো সেই দেশসমূহে অাগ্ৰহেৰে দিছে নাগৰিকত্ব। কাৰণ ধনী চীনাৰ হাতত অাছে সম্পদ, প্ৰচুৰ সম্পদ।

নিজৰ দেশখনে দোপতদোপে উন্নতি কৰিছে, বিশ্বৰ ১ নম্বৰ ধনীদেশত পৰিণত হবলৈ গৈ অাছে, তথাপিতো চীন এৰি গুচি যোৱাৰ প্ৰৱণতা ধনবান চীনাসকলৰ মাজত কিয় দেখা দিছে? ইয়াৰ কাৰণ কি? কাৰণ এয়াই যে চীনত টকা ঘটিব পাৰি, কিন্তু ভোগ কৰিব নোৱাৰি।ভোগ মানে কেবল বৈষয়িক ভোগ নহয়, স্বাধীনতাৰ ভোগ। এজন মুক্ত মানুহ হিচাপে, মানৱ অধিকাৰ ভোগ কৰাৰ কোনো সুযোগ নাই চীনত। অানহে নালাগে মাত্ৰ এটা সৰু উদাহৰণ দিয়া যাওক, অাপুনি যদি চীনত বসবাসকাৰী এজন চীনা নাগৰিক, অাৰু অাপোনাৰ হাতত যদি ধন অাছে, তথাপিতো অাপোনাৰ লৰা-ছোৱালীক দেশখনত থকা কোনো বিদেশী অান্তৰ্জাতিক স্কুল-কলেজত পঢ়ুৱাব নোৱাৰিব। পঢ়ুৱাব লাগিব দেশীয় চৰকাৰী স্কুলত। কথাটোতো এনে হ’ব নোৱাৰে তুমি পূঁজিবাদো মেলি দিবা অাৰু অাকাংক্ষাবোৰকো নেলু চেপি ধৰি থাকিবা। হাতত পইছা অাছে যেতিয়া ধনবান সকলে উন্নত স্কুলত ল’ৰা-ছোৱালীক পঢ়ুৱাব বিচাৰিবই, লৰা-ছোৱালীৰ বাবে নামী স্কুলৰ চাৰ্টিফিকেটত অাশা কৰিবই। কেবল এয়াই নহয়, ই মাত্ৰ এটা উদাহৰণ হে। চীনত ধনঘটাৰ অধিকাৰ দিয়া হৈছে দেশক ধনবান কৰাৰ স্বাৰ্থত, নাগৰিকৰ জীৱনৰ মান কিমান ধনী হল সেয়া মূল কথা নহয়। ব্যক্তি স্বাধীনতাত অাছে কমিউনিষ্ট শাসকৰ লেকাম। চৰকাৰ বা কমিউনিষ্ট দলটোৰ কাম কাজ বেয়া লাগিলেও অাপুনি নিৰবে সহ্য কৰিব লাগিব, মুকলি ভাবে বিৰোধিতা কৰা, প্ৰতিবাদ কৰা, সমালোচনা কৰাৰ কাৰোৰ কাৰো অধিকাৰ নাই।

চীনত সম্প্ৰতি ধনী-দৰিদ্ৰ, ক্ষমতাবান অাৰু সাধাৰণ এই দুই শ্ৰেণীৰ ব্যৱধান কিদৰে বাঢ়ি অাহিছে সেই কথা জানিব পৰা যায় Jia Zhangkeৰ দা ৱৰ্ল্ড, ষ্টিল লাইফ, অাননোন প্লিজাৰ, টাচ্ছ অব চিন অাদি চিনেমাবোৰৰ পৰা। তেনেধৰণৰ বেছ কিছু চিনেমা অাছে যত চীনৰ প্ৰকৃত প্ৰগতিৰ ছবিখন প্ৰত্যক্ষ কৰিব পৰা যায়। চাইনা ব্লু নামৰ এখন তথ্যচিত্ৰত উন্মোচিত হৈছে কিদৰে গঞা চীনাই সৰ্বস্বান্ত হৈ চহৰলৈ কাম বিচাৰি প্ৰৱজিন কৰিছে। বাধ্য হৈছে ন্যুনতম মজুৰিত দুৰ্বিসহ শ্ৰমিক জীৱন গ্ৰহণ কৰিবলৈ অাৰু অাৰু বলি হৈছে ভয়াবহ শ্ৰম শোষণৰ তথ্যচিত্ৰৰ শ্বুটিং কৰা হৈছে গোপনে।

সেই যে ত্ৰিছ বছৰ অাগতে তিয়ানমেন স্কোৱেৰৰ ঘটনাটো, চীনৰ দমন-নিপীড়ণমূলক কমিউনিজম শাসনৰ পৰা মুক্ত হবলৈ ছাত্ৰ সমাজ একত্ৰিত হৈছিল, গণতন্ত্ৰ প্ৰতিষ্ঠাৰ চেষ্টাত প্ৰাণ দিছিল কমেও ১০০০০ মানুহে–কমিউনিষ্ট শাসকৰ এই দমন অাজিও অন্ত পৰা নাই, ‘চীন শাসকে সকলোকে শাসনৰ বুটজোতাৰে গচকি ধৰি ৰখাৰ মাজেৰেই দেশখনৰ বিকাশ ঘটাব বিচাৰে ।

বহুতে ভাবে যে চীন এখন কমিউনিষ্ট ৰাষ্ট্ৰ। কিন্তু কথাটো সমূলি অসত্য। চীনে অাৰ্থিক নীতি সলনি কৰি খুৱ চদ্মৱেশী কৌশলেৰে কেতিয়াবাই কমিউনিজমৰ পথ পৰিত্যাগ কৰিলে। চীনৰ উদ্যোগত এনেধৰণেও যে পূঁজিবাদ হ’ব পাৰে হয়তো অামেৰিকা কিয় মাৰ্ক্স কিংবা অাদম স্মিথেও চাগে অনুমান কৰিব পৰা নাছিল। পিছে চীনত অাগতেও যে কিবা প্ৰকৃত কমিউনিজম প্ৰবৰ্তিত হৈছিল তেনেও নহয়। শ্ৰেণী বৈষম্যবোৰ অাছিল বেলেগ বেলেগ ৰূপত। কমিউিনিজমৰ নামত এক বিশেষ ধৰণৰ স্বৈৰতন্ত্ৰী শাসনহে স্হাপন হৈছিল। সমাজবাদী নীতি বলবৎৰ নামত সামূহিক উৎপাদনৰ অচিলাৰে ৰাষ্ট্ৰই প্ৰকৃততে এক বিশেষধৰণৰ ৰাষ্ট্ৰীয় পূঁজিবাদৰে জন্ম দিছিল। সৰ্বসাধাৰণৰ শ্ৰমশক্তিক ব্যৱহাৰ কৰা হৈছিল গাধৰ দৰে খটুৱাই–সৃষ্টি কৰা হৈছিল এক বিশেষ ধৰণৰ চদ্মৱেশী শ্ৰমিক।


মানুহৰ শ্ৰেণীগত সমতাবোৰ অামাৰ ভ্ৰম্যমাণ থিয়েটাৰৰ ছেটিঙছৰ দৰেহে অাছিল–দৰ্শকক দেখুৱালৈ কাৰ্ডবোৰ্ডত অাঁকি লোৱা যেন মহাজনৰ ধুনীয়া ঘৰটোহে। অামাৰ মানুহবোৰ চীনলৈ অামন্ত্ৰিত হৈ তাকে দূৰৰ পৰা চায়, বিমুগ্ধ হয় অাৰু ঘৰলৈ অাহি লিখে চীন ভ্ৰমণৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা। সেইবোৰে চীনৰ কমিউনিজৰ নকল ৰূপ এটা ইমান দিনে অামাৰ মনৰ মাজত প্ৰতিষ্ঠা কৰিছিল।
যি নহওক, তথাপি এই কথা স্বীকাৰ কৰিব লাগিব যে সামন্তপ্ৰথাৰ যাতনাদায়ক শোষণ অাৰু কলনিয়েল দাসত্বৰ গ্লানি অাঁতৰাবলৈ মাও জে ডুঙে কৰা মুক্তিৰ প্ৰয়াসৰ নাৰ্যতা অৱশ্যেই অাছিল। কিন্তু নতুন জীৱনৰ অাকাংক্ষাত সাধাৰণ দৰিদ্ৰ অনাখৰী ভূক্তভোগী মানুহ ইমানে মুক্তিৰ অানন্দত মতলীয়া হৈ পৰিছিল যে মাওৰ লংমাৰ্চ বা সাংস্কৃতিক বিপ্লৱ হৈ পৰিছিল এক মজাদাৰ এডভেঞ্চাৰৰ দৰে। সাধাৰণ জনগণৰ দ্বাৰা গঠিত ৰেড অাৰ্মিৰ নিষ্ঠুৰতাই এনে পৰ্যায় পাইছিল যে ‘প্ৰতিবিপ্লৱী’ অাখ্যা দি নিজৰ শিক্ষকক পৰ্যন্ত হত্যা কৰিছিল অাৰু এনেও ঘটনা ঘটিছিল যে সেই মৃত শিক্ষকজনৰ মঙহ ভক্ষণ কৰিহে বিপ্লৱীসকলে শান্তি পাইছিল।

সেই বিভীষিকাময় দিনবোৰৰ কৰাল ছায়া বহুকাল পাচতো অাঁতৰি যোৱা নাছিল। গণতন্ত্ৰ বা মানৱীয় অধিকাৰৰ কথা কোৱা সকলক চীনৰ কমিউনিষ্ট চৰকাৰে যি নিপীড়ণ চলাইছিল সেয়া ষ্টেলিনৰ বৰ্ববৰতাকো কেতিয়াবা চেৰাই গৈছিল। ফলত বহু চীনাই দেশ এৰি পলাই যাবলৈ বাধ্য হৈছিল। ইয়াৰ ভিতৰত অাছিল শিল্পী-সাহিত্যিকসকলো। ‘ছোল মাউন্টেইন’ৰ ৰচিয়তা নবেল বিজয়ী গাও জিয়াং জিয়ে বন্দিজীৱন কটাই শেষত এনে অত্যাচাৰৰ ফলতে ১৯৮৯ চনত গ্ৰহণ কৰিছিল ফ্ৰান্সৰ নাগৰিকত্ব। পৰিস্হিতি অাজিও সলনি হোৱা নাই। সৌ সিদিনা কোৰোণা ভাইৰাচৰ প্ৰথম উপস্হিৰতিৰ কথা সদৰি কৰি দিয়া বাবে উহান প্ৰদেশৰ চিকিৎসক লী ৱেনলিয়াঙক প্ৰাণে মৰাৰ ভাবুকি দি ব্যাপক হাৰাসাস্তি কৰা হৈছিল । এই প্ৰসংগতে চীনৰ ছিনচিয়াং অঞ্চলকে ধৰি তাৰিম বেচিনত বসবাস কৰা তুৰ্কীমূলীয় মুছলমান উইঘুৰৰ জনগোষ্ঠী নিঃশেষ কৰিবলৈ শি জিনপিং চৰকাৰখনে যি চক্ৰান্ত কৰিব লাগিছে, সিবোৰে হিটলাৰ অামোলৰ নাজী নিৰ্মূলকৰণৰ ঘটনাবোৰ মনত পেলাই দিয়ে। অৰ্থাৎ চীনৰ তথাকথিত সমাজবাদে প্ৰজাতিতত্ব অাৰু সাম্প্ৰদায়িকতত্বতো বিশ্বাস কৰে।

অাজি বিশ্বৰ কট্টৰ কমিউনিষ্ট সকলোকো যদি বাকী জীৱনটো কটাবলৈ দুখন দেশ বাচনি কৰি দিয়া হয়–তাৰে যদি এখন হয় অামেৰিকা অাৰু অানখন চীন, সম্ভৱতঃ নিষ্ঠাবান কমিউনিষ্ট সকলে অামেৰিকাকে বাছি ল’ব। কাৰণ চীনত কমিউনিজমো নাই, গণতন্ত্ৰও নাই। কিন্তু অামেৰিকাত অন্তত গনতান্ত্ৰিক স্বাধীনতা অাছে। কমিউনিজমৰ পথ পৰিহাৰ কৰি কিয় শেষত চীনে এক নতুন ধাৰাৰ পূঁজিবাদ গ্ৰহণ কৰিলে তাৰ ঐতিহাসিক পটভূমিনো কি,সেয়া এক অন্য বিষয়। সেয়া অামাৰ অালোচনাৰ প্ৰসংগ নহয়। অামি কেবল সাম্প্ৰতিক সময়ত চীনে পূঁজিবাদী অাদৰ্শৰে সাম্ৰাজ্যবাদ কিমান ভয়াবহভাবে অাগ্ৰাসী কৰি তুলিছে তাকেহে ক’ব খুজিছো।
কিছু বছৰ অাগতে চীনে শ্ৰীলংকাৰ উন্নয়ণৰ বাবে এক বৃহৎ পৰিমাণৰ ধন ঋণ দিছিল। সেই ঋণ অাৰু সূঁত ওভতাই দিব নোৱাৰি কলম্বো চৰকাৰে হামবানটোটো নামৰ বাণিজ্যিক বন্দৰটো চুক্তি অনুসৰি চীনক এৰি দিব লগা হয়। চীনে এই ফান্দখন সকলোতে পাতিছে। উৎকোচ-প্ৰলোভনেৰে অনুন্নত দেশসমূহৰ চৰকাৰখনক প্ৰথমে হাত কৰিছে, সৈমান কৰাইছে বিপজ্জনক চুক্তিত স্বাক্ষৰ কৰিবলৈ। সেই চুক্তি অনুসৰি বৃহৎ ঋণ লবলৈ বাধ্য কৰি বন্ধকীত লৈছে কোনো বন্দৰ বা ভূ-ক্ষেত্ৰ।


অাফ্ৰিকাৰ জিবুটিত চীনে এনেদৰে বন্দৰ দখল কৰাকলৈ অামেৰিকা-ইংলেণ্ডৰ সতে বেছ অঁৰিয়াঅৰি হৈছিল। চীনা কোম্পানি মাৰ্চেন্টছ পোৰ্ট হোল্ডিঙছৰ হাতলৈ গৈছে বন্দৰটোৰ কতৃত্বৰ ভাৰ। অাজি জিবুটিৰ ভাগ্য নিৰ্ভৰ কৰিছে চীনৰ বিনিয়োগৰ ওপৰত। অলপতে অাফ্ৰিকাৰ এই ক্ষুদ্ৰ অনুন্নত দেশখনত চীনে অান্তঃগাঠনি নিৰ্মাণৰ বাবে দিছে ১৪০ কোটি ডলাৰ। এই ধন হৈছে জিবুটিৰ মুঠ ঘৰুৱা উৎপাদন (GDP)ৰ ৭৫ %। একেটা টোপ গিলি কেনিয়াও চীনৰ হাতত বন্দী হৈছে। ঋণ পৰিশোধ কৰিব নোৱাৰি কেনিয়াই চীনক এৰি দিছে গুৰুত্বপূৰ্ণ মোম্বাচা বন্দৰ। কেনিয়াই ৰেলপথ সম্প্ৰসাৰিত কৰিবলৈ ধাৰ লৈছিল চীনৰ পৰা। এই ধাৰ দিছিল চীনৰ ৰাষ্ট্ৰয়াত্ত একজিম বেংকে। অাচলতে চুক্তিখন এনেদৰে কৰা হৈছিল যাতে শেষত চিকাৰ অাহি চীনৰ পিঞ্জৰাত সোমাই পৰে। এতিয়া কেনিয়াই হাত দাঙি দিছে পইচা ওভতাব নোৱাৰো বুলি। বিনিময় সপি দিছে মোম্বাছা বন্দৰৰ অধিকাৰ। (অবশ্যে মাত্ৰ দুদিন অাগতে অামেৰিকাৰ কূটনৈতিক হেঁচাত কেনিয়াই চীনৰ বাণিজ্যিক চুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰিছে।)

তেনেদৰে জাম্বিয়াৰ বিমান বন্দৰ কেনেথ
কৌণ্ডাও একে কৌশলেৰে চীন নিছে নিজৰ দখললৈ। ডকুম বন্দৰ, ওমানৰ মাছকটৰ ওপৰিও বাংলাদেশ পাকিস্তানৰ বন্দৰ পৰ্যন্তত চীনৰ ধন বিনিয়োজিত হৈছে। কেনিয়াত ৩২০কোটি ডলাৰৰ ৰেলপথ,গিনিত ৫৪২ মিলিয়ন ডলাৰৰ জলবিদ্যুৎ প্ৰকল্প, ইথিওপিয়াত ৪৭ কোটি ৫০ লাখ ডলাৰৰ ৰেলপথ, নাইজেৰিয়া অাৰু জিম্বাৱোৱেত ৰেল ৱ্যৱস্হাৰ অান্তঃগাঠনি নিৰ্মাণৰ বাবে চীনে বিনিয়োগ কৰিছে ৫.৫ বিলিয়ন ডলাৰ! ইত্যাদি। এয়া অাফ্ৰিকাত চীনা বিনিয়োজনৰ কিছু অাংশিক তথ্য। এই ধন দিছে চীনৰ ৰাষ্ট্ৰয়াত্ত বেংকে। ২০১৫ চনত চীনে অাফ্ৰিকাৰ উন্নয়ণৰ বাবে ১ হাজাৰ কৌটি ডলাৰ ঋণ দিছে। অাৰু সেই একেটা বছৰত মহাদেশখনত বিভিন্ন বাণিজ্যিক খণ্ডত বিনিয়োগ কৰিছে ৩০০ কোটি ডলাৰ। ২০০৫ চনত অাফ্ৰিকাৰ চীনৰ পৰা লোৱা ঋণৰ পৰিমাণ অাছিল ২ বিলিয়ন ডলাৰ, অাজি ২০১৬ চনত এই পৰিমাণ হয় ৩০ বিলিয়ন ডলাৰ। কেবল এইবোৰেই চীনৰ অাফ্ৰিকা দখলৰ কৌশল নহয়, অাফ্ৰিকা ইউনিয়নৰ সামৰিক তহবিল, অাফ্ৰিকাৰ বাবে ৰাষ্ট্ৰসংঘৰ শান্তি অাৰু উন্নয়ণ পূঁজিলৈকো অকাতৰে চীনে বৰঙণি দি অাহিছে।

