সুখ,ভোগ অাৰু সুগন্ধি যৌনতা

বহু বছৰ অাগৰ কথা। সুদৰ্শন অাবেদনময় পিশাচ এটাই লাহেকৈ ভূমুকি মাৰিছিল বিজ্ঞাপনৰ ছবিত, মূৰত শিং, পশ্চাৎঅংশত এডাল দীঘল নেজ–অনিডা টিভিটো অালফুলে সাবতি ধৰি ফুচফুচাই প্ৰৰোচনাৰ সুৰত কৈ উঠিছিল– Neighbor’s envy, owner’s pride. অনিডা টিভি এটা কিনা, ই তোমাৰ অহংকাৰ, প্ৰতিবেশীৰ ঈৰ্ষা।
পিশাচৰ কথা শুনি অামাৰ মানুহবোৰ ভোল গৈছিল, বজাৰৰ পৰা কিনি অানিছিল দামী দামী টিভি একোটা, অাৰু কৌতুহলেৰে সংগোপনে প্ৰতিৱেশীৰ মুখবোৰ লক্ষ্য কৰিছিল, ঈৰ্ষাত তেওঁলোক জ্বলিপুৰি মৰিছেনে নাই, দুখ-হতাশাত মুখবোৰ কলা পৰি গৈছেনে নে নাই !
টিভিৰ পৰ্দাত যেতিয়াই বিজ্ঞাপনৰ এই পিশাচ অাহি দেখা দিছিল, তেতিয়াই প্ৰতিবাৰেই মোৰ মনত ভাব হৈছিল যে কোম্পানিয়ে কিয় বিচাৰে যে ব্যক্তিগত পণ্য সম্পদ এবিধ অাহৰোণ কৰাৰ মাজেৰে অামি অহংকাৰী হৈ উঠো, কিয় বিচাৰে প্ৰিয় প্ৰতিবেশীবোৰে অামাক ঈৰ্ষা কৰক?
এই পণ্য বিক্ৰেতা কোম্পানিবোৰে কিয় নিবিচাৰে যে অামি এনে এটা টিভি কিনি ঘৰলৈ লৈ যাও, যাক লৈ অামাৰ মনত কেতিয়াও উচাত্মিকাবোধ জাগি নুঠিব, অাৰু প্ৰতিৱেশীৰো মনবোৰো ভৰি পৰিব অানন্দেৰে !
অনিডাৰ এই পিশাচ দেশজুৰি সকলোৰে ওচৰত যেতিয়া পৰিচিত অাৰু জনপ্ৰিয় হৈ হৃদয়ত স্হান লৈছিল, তেতিয়ালৈ মনমোহন সিঙে ভাৰতৰ অাৰ্থিক নীতি সলনি কৰি পেলাইছে। দেশক চামিল কৰি লৈছে বিশ্বপূঁজিবাদী অৰ্থনীতিৰ সতে। দেশখনলৈ চপাই অানিছে মুক্ত বাণিজ্যৰ ব্যৱস্হা। দেশৰ বজাৰ ভৰি পৰিছে মনোহাৰী সামগ্ৰীৰে।বহুদিন পাচত এদিন বাংগালোৰ চহৰলৈ যাওতে এটা ব্যস্ত এলেকাত দেখিবলৈ পালোঁ অামেৰিকান ডেনিম জীনছ কোম্পানি এটাৰ বিজ্ঞাপনৰ এখন বিয়াগোম হোৰ্ডিং। বাংগালোৰ চহৰত তেতিয়া বজাৰ অৰ্থনীতিৰ মুকলি বতাহ। চাৰিওফালে ৰঙ-বিৰঙী শ্বপিং মল, শ্বো-ৰুম, বাৰ-ৰেস্তোৰা, জিম খানা — সুখ অাজুৰি লবলৈ মধ্যবিত্ত ধনাঢ্য মানুহৰ দিক-বিদিকহীন ভিৰ, হেতাওপৰা দশোদিশে। জেব্ৰা ক্ৰচিং এটাৰ মুখত ৰৈ থাকোতে নিৰন্তৰ গাড়ী মটৰবোৰ পাৰ হৈ গৈছে, ঠিক তেনে সময়তে অাচম্বিতে মোৰ চকুত পৰিছিল সমুখৰ সুবিশাল হোৰ্ডিংখনলৈ–বিশৃংখল গ্ৰাফিটিৰে ভৰা বেৰ এখনত অাউজি দুয়োহাত পকেটত সুমুৱাই পৰম উদ্ধত ভংগীত থিয় হৈ অাছে এটি’ টিন এজ’ যুৱক–পিন্ধনত ডেনিম জীনছ পেন্ট অাৰু জেকেট। কাষত বৰ বৰ হৰফেৰে জিলিকি অাছে সেই অমোঘ বাক্য- I am a bad guy, I will never change.