যি নহওক এনেদৰে অাফ্ৰিকাৰ বন্দৰ কৃষি ভূমি বা খনিজ সম্পদত চীনে খুৱ সন্তৰ্পণে কুক্ষিগত কৰাত লাগিছে তেওঁলোকৰ চতুৰ ৰাজনীতিৰ সহায়েৰে। কিছুবছৰ অাগতে নাইজেৰিয়ালৈ গৈ ব্ৰিটিছ বৈদেশিক মন্ত্ৰী জেক ষ্ট্ৰই কৈছিল যে ১৫০ বছৰ অাগতে ব্ৰিটেনে অাফ্ৰিকাত যি কৰিছিল, সেয়া অাজি চীনে কৰিব লাগিছে। অৰ্থাৎ তেওঁ মুকলি ভাবে নিজৰ অতীতৰ দুস্কাৰ্যৰ কথা স্বীকাৰ কৰি চীনৰ বিৰুদ্ধে ঔপনিৱেশিক লুণ্ঠনৰ অভিযোগ অানিছে।
অাফ্ৰিকাত চীন সোমাইছে এডেও দুডেও লোটা নিওৰ কৌশলেৰে। প্ৰথমে ত্ৰাণকৰ্তাৰ ৰূপত,তাৰপাচত লুণ্ঠনকাৰীৰ ৰূপত। অাফ্ৰিকাৰ কেবাখনো দেশত চীনে উন্নয়ণৰ নামত সাহাৰ্য অাৰু সহজ ঋণ দি দেশবাসীৰ বিশ্বস্ত হৈ লৈছে। মানুহক দিছে সস্তাৰ পণ্য। অাজি প্ৰায় সমগ্ৰ মহাদেশখনত ইন্টাৰনেট অান্তঃগাঠনি গঢ়ি দিছে হুৱাৱে,জেডটি, বা চায়না টেলিকমে। অাগতে যি অাফ্ৰিকাৰ মানুহে প্ৰতি ১ বাইট ডাটাৰ বাবে উপাৰ্জনৰ অাঠ শতাংশ খৰচ কৰিব লগা হৈছে,এতিয়া সেই ডাটা চীনে দিছে প্ৰায় অাধা মূল্যত। কেবল এয়াই নহয় স্কুল-কলেজ, হাস্পতাল–এইবোৰো চীনৰ ধনেৰে শ্ৰীবৃদ্ধি সম্ভৱ হৈছে। বিনিময়ত চীনে দেশসমূহত পণ্য বেচাৰ সুযোগ পাইছে। কেঁচামাল সস্তাত কিনি সেই কেঁচামালেৰে তৈয়াৰী পণ্য তেওঁলোককে বিক্ৰি কৰিছে, নিজৰ বজাৰ পাতিছে অাৰু অাফ্ৰিকাৰ মানুহক চীনা পণ্যৰ প্ৰতি অাসক্ত কৰি তুলিছে। অাজিৰ হিচাপত ১০০০০ৰো অধিক চীনা কোম্পানিয়ে থিতাপি লৈছে অাফ্ৰিকাত। কম মজুৰিত অাফ্ৰিকাৰ দৰিদ্ৰৰ শ্ৰমিকক কামত খটুৱাই কল-কাৰখানাও স্হাপন কৰা হৈছে। সেই কল-কাৰখানাৰ কেঁচা মালো সংগ্ৰহ কৰিছে অফ্ৰিকাৰ পৰাই। চীনৰ অাকাংক্ষা এতিয়া অসীম। গোটেই বিশ্বজুৰি তেওঁলোকে নিজৰ এখন একছত্ৰী বজাৰ পাতিব খোজে। এই অভিলাষী অাকংক্ষাৰ এক বাস্তৱ ৰূপ হল চাৰি হাজাৰ কোটি ডলাৰ সাপেক্ষ অভিলাষী অাচনি “ৱান বেল্ট ৱান ৰোড”। ৬০ খন দেশক এটা বিশেষ পথেৰে সংযোগ কৰা হব, ই হব কেতিয়াবা স্হল (ৰেল)পথ, কেতিয়াবা জলপথ। এনেদেশৰ ভিতৰত অাছে অাফ্ৰিকাৰ দেশো। চীনৰ বিশাল কাৰ্গো জাহাজবোৰ অফ্ৰিকাৰ বন্দৰত যেতিয়া ৰব, সেই বন্দৰ হ’ব চীনৰ নিজা। কোনেও মূৰ ঘমাব নোৱাৰিব। ইমান দিনে ককেচীয় শ্বেতাংগৰ দাসত্ব মানি জীৱন কটোৱা অাফ্ৰিকাৰ মানুহেও বিচাৰিছে অামেৰিকা বা ইউৰোপৰ অাৰ্থিক অাধিপাত্য ওফৰাই দিবলৈ। অাদৰি লৈছে মংগোলয়ড চীনাক। চীনেও ইয়াৰ সুযোগ লৈছে। যি কাম কৰিবলৈ বিশ্ববেংক বা বিশ্ব বাণিজ্য সংস্হাই সদায়ে কুণ্ঠাবোধ কৰি অাহিছিল, সেই কাম কোনো দ্বিধা নকৰি কৰিছে চীনে– উন্নয়ণৰ বাবে দুয়োহাতে দিছে কম সূদৰ ঋণ। অাফ্ৰিকাৰ বাবে চীন কিমান অাপোন মন কৰিব–১৯৭১ চনত ৰাষ্ট্ৰসংঘত টাইৱানৰ সাৰ্বভৌমত্ব প্ৰসংগত ভোট হৈছিল। চীনক শলঠেকত পেলাবলৈ কৰা সেই চেষ্টাত অামেৰিকাক সহায় কৰিছিল অাফ্ৰিকাৰ ৩৫ খন দেশে। ২০০৭ চনত অাকৌ এবাৰ ভোট হল চীনৰ মিত্ৰ দেশ দঃকোৰিয়াৰ মানৱ অধিকাৰ প্ৰসংগত। এইবাৰো চীনৰ প্ৰতিদ্বন্দ্বী অামেৰিকা। কিন্তু ভোটৰ পাচত দেখা গ’ল অামেৰিকাৰ পক্ষ লৈছে অাফ্ৰিকাৰ মাত্ৰ ১১খন দেশে, বাকী সমস্ত অাফ্ৰিকান দেশে হয় ভোট চীনৰ সপক্ষে দিছে, নহয় ভোট দানৰ পৰা বিৰত অাছে। চীনৰ এই অাফ্ৰিকা বিজয় বহু দীৰ্ঘম্যাদী পৰিকল্পনাৰ ফল।

একালত চীনে অামেৰিকান সাম্ৰাজ্যবাদ অাৰু পূঁজিতন্ত্ৰৰ শোষণৰ বিৰুদ্ধে এনে দূৰ্গত দেশৰ ৰক্ষকৰ বেশত অবতীৰ্ণ হৈছিল, এতিয়া সেই চীনেই পূঁজিবাদী শোষকৰ ৰূপলৈ লুণ্ঠণ চলাবলৈ লৈছে । লুণ্ঠণ বিশ্বৰ প্ৰান্তে প্ৰান্তে। ইফালে চীনত দঃক্ষিণ পূৱ এচীয়াত দখলদাৰিত্বৰ ঘটনাও বহু পূৰণা। এই ভূখণ্ডত ভাৰতৰ প্ৰভাৱ উৎখাত কৰিবলৈ চীনে অহৰহ চেষ্টা চলাই গৈছে। ১৯৬২ চনত চীন ভাৰতৰ যুঁজৰ অাঁৰৰ অান এটা কাৰণো অাছিল ম্যানমাৰকলৈ দুয়োখন দেশৰ মাজত হোৱা টনা অাজোৰা। এতিয়া চীন কেবল ভাৰত বুলিয়েই নহয়, কাকো সুযোগ দিব নোখোজে। দক্ষিণ-পূৱ এচীয়াৰ দেশত এক বিশাল অৰ্থনীতিৰ জাল মেলি দিছে চীনে। চীনা কোম্পানিবোৰ সেই দেশলৈ স্হান্তৰিত কৰিছে। ছিংগাপুৰ বেংককত চীনা বিলিয়ানাৰবোৰে বাহৰ পাতিছে। অাৰু এই ভূ-মণ্ডলত অানকি ৰাজনীতিৰ বাঘজৰীও হাতলৈ নিয়াৰ চেষ্টা চলাইছে চীনে। এই অঞ্চলত গঢ়ি উঠা চোৰাং অস্ত্ৰ অাৰু ড্ৰাগছৰ ভয়াবহ অান্তজাৰ্তিক বজাৰখনৰো নেতৃত্ব লৈছে চীনে। এনে দেশৰ বন্দৰ সমূহ ৱান বেল্ট ৱানৰোডত সুমুৱাই লবলৈ চলবল প্ৰয়োগ কৰিছে।
ভাৰতৰ সতে এখন সংঘৰ্ষৰ উকমুকনি চলিয়ে অাছিল। নেপাল তিবৰ্বতৰ মাজেৰে পাকিস্তানলৈ ৰেলপথ বহুৱাই চীনে যি “চিল্কৰুট” পুৰ্ণনিৰ্মাণ কৰিবলৈ উঠিপৰি লাগিছে, তাৰ পৰিণতিকলৈ ভাৰতৰ ভয় মুঠেও অমূলক নহয়। পিছে এই অাঁচনি চীনে বন্ধ কৰাৰ অাশা নাই। চীনক সাম্ৰজ্যবাদৰ নিচাই ধৰিছে।

সকলোৱে জানে যে চীনে ৰেলপথ নিৰ্মাণ কৰিছে সুদূৰ ইউৰোপলৈ। চীনৰ yiwu ৰ পৰা লণ্ডনলৈ অাৰু yiwuৰ স্পেইনৰ মাদ্ৰিদলৈ বিশ্বৰ দুটকৈ দীৰ্ঘতম ৰেলপথ (ক্ৰমে ১২০০০ অাৰু ১৩০০০ কিমি) নিৰ্মাণেৰে অাশ্চৰ্যকৰ শক্তিৰ প্ৰমাণ দি চীনৰ পণ্য ইউৰোপৰ বজাৰত সহজলভ্য কৰি তুলিছে। এয়া হৈছে চীনা অাগ্ৰাসনৰ নমুনা। এই অাগ্ৰাসনকে সম্পূৰ্ণ কৰিবলৈকে যোৱা এটা দহকত চীনে ১১২ দেশত প্ৰায় ৬০০ টা বৃহৎ প্ৰকল্পত পইচা যোগান ধৰিছে। এহাতে দান দি দুয়োহাতে অাজুৰি লোৱাই চীনৰ নীতি।
কিছুদিন অাগলৈ অামেৰিকাই যিদৰে তেল অাৰু অন্যান্য প্ৰকৃতিক সম্পদৰ বাবে লেটিন অামেৰিকাত অৰ্থনৈতিক উপনিবেশ পাতিছিল চীনেও সেই একেই উপনিবেশ পাতিবলৈ লৈছে কিছু ভিন্ন মাৰ্জিত কৌশেলেৰে। ভেনিজুৱেলাৰ তেলৰ ভাণ্ডাৰ কুক্ষিগত কৰিবলৈ চীনে সন্তৰ্পনে এই দেশখনৰ সাহাৰ্যকাৰী দেশৰ ভূমিকা লৈছে। চীন বৰ্তমান ভেনিজুৱেলাৰ প্ৰধান বিনিয়োগকাৰী অাৰু অামেৰিকাৰ পাচতে দ্বিতীয় তেল অামদানিকাৰী দেশ। ইয়াকে দেখি চাটিফুটি মৰিছে অামেৰিকা। বিভিন্ন দেশক হেঁচা দিছে যাতে চীনৰ লগত ব্যবসায় নকৰে। মেক্সিকো অাৰু কানাডাৰ সতে এই সন্দৰ্ভত ত্ৰিপাক্ষিক চুক্তিও কৰিছে। মিছৰ তুৰস্ককো হকা বধা কৰিছে। ইউৰোপীয় ইউনিয়নক বুজনি দিছে। নিজৰ দেশত চীনা পণ্যৰ কৰ বৃদ্ধি কৰা হৈছে দুশ শতাংশলৈ। তথাপিতো চীনৰ অাগ্ৰাসন ৰুধিব পৰা নাই। অাজি চীনৰ যি হাৰত অৰ্থ শক্তি বৃদ্ধি পাইছে, হয়তো কৰোণা মহামাৰী নিয়ন্ত্ৰণলৈ অহাৰ পাচতে বিশ্বৰ ১ নম্বৰ ধনী দেশত পৰিণত হ’ব। অাৰু সমগ্ৰবিশ্বক নিয়ন্ত্ৰণ কৰিবলৈ ল’ব। এইকাম সহজতৰ কৰি তুলিব তেওঁলোকৰ ক্ৰমবৰ্ধমান সামৰিক শক্তিয়ে।
স্পষ্টতঃ চীনক এতিয়া অাৰু ইমান সহজে প্ৰতিৰোধ কৰা সম্ভৱ নহয়। সকলোৱে বুজি উঠিছে যে সেই ক্ষমতা এতিয়া অামেৰিকাৰো নাই। বৰং ক’বলৈ মাৰ্কিন পূঁজি অৰ্থনীতিৰ ভবিষ্যত চীনৰ ওপৰতো নিৰ্ভৰশীল। যুক্তৰাষ্ট্ৰৰ ট্ৰেজাৰি বণ্ডৰ বৃহৎত্তম ক্ৰেতা হৈছে চীন। সেই সূত্ৰে অামেৰিকা যুক্তৰাষ্ট্ৰ অাজিৰ তাৰিখত চীনৰ ওচৰত কমেও ১ ট্ৰিলিয়ন ডলাৰত কৈয়ো বেছি ধৰুৱা। চীনে যোগান ধৰা পণ্য সামগ্ৰীবোৰ যদি ৱালমাৰ্ট বা অামাজানে বিক্ৰি কৰিবলৈ নাপায়,তেনেহলে তেওঁলোকৰ ব্যৱসাত বাৰটা বাজিব। ইউৰোপ অাৰু ইউৰো জোনৰ বাহিৰতো চীনে প্ৰাচুৰ্য শক্তিৰে বহু বিদেশী ব্যৱসায়িক প্ৰতিষ্ঠান কিনি লৈছে। চীনক বাদ দি বিশ্ব অৰ্থনীতিৰ গতিপ্ৰবাহ স্তধ্ব হৈ পৰিব। অৰ্থাৎ উদাৰ পূঁজিবাদ এতিয়া চীনা উদ্ভাৱিত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত পূঁজিবাদৰ ওচৰত ভিজা মেকুৰিত পৰিণত হৈছে। ৭০ৰ দহকত বিখ্যাত পিংপং ডিপ্লমেচিৰ মাজেৰে অামেৰিকাৰ হেঁচাত গঢ় লৈ উঠা চীনৰ ৰাষ্ট্ৰয়াত্ত পূঁজিবাদ অাজি কেবল অামেৰিকাৰ বাবেই নহয় , অান সকলো উদাৰ পূঁজিবাদী ৰাষ্ট্ৰৰ বাবেও অাতংকৰ কাৰণ। অাশংকা এয়াও যে অনাগত দিনত এই দুই মেৰুৰ পূঁজিবাদৰ প্ৰচণ্ড সংঘাত অনিবাৰ্য। ইতিমধ্যে চীন-ভাৰতৰ সীমা বিবাদৰ সুযোগ লৈ চীনক এঘৰীয়া কৰিবলৈ তৎপৰ হৈ উঠিছে অামেৰিকা। ব্যাপক সামৰিক প্ৰস্তুতিৰে দক্ষিণ পূৱ-এচীয়াত যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰিছে। চতুৰ অামেৰিকাই এইক্ষেত্ৰত ভাৰতক শিখণ্ডী ৰূপে চীনৰ সমুখলৈ অাগবঢ়ায়ো যে দিব পাৰে, সেই অাশংকা একেবাৰে অমুলক নহয়। পিছে সত্য এয়াই যে চীনক পৰাস্ত কৰাৰ শক্তি ভাৰতৰতো নায়েই , অামেৰিকাৰো বাবেও হ’ব দুসাধ্যজনক।

এই মহূৰ্তত অামাৰ শিকনি এইটোৱে যে বিশ্বত প্ৰভূত্ব স্হাপনৰ লক্ষ্যৰে চীন-অামেৰিকাৰ মাজত যি হঠকাৰী প্ৰতিদ্বন্দ্বিতা হৈছে, যদি সেই সংঘাতৰ মাজত নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ভাৰতে যত্ন নকৰে, তাৰ পৰিণতি হ’ব অতি ভয়াবহ। এই মুহূৰ্তত দেশৰ এমুঠি শাসকৰ বিচক্ষণতা অাৰু দূৰদৰ্শীতাৰ ওপৰতে নিৰ্ভৰ কৰিছে দেশখনৰ দেশখনৰ ১৩৫ কোটি জনতাৰ ভবিষ্যত।। কোৰোণাই থেকেচি পেলোৱা ভাৰতবাসীৰ বাবে যুদ্ধৰ পৰিণতি হ’ব এনে ভয়াবহ, যাক অাজি অামি কল্পনাও কৰিব নোৱাৰো।

গভীৰ ৰাতিৰ কেট-ৱাক

যদি এই লেখাটো কিবা এটা বিশেষ ঘটনাৰে অাৰম্ভ কৰা যায়, তেনেহলে মোৰ হাতত তেনে কেবাটাও ঘটনা অাছে, তথাপি এই মুহূৰ্তত বাৰে বাৰে মনলৈ অাহিছে গভীৰ ৰাতিৰ ঐশ্বৰ্য ৰায়ৰ ‘কেট-ৱাক’লৈ। ঘটনাটো ঘটিছিল প্ৰায় ২৫ বছৰ অাগতে, ১৯৯৪ চনত অাফ্ৰিকাৰ বুকুত। সিদিনা অাফ্ৰিকা মহাদেশৰ কোটি কোটি দৰিদ্ৰ জনতাই অৰ্ধাহাৰ-অনাহাৰে গভীৰ টোপনিত লালকাল দিছিল,অাৰু তেতিয়া ভাৰতৰ’কোটি কোটি মধ্যবিত্ত জনতাই পৰম উৎকণ্ঠাৰে সাৰে অাছিল। কাৰণ লয়লাস ভংগীত মায়াময় অালোকৰ মাজত ৰেম্পত খোজ দিছে অামাৰ ঐশ্বৰ্য ৰায়ে। ছান চিটিত নিশা শেষ হ’বৰ হৈছে, ঐশ্বৰ্য ৰায়ৰ উজাগৰী নিশাৰ দেহমনৰ ক্লান্তি ঢাক খাই ৰৈছিল বিজয় মুহূৰ্তৰ উল্লসিত হাঁহিৰে।
ঐশ্বৰ্যই বিশ্বসুন্দৰীৰ খিতাপ মূৰত তুলি লোৱাৰ মুহূৰ্তত দক্ষিণ অাফ্ৰিকাৰ ছান চিটিত শেষ প্ৰহৰ। গভীৰ নিশা এই অনুষ্ঠান অায়োজন কৰাত বাদে অায়োজকৰ কোনো বিকল্প নাছিল, কাৰণ উত্তৰ গোলাৰ্ধৰ কোটি কোটি মানুহে যে দেখিবলৈ পাব লাগিব নাৰীদেহ সৌন্দৰ্যৰ অপূৰ্ব গৰিমা। দেখিবলৈ পাব লাগিব সৌন্দৰ্য কাক কয়, বুজি পাব লাগিব নাৰীয়ে কিয় বিশ্ব সুন্দৰীৰ দৰে সৌন্দৰ্যশালী হ’ব লাগে। দুদিন পাছত যেতিয়া ঐশ্বৰ্য ৰায় দেশলৈ ওভতি অাহিল, নিশা মুম্বাইৰ ৰাজপথেৰে ঐশ্বৰ্য ৰায়ক কঢ়িয়াই লৈ গৈছিল চাৰিটা শুকুলা ঘোঁৰাই টনা এখন সু-সজ্জিত ৰথে। পিন্ধনত পৰীৰ পোছাকৰ দৰে শুভ্ৰ গাউন, মূৰত হীৰাখচিত মুকুট। হাজাৰ মুনিহ-তিৰোতাৰ তুমুল হৰ্ষধ্বনি অাৰু অাতচবাজীৰে তেওঁক এনেদৰে অাদৰণি জনোৱা হৈছিল যেন দেশৰ লক্ষ লক্ষ দূৰ্গত মানুহৰ হকে যুঁজ দি বিশ্বজয় কৰিহে ওভতি অাহিছে। হয়, এয়া অাচলতে বিজয়োৎসৱৰে অায়োজন অাছিল। সৌন্দৰ্য-ব্যৱসায়ী সকলৰ ভাৰত বিজয়।


এই ঘটনাটো ঘটিছিল ভাৰতত মুক্ত বাণিজ্যৰ দুৱাৰ মুকলি হোৱাৰ মাত্ৰ তিনিটা বছৰ পাচতে। তেতিয়া বিশ্ব বেংক, অান্তৰ্জাতিক মুদ্ৰানিধিৰ পৰা লোৱা ঋণেৰে বিকশিত হ’বলৈ ধৰিছিল ভাৰতীয় বজাৰ অৰ্থনীতি। তাৰে গৰ্ভত জন্ম পাইছে নতুন নতুন মধ্যবিত্ত পৰিয়াল। এই বৃহৎ মধ্যবিত্তীয় জনসংখ্যাক লৈ বিদেশী কোম্পানীবোৰৰ হিচাপ নিকাচ অাৰম্ভ হৈ গৈছে। ইতিমধ্যে উদাৰ অৰ্থনীতিয়ে মুকলি কৰা ভাৰতীয় বজাৰলৈ সোমাই অাহিছে বহুজাতিক কৰ্পোৰেট গোষ্ঠীসমূহ। পিঠিত পণ্যৰ অনন্ত সম্ভাৰ। এনে পণ্যৰ ভিতৰত অাছিল ৰঙ-বিৰঙী প্ৰসাধন সামগ্ৰী সমূহো। গতিকে প্ৰসাধন সামগ্ৰীৰ বজাৰখন গজগজিয়া কৰি তুলিবলৈ তেওঁলোকক প্ৰয়োজন হৈছিল মানুহৰ মনত ধুনীয়া হোৱাৰ দুৰ্নিবাৰ প্ৰৱনতা এটা জগাই তোলাৰ।

প্ৰসাধন অাৰু ফেচন পণ্যৰ কৰ্পোৰেট বজাৰখন সমৃদ্ধ কৰি তোলাৰ স্বাৰ্থতে ভাৰতীয় নাৰীসমাজত জৰুৰী হৈছিল বিশ্ব সুন্দৰীৰ জন্ম দিয়াতো । সেইবাবে ভাৰতীয় সকলৰ মাজত নাৰী সৌন্দৰ্যৰ এক সাৰ্বজনীন সংজ্ঞা প্ৰতিষ্ঠা কৰিবলৈ ৰোল মডেল হিচাপে অামাৰ মাজলৈ লৈ অনা হৈছিল ঐশ্বৰ্য ৰায় অাৰু সুস্মিতা সেনক। একেটা বছৰতে দুগৰাকী ভাৰতীয় নাৰীক দিয়া হৈছিল বিশ্বৰ শ্ৰেষ্ঠতম সুন্দৰীৰ স্বীকৃতি। ভাৰতীয় নাৰীৰ সৌন্দৰ্যলৈ এই স্বীকৃতি অাহিছিল সুদীৰ্ঘ ৩৮ বছৰৰ মূৰত। যি সময়ত ভাৰতত বজাৰ অৰ্থনীতি দ্ৰুততাৰে শ্ৰীবৃদ্ধি ঘটিছিল, অাৰু ধীৰে ধীৰে প্ৰতিষ্ঠা হৈছিল ভোগবাদ, ঠিক সেই উৰ্বৰ সময়চোৱাত মাত্ৰ ছটা বছৰৰ ভিতৰতে (১৯৯৪-২০০০) ছয় গৰাকীকৈ ভাৰতীয় নাৰীৰ শিৰত তুলি দিয়া হৈছিল বিশ্বৰ শ্ৰেষ্ঠ সুন্দৰীৰ মুকুট।

বিশ্বসুন্দৰীৰ খিতাপ জয়ৰ পাচত এই সুন্দৰীসকলে বাকীজীৱনটো চিনেমা অাৰু পণ্যৰ বিজ্ঞাপনত কাম কৰাৰ বাদে ভাৰতীয় সমাজ বা ভাৰতীয় নাৰীৰ হকে কিবা কাম কৰিলে নে তাৰ খৱৰ খুব কমেই অামি পাও। সুস্মিতা সেন, ডায়েনা হেডেন, যুক্তা মুখী বা লাৰা দত্তক অভিনেত্ৰী অথবা মডেল হিচাপেও নাম মানুহে প্ৰায় পাহৰি পেলাইছে। প্ৰিয়ংকা চোপ্ৰাৰো গ্লেমাৰৰ লেবেলত ম্যাদ উকলি অাহিছে। অামি সকলোৱে জানো যে এনে সুন্দৰী প্ৰতিযোগিতাৰ মূল পৃষ্ঠপোষক সকলেই হ’ল প্ৰসাধন সামগ্ৰীৰ কোম্পানি। প্ৰতিযোগিতাৰ চৰ্ত অনুসৰি খিতাপজয়ী সুন্দৰীসকল এনে কোম্পানিৰ পণ্যৰ প্ৰচাৰ কৰিবলৈ বাধ্য। অৰ্থাৎ এই যে নাৰী সৌন্দৰ্যৰ প্ৰতিযোগিতাবোৰ– এইবোৰৰ হৈছে সৌন্দৰ্য সম্পৰ্কে মানুহৰ মনত একধৰণৰ ইলুজন তৈয়াৰ কৰাই মূল উদ্দেশ্য, যাতে মানুহে সৌন্দৰ্যৰ এক নিৰ্দিষ্ট ভেল্যু বা মান অনুসৰি নিজকে সুন্দৰ কৰি তুলিবলৈ বাধ্য হয়, অাৰু অাতুৰ হৈ পৰে। চাবলৈ গলে এইক্ষেত্ৰত কৰ্পোৰট ব্যৱসায়ী সকল সফলো হৈছে। ভাৰতত প্ৰতিবছৰে বৃদ্ধি পাইছে ধুনীয়া হ’ব বিচৰা গ্ৰাহকৰ সংখ্যা। গতিকে বৃদ্ধি পাইছে প্ৰসাধন পণ্যৰ বিক্ৰিও।

তথ্য অনুসৰি ভাৰতত এতিয়া প্ৰায় ১০ বিলিয়ন ডলাৰ বজাৰ প্ৰসাধন সামগ্ৰীৰ। ২০২৫ত দুগুণ হব বিক্ৰি। এতিয়া হেনো একোজন ভাৰতীয়ই গড়ে ৪৫০ টকাৰ প্ৰসাধন কিনে প্ৰতি বছৰে। খাবলৈ পিন্ধিবলৈ পইচা নুজুৰিলেও বগা হবৰ বাবে খৰচ কৰিবলৈ কুন্ঠাবোধ নকৰা মানুহৰ সংখ্যা বাঢ়িয়ে অাছে।
অাধুনিক ভোগবাদী অৰ্থ-ব্যৱস্হাৰ সবাতোকে বেছি চিকাৰ হ’ব লগা হৈছে মূলতঃ নাৰীসকল। সৌন্দৰ্যৰ অাধুনিক সদাগৰ সকলে নাৰীক সহজ চিকাৰ হিচাপে লোৱাৰ এক ঐতিহাসিক কাৰণো অাছে। মানৱ সমাজ পুৰুষতান্ত্ৰিকতাৰ মাজেৰে পৰিচালিত হোৱা বাবে অাৰু সেই পুৰুষতান্ত্ৰিক চেতনাই নাৰী সৌন্দৰ্যৰ সংজ্ঞা নিৰ্ধাৰণ কৰি থোৱা বাবেই পূঁজিবাদী বেপাৰীসকলৰ বেপাৰ চলাবলৈ সহজ হৈ পৰিল। প্ৰসাধন সামগ্ৰীৰ গ্ৰাহক হিচাপে নাৰীৰ ঐতিহাসিক দুৰ্বলতা এয়ে অাছিল যে তেওঁলোকেও নিজৰ সৌন্দৰ্যক পুৰুষৰ দৃষ্টিৰে চাইছিল। পুৰুষে নাৰী শৰীৰত যিবোৰ উপাদান পাব বিচাৰে তেনেদৰেই নিজৰ শৰীৰটো গঢ় দিবলৈ ইচ্ছা কৰিছিল নাৰীয়েও। অামি যদি কমেও ১০০০ বছৰৰ মানব সমাজ-সংস্কৃতিৰ ইতিহাস চাওঁ দেখিম যে এই বিশ্বৰ সৰহভাগ সামন্তবাদী দেশত নাৰীৰ যি ৰূপৰ কথা কোৱা হৈছে সেয়া হৈছে মূলতঃ দৈহিক ৰূপ। নাৰীৰ এই দৈহিক ৰূপ মানেই হ’ল পুৰুষৰ মনত কাম- উদ্দীপনা জগাব পৰা এটা শৰীৰ। শিলৰ ভাস্কৰ্যবোৰ, পেইন্টিংবোৰ, অাৰু সাহিত্যৰ বৰ্ণনাবোৰত শিল্পী সকলে নাৰীৰ যি ৰূপৰ বৰ্ণনা দি থৈ গৈছিল, অাজিও সেই বৰ্ণনাকে মানুহে পুনৰাবৃত্তি কৰি অাছে। পীনোন্নত স্তন, মাংসল নিতম্ব, লাহি ককাল, শ্বেতত্বক, দীৰ্ঘ কেশ, কোকিলৰ দৰে কণ্ঠ, পদ্মপত্ৰৰ দৰে চকু, ডালিম গুটিৰ দৰে দাঁত। শুনি পঢ়ি ঘুগুলা হোৱা এই উপমাবোৰকে অাধাৰ কৰি গঢ়ি তোলা সৌন্দৰ্য চৰ্চাৰ বেহাৰে অাজিৰ কৰ্পোৰেট ব্যবসায়ীসকলে দুয়োহাতে অাৰ্জিব লাগিছে মুনাফা । এই একেখিনি দৈহিক চৰিত্ৰকে তেওঁলোকে সংগঠিত অাৰু পৰিকল্পিতভাবে সৌন্দৰ্যৰ সাৰ্বজনীন সংজ্ঞা হিচাপে প্ৰতিষ্ঠা কৰিছে।

অতি প্ৰাচীন কালত নাৰী সৌন্দৰ্যৰ এটা বিপৰীত ব্যাখ্যাও যে অাছিল সেয়া অষ্ট্ৰিয়াত পোৱা ৩০০০০ বছৰ পুৰণি উইলেনডৰ্ফৰ বিখ্যাত নাৰী মুৰ্তিটোৱে সম্ভৱতঃ অামাক এটা ক্লু দিয়ে। যি নহওক মানৱ সৌন্দৰ্যৰ মাজত যে ব্যৱসায়ৰ সম্ভাৱনা লুকাই অাছে, সেই কথাটো অাবিস্কৃত হৈছিল অাধুনিক যুগত ইউৰোপত, শিল্প বিপ্লৱৰ পাচত। প্ৰয়াস কৰা হৈছিল মানৱ দেহৰ সৌন্দৰ্যক এটা সাৰ্বজনীন সংজ্ঞা দাঙি ধৰাৰ। লাহে লাহে বিশ্বৰ অাধুনিক সমাজবোৰত এই সংজ্ঞা বিয়পি পৰিল পূঁজিবাদৰ হাত ধৰি।

ভিক্টোৰিয়ান ভেল্যুজ মিহলাই দৈহিক কমনীয়তাকে নাৰী সৌন্দৰ্যৰ যিদৰে অাধাৰ কৰি তোলা হ’ল, তেনেদৰে ৰূক্ষতা অাৰু পেশীবহুলতাকে পুৰুষ সৌন্দৰ্যৰ ভিত্তি কৰা হল। এনেদৰেই ধুনীয়া হোৱাৰ এই চৰ্তবোৰ বহুদিনলৈ চলি থাকিল। কিন্তু যেতিয়া নাৰী অধিকাৰৰ বিষয়বোৰ অাহি পৰিল অাৰু নাৰীবাদী চেতনা গঢ় লৈ উঠিল, তেতিয়াই এই নাৰী সৌন্দৰ্যৰো চেহেৰা সন্তৰ্পণে সলাই পেলোৱা হল।
পিছে এইযে কোম্পানীবোৰে অামাক দৈহিক সৌন্দৰ্যৰ এটা সংজ্ঞা ধৰে–ধৰা হওক নাৰী সৌন্দৰ্যৰ কথাই, যে ওখ-পাখ অাৰু ক্ষীণ হ’ব লাগিব, বালিঘড়ীৰ দৰে ককাল হ’ব লাগিব খামুচীয়া, দেহৰ বৰণ হ’ব লাগিব উজ্বল মাখন ৰঙী, অাৰু দাঁত এনেকুৱা, চকু হ’ব লাগিব এনেকুৱা( চকুৰ মণিৰ বৰণ নীলা হলে অতি উত্তম), সুন্দৰ ওঁঠ অাৰু বক্ষৰ হিচাপ নিকাচো অামাক জনাই দিয়া হৈছে-কিন্তু সঁচাকৈ এইবোৰেই জানো এগৰাকী নাৰীৰ সৌন্দৰ্যৰ মাপ কাঠি? সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী সকলৰ নো কি ধৰণে মেধাসম্পন্ন সেই কথা কোনেও হিচাপ নাৰাখে। ঐশ্বৰ্য ৰায় যে এগৰাকী অাৰ্কিটেক্ট শিল্পীও অাছিল সেই কথা কোনেও মনত ৰখা নাই, মনত ৰাখিছে তেওঁৰ অানকমন চকুজুৰি। ফলত এনেদৰেই এইবোৰ শাৰীৰিক বৈশিষ্ট্যকে ধ্ৰুৱক হিচাপে মানি লৈ বহুতে দেহৰ বৰণ বগা কৰিবলৈ, চেলাউৰি বা হাত ভৰিৰ নোম অাঁতৰাবলৈ, ছুলি ষ্ট্ৰেইট বা কাৰ্ল কৰিবলৈ উঠিপৰি লাগিছে। খীণ হবলৈ গৈ বাদ দিছে খোৱাৱোৱাও। প্লাষ্টিক চাৰ্জাৰি বা কছমেটিক চাৰ্জাৰিৰে নাক-ওঁঠৰ গঢ়ন সলাই দিছে, অাৰু অানকি চিলিকন ভৰাই বক্ষ বা নিতম্বও সেইধৰণে গঢ়ি তোলা হৈছে, যিধৰণে কোম্পানীয়ে কৈছে। পিছে এইবোৰ ইমানতে সীমাবদ্ধ হৈ থাকিলে কথা নাছিল, সমস্যাত পৰিণত হ’ল তেতিয়া, যেতিয়া নাৰীয়ে নিজৰ দৈহিক সৌন্দৰ্যক লৈ বিষণ্ণতা-উদ্বিগ্নতাত ভূগিবলৈ ধৰিলে। অাগুৰি ধৰিলে হীনমন্যতাই। তথা সমাজত অাৰোপিত সৌন্দৰ্য-চেতনাই তেওঁলোকক ভূক্তভোগীত পৰিণত কৰি তুলিলে।

সত্তৰ-অাশীৰ দহকত ইউৰোপত কোম্পানীবোৰে নাৰীৰ ‘জিৰো চাইজ’ক ইমানে মহত্ব প্ৰদান কৰিবলৈ সক্ষম হৈছিল যে নাৰীয়ে ধুনীয়া হ’বলৈ শৰীৰৰ ওজন কমাব বিচৰাটো এক বিশেষ ধৰণৰ মানসিক ৰোগত পৰিণত হৈছিল। প্ৰটিন বা চৰ্বি খাবলৈ বাদ দিওতে দিওতে তেওঁলোক অপুষ্টিত শুকাই খীণাই কংকালসাৰ অৱস্হা পাইছিল। অভিনেত্ৰী-মডেল অাৰু অভিজাত মহিলাসকলে পাৰ্টীলৈ যায়, লোভ সামৰিব নোৱাৰি দকচি খায়, অাৰু অলপ সময় পাচতে টয়লেটলৈ গৈ মুখত অাঙুলি সুমুৱাই পেটৰ পৰা সেই সুস্বাদু খাদ্য বমি কৰি উলিয়াই দিয়ে। তেওঁলোকৰ পৰিস্হিতি শেষত এনে পৰ্যায়ো পাইছিল যে বুলিমিয়া নামৰ এক ৰোগত অাক্ৰান্ত হৈ শেষত একোৱেই খাব নোৱাৰা হৈ পৰিল, কিবা এটা খালেই বমি হৈ ওলাই যায়।

পাচত কথা বিষম দেখি কোম্পানীবোৰে ডায়েটিচিয়ান সকলক জন্ম দিলে, তেওঁলোকৰ হতুৱাই নাৰীৰ হাতত তুলি দিলে ডায়েট নামৰ এখন তালিকা। পিছে অাচল সমস্যাবোৰ এতিয়াও সমাধান হোৱা নাই। এই যে সৌন্দৰ্যক লৈ সমাজত এক বিশেষ ধৰণৰ ভেলুজ তৈয়াৰ হ’ল, সৌন্দৰ্য চৰ্চা এক সামাজিক শিল্পত পৰিণত কৰা হ’ল অাৰু সৌন্দৰ্যৰ অাধাৰত সমাজত ‘ষ্টেটাছ’ নিৰ্মাণ কৰা হ’ল, সিবোৰে একধৰণৰ সামাজিক শোষণ অাৰু বৈষম্যৰো বাট মুকলি কৰি দিলে। নান্সি এটকফ( Nancy Etcoff) নামৰ লেখিকা গৰাকীয়ে বিভিন্ন সমীক্ষা চলাই লিখা Survival of prettiest নামৰ চিত্তাকৰ্ষক কিতাপখনত লিখিছে পুৰুষেই হওক কিংবা নাৰীয়ে হওক, কিদৰে ‘ধুনীয়া’ মানুহবোৰে সমাজত সদায়ে কদৰ অাৰু অগ্ৰাধিকাৰ পায়। বিশেষকৈ কৰ্মসংস্হান লাভ কৰাৰ ক্ষেত্ৰত দৈহিক সৌন্দৰ্য মহিলাসকলৰ লগতে পুৰুষৰো ওপৰঞ্চি অৰ্হতাত পৰিণত হৈছে। সমীক্ষাত ইয়াকো দেখা গৈছে সাধাৰণ গড় বা ‘অসুন্দৰ’ সকলে কামকাজ লাভ কৰাৰ ক্ষেত্ৰত প্ৰায়ে পিছ পৰিব লাগে। ধুনীয়াৰ এই চাহিদাৰ বাবেই অামি সাধাৰণতেই এয়াৰ হোষ্টেজ, ৰিচিপছনিষ্ট, ছেলচমেন/ওমেন জনসম্পৰ্কৰক্ষী বিষয়া অাদি চাকৰি সমূহত কেবল ‘ধুনীয়া’ সকলকে দেখিবলৈ পাওঁ।

অানকি ডাঙৰ চাকৰি-বাকৰি, স্কুল-কলেজৰ পৰীক্ষা, বেংকৰ লোন, ঠিকা-ঠুকলি অাদি লাভ কৰাৰ সম্ভাৱনাও তুলনামূলকভাবে ‘ধুনীয়া’ সকলৰে বেছি বুলি সমীক্ষাত ওলাই পৰিছে। দেহৰ ধুনীয়াক লৈ মানুহৰ অৱচেচন ইমানে বেছি হৈ গৈছে যে ধুনীয়া ব্যক্তি এগৰাকীক দেখিলেই সৎ-মৰমীয়াল যেন ভাব হয়, মানুহে লগে লগেই অাত্মীয়তা অনুভৱ কৰে, অাৰু ‘কুৎসিত’– ধৰক যি খৰ্বকায়, যাৰ বৰণ কলা, চকু ‘টেলেকা’,ওঁঠ মোটা,মূৰ তপা বা ছুলি জপৰা, গালত কটাকটি চিন, তেনেহলে সেই ব্যক্তিক দাগী বদমাছ বুলিয়েই অামাৰ ভাব এটা মনলৈ অাহে।

সেইবাবে ধুনীয়া উৎপতীয়া শিশুটিকো সকলোৱে ‘ইমান কিউট’ বুলি গালত চিকুটি দিব বিচাৰে,অাৰু শান্ত হলেও অশুৱনী শিশুটিকো সকলোৱে এৰাই চলে। কলেজৰ ধুনীয়া ছোৱালীজনীৰে লৰাবোৰে বন্ধুত্ব পাতিব বিচাৰে, অাৰু অশুৱনীজনী এলাগী হৈ ৰয়। সুদৰ্শন ডেকা অপৰাধীজনৰ প্ৰতি অামাৰ অনুকম্পা জাগে, ক্ষমাশীল হওঁ।