এই হোৰ্ডিঙৰ তলেৰে নিতৌ হাজাৰ মানুহ পাৰ হৈ গৈছে। নাজানো, কাৰ মনলৈ কি ভাব অাহিছিল, ৰাস্তা অতিক্ৰম কৰাৰ চেষ্টা এৰি দি মই মাথো সেই মুহূৰ্তত ইয়াকে ভাবিছিলো –কিয় অামাক এইবোৰ কথা জানিবলৈ দিয়া হৈছে? সি এটা বেয়া লৰা, সি দেখোন নিজকে কেতিয়াও শুধৰাব নোখোজে!
ঠিক অাছে ভাই, যদি নিবিচাৰে থাকক। অামাকনো সেই গোৱাৰ নীতিহীন লৰাটোৰ প্ৰয়োজন কি ? অাজি ভাব হৈছে , এইবোৰ একো নহয়, এয়া হৈছে ভাৰতবৰ্ষৰ সমাজজীৱনৰ চুকেকোণে নব্য পূঁজি অৰ্থনীতিয়ে বিয়পাই দিয়া স্বাৰ্থপৰ ভোগবাদী মানসিকতাৰ এক প্ৰৰোচনামূলক বিজ্ঞাপন। পণ্য বিক্ৰতা কোম্পানিবোৰে জানি গৈছে যে এতিয়া কি কথা অামাৰ ভাল লাগে, কি বস্তু অামাৰ এতিয়া প্ৰিয়। কি সুখ অামি বিচাৰিবলৈ লৈছো ! এৰা, অামি ভালপাৱলৈ লৈছো, এনে এটি অসৎ উদণ্ড কিশোৰক যিয়ে নিজক কাহানিও শুধৰাব নোখোজে, যি সদায় বেয়াবোৰ কি জানিও বেয়া হৈ থাকিব বিচাৰে।
ডেনিম জীনচ মধ্যবিত্ত নৱ প্ৰজন্মৰ অাকাংক্ষা অাৰু সন্তুষ্টিৰ প্ৰতীক। একবিংশ শতিকাৰ ঠিক অাৰম্ভণিতে মেট্ৰ’পলিটান চহৰখনৰ মেলাময় অঞ্চল এটাত ওলমি থকা সেই বিজ্ঞাপনৰ মাজত অাছিল পূঁজিবাদে কৰা এক ধৰণৰ ভ্ৰুকুটি–সেই ভ্ৰকুটি অাছিল ভাৰতীয় মানুহৰ পৰিবৰ্তিত মূল্যবোধৰ প্ৰতি।তৃতীয় এটা বিজ্ঞাপনৰ কথাও ক’বলৈ লোভ সামৰিব পৰা নাই, এই বিজ্ঞপনটো দেখিছিলো বৰপেটা ৰোডৰ তিনি অালি এটাত। অসমৰ এই সৰু চহৰখনত অাঁৰি দিয়া সেই বিজ্ঞাপনটো অাছিল এখন ট্ৰেক্টৰৰ। ষ্টিয়াৰিং হুইলত হাত থৈ ট্ৰেক্টৰখনত বহি অাছিল এগৰাকী সুন্দৰী যুৱতী। পিন্ধনত কেবল অন্তৰ্বাস। হতচকিত হৈ যুৱতীগৰাকীলৈ চাওঁতে তেতিয়া মোৰ মনলৈ এটাই ভাব অাহিছিল–এই বেশভূষাৰে তেওঁ কিয় বহি অাছে ট্ৰেক্টৰত? বহি কালৈ চাই এই কামুক হাঁহি মাৰিছে—দেশৰ লক্ষ লক্ষ দৰিদ্ৰ কৃষকলৈ নে বজাৰৰ উপভোক্তালৈ ?