কেতিয়াবা দেখিবলৈ ‘সুন্দৰ’ কোনোবা ডেকা সন্ত্ৰাসবাদী এটা যদি পুলিচৰ গুলিত মৰে, ডেকাটিৰ মুখখন দেখি অামি বহুতে দুখত স্বতঃস্ফূৰ্ত ভাবে কৈ উঠো–ইমান মৰমলগা লৰাটো , এইবোৰত যাবলৈ তাকনো কিহে পাইছিল !
(অাধৰুৱা)
সুখ,ভোগ অাৰু সুগন্ধি যৌনতা
বহু বছৰ অাগৰ কথা। সুদৰ্শন অাবেদনময় পিশাচ এটাই লাহেকৈ ভূমুকি মাৰিছিল বিজ্ঞাপনৰ ছবিত, মূৰত শিং, পশ্চাৎঅংশত এডাল দীঘল নেজ–অনিডা টিভিটো অালফুলে সাবতি ধৰি ফুচফুচাই প্ৰৰোচনাৰ সুৰত কৈ উঠিছিল– Neighbor’s envy, owner’s pride. অনিডা টিভি এটা কিনা, ই তোমাৰ অহংকাৰ, প্ৰতিবেশীৰ ঈৰ্ষা।
পিশাচৰ কথা শুনি অামাৰ মানুহবোৰ ভোল গৈছিল, বজাৰৰ পৰা কিনি অানিছিল দামী দামী টিভি একোটা, অাৰু কৌতুহলেৰে সংগোপনে প্ৰতিৱেশীৰ মুখবোৰ লক্ষ্য কৰিছিল, ঈৰ্ষাত তেওঁলোক জ্বলিপুৰি মৰিছেনে নাই, দুখ-হতাশাত মুখবোৰ কলা পৰি গৈছেনে নে নাই !
টিভিৰ পৰ্দাত যেতিয়াই বিজ্ঞাপনৰ এই পিশাচ অাহি দেখা দিছিল, তেতিয়াই প্ৰতিবাৰেই মোৰ মনত ভাব হৈছিল যে কোম্পানিয়ে কিয় বিচাৰে যে ব্যক্তিগত পণ্য সম্পদ এবিধ অাহৰোণ কৰাৰ মাজেৰে অামি অহংকাৰী হৈ উঠো, কিয় বিচাৰে প্ৰিয় প্ৰতিবেশীবোৰে অামাক ঈৰ্ষা কৰক?
এই পণ্য বিক্ৰেতা কোম্পানিবোৰে কিয় নিবিচাৰে যে অামি এনে এটা টিভি কিনি ঘৰলৈ লৈ যাও, যাক লৈ অামাৰ মনত কেতিয়াও উচাত্মিকাবোধ জাগি নুঠিব, অাৰু প্ৰতিৱেশীৰো মনবোৰো ভৰি পৰিব অানন্দেৰে !
অনিডাৰ এই পিশাচ দেশজুৰি সকলোৰে ওচৰত যেতিয়া পৰিচিত অাৰু জনপ্ৰিয় হৈ হৃদয়ত স্হান লৈছিল, তেতিয়ালৈ মনমোহন সিঙে ভাৰতৰ অাৰ্থিক নীতি সলনি কৰি পেলাইছে। দেশক চামিল কৰি লৈছে বিশ্বপূঁজিবাদী অৰ্থনীতিৰ সতে। দেশখনলৈ চপাই অানিছে মুক্ত বাণিজ্যৰ ব্যৱস্হা। দেশৰ বজাৰ ভৰি পৰিছে মনোহাৰী সামগ্ৰীৰে।
বহুদিন পাচত এদিন বাংগালোৰ চহৰলৈ যাওতে এটা ব্যস্ত এলেকাত দেখিবলৈ পালোঁ অামেৰিকান ডেনিম জীনছ কোম্পানি এটাৰ বিজ্ঞাপনৰ এখন বিয়াগোম হোৰ্ডিং। বাংগালোৰ চহৰত তেতিয়া বজাৰ অৰ্থনীতিৰ মুকলি বতাহ। চাৰিওফালে ৰঙ-বিৰঙী শ্বপিং মল, শ্বো-ৰুম, বাৰ-ৰেস্তোৰা, জিম খানা — সুখ অাজুৰি লবলৈ মধ্যবিত্ত ধনাঢ্য মানুহৰ দিক-বিদিকহীন ভিৰ, হেতাওপৰা দশোদিশে। জেব্ৰা ক্ৰচিং এটাৰ মুখত ৰৈ থাকোতে নিৰন্তৰ গাড়ী মটৰবোৰ পাৰ হৈ গৈছে, ঠিক তেনে সময়তে অাচম্বিতে মোৰ চকুত পৰিছিল সমুখৰ সুবিশাল হোৰ্ডিংখনলৈ–বিশৃংখল গ্ৰাফিটিৰে ভৰা বেৰ এখনত অাউজি দুয়োহাত পকেটত সুমুৱাই পৰম উদ্ধত ভংগীত থিয় হৈ অাছে এটি’ টিন এজ’ যুৱক–পিন্ধনত ডেনিম জীনছ পেন্ট অাৰু জেকেট। কাষত বৰ বৰ হৰফেৰে জিলিকি অাছে সেই অমোঘ বাক্য- I am a bad guy, I will never change.
এই হোৰ্ডিঙৰ তলেৰে নিতৌ হাজাৰ মানুহ পাৰ হৈ গৈছে। নাজানো, কাৰ মনলৈ কি ভাব অাহিছিল, ৰাস্তা অতিক্ৰম কৰাৰ চেষ্টা এৰি দি মই মাথো সেই মুহূৰ্তত ইয়াকে ভাবিছিলো –কিয় অামাক এইবোৰ কথা জানিবলৈ দিয়া হৈছে? সি এটা বেয়া লৰা, সি দেখোন নিজকে কেতিয়াও শুধৰাব নোখোজে!
ঠিক অাছে ভাই, যদি নিবিচাৰে থাকক। অামাকনো সেই গোৱাৰ নীতিহীন লৰাটোৰ প্ৰয়োজন কি ? অাজি ভাব হৈছে , এইবোৰ একো নহয়, এয়া হৈছে ভাৰতবৰ্ষৰ সমাজজীৱনৰ চুকেকোণে নব্য পূঁজি অৰ্থনীতিয়ে বিয়পাই দিয়া স্বাৰ্থপৰ ভোগবাদী মানসিকতাৰ এক প্ৰৰোচনামূলক বিজ্ঞাপন। পণ্য বিক্ৰতা কোম্পানিবোৰে জানি গৈছে যে এতিয়া কি কথা অামাৰ ভাল লাগে, কি বস্তু অামাৰ এতিয়া প্ৰিয়। কি সুখ অামি বিচাৰিবলৈ লৈছো ! এৰা, অামি ভালপাৱলৈ লৈছো, এনে এটি অসৎ উদণ্ড কিশোৰক যিয়ে নিজক কাহানিও শুধৰাব নোখোজে, যি সদায় বেয়াবোৰ কি জানিও বেয়া হৈ থাকিব বিচাৰে।
ডেনিম জীনচ মধ্যবিত্ত নৱ প্ৰজন্মৰ অাকাংক্ষা অাৰু সন্তুষ্টিৰ প্ৰতীক। একবিংশ শতিকাৰ ঠিক অাৰম্ভণিতে মেট্ৰ’পলিটান চহৰখনৰ মেলাময় অঞ্চল এটাত ওলমি থকা সেই বিজ্ঞাপনৰ মাজত অাছিল পূঁজিবাদে কৰা এক ধৰণৰ ভ্ৰুকুটি–সেই ভ্ৰকুটি অাছিল ভাৰতীয় মানুহৰ পৰিবৰ্তিত মূল্যবোধৰ প্ৰতি।তৃতীয় এটা বিজ্ঞাপনৰ কথাও ক’বলৈ লোভ সামৰিব পৰা নাই, এই বিজ্ঞপনটো দেখিছিলো বৰপেটা ৰোডৰ তিনি অালি এটাত। অসমৰ এই সৰু চহৰখনত অাঁৰি দিয়া সেই বিজ্ঞাপনটো অাছিল এখন ট্ৰেক্টৰৰ। ষ্টিয়াৰিং হুইলত হাত থৈ ট্ৰেক্টৰখনত বহি অাছিল এগৰাকী সুন্দৰী যুৱতী। পিন্ধনত কেবল অন্তৰ্বাস। হতচকিত হৈ যুৱতীগৰাকীলৈ চাওঁতে তেতিয়া মোৰ মনলৈ এটাই ভাব অাহিছিল–এই বেশভূষাৰে তেওঁ কিয় বহি অাছে ট্ৰেক্টৰত? বহি কালৈ চাই এই কামুক হাঁহি মাৰিছে—দেশৰ লক্ষ লক্ষ দৰিদ্ৰ কৃষকলৈ নে বজাৰৰ উপভোক্তালৈ ?
এইযে পণ্য সামগ্ৰীৰ বিজ্ঞাপনবোৰ, এইবোৰে অামাক কেবল পণ্যৰ প্ৰতি অাসক্ত হ’বলৈকে প্ৰৰোচিত নকৰে, ই অামাৰ ৰুচি-অভিৰুচিবোৰো গঢ়াই তোলে, অাৰু লগতে প্ৰতিফলিত কৰে অামাৰ সমাজখনৰ মানসিকতাকো। ভোগবাদে সলনি কৰে অামাৰ দৃষ্টিভংগী, সলনি কৰি দিয়ে অামাৰ বিচাৰ ধাৰা–নিজৰ জীৱন সম্পৰ্ক, সমাজ সম্পৰ্কে। সনাতন হিন্দু দৰ্শনৰ মাজেৰে অামি ইমান দিনে ইয়াকে শিকি অাহিছো যে অহংবোধ বা অহমিকা কোনো ভালবস্তু নহয়। ই পতনৰ মূল কাৰণ। ইয়াৰ বিপৰীতে ঈৰ্ষাবোৰো সমাজৰ এক নিগেটিভ বস্তু। ই মানসিক অসুস্হতাৰ লক্ষণ। ঈৰ্ষাৰ বুকুতে লাহে লাহে জন্ম লয় খং-বিদ্বেষ-ঘৃনা-হিংসাৰ। সৃষ্টি হয় অাত্মিক ব্যবধানৰ। শুভকামনা অাৰু অান্তৰিকতাবোৰ হেৰাই যায়। অানৰ সতে নিজৰ জীৱনটোৰ সফলতা বিফলতাক তুলনা কৰিবলৈ ধৰো, অাৰু তাকে কৰি নিজে নজনাকৈ মনত ৰোপন কৰো দুখ অাৰু হতাশাৰ বীজ। অহংকাৰ অাৰু ঈৰ্ষা –এই দুয়োটাই মানুহৰ স্বাৰ্থপৰতাৰ লক্ষণ। এয়া হল কেবল নিজক সুখী কৰি ৰখাৰ স্বাৰ্থটোকে বুজা। যদি পূঁজিবাদী অৰ্থনীতি ইমানে মংগলদায়ক, তেনেহলে কিয় অামি অহংকাৰী অাৰু ঈৰ্ষান্বিত হৈ পৰাটো বিচাৰে ? কিয় পণ্য সামগ্ৰী বা বস্তুগত সম্পদবোৰ কিনি অহংকাৰী হ’ব পৰাটোৱেই সুখলাভৰ কাৰক বুলি বুজাব বিচৰা হয় ?
অাৰু সেই যে কাহানিও নিজক শুধৰাব নোখোজা লৰাটো–সি কিহৰ প্ৰতীক কাৰ প্ৰতিনিধি ? কোনো সন্দেহ নাই যে ভোগবাদৰ পৃথিবীত সি হৈছে এনে এজন নতুন প্ৰজন্মৰ প্ৰতিভূ, যিয়ে বেয়াবোৰৰ মাজত যৌক্তিকতা অাৰু প্ৰয়োজনীয়তাক বিচাৰি পাইছে। সি যে ‘বেয়া’ তাৰ বাবে তাৰ কোনো অনুশোচনা নাই, বৰং অাছে অাত্মসন্তুষ্টি। এই নতুন পৃথিবীখনত বেয়াবোৰেই তাক প্ৰয়োজন। অৰ্থাৎ দেখ দেখকৈ মানুহে ইমান দিনে কঢ়িয়াই ফুৰা ভালবেয়াৰ ধৰণাবোৰ নসাৎ কৰি দিয়া হৈছে। অস্বীকাৰ কৰা হৈছে সামাজিক ভেল্যুজ বোৰ। ভাল হৈ থাকি একো লাভ নাই –বিজ্ঞাপনৰ শ্লোগানৰ অাঁৰত কেবল তাকেই অাচল সত্য ৰূপে অনুৰণিত হৈছে। নিজৰ যি ভাল লাগে, নিজৰ বাবে যি ভাল, সেয়াই অাজিৰ সমাজত জাগতিক সত্য। এয়াও স্বাৰ্থপৰতাৰে এক বিবৰ্তিত ৰূপ।
অাৰু সেই যে অন্তৰ্বাস পিন্ধি প’জ দিয়া যুৱতী গৰাকীৰ বিজ্ঞাপনটো–সেইটো কেবল যে গ্ৰাহকৰ দৃষ্টি অাৰ্কষণ কৰিবলৈকে প্ৰস্তুত কৰা হৈছে, তেনে নহয়। ইয়াৰ জৰিয়তে যৌন যথেচ্চাৰিতাকো ভোগবাদী জীৱনৰ প্ৰয়োজনীয় অাৰু যুক্তিসংগত উপাদান হিচাপেও তুলি ধৰা হৈছে। অামি দেখিছো সাম্প্ৰতিক বজাৰ অৰ্থনীতিত কিদৰে পণ্য সামগ্ৰীবোৰ বিক্ৰি কৰিবলৈ যৌনতাক অন্যতম শক্তিশালী অনুঘটক ৰূপে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। যৌনতাক পৰ্যবসিত কৰা হৈছে সুখভোগ অাৰু বিনোদনৰ পণ্যলৈ। সুৰাৰ পৰা কছমেটিকলৈ, অন্তৰ্বাসৰ পৰা সুগন্ধি ব’ডী স্প্ৰেলৈ । সুৰাৰ বিজ্ঞাপন এটাত দেখুওৱা হৈছে –কাষত সুন্দৰী যুবতী এগৰাকীক বহুৱাই পুৰুষ এজনে সুৰাপান কৰোতে কৰোতে ‘কুছ ভী হো চাকতা হ্যায়” ৰ অৱস্হা প্ৰাপ্ত হৈছে। পুৰুষৰ এক বোডী স্প্ৰেৰ বিজ্ঞাপনৰ শ্লোগান হৈছে turn nice girls naughty.ভাল ছোৱালীবোৰক বেয়া কৰি পেলোৱা। অান এটা বিজ্ঞাপন ইয়াতকৈয়ো অাগ্ৰাসী। চিনেমাহলত প্ৰেমিকাই যেতিয়া প্ৰেমিকক লগ পাই পৰিয়ালৰ সকলোৰে স’তে লৰাটোক চিনাকি কৰাই দিছে , ছোৱালীৰ মাকক অান্টী সম্বোধন কৰোতে লৰাটোৰ বোডী স্প্ৰে (deodorant)ৰ সুবাসত কাতৰ হৈ উঠিছে মাক অাৰু দেহবিভংগৰে যৌন অাবেদন ফুটাই তুলি মাকে লৰাটোক ফুচফুচাই কৈছে অান্টি বুলি নামাতিবা না, মিছেছ অমুক বুলি মতা। গিৰিয়েক লৰা-ছোৱালীৰ সমুখত ডিওডোৰেন্ট সুগন্ধিত ভাবী জোৱাইৰ ওচৰত অাদহীয়া মহিলা এগৰাকীয়ে এনেদৰে কাবু হৈ প্ৰকাশ কৰা এই কাতৰতাই প্ৰকৃততে সামাজিক সম্বন্ধ অাৰু যৌনতাৰ এথিকছবোৰকো তছনছ কৰি দিছে। ডিওডোৰেন্ট কোম্পানিয়ে নতুন পুৰুষ সকলক ইয়াকে কৈছে যে মাক-জীয়েক বুলি কোনো কথা নাই, সকলো নাৰী কেবল নাৰী, অামাৰ ডিওডোৰেন্ট গাত চটিয়াই নাৰীৰ কাষলৈ যোৱা অাৰু বশ কৰা, ভোগ কৰা। নাৰীকো কোৱা হৈছে কিহৰ ভাবী জোৱাই? পুৰুষবোৰ সদায় পুৰুষ। সমাজৰ এথিকছৰ মাজত সোমাই নিজক বঞ্চিত কৰি মুৰ্খামি কৰিব নালাগে। পুৰুষৰ ওচৰত নিজক সমৰ্পণ কৰিব পৰাৰ মাজতেই অাছে জীৱনৰ সুখ। এইদৰে পণ্যৰ বিপননৰ স্বাৰ্থত বিজ্ঞাপনৰ মাধ্যমেৰে মানুহক এক নতুন সুখৰ সন্ধান দিব খোজা হৈছে। এই সুখ হৃদয়ৰ বা অাত্মাৰ সুখ নহয়। এই সুখ কেবল বৈষয়িক, ইন্দ্ৰিয় ভোগ-বাসনাৰ সুখ। এথিকছ ভাঙি হলেও এই সুখ যে লোৱাই উচিত তাকে অহৰহ অামাক উচটাই অাছে পূঁজিবাদৰ পণ্যবোৰে। এথিকছ ভাঙি পণ্যক বিপণন কৰিব খোজাৰ এই প্ৰয়াস পূজিবাদী অৰ্থনীতিৰ অন্যতম চৰিত্ৰ। কিছুদিন অাগতে এটা zatax নামৰ পুৰুষৰ ডিওডোৰেন্ট বিজ্ঞাপনে ভাৰতীয় সমাজৰ বিবাহপ্ৰথাৰ চিৰন্তন প্ৰমুল্যৰ ওপৰতে চৰম অাঘাত হানিছিল। বিজ্ঞাপনটোত দেখুওৱা হৈছিল এগৰাকী সদ্য বিবাহিতা নাৰীয়ে বিয়াৰ পাচৰ ফুলশয্যাৰ নিশা অধীৰ উত্তেজনাৰে অপেক্ষা কৰিছে গিৰিয়েকলৈ। তেনেতেই খোলা খিৰিকিৰে ভাহি অাহি নাৰী গৰাকীৰ নাকত লাগিল ডিওডোৰেন্টৰ সুগন্ধি। মন্ত্ৰমুগ্ধৰ দৰে তাই খিৰিকিৰ কাষলৈ অাহিল, দেখিলে সুঠাম সুদৰ্শন যুৱক এজেনে গাত বিদেশী কোম্পানিৰ সুগন্ধি চটিয়াইছে। সেই সুগন্ধিয়ে অামাৰ নৱ বিবাহিতা ভাৰতীয় নাৰী গৰাকী ইমানেই মতলীয়া কৰি তুলিছে যে এপদ এপদকৈ শৰীৰৰ গহনাবোৰ খুলিছে, বুকুৰ পৰা খহাই দিছে শাৰীৰ অাঁচল অাৰু অানকি খুলি পেলাইছে স্বামীয়ে দিয়া এংগেজমেন্টৰ অাঙুঠিটোও। বিবাহ সম্পৰ্কত বিবাহৰ দিনাই যদি নাৰীৰ এই দৃষ্টিভংগী, তেনেহলে অামাক বিবাহনো কিয় লাগে,বিবাহ বা বিবাহভিত্তিক সংসাৰিক অাৰু যৌন সম্পৰ্কবোৰ যুক্তিযুক্ততা বাতিল কৰি দিয়াই উচিত।
উচিত নে অনুচিত কি মই ক’ব নোখোজো, কেবল এক তথ্য দিব খোজো যে এল-জি-বি-টি-কিউ( LGBTQ) ৰ অধিকাৰক মান্যতা দিবলৈ যিবোৰ শক্তিয়ে সংগঠিত ৰূপত পৃষ্ঠপোষকতা কৰিব ধৰিছে তাৰে অন্যতম বিয়াগোম বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ।
অাৰকাছ, ফোৰ্ড, গিল, পেপচি কোকাকোলা,এপল, ফেচবুক,গুগল ইত্যাদি। কেবল অামেৰিকাৰ ধনী প্ৰতিষ্ঠানবোৰেই এটা বছৰত ( ২০১৬-২০১৭) যৌনতাৰ এথিকছ ভাঙিবলৈ এল-জি-বি-টি-কিউৰ নামত ব্যয় কৰিছে ১৮৫ মিলিয়ন ডলাৰ। পেপচি কোম্পানিয়ে সমকামিতাৰ সমৰ্থনত পেপচিকলৈ বিজ্ঞাপন তৈয়াৰ কৰিছে, নিজৰ ধন খৰচ কৰি সমকামীসকলৰ সন্মিলন পৰ্যন্ত পাতি দিছে। পণ্য উৎপাদক পূঁজিবাদী কোম্পানিবোৰে মুনাফাত বাদে একো চিনি নাপায়, মুনাফা নহলে মানবতাবাদো নকৰে। পেপচি কোম্পানি কিমান মানবদৰদী সেইটো প্ৰমাণ ইতিমধ্যেই হৈ গৈছে।
ভাৰতত কোম্পনিটোৱে বিষাক্ত কীটনাশকযুক্ত পানীয় বিক্ৰি কৰি অহাৰ তথ্য স্বীকাৰ কৰিব লগা হৈছিল দেশৰ চৰকাৰেও। যেতিয়াই পণ্যৰ বিয়োগম বেপাৰীসকলে মানুহৰ অধিকাৰৰ পক্ষত কথা কয়, তেতিয়া বিষয়টো অবলীলাক্ৰমেই সন্দেহৰ অাবৰ্তত সোমাই পৰে। কোম্পানিক লাগে উপাৰ্জন, অধিক উপাৰ্জন, অাৰু তাতোকৈ অধিক উপাৰ্জন। গতিকে যেতিয়াই যত যি প্ৰয়োজন হৈ পৰে, তেতিয়াই পণ্যৰ বজাৰখন সম্প্ৰসাৰণ কৰাৰ লক্ষ্যৰে অাহি পৰা সুযোগ-সম্ভাৱানাবোৰ গ্ৰহণ কৰিবলৈ উঠি পৰি লাগে। গতিকে সমকামী সকলক কৰা এই পৃষ্ঠপোষকতা যে তেওঁলোকৰ ব্যৱসায়িক নীতিৰে অংশ নহয়, তাক মানি লবলৈ অামাৰ হাতত অাছেনো কি যুক্তি?
পিছে পণ্যৰ বজাৰখন এখন অনন্ত সাগৰৰ দৰে। এবাৰ তাত নিজক উটুৱাই দিলে পাৰাপাৰ পোৱাৰ অাৰু কোনো উপায় নাথাকে। যিমানেই সা-সম্পদ ক্ৰয় নকৰক কিয়, সুখৰ পূৰ্ণ প্ৰাপ্তি নঘটে। সুখৰ সীমাৰেখা অাঁতৰি গৈ থাকে দূৰলৈ। ইটোৰ পাচত সিটো অট্টালিকা সাজি, ইখনৰ পাচত সিখন গাড়ী সলাই, নতুন নতুন ব্যৱসায় বাণিজ্য গঢ়ি, লৰা-ছোৱালীৰ নামত পইছা সাঁচি সাঁচি ধনৰ পাহাৰ সাজিলেও হেঁপাহ নপলায়। দিনে দিনে বাঢ়ি যায় অাকংক্ষাৰ তৃষ্ণা। মৃত্যুৰ অাগমূহৰ্তলৈ যতি নপৰে। মানুহৰ লালসাক (greed) অনিয়ন্ত্ৰিত কৰি প্ৰয়োজন ( need) বোৰ অসীম কৰি তুলিব পৰাৰ মাজতে অাছে পূঁজিবাদৰ সাৰ্থকতা। মানুহৰ যদি লোভ নাজাগে, বজাৰত সজাই থোৱা পণ্যবোৰ যদি সেইবোৰ জীৱনৰ অত্যাৱশ্যকীয় বুলি মনত বিশ্বাস নাজাগে, কোম্পানিবোৰ চলিব কেনেকৈ? ধৰি লওক গাড়ী বা মোবাইল ফোনটোৰ কথা। কোম্পানি এটাই গাড়ীৰ মডেলবোৰ অহৰহ সলনি কৰে, এইখনেই শ্ৰেষ্ঠ অাৰামদায়ক বুলি নতুন কিবা এটা মডেল উলিয়াই পিছৰ দুই এবছৰৰ পাচতে বজাৰৰ পৰা সেই মডেলটো অাঁতৰাই দিয়ে। তাৰ বাহ্যিক বা অাভ্যন্তৰীণ ডিজাইন সলনি কৰে অথবা একমোডেছনবোৰত নতুনত্ব অানে। তাৰ পাচত পুণৰ কোৱা হয় এইখনৰ সমান শ্ৰেষ্ঠ একো নাই,এইখনত বহিলে অাৰামেই অাৰাম অাৰু লগতে সমাজিক মৰ্যাদাও বৃদ্ধি হ’ব। বিজ্ঞাপনবোৰ দেখি দেখি এদিন অামাৰ গাড়ীখন নিজৰ কৰি লবলৈ তাড়না জাগে, greed অাৰু needৰ পাৰ্থক্যটো ধৰিব নোৱাৰা হওঁ, গাড়ী এখনক কেবল গাড়ী হিচাপে চাবলৈ এৰি দি ই জীৱনৰ সফলতা,সাৰ্থকতা অাৰু সামাজিক মৰ্যদাৰ প্ৰতীক বুলি ধৰি লৈ সেই গাড়ীখন কিনাৰ মাজেৰে সুখী হব বিচাৰো। কিন্তু এই সুখ কিছুদিন পিছতে বাষ্পীভূত হৈ শূণ্যত বিলীন হৈ যায়, যেতিয়া দেখো বজাৰত এখন নতুন মডেলৰ গাড়ীৰ অাবিৰ্ভাব ঘটিছে। মোবাইলবোৰ হৈছে মানুহৰ অসীম অাকাংক্ষাৰ সাৰ্থক দৃষ্টান্ত। ত্ৰিছ বছৰ অাগতে অামাৰ মানুহে মোবাইল দেখা পৰ্যন্ত নাছিল, সেইটো কি বস্তু বুজি পোৱাটো দূৰৰ কথা। অথচ মোবাইল ফোন অবিহনে অৰ্ধেক জীবনটো পাৰ কৰি অহা কোটি কোটি মানুহৰ বাবেও অাজি মোবাইলবিহীন জীৱনটো কল্পনা কৰিব নোৱাৰি। যদিও অামি ইয়াক একধৰণৰ টেলিফোন বুলি কওঁ, অাচলতে ই তেনে নহয়। ইয়াৰ ভিতৰত সোমাই অাছে মানুহৰ লোভ-বিষয়-বাসনাক প্ৰলুব্ধ কৰি ৰাখিব পৰা অাৰু অাকাংক্ষাৰ মাত্ৰাবোৰ বঢ়াই তুলিব পৰা সমস্ত অাকৰ। ইয়াৰ ভিতৰত অাছে এনে কিছুমান সুখ, যিবোৰ একধৰণৰ নিচাৰ দৰে। মোৱাইল দলিয়াই এই নিচাৰ পৰা মুক্ত হওঁ বুলি সহজে হ’ব নোৱাৰি। সেইবাবে মোবাইল কোম্পানিয়ে হৰকৰকমৰ নতুন নতুন কনফিগাৰেচনৰ নতুন মডেলৰ মোবাইল লৈ অাপোনাৰ ওচৰত হাজিৰ হয়। অাৰু অাপনাৰো ভাব হয় যে অহাবাৰ সেই নতুন মডেলৰ মোবাইলটোকে কিনি অভাব দূৰ কৰিব। অভাব এটা মানসিক অৱস্হা মাথো। বজাৰ অৰ্থনীতিয়ে বিভিন্ন কূট কৌশলেৰে মানুহৰ মনত অভাৱবোধ সৃষ্টি কৰে। যিটো বস্তুৰ নাম নুশুনাকৈ জীৱনৰ অৰ্ধেক কাল কটাই দিলে অাজি সেইটো নহলেই নচলে, নিজকে অভাবী যেন বোধ হয়। যদি বজাৰৰ পণ্যবোৰ কিনি তাৰ পৰা মজা লুটিব পৰা নাই, তেনেহলে অাপুনি অভাবী, দুখীয়া-অসফল-অসুখী অাৰু এটা অপূৰ্ণ জীবনৰ গৰাকী। কোৱা হয় বিগত কাৰ্যকালৰ উৰুগুৱেৰ ৰাষ্ট্ৰপতি হোছে মুজিকাই(José Alberto “Pepe” Mujica Cordano ) অাছিল বিশ্বৰ অাটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি । কাৰণ তেওঁ নিজৰ ব্যক্তিগত পুৰণি সস্তীয়া গাড়ী ভলস্কৱাগন বীটলত অহাযোৱা কৰে। নিজে গাড়ী চলায়। কোনো ৰক্ষী লগত নাথাকে। চৰকাৰী প্ৰাসাদৰ পৰিবৰ্তে বাস কৰে নিজৰ এটা সাধাৰাণ ফাৰ্ম হাউচত। ২১ হাজাৰ ডলাৰ দৰমহা পায়, কিন্তু সিংহভাগে দান দিয়ে দুখীয়া মানুহক। নাই কোনো লাহ বিলাসৰ জীৱন, ফাৰ্ম হাউচৰ মাটিত ফুলৰ খেতি কৰি সেই ফুল বিক্ৰি কৰি দুজনীয়া পৰিয়ালটো চলায়। অাৰু ইফালে পূঁজিবাদী অাদৰ্শত বিশ্বাসী যিবোৰ সংস্হাই ধনী-দুখীয়াৰ তালিকা প্ৰস্তুত কৰে, তেওঁলোকে কয় এইজনেই বিশ্বৰ দৰিদ্ৰতম ৰাষ্ট্ৰপতি। তেওঁলোকে হিচাপ নাৰাখে যে এইজনে সেই নিৰ্লোভী ৰাষ্ট্ৰপতি , যিয়ে উপহাৰ হিচাপে দিব খোজা ১ মিলিয়ন ডলাৰৰ গাড়ীখনকো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। তাৰ পৰিবৰ্তে বিচাৰিছে নগদ ধন, যাতে সেই ধনেৰে গৃহহীনক ঘৰ সজাই পাৰি । ২১ হাজাৰ ডলাৰ জনমূৰি অায়ৰ এখন ধনীদেশৰ যিজন ৰাষ্ট্ৰনেতাই নিজৰ ধৰণে বাচি থাকিবলৈ বিষয়-সম্পদবোৰক অদৰকাৰী বুলি বৰ্জন কৰিহে ‘সুখী’ হব পাৰিছিল, তেওঁক চিহ্নিত কৰা হৈছিল বিশ্বৰ দৰিদ্ৰতম ৰাষ্ট্ৰপতি হিচাপে।
পূঁজিবাদৰ দৃষ্টিত বিনা সম্পদেৰে কোনো সুখী-সফল হব নোৱাৰে। যদি এই কথাই সঁচা হ’ল হেঁতেন, তেনেহলে ধনী মানুহৰ ভিতৰত বিশ্বৰ ৯৪ তম অাৰু জাৰ্মানিৰ ৫ নং স্হানত থকা বিলিয়নাৰ ( যাৰ নিজা সম্পত্তিৰ মূল্য ৯.২বিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৭০ হাজাৰ কোটি টকা) এডলফ মাৰ্কেলে (Adolf Merckle) কেতিয়াও অাত্মহত্যা নকৰিলে হেঁতেন। বিষয়-সম্পদে যে মানুহক জীয়াই থাকিব পৰাকৈ সুখী বা সন্তুষ্ট কৰি ৰাখিব নোৱাৰে পূঁজিপতি মাৰ্কেল নিজেই তাৰ প্ৰমাণ।
মাইকেল জেকচনো অাছিল এনে অসাৰ ভোগবাদী জীৱন দৰ্শনৰ জ্বলন্ত দৃষ্টান্ত। ধন-খ্যাতি-যশ- সন্মান-জনপ্ৰিয়তা –সেইবোৰ পূঁজিবাদে তৈয়াৰ কৰা ইলুজনত বাদে একোৱেই নাছিল বাবে ‘সফলতা’ৰ শিখৰত থাকিও মাইকেল জেকচনে সুখ বিচাৰিছিল ড্ৰাগচৰ নিচাৰ মাজত। কিন্তু ড্ৰাগচেও তেওঁৰ সুখৰ অাকাংক্ষা বঢ়াই গৈছিল। সেয়ে ড্ৰাগচ সেৱনৰ মাত্ৰাও বঢ়াই যাব লগা হৈছিল। মাত্ৰধিক্য নিচাসেৱনৰ জৰিয়তেই নিজক তিল তিলকৈ হত্যা কৰিছিল এই তাৰকা শিল্পী গৰাকীয়ে। ইও অাছিল এক ধৰণৰ অাত্মহত্যা।
পূঁজিবাদৰ ভোগ দৰ্শনে মানুহৰ প্ৰয়োজনবোৰ তৈয়াৰ কৰি দিয়ে। লোভবোৰ তীব্ৰতৰ কৰি তোলে। সেই তাহানিতে , দুশ বছৰ অাগতেই পূঁজিবাদৰ মূল প্ৰৱক্তা অাদাম স্মৃথে তেওঁৰ The Theory of Moral Sentimentsত পূঁজিবাদ সম্পৰ্কত কৈছিল–মানুহ লোভী হোৱাই উচিত , মানুহৰ লোভে দেশৰ অাৰ্থিক প্ৰবৃদ্ধিত সহায় কৰিব। পিছে কি অাৰ্থিক প্ৰবৃদ্ধি ? মানুহৰ অাত্মাক সুখী কৰি ৰাখিব পৰা প্ৰবৃদ্ধি হ’ব নে সেয়া, এই কথা কিন্তু তেওঁ কৈ নগ’ল। অাজি বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ অাত্মহননত বেথা অনুভৱ কৰিছে অজস্ৰজনে। পিছে ৰাজপুতৰ দুখ অাছিল কিহত ? কি অাছিল তেওঁৰ অপ্ৰাপ্তিৰ বেদনা -হতাশা? ৩৪ বছৰ বয়সতে মাত্ৰ এমুঠি চিনেমাত কাম কৰিয়েই তেওঁ তাৰকাৰ শাৰীত থিয় হৈছিল। দুয়োহাতে ধন অাৰ্জিছিল। লভিছিল জনপ্ৰিয়তা! ডেৰ লাখ টকীয়া ভাড়াঘৰত থাকিও, বহু নাৰীৰে প্ৰেম-ৰোমাষ্ণ কৰিও সুখী হ’ব পৰা নাছিল ৰাজপুত। লবীবাদ বা স্বজন তোষণ, শোষণ-নিষ্পেষণ বলিউউ মায়াপুৰীৰ চৰিত্ৰ বুলি জনাৰ পাচতো যদি বঞ্চণাৰ ৰিয়েলিটিবোৰে তেওঁক দুখী-হতাশ কৰি তোলে তাৰ অৰ্থ হল, তেওঁৰ সুখভোগ বা প্ৰাপ্তিৰ অসীম অাকাংক্ষাইহে জগাই তুলিছিল জীৱনৰ অসাৰতাৰ অনুভৱ –যে বাচি থাকি অাৰু একো লাভ নাই। অৰ্থাৎ ৩৪ টা বছৰৰ অত অাশ্চৰ্যকৰ যাদুকৰী সফলতা অাৰু প্ৰাপ্তিবোৰেও সেইখিনিকে সাৰথি কৰি তেওঁৰ মনত জীয়াই থকাৰ তাগিদা জগাই তুলিব নোৱাৰিলে। অামি তেওঁৰ ফ্লপ চিনেমাবোৰক দোষ দিছো, নেপটিজমক দোষ দিছো, কিন্তু যিবোৰ চিনেমাত সুযোগ দি তেওঁক অাজি ধনবান তাৰকাত পৰিণত কৰা হ’ল সেই হিচাপবোৰৰ কি হ’ব? কোনোবাই তেওঁক গতিয়াই দিছে ঠিকেই, কোনোবাইতো অাকোৱালিও লৈছে। বলিডডৰ চৰিত্ৰই সেইটো। অমিতাভে চিনেমাত সুযোগ বিচাৰি কিদৰে শশী কাপুৰৰ পিছে পিছে দৌৰি ফুৰিছিল, হোটেলৰ গেটত, সাগৰ তীৰত খাপপিটি অাছিল,সেই কথাবোৰো অামি জানো। কেবল কণ্ঠস্বৰ ভাল নহয় বুলিয়েই অমিতাভক ‘ৰেশমা ঔৰ ছেৰা’ত বোবা চৰিত্ৰ এটাত অভিনয় কৰিবলৈ দিয়া হৈছিল। কিন্তু অমিতাভে বলিউডৰ সেই নিৰ্মম ৰিলিয়েটিক বুজি পাইছিল বাবেই তেওঁ টিকি গল। সদ্য প্ৰয়াত ইৰফান খানে প্ৰতিটো সাক্ষাতকাৰত হাঁহি হাঁহি কোৱা দেখিছো কিদৰে তেওঁ নিৰ্মম ভাবে বাৰে বাৰে প্ৰত্যাখ্যাত হৈছিল বলিডউত। অানকি বেয়া অভিনয় কৰা বুলি পাৰিশ্ৰমিকো কৰ্তন কৰা হৈছিল। নবাজউদ্দীন ছিদ্দিকীয়ে শেষ মূহূৰ্তলৈ যুঁজ দিব লগা হৈছে। ইমানৰ পাছতো বলিউডৰ এলিট ক্লাছৰ শিল্পীসমাজত কোনো দিনেই স্হান পোৱা নাই সাধাৰণ বেকগ্ৰাউণ্ডৰ শিল্পীবোৰে। ছাহৰুখ খান হবলৈ যি ধৈৰ্য অাৰু অাত্মবিশ্বাস লাগে ,সেয়া হল বলিডউৰ দৰে বজাৰ কেন্দ্ৰিক বিনোদনৰ পৃথিৱীত তিষ্ঠি থকাৰ প্ৰধান চৰ্ত। প্ৰতিভাই ইয়াত শেষ কথা নহয়, প্ৰতিভাবোৰৰ লগতে লাগিব সুখভোগ অাৰু প্ৰাপ্তিৰ উচ্চঅাকংক্ষাবোৰক নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা ক্ষমতা। ৰাজপুতৰ অাত্মহত্যাৰ ঘটনাই সুখৰ ধাৰণাটোক বিচাৰ কৰি চাবৰ বাবে অাকৌ এবাৰ মানুহৰ ওচৰত তুলি ধৰিছে।
তেনেহলে সুখ কি ?
এবাৰ অামাৰ দেশৰ কংগ্ৰেছী নেতা ৰাহুল গান্ধীয়ে ভাৰতৰ দৰিদ্ৰ মানুহৰ বিষয়ে ক’বলৈ গৈ কৈছিল-দৰিদ্ৰতা হৈছে মানুহৰ ষ্টেট অৱ মাইণ্ড ( state of mind)। অামাৰ ভাৰতৰ দৰে পূঁজিবাদী বজাৰ সৰ্বস্ব দেশত দৰিদ্ৰতা অাৰু সুখ দুটা বিপৰীত মেৰুৰ বস্তু। দেশৰ এনে এক অাৰ্থিক ব্যৱস্হাপনাৰ পোষকতা কৰা নেতা এগৰাকীৰ মুখত কথাটো অৱশ্যেই সৰস কৌতুকত পৰিণত হৈছিল। কিন্তু প্ৰকৃতে তেওঁ এক দাৰ্শনিক সত্যকে কৈছিল, দৰিদ্ৰতা অাচলতেই মানুহৰ মনৰ অৱস্হা। অাপুনি কিহৰ অভাবত দৰিদ্ৰ ? এমুঠি চাউলৰ বাবে নে এখন ৰোলছ ৰয়েছ(rolls royce) গাড়ীৰ বাবে ? সেউজ প্ৰকৃতিৰ মাজত থকা বিশুদ্ধ অক্সিজেনৰ বাবে নে মেট্ৰপলিছ জীৱন এটাৰ বাবে? কিহে অাপোনাক সন্তুষ্ট বা পৰিতৃপ্ত কৰিব সেইটো যদিও চৌপাশৰ অাৰ্থিক পৰিৱেশ অাৰু সামূহিক বিচাৰধাৰাই প্ৰভাৱিত কৰে, তথাপি মানুহে যৌক্তিক চিন্তা শক্তিৰ জৰিয়তে নিজৰ সুখ নিজে তৈয়াৰ কৰি ল’ব পাৰে। কেৱল মানুহৰ মাজতে অাছে এই অাশ্চৰ্যকৰ শক্তি। যুগপৎ মানুহে নানান পদ্ধতিৰ মাজেৰে সুখৰ সন্ধান কৰিছে,অাৰু দাঙি ধৰিছে সুখৰ নানান সংজ্ঞা। সংজ্ঞাবোৰত অনেক মতানৈক্য থাকিলেও শেষত থুলমুল এটা কথাতে সকলো থমকি ৰৈছে ,সেয়া হৈছে সুখ হল মনৰ অৱস্হা। অাপুনি যদি ভাবিছে অাপুনি সুখী, তেনেহলে অাপুনি সুখী। অাৰু যদি ভাবিছে অাপুনি দুখী, তেনেহলে অাপুনি দুখী। অাজি যিসকলে ধন-সম্পত্তি-যশ-খ্যাতিৰ পিছত লৰা-ঢাপৰা কৰি সুখী হব বিচাৰিছে, কাইলৈ যদি সেইসকলক কোনো নিৰ্জন অাৰু বিচ্ছিন্ন দ্বীপ এটাত এৰি থৈ অহা যায় বাকী গোটেই জীৱনটোৰ বাবে, য’ত নিৰ্ভেজাল প্ৰকৃতি অাৰু জীৱ-জন্তুবোৰত বাদে অান একোৱেই কাষত নাথাকিব, তাত সেই মানুহখিনিয়ে কিহৰে সুখী হব লাগিব ? গছ-গছনি, ফল-ফুল ,জীৱ-জন্তুবোৰক লৈ সুখী হোৱাত বাদে তেওঁলোকৰ অাৰু জানো কিবা বিকল্প থাকিব ? তাত তেওঁলোকৰ কোনো টকা নাথাকিব,কোনো ষ্টেটাছ নাথাকিব, কোনো নাম -যশো নাথাকিব। সুখৰ সন্ধান কৰিব লাগিব সেই বিষয়- সম্পদবোৰ অবিহনেই। তেতিয়া তেওঁলোকে ব্যক্তিগত সম্পদ হিচাপে অাহৰোণ কৰিব লাগিব ধুনীয়া শিলবোৰ, চৰাইৰ ৰঙীণ পাখিবোৰ অথবা শামুকৰ খোলাবোৰ। হাজাৰ বছৰ অাগতে গৌতম বুদ্ধই কৈছিল মানুহে যদি সুখী হব বিচাৰে তেনেহলে মানুহৰ যিটো প্ৰয়োজন, সেইটো পাবলৈ কেতিয়াও বিচাৰি যাব নালাগিব। অাকাংক্ষাৰ বস্তুটো নাপালে মানুহ দুখী হব লাগে, পালেও হেৰুৱাব লাগিব বুলি সুখী হৈ থাকিব নোৱাৰে ।
অাদম স্মিথে বিশ্বাস কৰিছিল যে
কেপিটেলিজম হব ব্যক্তিস্বাৰ্থক সমাজৰ সঠিক চালিকা শক্তি হিচাপে ব্যৱহাৰ কৰিব পৰা এক অামোঘ অাৰ্থিক শক্তি। মানুহে যিমানে বেছি অাপোন স্বাৰ্থক সৰোগত কৰি লব, অাৰু স্বাৰ্থপূৰণৰ প্ৰতিযোগিতাত অবতীৰ্ণ হ’ব, যিমানে উৎপাদন বাঢ়িব, পণ্য বাঢ়িব, প্ৰবৃদ্ধি বাঢ়িব, অাৰু তাৰ লগে লগে সিমানে মানুহৰ জীৱনৰ মান উন্নত হ’ব, সমাজৰ সম্পদ বৃদ্ধি পাব অাৰু মানুহৰ জীৱন সমৃদ্ধ হ’ব। অৰ্থাৎ এই কথাৰ অৰ্থই হৈছে জীৱনটো সমৃদ্ধিশালী কৰিবলৈ হ’লে মানুহ প্ৰথমে হব লাগিব স্বাৰ্থপৰ। কেবল চিন্তা কৰিব লাগিব অাত্মস্বাৰ্থ সিদ্ধিৰ হকে। self interest is the best interest. পিছে স্বাৰ্থপৰতাইনো মানুহক কলৈ লৈ গৈছে অামি দেখিয়ে অাছো। এতিয়া অামাৰ সমুখত এখন নীতিহীন বৈষম্যৰে ভৰা পৃথিৱী। এচামে চল-চাতুৰি,ভয়-ভাবুকি, দমন-নিপীড়ণেৰে অাজুৰি লৈছে সিংহভাগ সম্পদ। এচাম দিনে দিনে হৈ পৰিছে সম্পদহীন। অাজি অামাৰ ভাৰতৰ ৫০ শতাংশ মানুহৰ হাতত যিমান পৰিমানৰ সম্পদ অাছে ,সেই সমপৰিমানৰ অাছে দেশখনৰ মাত্ৰ ৯ জন ব্যক্তিৰ হাতত। পুঁজিবাদে জগাই তোলা স্বাৰ্থপৰ মানসিকতাই সকলো মানুহৰ জীৱন সমৃদ্ধ কৰিব পৰা নাই, কৰিছে এমুঠি মানুহৰহে। কিন্তু কৰুণ সত্যটো হ’ল সুখৰ মুখ সম্পদ সমৃদ্ধিবিহীন মানুহেতো দেখিবলৈ পোৱা নায়েই, সমৃদ্ধিশালী মানুহৰো সুখ মৰিচিকাৰ দৰে হৈ ৰৈছে। তেওঁলোকৰ মাজত অতৃপ্তি-হতাশা বাঢ়িছে দিনে দিনে। বিলাস-প্ৰাচুৰ্যতাৰ মাজতো সমৃদ্ধ মানুহৰ চুগাৰ-প্ৰেচাৰ বাঢ়িছে, লগতে ব্যাপক হৈ উঠিছে মানসিক অস্হিৰতাও। সুখ বিচাৰি তেওঁলোকৰ জীৱন হৈ পৰিছে দিশাহীন। ড্ৰাগছ সেৱন, মুক্ত অাৰু বহুগামী যৌনতা–এইবোৰৰ মাজত সুখৰ সন্ধানকাৰীৰ সংখ্যা বাঢ়িছে অভূতপূৰ্ব হাৰত। ভাৰত বা অান যিবোৰ দেশ বিকাশশীল অৰ্থনীতিৰ পূঁজিবাদী দেশ হিচাপে চিহ্নিত, যি দেশত মানুহৰ সমৃদ্ধিক money income বা GDPৰে বুজোৱা যায়, তেনে দেশত অসুখী,পাগল, অত্মহত্যাৰ প্ৰৱণতাকাৰী মানুহৰ সংখ্যা দিনে দিনে উৰ্ধমুখী হৈ পৰিছে। তেনে দেশবোৰত বজাৰৰ ৰঙ-বিৰঙী পণ্যৰ ভিৰৰ মাজত ধীৰে ধীৰে কৰ্পূৰৰ দৰে বিলীণ হৈ গৈছে সুখবোৰ। সুখৰ ছদ্মৱেশেৰে মানুহৰ মাজত থিতাপি লৈছে কেবল অসীম অাকাংক্ষাবোৰ–অনিডাৰ সেই নম্ৰ-শান্ত-সুদৰ্শন অথচ কুটিল পিশাচটোৰ দৰে।
অভয়াৰণ্যৰ ভয়
দুই দহকৰো অাগৰ কথা। শালগছ বোৰ কাটি অৰণ্য মোকোলাবলৈ অাহিছিল চৰকাৰী বাহিনী। বাধা দি গছবোৰ সাবতি ধৰিছিল কোল সকলে। কোল সকল হৈছে এই ভাৰতভূমিৰ এক প্ৰাচীন অনাৰ্য জনগোষ্ঠী। শালবোৰ তেওঁলোকৰ অাৰাধ্য দেবতা। গতিকে ঈশ্বৰক ৰক্ষা কৰিবলৈ দলে দলে কোলসকল অাহি শালগছবোৰ সাবতি ধৰিছিল, যাতে গছবোৰত কুঠাৰৰ ঘাপ বহুৱাব নোৱাৰে। তেওঁলোকে প্ৰথমে নিজৰ জীৱনটোকে দিবলৈ সাজু হৈছিল। পিছে জীৱন দিও ৰক্ষা কৰিব পৰা নাছিল গছবোৰ। পুলিচৰ গুলিত প্ৰাণ দিব লগা হৈছিল কোল সম্ৰদায়ৰ ১৩ গৰাকী লোকে।
এয়াই হৈছে সেই ভাৰতৰাষ্ট্ৰ যিয়ে প্ৰকৃতি ধ্বংসও কৰে, সুৰক্ষাও দিয়ে। এই ধ্বংস কৰা বা ৰক্ষা কৰা–এইবোৰ জনগণৰ স্বাৰ্থৰ কথা ভাবি কৰা নহয়, কৰা হয় অৰ্থনীতিৰ স্বাৰ্থত। যদি দেশৰ ‘বিকাশ’ৰ প্ৰয়োজনত গছ-গছনি ধ্বংস কৰি অৰণ্য পৰিষ্কাৰ কৰিব লগা হয়, কৰিব। তাৰবাবে জনসাধাৰণৰ কি ক্ষতি হ’ব, বা ভৱিষ্যতে দেশখনলৈ কি বিপদ নামি অাহিব তাৰ গননা কৰি থাকিবলৈ ৰষ্ট্ৰৰ সময়ো নাই অাৰু ধৈৰ্যও নাই। অথচ এইখন দেশেই গছ-গছনিৰ সুৰক্ষাৰ দোহাই দি হাতী লগাই মানুহৰ ঘৰবোৰ ভাঙি পেলায়, উচ্ছেদ কৰে, প্ৰয়োজন হলে মানুহক হত্যাও কৰে, লাগিলে তেওঁ যিমান ডাল-দৰিদ্ৰ নহওক কিয়। গুৱাহাটী মহানগৰীৰ পাহাৰবোৰত বেদখল উচ্ছেদ কৰিবলৈ গৈ শাসকে এনে নিঃস্ব মানুহৰ কি বিলৈ কৰিছিল নিশ্চয় সকলোৰে মনত অাছে।
যেতিয়া বিকাশৰ কথা অাহে তেতিয়া সেই একেখন দেশে মাইল মাইল জোৰা অৰণ্য তহিলং কৰি পেলায়, এক্সকেভেটৰেৰে ওখ ওখ সেউজ পাহাৰবোৰ খহায় পেলায়, বোৱতী নদীবোৰ মাৰি পেলায়।
এক তথ্য মতে যোৱা ৩০ বছৰত ১৫ হাজাৰ বৰ্গ কিমি অৰণ্য ভূমি ধ্বংসকৰা হৈছে চৰকাৰী পৃষ্ঠপোষকতাত। এই সময়চোৱাত দেশৰ অৰণ্য অঞ্চলত স্হাপন কৰা হৈছে ২৩,৭১৫ টা নিৰ্মাণ প্ৰকল্প। এইবোৰ প্ৰকল্পৰ জৰিয়তে অৰণ্যৰ খনিজ সম্পদৰ খনন চলোৱা হৈছে, প্ৰতিৰক্ষা বিভাগৰ প্ৰকল্প বহুওৱা হৈছে, শিলৰ কুৱৰি খোলা হৈছে, বিদ্যুৎ উৎপাদন অাৰু পৰিবহণ ( transmission)ৰ ব্যৱস্হা কৰা হৈছে,পথ নিৰ্মাণ অাৰু তেল গেছৰ পাইপলাইন বহুৱা হৈছে। প্ৰতিৰক্ষা বিভাগকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰা হৈছে। চৰকাৰী অাৰু বেচৰকাৰী উভয় পক্ষই উন্নয়ণৰ কাম কৰিছে অৰণ্য তহিলং কৰি। অসমত ১৯৮২ চনৰ পৰা ২০১১ চনলৈ এই ত্ৰিছটা বছৰত উন্নয়ণৰ স্বাৰ্থত ব্যাপক অৰণ্য ধ্বংস কৰা হল। এই কালচোৱাত নিৰ্মাণ কৰা ২৮৯ টা বৃহৎ প্ৰকল্পৰ বিনিময়ত জাহ গল ১০০১০.৯৬২ হেক্টৰ ভূমিৰ অৰণ্য। এইবোৰ বিশেষজ্ঞ সকলৰ তথ্য। কিছূকাল অাগতে টাইমছ অব ইণ্ডিয়াৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছিল যে গংগা নদী প্ৰদূষিত হব লগা হৈছে দেশৰ ১১০৭ টা উদ্যোগে পেলোৱা বিষাক্ত বস্তুৰ বাবে। ইয়াৰ মাজত বহু বৃহৎ উদ্যোগো অাছে। এই উদ্যোগবোৰ স্হাপন কৰিবলৈ কোনে অনুমতি দিছে? চৰকাৰেই নহয়নে ? তেওঁলোকৰ কামকাজ নিৰীক্ষণ কৰাৰ কতৃত্ব কাৰ হাতত অাছে ? চৰকাৰৰ নহয়নে ? গ্লৱেল ফৰেষ্ট ৱাটছৰ এক তথ্য অনুসৰি বিগত ওঠৰটা বছৰত ( ২০০১-২০১৮) উত্তৰপুৱতেই দেশৰ সৰ্বাধিক অৰণ্য ধ্বংস কৰা হৈছে (৭৪%)। অসমতেই নিঃশেষ কৰি পেলোৱা হৈছে ২৩৮৮.৪৬ বৰ্গ কিমি এলেকাৰ গছ অাৰু সমগ্ৰ উত্তৰপূৱত কটা হৈছে ১২,৫২৩ বৰ্গ কিমি এলেকাৰ গছ।
বাঘজানত তেল খান্দিবলৈ গৈ কি অঘটন ঘটিল, দৃশ্যটো সমগ্ৰ বিশ্বই দেখিছে। বেছ কিছুদিন অাগৰ পৰা খাদৰ পৰা নিৰ্গত বিষাক্ত গেছ অাৰু বাজ্য পদাৰ্থই অঞ্চলটোৰ পৰিৱেশ বিষময় কৰি তুলিছিল। খাদৰ ওচৰতে অাছে দিহিং পাটকাই সংৰক্ষিত অৰণ্য। কেইদিন মান অাগতে ডিবৰু নদীৰ পানীত শিহুৰ মৃতদেহ পানীত উপঙি উঠিছিল। বহুদিন ধৰি মানুহে উশাহ নিশাহত কষ্ট পাইছিল, পোহনীয়া জীৱবোৰে যন্ত্ৰণাত চটফটাইছিল, গছ-গছনিবোৰ লেৰেলিছিল। তাৰ পাছতে হঠাৎ এই বিস্ফোৰণ। মাত্ৰ কেইটামান ঘন্টাৰ ভিতৰতে ঠাইখনত মানুহৰ বসতিৰ কোনো চিন-মোকাম নাইকিয়া হল। পুৰি যোৱা পথাৰত এতিয়া কলা ছাই, গছবোৰ ডালপাত শূণ্য, কীট-পতংগ-অনুজীৱবোৰ ছাই ভষ্মত পৰিণত। বাঘজানৰ কেবল ভৌগলিক বা অাৱয়বিক অস্তিত্বই যে ছাৰখাৰ হ’ল, সেয়াইতো নহয়, তেলখাদৰ জুয়ে ভস্মীভূত কৰিলে কত শত জনৰ সপোনবোৰো। ব্যক্তি বা সামূহিক জীৱনটোৰ ছন্দ হঠাত স্তধ্ব হ’ল, সকলোবোৰ নতুনকৈ অাৰম্ভ কৰা মামুলি কথা নহয়। এই যে মানুহ এজনে পৰিয়ালৰ বাকীবোৰৰ সতে মিলিজুলি তিলতিলকৈ ঘৰটো সাজে, বাৰী এখন কৰে, তাতে পৰম অাশাৰে তামোলৰ পুলি এটা ৰোৱে, জলকীয়া গছ এডাল ৰোৱে, কেবা বছৰৰ যত্নত চৌহদত ফল-ফুলৰ গছেৰে ভৰি পৰে– ঘৰৰ চৌহদটো, গাঁৱবোৰৰ প্ৰাকৃতিক পৰিৱেশবোৰ– অাশ্ৰয় শিবিৰৰ পৰা ওভতি অাহি মানুহবোৰে যেতিয়া দেখিব এইবোৰৰ এতিয়া অাৰু একোৰে চিন-মোকাম নাই, কেবল ছাইৰ মাজত পৰি অাছে স্মৃতিবোৰ, তেওঁলোকৰ সপোনবোৰ–তেওঁলোকৰ মনত তেতিয়া কি বেদনাই কষ্ট দিব সেয়া অানে অনুভৱ কৰা জানো সম্ভৱ ? তেল কোম্পানি বা চৰকাৰে তেওঁলোকক নতুন কৈ হয়তো ঘৰ সাজিবলৈ টকা দিব, কিন্তু ঘৰ এখন গঢ়ি তোলাৰ মাজেৰে মানুহে যি সুখ অনুভৱ অাহোৰণ কৰে সেইবোৰ জানো ওভতাই দিব পাৰিব? ৰাষ্ট্ৰৰ ভুলত বা হেমাহিত নাগৰিকে সৰ্বস্ব হেৰুৱাব লগা হোৱা এনে ঘটনাবোৰে মানুহৰ মনো-জগতখনক কিমান গভীৰতালৈ দেই পেলাব পাৰে সেয়া জানো সহজে অনুমেয় ?