এইযে পণ্য সামগ্ৰীৰ বিজ্ঞাপনবোৰ, এইবোৰে অামাক কেবল পণ্যৰ প্ৰতি অাসক্ত হ’বলৈকে প্ৰৰোচিত নকৰে, ই অামাৰ ৰুচি-অভিৰুচিবোৰো গঢ়াই তোলে, অাৰু লগতে প্ৰতিফলিত কৰে অামাৰ সমাজখনৰ মানসিকতাকো। ভোগবাদে সলনি কৰে অামাৰ দৃষ্টিভংগী, সলনি কৰি দিয়ে অামাৰ বিচাৰ ধাৰা–নিজৰ জীৱন সম্পৰ্ক, সমাজ সম্পৰ্কে। সনাতন হিন্দু দৰ্শনৰ মাজেৰে অামি ইমান দিনে ইয়াকে শিকি অাহিছো যে অহংবোধ বা অহমিকা কোনো ভালবস্তু নহয়। ই পতনৰ মূল কাৰণ। ইয়াৰ বিপৰীতে ঈৰ্ষাবোৰো সমাজৰ এক নিগেটিভ বস্তু। ই মানসিক অসুস্হতাৰ লক্ষণ। ঈৰ্ষাৰ বুকুতে লাহে লাহে জন্ম লয় খং-বিদ্বেষ-ঘৃনা-হিংসাৰ। সৃষ্টি হয় অাত্মিক ব্যবধানৰ। শুভকামনা অাৰু অান্তৰিকতাবোৰ হেৰাই যায়। অানৰ সতে নিজৰ জীৱনটোৰ সফলতা বিফলতাক তুলনা কৰিবলৈ ধৰো, অাৰু তাকে কৰি নিজে নজনাকৈ মনত ৰোপন কৰো দুখ অাৰু হতাশাৰ বীজ। অহংকাৰ অাৰু ঈৰ্ষা –এই দুয়োটাই মানুহৰ স্বাৰ্থপৰতাৰ লক্ষণ। এয়া হল কেবল নিজক সুখী কৰি ৰখাৰ স্বাৰ্থটোকে বুজা। যদি পূঁজিবাদী অৰ্থনীতি ইমানে মংগলদায়ক, তেনেহলে কিয় অামি অহংকাৰী অাৰু ঈৰ্ষান্বিত হৈ পৰাটো বিচাৰে ? কিয় পণ্য সামগ্ৰী বা বস্তুগত সম্পদবোৰ কিনি অহংকাৰী হ’ব পৰাটোৱেই সুখলাভৰ কাৰক বুলি বুজাব বিচৰা হয় ?