বাঘজানৰ লেলিহান জুই দেখি বহুতে অৱলীলাক্ৰমেই বৰুণ দেৱতাক প্ৰাৰ্থনা জনাইছে, ভাগ্যক ধিয়াইছে, প্ৰকৃতিৰ ৰোষ বুলি ভাবি লৈছে। কিছুমানে তেল খন্দা কোম্পানিকো শাওপাত দিছে। কিন্তু এই যে মানুহৰ জীৱন অাৰু প্ৰকৃতিক পৰিৱেশ বিপন্ন কৰি খনিজ সম্পদ অাহোৰণৰ ৰাষ্ট্ৰৰ নীতি–তাতো যে কেণা থাকিব পাৰে, সেয়াও এবাৰ চালিজাৰি চোৱাৰ প্ৰয়োজন। এইবোৰ দেখ দেখকৈ মানৱ সৃষ্ট বিপৰ্যয়। ইয়াৰ বাবে দোষী কেবল তেল খন্দা কোম্পানি এটাৰে নহয়, তেল খান্দিবলৈ লগাই দিয়া দেশৰ চৰকাৰখনো দোষী। বৰং কোম্পানিটোৰ ভুল অাৰু অক্ষমতাৰ দায়িত্ব চৰকাৰখনে এৰাই চলিব নোৱাৰিব।
যদি কোম্পানিৰ তেল খান্দিবলৈ জ্ঞানৰ অভাৱ অাছিল বা কিবা হেমাহি কৰিছিল, তাৰবাবে চৰকাৰকো অামি জগৰীয়া কৰা উচিত এইবাবেই যে মানুহৰ জীৱন বন্ধকত থৈ এই তেল খনন কিয় ?
পিছে অামি এই প্ৰশ্ন তুলি কি লাভ? উত্তৰ অামিও জানো। বৰং ভালকৈয়ে জানো।
ভূ-সম্পদ উত্তোলনৰ কামবোৰ সদায়ে বিপজ্জনক। কোনেও নিশ্চিতি দি ক’ব নোৱাৰে যে ইয়াৰ পৰিণতিত একো অঘটন নঘটিব। এনে অঘটন কেবল অসমতে হোৱা নাই, বিশ্বৰ বিভিন্ন প্ৰান্তত হৈছে। কেবল যে পূঁজিবাদী ৰাষ্ট্ৰত হৈছে এনেও নহয়, কমিউনিষ্ট দেশতো হৈছে। ছোভিয়েট ৰাচিয়াৰ চাৰ্নবিল দুৰ্ঘটনাৰ কথা কোনে নাজানে। তেজস্ক্ৰিয় বিকিৰণ ঘটা ঠাইখনত এতিয়া মানুহৰ প্ৰবেশ হাজাৰ বছৰলৈ নিষিদ্ধ। অাজিও তাৰ কুফল ভূগি অাছে মানুহে। এইবোৰ অাগলৈকো ঘটি থাকিব। বিপৰ্যয়ৰ কথা ভাবি কোনো ৰাষ্ট্ৰশক্তিয়ে ভূ-গৰ্ভৰ পৰা সম্পদ অাহোৰণ নকৰাকৈ নাথাকে। দেশ এখনৰ অৰ্থনীতিৰ প্ৰধান উৎসটোৱেই হল প্ৰকৃতিক সম্পদ, মূলতঃ খনিজ সম্পদ। দেশৰ অাৰ্থিক বিকাশ সুনিশ্চিত কৰিবলৈ শক্তিৰ অাচল উৎস এই তেল-কয়লা, মাটি খান্দি ইয়াক উলিয়াই অানিবই লাগিব। ইয়াৰ বাবে যদি অঘটনো ঘটে, তথাপিও দেশ থমকি নৰয়। কৌতুহল উদ্দীপক কথাটো হৈছে , অৰণ্য ধ্বংস কৰি হলেও ‘ বিকাশ’ অানিবলৈ যিবোৰ দেশ মাৰিয়া হৈ উঠিছে সেই দেশ সমূহ হৈছে মূলতঃ উন্নয়ণশীল বা developing দেশ। এইবোৰ দেশতেই ঘটিছে দ্ৰুততৰ অৰণ্য ধ্বংস। ভাৰত, ভিয়েটনাম, ঘানা অাছে শীৰ্ষত। ব্ৰাজিল, ইণ্ডোনেচিয়া,নাইজেৰিয়াৰ দৰে বিকাশশীল দেশত যোৱা মাত্ৰ কেইটামান বছৰত ভয়াবহ হাৰত কাটি খাস্তাং কৰা হৈছে অৰণ্য। তথ্যটো ২০১৫ চনত প্ৰকাশ কৰিছিল ৰাষ্ট্ৰসংঘৰ গ্লৱেল ফৰেষ্ট ৰিচোৰ্ছ এছেছমেন্টে। এই সংক্ৰান্তত মেলবোৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰ’ড নীনান ( Rod Keenan)য়ে সতৰ্ক কৰি দি কৈছে যে পূঁজি বিকাশৰ স্বাৰ্থত এনেদৰে হিতাহিত জ্ঞান হেৰুৱালে ভয়াবহ পৰিণতিৰ মুখামুখি হব লাগিব। পিছে কোনে কাণ দিয়ে? মেকুৰী(পূঁজিবাদ)ৰ ডিঙিত টিলিঙা অাঁৰিবলৈ কোন শাসক(নিগনি)ৰ সাহস অাছে?
যদি পৰিস্হিতি এয়ে হয়, তেন্তে দেশৰ বাসিন্দাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা প্ৰমাণ কৰিব কেনেকৈ? এফালে দেশে অাৰ্থিক বিকাশ বিচাৰিব, অাৰু অানফালে সেই বিকাশ নিশ্চিত কৰিবলৈ জন-সাধাৰণক বিপদৰ মুখলৈ ঠেলি দিব! হয়তো এয়াই হব ভাৰতৰ দৰে বিকাশীল ৰাষ্ট্ৰৰ চৰিত্ৰ। কিন্তু অামাক মানুহৰ ভৱিষ্যত ধ্বংস কৰি পেলোৱা বিকাশ নলাগে। এয়া কোনো পৰিবেশবিদৰ শ্লোগান নহয়। এয়া যিকোনো দূৰদৰ্শী-যৌক্তিক বিচাৰ-বুদ্ধি সম্পন্ন মানুহৰে দাবী হোৱা উচিত। প্ৰকৃতিৰ পৰা বিকাশ বোলা বস্তুটো অামি নিলগাই থব নোৱাৰো। পানী নথকা পুখুৰীত মাছবোৰ জীয়াই থাকিব নোৱাৰাৰ দৰে অামিও চৌপাশৰ প্ৰকৃতিপ্ৰদত্ত পৰিৱেশটো তছনছ কৰি সুৰক্ষিত হৈ থাকিব নোৱাৰো। কিন্তু দুৰ্ভাগ্যৰ কথা, অামি বাৰে বাৰে তাকেই কৰি গৈ অাছো। অামি মানুহে নিজাকৈতো প্ৰকৃতি ধ্বংস কৰিছোৱেই, চৰকাৰ বা ৰাষ্ট্ৰশক্তিৰ দ্বাৰাও ব্যাপক হাৰত এফালৰ পৰা এই ধ্বংসলীলা চলাই নিছো। দেশখনৰ শাসকে বিকাশৰ দোহাই দি অাগপিছ নুগুনাকৈ প্ৰাকৃতিক সম্পদ অাহোৰণ কৰাত লাগিছে। পূঁজিৰ প্ৰবৃদ্ধিৰ বাবে দেশখনক প্ৰয়োজন হৈছে ইন্ধন বা শক্তিৰ। কল-কাৰখানা চলাবলৈ, গাড়ী-মটৰ-ৰেল-বিমান-জাহাজ চলাবলৈ, অাৰু সকলো পৰ্যায়ত বৈদ্যুতিক উপকৰণ চলাবলৈ প্ৰয়োজন হৈ পৰিছে অাৰু অধিকমাত্ৰাত ইন্ধন বা শক্তিৰ। ইন্ধন অাৰু শক্তি মানেই মূলত তেল-কয়লা অাৰু বিদ্যুৎ। মাটি নাখান্দিলে তেল-কয়লা পাব কত ? পাহাৰ অাৰু নদীবোৰ ক্ষতি নকৰাকৈ বিদ্যুৎশক্তি পাব কত? (যিহেতু পাৰমানবিক প্ৰকল্প সমূহ অধিক বিপজ্জনক। ) পূঁজি অৰ্থনীতিৰ হিচাপ নিকাচ অনুসৰি যদি ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা নহয়, তেনেহলে অৰ্থনীতিৰ বিকাশ নহব। মানুহ ধনী হব নোৱাৰিব। মানুহ ধনী নহলে বজাৰত মন্দা চলিব। বজাৰ মন্দা হলে পূঁজিবাদৰ বিপদ ঘন্টা বাজিব। কিন্তু ঘৰুৱা উৎপাদন বঢ়াবলৈ দেশত যিমান শক্তিৰ প্ৰয়োজন সিমান শক্তিৰ যোগান নাই। ধৰা হওক কয়লাৰ কথা। ভাৰতক ২০১৬ চনত কয়লাৰ প্ৰয়োজন অাছিল বছৰি ১১৮৭ মিলিয়ন টন কয়লা, কিন্তু অাহোৰণ কৰি পাইছিল ৬৯৬ মিলিয়ন টন। যদি ইন্ধনশক্তিৰ যোগান পৰ্যাপ্ত কৰিব নোৱাৰে, যদি পূঁজিপতিৰ কল-কাৰখানাবোৰ শ্ৰীবৃদ্ধি কৰিব পৰা নাযায়, পূঁজি অৰ্থনীতিলৈ বিপৰ্যয় নামিব। গতিকে চৰকাৰে কয়লা খান্দি উলিয়াবই লাগিব, লাগিলে সেই কয়লা যিমানে গভীৰ অৰণ্যত নাথাকক কিয়! বিজেপি চৰকাৰে সিদ্ধান্ত লৈছে যে অৰণ্যৰ বুকু খান্দি হলেও ৭০০ মিলিয়ন টন কয়লা প্ৰতিবছৰে উলিয়াই অানিব অাৰু দেশৰ বিকাশ অাঠ শতাংশ বৃদ্ধি নিশ্চিত কৰিব। কয়লাৰ উৎপাদন বৃদ্ধি দ্বিগুণ নকৰালৈ জিডিপি নাবাঢ়ে। গতিকে পৰবৰ্তী সাত/অাঠ বছৰৰ ভিতৰত কয়লা উৎপাদন বঢ়াবলৈ চৰকাৰে সিদ্ধান্ত লৈছিল ২০১৫ চনতে। দেশৰ ভূ-ভাণ্ডাৰত ৫ বিলিয়ন টন কয়লা জমা হৈ অাছে। যদি ১২০ মিলিয়নকৈ প্ৰতি বছৰে কয়লা উলিয়াই অনা হয় দেশখনে পাব ২০,০০০ মেগাৱট শক্তিৰ বিদ্যুৎ ।দেশৰ অৰ্থনীতি বিকাশৰ বাবে এই শক্তি নহলেই নহয়। কিন্তু কয়লা খন্দাৰ কথাবোৰ জানো সহজ? কয়লা সৰহভাগেই অাছে অৰণ্যৰ বুকুত। তাকো গভীৰ ঘন অৰণ্যত। চৰকাৰে নিজেই অনুসন্ধান কৰি পাইছে যে দেশত যি ৬০৫ টা কয়লাক্ষেত্ৰ বা ব্লক অাছে তাৰে ২২২ টাই ‘নো গো জোন’ (no go zone)ত। অৰ্থাৎ এই অৰণ্যত কোনেও খনিৰ সন্ধান কৰিব নোৱাৰিব। সিদ্ধান্ত একালত দেশৰ শাসকেই লৈ থৈছিল। মন কৰিব লগীয়া কথা এইটোও যে কয়লাৰে ভৰা এই অৰণ্যভূমিৰ পৰিসৰ হৈছে ৩,২০,৬৮৪ হেক্টৰ। দেশৰ মুঠ অৰণ্যৰ ৪৯ ভাগ। তেনেহলে চৰকাৰে কৰিব কি ? উপায়হীন অৱস্হা। দেশৰ মানুহৰ ভৱিষ্যত কি দৰে ৰক্ষা কৰিব ? প্ৰকৃতিক ৰক্ষা কৰি নে প্ৰকৃতি ধ্বংসেৰে অৰ্থনীতি বিকশিত কৰি? প্ৰকৃতি ধ্বংস কৰিলে এসময়ত সকলো মৰিব। ধনী দুখীয়া, শাসক- শাসিত সকলো। যদি অৰণ্য-নিৰ্ভৰ দৰিদ্ৰ অাদিবাসীসকল মৰে, তেনেহলে অৰণ্যত কয়লা খন্দা গৌতম অাদানিও বাচি নাথাকে। বাচি নাথাকে তেওঁৰ সম্পদো। কোৰোণাই যিদৰে ধনী-নিৰ্ধনী, ক্ষমতাধৰ ক্ষমতাহীন কাকো ৰেহাই দিয়া নাই, তেনেকৈ পৰিৱেশতন্ত্ৰ ধ্বংস হলে তাৰ পৰিণতি ভূগিব সকলোৱে। যদি পৰিৱেশৰ কথা ভাবি অৰণ্যবোৰ জীয়াই ৰখা যায়, তেন্তে বিকাশৰ কি হব ? সেয়াওতো সম্ভৱ নহয়। পিছে পূঁজি অৰ্থনীতিয়ে দূৰ ভৱিষ্যতৰ কথা ভাবিব নোৱাৰে। অৰণ্য বা পৰিৱেশৰ কথা পূঁজিবাদে চিন্তা কৰা মানে মাংসহাৰী সিংহই চিকাৰ কৰিবলৈ এৰি দি নিৰামিষ জীৱন বাচি লোৱা। কিন্তু পৰিৱেশ প্ৰকৃতি ধ্বংস কৰি দেশ এখনৰ বিকাশৰ শেষ পৰিণতি কি হব ? তেনে দেশৰ বিকাশ হব অস্হায়ী অাৰু ফোপোলা। অামেৰিকা অাৰু ইটালী– বিশ্বৰ এই দুই ধনীদেশৰ বিকাশৰ ফোপোলা স্বৰূপ প্ৰকৃতি কোৰোণা ভাইৰাছে যি দৰে উদঙাই দিছে তাতেই অামি বুজা উচিত। কিন্তু পূঁজিবাদ হল অন্ধ। পূঁজিবাদী অৰ্থনীতি কতো ৰৈ যাব নোৱাৰিব। কোনো দুঃসহ ভৱিষ্যতৰ কথা ভাবিও। সমস্যাটো কেবল ইয়াতেই সীমাবদ্ধ হৈ থকা নাই, ভাৰত এতিয়া বিশ্ব পূঁজি অৰ্থনীতিৰ অংশ। পূঁজিৰ সঞ্চালন কিদৰে কৰিব লাগিব ভাৰতৰ শাসকসকলে নিজাকৈ একো সিদ্ধান্তও লব নোৱাৰে। হাতত এচাৰি লৈ সমুখত থিয় দি অাছে ৱৰ্ল্ড বেংক অাই এম এফৰ দৰে বহুজাতিক সংস্হাসমূহ। পৰিস্হিতি এনেকুৱা যে অামেৰিকা বা চীনক নাৰাজ কৰি সেই দেশৰ কোম্পেনি এটাৰ দোকান এখনো বন্ধ কৰি দিব নোৱাৰে। গতিকে দেশখনে বহু অাৰ্থিক নীতি গ্ৰহণ কৰিবলগীয়া হৈছে বৰ্হিশক্তিৰ হেঁচাত। এই চৰম সত্য দেশৰ লক্ষ লক্ষ জনতাই নুবুজে, নাজানে।
যি নহওক পুণৰ কয়লাৰ কথালৈ ওভতি অহা যাওক। বহুতে অভিযোগ তুলি কৈছে–সেই যে ভাৰতৰ ‘নো গো জোন’ৰ কয়লাবোৰ, চৰকাৰে শেহতীয়া ভাবে অৰণ্যৰ মেপেই সলনি কৰি দিছে। অৰণ্যৰ চৰিত্ৰ লুকুৱাই প্ৰস্তুত কৰা হৈছে নতুন তথ্য। এই তথ্যৰে কোৱা হৈছে দেশত এতিয়া ১০৫ টা কয়লা ব্লক ১৪০৩১১ হেক্টৰ অৰণ্যভূমিতহে অাছে ( ২৩.২৭ শতাংশ অৰণ্য)। বাকী সকলো কয়লা অাছে অৰণ্যৰ বাহিৰত। এনেদৰেই ‘অাপোনাৰ পেট কাটি ছমাহলৈ শুকানি খোৱা’ৰ ব্যবস্হা কৰিছে দেশৰ শাসকে। তদুপৰি এনেও অভিযোগ তোলা হৈছে যে ভাৰতৰ ২৯.৫ শতাংশ অৰণ্যক ইচ্ছা কৰিয়ে চৰকাৰে অৰণ্যবুলি মানিবলৈ অস্বীকাৰ কৰি সেই অৰণ্যৰ মাজেৰে ৰাস্তা নিৰ্মাণ কৰিছে অাৰু কৃষি কৰ্মত ব্যবহাৰ কৰিবলৈ দিয়া হৈছে। চৰকাৰে দেশৰ মুঠ ৭৬৭৪১৬ বৰ্গ কিমি অৰণ্য এলেকাৰ ২২২৫৪২ বৰ্গ কিমি অৰণ্যত এনেদৰে দেশৰ ‘অাৰ্থিক বিকাশ’ ঘটোৱা হৈছে। দেশৰ শাসকে কেনেদৰে বিকাশৰ প্ৰয়োজনত দেশখনৰ ভৱিষ্যত ধ্বংস কৰি অানিছে সেই কথা জানিবলৈ অামনি দায়ক হলও,পৰিসংখ্যাবোৰ জানি থোৱা ভাল। জানিব পৰা গৈছে যে ১৯৭৬ চনৰ পৰা ২০০৪ চনলৈ ৭.৭৬ মিলিয়ন হেক্টৰ অৰণ্য ডাইভাৰ্ট কৰা হল। ২০০১ চনৰ পৰা ২০০৮ লৈ দেশৰ অৰণ্যভূমিৰ মুঠ ৫৫ শতাংশ ভাইভাৰ্ট কৰা হৈছে। বিগত চল্লিছটা বছৰত( ১৯৮০-২০১৯) দেশৰ ১ লক্ষ ৫০০ হাজাৰ হেক্টৰ অৰণ্য ভূমি অনা অৰণ্য ভূমিলৈ পৰিবৰ্তন ( divert ) কৰা হল। ইয়াৰে ৫০০ হাজাৰ হেক্টৰ অৰণ্য ধ্বংস কৰা হল খনিজ সম্পদ খনন, বান্ধ, বিদ্যু শক্তি পৰিবহণ (পাৱাৰ ট্ৰেনছমিচন) অাৰু অন্যান্য প্ৰকল্প নিৰ্মাণৰ স্বাৰ্থত। মোডী চৰকাৰৰ অামোলত ২০১৫ ৰ পৰা ২০১৮ চনলৈ মুঠ ২০০০০ হেক্টৰ ঘন অৰণ্য জাহ গৈছে দেশৰ ‘বিকাশ’ৰ নামত। অাটাইতকৈ বেছি ভূগিছে উড়িশা,চট্টিশগড়, মধ্যপ্ৰদেশ,কৰ্ণাটক অাৰু ঝাৰখণ্ডৰ অৰণ্যই । ৩৫ শতাংশ অৰণ্য নিঃশেষ কৰা হৈছে এই এলেকাতে। কেবল কয়লা খন্দাৰ নামতে নিঃশেষিত হৈছে ৫১৯ বৰ্গ কিমি অৰণ্য। এতিয়াও সকলোৰে লোলুপ চকু এই ৰাজ্য সমূহত। কয়লাৰ উপৰি বক্সাইট, ব্ৰমাইট, কপাৰ, লো, মেংগানিজৰ প্ৰধান খনিবোৰ অাছে এই ৰাজ্যৰ অৰণ্যতে। এইবোৰ খান্দি উলিয়াবলৈ গলে ধ্বংস কৰিব লাগিব ৩৭, ৭১৬ বৰ্গ কিমিৰ ঘন অৰণ্য। অৰ্থাৎ প্ৰায় অাধা অৰণ্যই জাহ যাব বিকাশৰ বিনিময়ত। ২০০১ চনৰ পৰা ২০১৪ চনলৈ ৩১৪খন জিলাৰ অৰণ্যত বিভিন্ন খনিজসম্পদ অাহোৰণ কৰিবলৈ গৈ ৪৫০ বৰ্গ কিমি এলেকা তছনছ কৰি পেলোৱা হৈছে। ১৯৮৬ চনত নৰ্মদা সাগৰ প্ৰকল্প নিৰ্মাণ কৰোতে যি ব্যাপক ৰূপত অৰণ্য নিশ্চিহ্ন কৰা হৈছিল সেয়া অকল্পনীয়। মেধা পাটকাৰে নৰ্মদা বাচাও বাচাও বুলি কৰি থাকোতেই জীৱনটো গল, ফল ধৰাটো দূৰৰ কথা, ধ্বংসলীলাবোৰ বেছিহে হল। ভৱিষ্যতে কথাবোৰ অাৰু ভয়াবহ হব। বাতৰিত প্ৰকাশ পাইছে যে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত কেবিনেটে এপ্ৰুভ কৰিছে এটা চৰকাৰী সিদ্ধান্ত। এই সিদ্ধান্ত মতে দেশৰ ২৫ শতাংশ কেপটিভ কয়লা খনি বিক্ৰি কৰা হব পূঁজিপতিৰ হাতত। বুজাই গৈছে যে লাহে লাহে সমগ্ৰ দেশজুৰি পূঁজিপতিৰ হাতত দেশৰ খনিবোৰ বিক্ৰি কৰি দিয়াৰ ব্যাপক প্ৰস্তুতি চলিছে। তেল-কয়লাৰ পৰা সোনলৈ। অাদানী গ্ৰুপৰ মালিক গৌতম অাদানীয়ে চট্টিশগড়ৰ অৰণ্য তহিলং কৰাত লাগিছে। মোডী চৰকাৰে তেওঁক দিছে উক্ত ৰাজ্যখনৰ ‘নো গো জোন’ হাছডেও অাৰণ্ড অৰণ্যত কয়লাখননৰ অনুমতি। বিপন্ন হৈ পৰিছে ১ লাখ ৭০ হাজাৰ হেক্টৰ অৰণ্যভূমি। ৮০০ খন ফুটবল খেল পথাৰৰ সমান অৰণ্য নিঃশেষ কৰা হল কয়লাখননৰ নামত। অৰণ্যখনৰ ৫,,৫০০ মিলিয়ন টন কয়লা উলিয়াই ১৩ বিলিয়ন ধন অাৰ্জিব গৌতম অাদানীয়ে। তাৰ বাবে তেওঁ এই পৰ্যন্ত কাটি উচন কৰিছে ৩৪ বছৰীয়া ৩,৭০,০০০ জোপা গছ। পূঁজিপতিৰ হাতত অকল চট্টিশগড়ৰৰ অৰণ্যই তুলি দিয়া হোৱা নাই, বাকী ৰাজ্য বোৰতো একেই অৱস্হা। কৰ্ণাটকৰ বেলাৰি জিলাৰ swamimalai block অৰণ্যৰ ৪৮৫ হেক্টৰ এলেকাত প্ৰায় ১ লক্ষ গছ কাটি পৰিষ্কাৰ কৰি সোন অাহোৰণৰ এটা অাঁচনি গ্ৰহণৰ প্ৰস্তুতি চলিছে বুলি চৰ্চিত হৈছে। দায়িত্বটো হেনো দিয়া হ’ব ব্যক্তিগত কোম্পানিক। সেইখন অৰণ্যতে ৪৮৪.০৭ হেক্টৰ ভূমিত লো অাহোৰণৰ বাবে কে- অাই-অ’-চি-এল নামৰ কোম্পানিটোক অৰ্পন কৰাৰ প্ৰস্তুতি লোৱাৰ কথাও শুনা গৈছে। ইতিমধ্যে ২০১৭ চনত এই অৰণ্যত জে এছ ডব্লুউ ষ্টীল কোম্পেনিক নিলামত দিয়া হৈছে ৫ টা লোৰ খনিৰ দায়িত্ব । এই খনিবোৰত অাছে ১১১মিলিয়ন টন লোৰ অাকৰ। শ্বামিমালাই ব্লক অৰণ্যত এই পৰ্যন্ত ১০০০০ হেক্টৰ বনভূমি কাটি খাস্তাং কৰা হল। অথচ অৰণ্যখনত অাছে ৩২ ০০০ হেক্টৰ এলেকাহে। বৰ্তমানে য়েডুৰাপ্পা চৰকাৰখনৰ পৃষ্ঠপোষকতাত কাপ্পাটাগুৰা বন্যপ্ৰাণী সংৰক্ষিত অঞ্চলত সোন খননৰ দায়িত্ব ব্যক্তগত মালিকানাৰ কোম্পানিক দিয়াৰ যো-জা চলিছে।
মধ্য প্ৰদেশৰ মাহন ফৰেষ্টৰ কাহিনীটোও শুনি লওক। চৰকাৰে হিন্দেলকো ইণ্ডাষ্ট্ৰিজ অাৰু ইজাৰ পাৱাৰক যুটীয়াভাবে চৌধ্য বছৰৰ বাবে প্ৰতি বছৰে ৫ মিলিয়ন টন কয়লা উৎপাদনৰ অধিকাৰ অৰ্পণ কৰিছিল। কাটি পেলোৱা হৈছিল বহু বহু বছৰৰ পুৰণি শালগছবোৰ । যি নহওক পাচত যেনিবা চৰকাৰে ন্যায়লয়ৰ নিৰ্দেশ মাানি সিদ্ধান্ত সলাব লগীয়া হৈছে। পিছে সিদ্ধান্ত সলনি কৰা হৈছে জনগণৰ হেঁচাত, ন্যায়ালয়ৰ হস্তক্ষেপত। দেশৰ খনিজ সম্পদবোৰ পূঁজিপতিৰ হাতত তুলি দি সেই সম্পদ ধাহিমুহি উলিয়াই অানিবলৈ চৰকাৰে যি সিদ্ধান্ত লৈছে সেয়া দিন যায় মানে অাৰু অধিক তীব্ৰতৰ হব। হৈছেও। কেবল কয়লাই নহয়, তেলখাদবোৰো পূঁজিপতিক সপি দিব বিচাৰিছে শাসকে। ইতিমধ্য কেবাটাও তেলখাদ এনেদৰে বিক্ৰি কৰি দিয়া হল দেশী-বিদেশী কোম্পানিৰ হাতত। যিসময়ত সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে কোৰোণাৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰি উবাদিহ বিচাৰি নোপোৱা হৈছে, সেই সময়ত শাসকে নিৰাপদ অাবেষ্টনিত বহি সিদ্ধান্ত লৈছে সম্পদ বিক্ৰিৰ। খৱৰ অনুসৰি অহা ১৮ জুনৰ পৰা পুণৰ বজাৰ বহিব চৰকাৰৰ। ভাৰ্চুৱেল নিলামেৰে বিক্ৰি কৰি দিয়া হব দেশৰ বহু কেইটা ভূ-সম্পদৰ খনি। এই নিলামত অংশ লব হিণ্ডালকো, জিণ্ডাল ষ্টিল এণ্ড পাৱাৰ, জে এছ ডব্লিউ অাদানি, বেদান্ত গ্ৰুপৰ দৰে বৃহৎ পূঁজিপতি গোষ্ঠী। ৰাইজৰ কাৰোবাৰ কিবা অাপত্তি থাকিলেও পৰোৱা নকৰে চৰকাৰে। চৰকাৰে এই সিদ্ধান্ত লৈছে দেশৰ পূঁজি বিকাশৰ স্বাৰ্থত। এই স্বাৰ্থৰ বাবেই সমগ্ৰ দেশৰ ৫৫ টা তেলখাদ ( অইল ব্লক ) সমৰ্পণ কৰা হ’ব ব্যক্তিগত মালিকানাধীন কোম্পানিৰ হাতত। অসম তথা উত্তৰ-পূৱৰ সম্পদবোৰলৈ সকলো পূঁজিপতিৰ লোলুপ চাৱনি। এই বৃহত্তৰ অঞ্চলটোত অৰ্থাৎ অসম অাৰকান বেচিনত অাছে মুঠ ১৯টা ব্লকত ১৪৫৪.৮ মিলিয়ন তেল তথা হাইড্ৰকাৰ্বন জাতীয় সম্পদ। বাঘজানৰ ঘটনাক কোনেও পৰোৱা নকৰে। শাসকেও নকৰে,কোম্পেনিও নকৰে। বাঘজানৰ দুৰ্ঘটনাৰ পৰা তেওঁলোকৰ একো শিকিবলগীয়াও নাই। প্ৰগতিৰ নামত , বিকাশৰ স্বাৰ্থত দেশ জহন্মামেও গলেও, দেশৰ সমস্ত মানুহৰ জীৱন চাৰখাৰ হলেও পৰোৱা নকৰে। পূঁজিত কৈ দেশ বা মানুহৰ জীৱন ডাঙৰ নহয়। পূঁজিবাদৰ দুনীয়াত এয়াইতো চৰম সত্য !
পূঁজিবাদ অাৰু প্ৰেমিক ডলফিন
কেবল এটি ছয় বছৰীয়া শিশুৰ বাবে দুখন দেশৰ মাজত যুদ্ধ? লাগো লাগো হোৱা সেই যুদ্ধত তাকো যদি এটা পক্ষ হয় অামেৰিকা ?অামাৰ ডিবৰু নদীত ভাহি উঠা ৰিভাৰ ডলফিনৰ মৃতদেহ দেখি এলিয়েন গঞ্জালেজৰ কথা হঠাৎ মনত পৰি গল। প্ৰায় বিছ বছৰ অাগৰ কথা। এটা ডলফিনৰ অাশ্চৰ্যকৰ কাহিনীয়ে এনে মোৰ লৈছিল যে সেই ঘটনাটোৰ শেষ পৰিণতি হব খুজিছিল এখন যুদ্ধৰ মাজেৰে। যুদ্ধখন হব খুজিছিল কিউবা অাৰু অামেৰিকাৰ মাজত।