অাৰু সেই যে কাহানিও নিজক শুধৰাব নোখোজা লৰাটো–সি কিহৰ প্ৰতীক কাৰ প্ৰতিনিধি ? কোনো সন্দেহ নাই যে ভোগবাদৰ পৃথিবীত সি হৈছে এনে এজন নতুন প্ৰজন্মৰ প্ৰতিভূ, যিয়ে বেয়াবোৰৰ মাজত যৌক্তিকতা অাৰু প্ৰয়োজনীয়তাক বিচাৰি পাইছে। সি যে ‘বেয়া’ তাৰ বাবে তাৰ কোনো অনুশোচনা নাই, বৰং অাছে অাত্মসন্তুষ্টি। এই নতুন পৃথিবীখনত বেয়াবোৰেই তাক প্ৰয়োজন। অৰ্থাৎ দেখ দেখকৈ মানুহে ইমান দিনে কঢ়িয়াই ফুৰা ভালবেয়াৰ ধৰণাবোৰ নসাৎ কৰি দিয়া হৈছে। অস্বীকাৰ কৰা হৈছে সামাজিক ভেল্যুজ বোৰ। ভাল হৈ থাকি একো লাভ নাই –বিজ্ঞাপনৰ শ্লোগানৰ অাঁৰত কেবল তাকেই অাচল সত্য ৰূপে অনুৰণিত হৈছে। নিজৰ যি ভাল লাগে, নিজৰ বাবে যি ভাল, সেয়াই অাজিৰ সমাজত জাগতিক সত্য। এয়াও স্বাৰ্থপৰতাৰে এক বিবৰ্তিত ৰূপ।

অাৰু সেই যে অন্তৰ্বাস পিন্ধি প’জ দিয়া যুৱতী গৰাকীৰ বিজ্ঞাপনটো–সেইটো কেবল যে গ্ৰাহকৰ দৃষ্টি অাৰ্কষণ কৰিবলৈকে প্ৰস্তুত কৰা হৈছে, তেনে নহয়। ইয়াৰ জৰিয়তে যৌন যথেচ্চাৰিতাকো ভোগবাদী জীৱনৰ প্ৰয়োজনীয় অাৰু যুক্তিসংগত উপাদান হিচাপেও তুলি ধৰা হৈছে। অামি দেখিছো সাম্প্ৰতিক বজাৰ অৰ্থনীতিত কিদৰে পণ্য সামগ্ৰীবোৰ বিক্ৰি কৰিবলৈ যৌনতাক অন্যতম শক্তিশালী অনুঘটক ৰূপে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। যৌনতাক পৰ্যবসিত কৰা হৈছে সুখভোগ অাৰু বিনোদনৰ পণ্যলৈ। সুৰাৰ পৰা কছমেটিকলৈ, অন্তৰ্বাসৰ পৰা সুগন্ধি ব’ডী স্প্ৰেলৈ । সুৰাৰ বিজ্ঞাপন এটাত দেখুওৱা হৈছে –কাষত সুন্দৰী যুবতী এগৰাকীক বহুৱাই পুৰুষ এজনে সুৰাপান কৰোতে কৰোতে ‘কুছ ভী হো চাকতা হ্যায়” ৰ অৱস্হা প্ৰাপ্ত হৈছে। পুৰুষৰ এক বোডী স্প্ৰেৰ বিজ্ঞাপনৰ শ্লোগান হৈছে turn nice girls naughty.ভাল ছোৱালীবোৰক বেয়া কৰি পেলোৱা। অান এটা বিজ্ঞাপন ইয়াতকৈয়ো অাগ্ৰাসী। চিনেমাহলত প্ৰেমিকাই যেতিয়া প্ৰেমিকক লগ পাই পৰিয়ালৰ সকলোৰে স’তে লৰাটোক চিনাকি কৰাই দিছে , ছোৱালীৰ মাকক অান্টী সম্বোধন কৰোতে লৰাটোৰ বোডী স্প্ৰে (deodorant)ৰ সুবাসত কাতৰ হৈ উঠিছে মাক অাৰু দেহবিভংগৰে যৌন অাবেদন ফুটাই তুলি মাকে লৰাটোক ফুচফুচাই কৈছে অান্টি বুলি নামাতিবা না, মিছেছ অমুক বুলি মতা। গিৰিয়েক লৰা-ছোৱালীৰ সমুখত ডিওডোৰেন্ট সুগন্ধিত ভাবী জোৱাইৰ ওচৰত অাদহীয়া মহিলা এগৰাকীয়ে এনেদৰে কাবু হৈ প্ৰকাশ কৰা এই কাতৰতাই প্ৰকৃততে সামাজিক সম্বন্ধ অাৰু যৌনতাৰ এথিকছবোৰকো তছনছ কৰি দিছে। ডিওডোৰেন্ট কোম্পানিয়ে নতুন পুৰুষ সকলক ইয়াকে কৈছে যে মাক-জীয়েক বুলি কোনো কথা নাই, সকলো নাৰী কেবল নাৰী, অামাৰ ডিওডোৰেন্ট গাত চটিয়াই নাৰীৰ কাষলৈ যোৱা অাৰু বশ কৰা, ভোগ কৰা। নাৰীকো কোৱা হৈছে কিহৰ ভাবী জোৱাই? পুৰুষবোৰ সদায় পুৰুষ। সমাজৰ এথিকছৰ মাজত সোমাই নিজক বঞ্চিত কৰি মুৰ্খামি কৰিব নালাগে। পুৰুষৰ ওচৰত নিজক সমৰ্পণ কৰিব পৰাৰ মাজতেই অাছে জীৱনৰ সুখ। এইদৰে পণ্যৰ বিপননৰ স্বাৰ্থত বিজ্ঞাপনৰ মাধ্যমেৰে মানুহক এক নতুন সুখৰ সন্ধান দিব খোজা হৈছে। এই সুখ হৃদয়ৰ বা অাত্মাৰ সুখ নহয়। এই সুখ কেবল বৈষয়িক, ইন্দ্ৰিয় ভোগ-বাসনাৰ সুখ। এথিকছ ভাঙি হলেও এই সুখ যে লোৱাই উচিত তাকে অহৰহ অামাক উচটাই অাছে পূঁজিবাদৰ পণ্যবোৰে। এথিকছ ভাঙি পণ্যক বিপণন কৰিব খোজাৰ এই প্ৰয়াস পূজিবাদী অৰ্থনীতিৰ অন্যতম চৰিত্ৰ। কিছুদিন অাগতে এটা zatax নামৰ পুৰুষৰ ডিওডোৰেন্ট বিজ্ঞাপনে ভাৰতীয় সমাজৰ বিবাহপ্ৰথাৰ চিৰন্তন প্ৰমুল্যৰ ওপৰতে চৰম অাঘাত হানিছিল। বিজ্ঞাপনটোত দেখুওৱা হৈছিল এগৰাকী সদ্য বিবাহিতা নাৰীয়ে বিয়াৰ পাচৰ ফুলশয্যাৰ নিশা অধীৰ উত্তেজনাৰে অপেক্ষা কৰিছে গিৰিয়েকলৈ। তেনেতেই খোলা খিৰিকিৰে ভাহি অাহি নাৰী গৰাকীৰ নাকত লাগিল ডিওডোৰেন্টৰ সুগন্ধি। মন্ত্ৰমুগ্ধৰ দৰে তাই খিৰিকিৰ কাষলৈ অাহিল, দেখিলে সুঠাম সুদৰ্শন যুৱক এজেনে গাত বিদেশী কোম্পানিৰ সুগন্ধি চটিয়াইছে। সেই সুগন্ধিয়ে অামাৰ নৱ বিবাহিতা ভাৰতীয় নাৰী গৰাকী ইমানেই মতলীয়া কৰি তুলিছে যে এপদ এপদকৈ শৰীৰৰ গহনাবোৰ খুলিছে, বুকুৰ পৰা খহাই দিছে শাৰীৰ অাঁচল অাৰু অানকি খুলি পেলাইছে স্বামীয়ে দিয়া এংগেজমেন্টৰ অাঙুঠিটোও। বিবাহ সম্পৰ্কত বিবাহৰ দিনাই যদি নাৰীৰ এই দৃষ্টিভংগী, তেনেহলে অামাক বিবাহনো কিয় লাগে,বিবাহ বা বিবাহভিত্তিক সংসাৰিক অাৰু যৌন সম্পৰ্কবোৰ যুক্তিযুক্ততা বাতিল কৰি দিয়াই উচিত।