- কিউবাৰ প্ৰক্তন ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰৰসতে এলিয়েন গঞ্জালেজ ঘটনাটো ১৯৯৮ চনৰ। কিউবাৰ পৰা মাজ নিশা এখন নাওত উঠি অবৈধভাবে কিছু কিউবান লোকে প্ৰৱজন কৰিছিল অামেৰিকালৈ। নাওখনত অাছিল এলিয়েন গঞ্জালেজৰ মাক অাৰু তেওঁৰ প্ৰেমিক। দুৰ্ভাগ্যবশতঃ মাজ সাগৰত ধুমুহাৰ কবলত পৰি নাওসহ যাত্ৰীসকলৰ সলিল সমাধি ঘটিল। এক অলৌকিক ঘটনাৰ দৰে বাচি গ’ল পাঁচ বছৰীয়া এলিয়েন গঞ্জালেজ। এলিয়েনে পাচত কৈছিল যে তেওঁক হেনো এজাক ডলফিনে অাগুৰি ধৰিছিল অাৰু পানীত ওপঙি থকাত সহায় কৰিছিল। ডলফিনৰ জাকটোৱে চেষ্টা কৰিছিল এলিয়ানক অামেৰিকাৰ পাৰলৈ লৈ অানিবলৈ । পুৱতি নিশা দৃশ্যটো দেখিবলৈ পায় মিয়ামিৰ মাছমৰীয়াই। এলিয়েনৰ প্ৰাণ ৰক্ষা পৰে।