উচিত নে অনুচিত কি মই ক’ব নোখোজো, কেবল এক তথ্য দিব খোজো যে এল-জি-বি-টি-কিউ( LGBTQ) ৰ অধিকাৰক মান্যতা দিবলৈ যিবোৰ শক্তিয়ে সংগঠিত ৰূপত পৃষ্ঠপোষকতা কৰিব ধৰিছে তাৰে অন্যতম বিয়াগোম বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ।অাৰকাছ, ফোৰ্ড, গিল, পেপচি কোকাকোলা,এপল, ফেচবুক,গুগল ইত্যাদি। কেবল অামেৰিকাৰ ধনী প্ৰতিষ্ঠানবোৰেই এটা বছৰত ( ২০১৬-২০১৭) যৌনতাৰ এথিকছ ভাঙিবলৈ এল-জি-বি-টি-কিউৰ নামত ব্যয় কৰিছে ১৮৫ মিলিয়ন ডলাৰ। পেপচি কোম্পানিয়ে সমকামিতাৰ সমৰ্থনত পেপচিকলৈ বিজ্ঞাপন তৈয়াৰ কৰিছে, নিজৰ ধন খৰচ কৰি সমকামীসকলৰ সন্মিলন পৰ্যন্ত পাতি দিছে। পণ্য উৎপাদক পূঁজিবাদী কোম্পানিবোৰে মুনাফাত বাদে একো চিনি নাপায়, মুনাফা নহলে মানবতাবাদো নকৰে। পেপচি কোম্পানি কিমান মানবদৰদী সেইটো প্ৰমাণ ইতিমধ্যেই হৈ গৈছে।ভাৰতত কোম্পনিটোৱে বিষাক্ত কীটনাশকযুক্ত পানীয় বিক্ৰি কৰি অহাৰ তথ্য স্বীকাৰ কৰিব লগা হৈছিল দেশৰ চৰকাৰেও। যেতিয়াই পণ্যৰ বিয়োগম বেপাৰীসকলে মানুহৰ অধিকাৰৰ পক্ষত কথা কয়, তেতিয়া বিষয়টো অবলীলাক্ৰমেই সন্দেহৰ অাবৰ্তত সোমাই পৰে। কোম্পানিক লাগে উপাৰ্জন, অধিক উপাৰ্জন, অাৰু তাতোকৈ অধিক উপাৰ্জন। গতিকে যেতিয়াই যত যি প্ৰয়োজন হৈ পৰে, তেতিয়াই পণ্যৰ বজাৰখন সম্প্ৰসাৰণ কৰাৰ লক্ষ্যৰে অাহি পৰা সুযোগ-সম্ভাৱানাবোৰ গ্ৰহণ কৰিবলৈ উঠি পৰি লাগে। গতিকে সমকামী সকলক কৰা এই পৃষ্ঠপোষকতা যে তেওঁলোকৰ ব্যৱসায়িক নীতিৰে অংশ নহয়, তাক মানি লবলৈ অামাৰ হাতত অাছেনো কি যুক্তি?