- দেৱশিশু এলিয়েনৰ পোষ্টাৰ ডলফিনৰ সহায়ত মৃত্যুমুখৰ পৰা ওভতি অহা এলিয়ান ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰে। বাতৰিটো বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি যায়। অামেৰিকাৰ অাস্তিক খ্ৰীষ্টানসকলে এলিয়েনক দেৱশিশু অাখ্যা দিয়ে। কথাটো ইমানতে ৰৈ নাথাকিল। এলিয়েনকলৈ সংঘাত অাৰম্ভ হল কিউবা অাাৰু অামেৰিকাৰ। এলিয়ানক ওভতাই বিচাৰি চিৰশত্ৰু অামেৰিকাক হুংকাৰ দিলে। পিছে অামেৰিকাই কাক পৰোৱা কৰে?

- এলিয়েনক নিজৰ কব্জালৈ নিবলৈ অামেৰিকাৰ সামৰিক অভিযান

- গৰ্ভৱতী নাৰীৰ চিকিৎসা ডলফিনৰ জৰিয়তে

- মানুহৰ অালিংগনত তৃপ্ত এক ডলফিন যদি ডলফিনৰ দৰে ইতৰ প্ৰাণী এবিধে মানুহক ভালপোৱা যাচিব পাৰে কোনো বিনিময় অাশা নকৰাকৈ, নিজকে জীৱ শ্ৰেষ্ঠবুলি দাবীকৰা মানুহে কিয় সেই একে মৰম ডলফিনক যাচিব নোৱাৰে? কেনেকৈ ডলফিনৰ ওপৰত ইমান নৃশংস অত্যাচাৰ চলাব পাৰে মানুহে, যিয়ে মঙললৈ যাব পৰা কৌশল অায়ত্ব কৰাৰ জ্ঞান পৰ্যন্ত অৰ্জন কৰিছে? দুনীয়াভৰ ডলফিনৰ হত্যা হয়, কঠোৰ বিধি-নিষেধৰ বাবে যেনিবা অাজিকালি ডলফিন চিকাৰ কমিছে।
ডলফিনবোৰো হত্যা কৰা হৈছিল কেবল মাংসৰ লোভত। হুতাসন মানুহক খাবলৈ কি নালাগে, এই অাধুনিক পৃথিৱীৰ মানুহেতো মানুহৰ মাংসও ফ্ৰিজত ভৰাই থৈ খোৱাৰ ‘ৰেকৰ্ড’ অাছে। ডলফিন কোন কূটা। অসমমূলকতো ডলফিন চিকাৰৰ কথা মাজে মধ্যে শুনা যায়। বহু ঘটনা হয়তো পোহৰলৈ নাহে। যিনহওক ডিবৰু নদীত ভাহি উঠা মৃত ডলফিনবোৰো একধৰণৰ হত্যাকাণ্ডই, কেবল যাচি-জোং লৈ হানি-খুচি মাৰিলেই চিকাৰ কৰা নুবুজায়। কোনোবাই যদি পথাৰ এখন বা পাহাৰ এখন মোকোলাবলৈ অৰণ্য এখনত জুই লগাই দিয়ে, অাৰু তেতিয়া তাত থকা পোক-পৰুৱাৰ পৰা অাৰম্ভ কৰি পশু-পক্ষীবোৰ সেই জুই জাহ যায়,তেতিয়াও সেয়া হত্যাকাণ্ডই হৈ পৰে। চৰকাৰে যদি ৰাস্তা সাজিবলৈ, ৰেল লাইন বহুৱাৱলৈ অৰণ্য ধ্বংস কৰে, অৰণ্যৰ বুকুত থকা খনিজ সম্পদ অাহোৰণ কৰিবলৈ অৰণ্য পৰিস্কাৰ কৰি মাটিত খনন চলায়, তাৰ ফলত যদি ভূ-গৰ্ভৰ বিষাক্ত গেছ-ৰাসায়নিক পদৰ্থ ওলাই অাহি বায়ু-মাটি-পানীত মিহলি হৈ যায়, অাৰু প্ৰদূষণ সহ্য কৰিব নোৱাৰি যন্ত্ৰণাত চাটিফুটি অৰণ্যৰ জীৱকূলে প্ৰাণ দিয়ে, অৰণ্যৰ মাজেৰে বা অাশ-পাশেৰে বৈ যোৱা নদীৰ জলজ জীৱবোৰে প্ৰাণ হেৰুৱায়, সেয়াও নিৰ্মম হত্যাকাণ্ডৰে নামান্তৰ মাথো। কোনোবাই যদি ভাবি অাছে যে ঈশ্বৰে দলিলত চহী, চীল-মোহৰ মাৰি পৃথিৱীখন কেৱল মানুহৰ হাতত অৰ্পণ কৰিছে, তেনেহলে তেওঁলোকে ঈশ্বৰক প্ৰশ্ন কৰা উচিত কি সকামতনো ভক্ষণৰ অযোগ্যও অতবোৰ জীৱ-জন্তু সৃষ্টি কৰি পৃথিবীবলৈ পঠিয়াই দিলে ? যদি অামাৰ কামতেই নালাগে, খাব যদি নোৱাৰোৱেই, তেনেহলে বিছা-কুমেজেকুৱা অথবা গছে গছে বগাই ফুৰা বীজলুৱা শামুকবোৰতো অামাক নহলেও হয়।
জগতৰ প্ৰাণীবোৰকো অামি জীয়াই থাকিবলৈ দিম, অাৰু ইয়াৰ যুক্তি কেবল এইটো হব নোৱাৰে যে জীৱ হত্যা মহাপাপ। অাৰু এই পাপৰ বাবে পৰলোকত অামাৰ শাস্তি হব। জীৱবোৰৰ অস্তিত্ব মানি লবলৈ ইয়াত প্ৰেম-ভালপোৱা বা মানবতাৰ কথাও নাহে। অামি জীবকূলক বচাই ৰাখিম অামি ইহলোকত বাচি থকাৰ স্বাৰ্থত। পৃথিৱীখন নৰকত পৰিণত হোৱাৰ পৰা ৰক্ষা কৰি মানৱ প্ৰজাতিক সুৰক্ষা দিয়াৰ স্বাৰ্থত। যদি ডেভলপমেন্টৰ নামত পৃথিৱীৰ সমস্ত গছ কাটি ঠাই মোকোলাবলৈ স্মাৰ্ট চিটি বোৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়, তেন্তে শেষ গছজোপাত কুঠাৰৰ ঘাপটো দিবলৈ পৃথিৱীখনত কোনো মানুহ জীয়াই নাথাকিব। তাৰ বহু অাগতেই পৃথিৱীৰ পৰা উছন হ’ব মানৱ প্ৰজাতি। অান নালাগে কেবল কংগো অাৰু অামাজান–এই দুখন অৰণ্যভূমি পৰিষ্কাৰ কৰা নৌহওতে মহাপ্ৰলয়ৰ সূচনা হব পৃথিবীত। এই সত্যটো সাধাৰণ মানুহে নুবুজিব পাৰে, ৰাষ্ট্ৰশক্তিয়ে যে নুবুজে তেনে নহয়। বুজে। বুজিলেও উপায় নাথাকে। 
পানীত পৰা কুকুৰক উদ্ধাৰ কৰিছে ডলফিনে পূঁজিবাদ এনে এটা বস্তু যে সি মাজসাগৰত মেলি দিয়া এখন ডিঙাৰ দৰে, ওভতি অহা সহজ নহয়, অাগুৱাই যোৱাটোও সহজ নহয়। কিন্তু ৰৈ থকাটো তাতোকৈ হাজাৰগুণে টান । গতিকে যাবই লাগিব। চলাই ৰাখিব লাগিব পুঁজি উৎপাদনৰ সমস্ত প্ৰক্ৰিয়া। চলালেই নহব, বঢ়াই গৈ থাকিব লাগিব। পুঁজি অৰ্থনীতিৰ হাল-হকিকত বুজা সকলে কথাটো ভালদৰে বুজি পাব। প্ৰথমে মালিকসকলক ধনী কৰি লব লাগিব, যাতে মালিকৰ লাভৰ ধনৰ এটা সৰু সৰু অংশ শ্ৰমিককো দিব পৰা যায়। দেশ ধনী হব সম্পদ বিক্ৰি অাৰু ৰজহ অাদয় কৰি। ৰাজহ অাদায় কেনেকৈ হব? ৰাজহ অাদায় হব সৰ্বসাধৰণৰ অায় বাঢ়িলে, ক্ৰয় ক্ষমতা বাঢ়িলে। অায় বাঢ়িলে,ক্ৰয় ক্ষমতা বাঢ়িলে লাহে ৰাষ্ট্ৰই টেক্সবোৰ এফালৰ পৰা বহুৱাই গৈ থাকিব পাৰিব। এয়াই হল পুঁজি বিকাশৰ এক সহজ কৌশল।
ডিবৰু নদীত মৃত ডলফিনগতিকে পুঁজিৰ বিকাশৰ স্বাৰ্থতে পুঁজিবাদী দেশক প্ৰয়োজন হৈ পৰে অধিক উৎপাদনশীলতাৰ। প্ৰয়োজন হৈ পৰে তথাকথিত ডেভলপমেন্টৰ । সেই ডেভলপমেন্টে দুখীয়াক সহায় সঁচাকৈ কৰিছেনে নাই, সেইবোৰ পুঁজিবাদী ৰাষ্ট্ৰৰ বিচাৰ্যৰ বিষয়ো নহয়। মুঠতে উৎপাদন প্ৰয়োজন, উৎপাদন অাৰু পূঁজি সঞ্চালন চলি থাকিব লাগিব নিৰন্তৰ। কথাটো বুজিবলৈ সহজ, যেতিয়া কোৰোণাৰ সংক্ৰমণ ভয়াবহ হৈ উঠিছে বুলি জানিও দেশবোৰে লক ডাউন উঠাই দিলে। যুক্তিটো এনেকুৱা যে যদি লক ডাউন তুলি দিয়া নহয়, দুখীয়াবোৰে কি কৰি খাব? চৰকাৰেতো নুখুৱায়।(পঢ়ক খুৱাব নোৱাৰে) খুওৱাতো বাদেই শ শ মাইল দূৰত থকা শ্ৰমিকক ঘৰলৈ থৈ অহাৰে প্ৰয়োজনবোধ নকৰে। লক ডাউন খোলা গ’ল শ্ৰমিক-বা খাটিখোৱা দৰিদ্ৰ বা নিম্ন বিত্ত মানুহৰ স্বাৰ্থত নহয়, কেবল পুঁজি বিকাশৰহে স্বাৰ্থত। নহ’লে পূঁজি অৰ্থনীতি ভাঙি পৰিব ।
পূঁজি অৰ্থনীতিৰ অন্যতম চালিকা শক্তি উদ্যোগবোৰ। তাত তৈয়াৰ কৰা সমস্ত পণ্যবোৰ। বজাৰবোৰ। শ্ৰমিক-মেহনতীসকলৰ শ্ৰমবোৰ কেবল কেঁচা মালৰ দৰে। গতিকে পুঁজিবাদী দেশত যি লকডাউনে পুঁজি উৎপাদন স্তব্ধ কৰি দিয়ে, সেই লক ডাউন হৈ পৰে কৰোণাতকৈয়ো ভয়াবহ। কথাখিনি অকাই পকাই এই বাবেই ক’ব লগা হল যে অৰণ্যত চৰকাৰে খনন চলাবই লাগিব। ইয়াৰ বিকল্প নাই, অৰণ্যৰ ভিতৰত যদি লক্ষ লক্ষ নিৰীহ জীৱ-জন্তু অাছে, তথাপিও খনন চলাব লাগিব খনিজ সম্পদ বিচাৰি। কাৰণ খনিজ সম্পদ বা ইন্ধনবোৰ নহ’লে পূঁজিৰ বিকাশ গঢ়ি তোলা যাব কেনেকৈ ? কল-কাৰখানা, গাড়ী-মটৰবোৰ চলিব কেনেকৈ? পাহাৰৰ অৰণ্য পৰিষ্কাৰ কৰি যদি তাত বিদ্যুৎ প্ৰকল্পবোৰ গঢ়ি নোতোলে তেনেহলে শক্তি অাহৰণ কৰিব কৰ পৰা ? শক্তি অাহৰোণ কৰিব নোৱাৰিলে দেশৰ পুঁজিৰ প্ৰবৃদ্ধি স্তব্ধ হৈ যাব। ভাৰতত খনিজ সম্পদৰ উৎস অতি কম। থকাবোৰো দিনে দিনে কমি অাহিছে। উত্তৰপূৱ খনিজ সম্পদৰ ভাণ্ডাৰ স্বৰূপ। এই খনিবোৰত হাত দিয়াৰ এতিয়া সময় অাহি পৰিছে। প্ৰকৃতি ধ্বংস কৰি খনিজ সম্পদ অাহৰোণ কৰাটো ভৱিষ্যতৰ বাবে অতিশয় বিপজ্জনক। কথাটো পুজিবাদী ৰাষ্ট্ৰই জানে। জানিলেও উপায় নাই, যাৰ বৰ্তমানটো সংকটত, সি ভৱিষ্যতৰ কথা চিন্তা কৰে কেনেকৈ ?
মাদক দ্ৰব্যৰ নিচা যেতিয়া ব্যক্তি গৰাকীৰ কোষে কোষে বিয়পি যায়, তেতিয়া দেহৰ কোষবোৰে এটা সময়ত সেই মাদক দ্ৰব্যকে বিচাৰিবলৈ ধৰে। ক্ষমতাতন্ত্ৰত পুঁজিবাদী অৰ্থনীতিও ৰাষ্ট্ৰখনৰ বাবে তেনে এক নিচাত পৰিণত হয়। কেবল দিহিং-পাটকাই বুলিয়ে নহয়, যতেই খনিজ সম্পদ থাকিব তাতেই দখল দিয়া যাব। ৰাষ্ট্ৰই চৰাই-চিৰিকতিৰ কথা চিন্তা কৰি থাকিব নোৱাৰে। ডিবৰুৰ ডলফিনতো বাদেই প্ৰয়োজন হলে অাপোনাৰ-মোৰ ঘৰটোও ভাঙি অামাক উচ্ছেদ কৰা হব, যদি অামাৰ ঘৰৰ ভেটিৰ তলত থাকে ৰাষ্ট্ৰৰ কোনো অমূল্য খনিজ সম্পদ। অথবা পথাৰবোৰ অধিগ্ৰহণ কৰা হ’ব যদি সম্পদ সৰবাৰহৰ বাবে সেই পথাৰৰ মাজেৰে প্ৰয়োজন হয় ৰেলপথ বহুৱাৰ।যত নাগৰিক মানুহেই নিৰাপদ নহয়, ‘প্ৰেমিক’ ডলফিন বোৰতো নিমিত্ত মাত্ৰ।