পিছে পণ্যৰ বজাৰখন এখন অনন্ত সাগৰৰ দৰে। এবাৰ তাত নিজক উটুৱাই দিলে পাৰাপাৰ পোৱাৰ অাৰু কোনো উপায় নাথাকে। যিমানেই সা-সম্পদ ক্ৰয় নকৰক কিয়, সুখৰ পূৰ্ণ প্ৰাপ্তি নঘটে। সুখৰ সীমাৰেখা অাঁতৰি গৈ থাকে দূৰলৈ। ইটোৰ পাচত সিটো অট্টালিকা সাজি, ইখনৰ পাচত সিখন গাড়ী সলাই, নতুন নতুন ব্যৱসায় বাণিজ্য গঢ়ি, লৰা-ছোৱালীৰ নামত পইছা সাঁচি সাঁচি ধনৰ পাহাৰ সাজিলেও হেঁপাহ নপলায়। দিনে দিনে বাঢ়ি যায় অাকংক্ষাৰ তৃষ্ণা। মৃত্যুৰ অাগমূহৰ্তলৈ যতি নপৰে। মানুহৰ লালসাক (greed) অনিয়ন্ত্ৰিত কৰি প্ৰয়োজন ( need) বোৰ অসীম কৰি তুলিব পৰাৰ মাজতে অাছে পূঁজিবাদৰ সাৰ্থকতা। মানুহৰ যদি লোভ নাজাগে, বজাৰত সজাই থোৱা পণ্যবোৰ যদি সেইবোৰ জীৱনৰ অত্যাৱশ্যকীয় বুলি মনত বিশ্বাস নাজাগে, কোম্পানিবোৰ চলিব কেনেকৈ? ধৰি লওক গাড়ী বা মোবাইল ফোনটোৰ কথা। কোম্পানি এটাই গাড়ীৰ মডেলবোৰ অহৰহ সলনি কৰে, এইখনেই শ্ৰেষ্ঠ অাৰামদায়ক বুলি নতুন কিবা এটা মডেল উলিয়াই পিছৰ দুই এবছৰৰ পাচতে বজাৰৰ পৰা সেই মডেলটো অাঁতৰাই দিয়ে। তাৰ বাহ্যিক বা অাভ্যন্তৰীণ ডিজাইন সলনি কৰে অথবা একমোডেছনবোৰত নতুনত্ব অানে। তাৰ পাচত পুণৰ কোৱা হয় এইখনৰ সমান শ্ৰেষ্ঠ একো নাই,এইখনত বহিলে অাৰামেই অাৰাম অাৰু লগতে সমাজিক মৰ্যাদাও বৃদ্ধি হ’ব। বিজ্ঞাপনবোৰ দেখি দেখি এদিন অামাৰ গাড়ীখন নিজৰ কৰি লবলৈ তাড়না জাগে, greed অাৰু needৰ পাৰ্থক্যটো ধৰিব নোৱাৰা হওঁ, গাড়ী এখনক কেবল গাড়ী হিচাপে চাবলৈ এৰি দি ই জীৱনৰ সফলতা,সাৰ্থকতা অাৰু সামাজিক মৰ্যদাৰ প্ৰতীক বুলি ধৰি লৈ সেই গাড়ীখন কিনাৰ মাজেৰে সুখী হব বিচাৰো। কিন্তু এই সুখ কিছুদিন পিছতে বাষ্পীভূত হৈ শূণ্যত বিলীন হৈ যায়, যেতিয়া দেখো বজাৰত এখন নতুন মডেলৰ গাড়ীৰ অাবিৰ্ভাব ঘটিছে। মোবাইলবোৰ হৈছে মানুহৰ অসীম অাকাংক্ষাৰ সাৰ্থক দৃষ্টান্ত। ত্ৰিছ বছৰ অাগতে অামাৰ মানুহে মোবাইল দেখা পৰ্যন্ত নাছিল, সেইটো কি বস্তু বুজি পোৱাটো দূৰৰ কথা। অথচ মোবাইল ফোন অবিহনে অৰ্ধেক জীবনটো পাৰ কৰি অহা কোটি কোটি মানুহৰ বাবেও অাজি মোবাইলবিহীন জীৱনটো কল্পনা কৰিব নোৱাৰি। যদিও অামি ইয়াক একধৰণৰ টেলিফোন বুলি কওঁ, অাচলতে ই তেনে নহয়। ইয়াৰ ভিতৰত সোমাই অাছে মানুহৰ লোভ-বিষয়-বাসনাক প্ৰলুব্ধ কৰি ৰাখিব পৰা অাৰু অাকাংক্ষাৰ মাত্ৰাবোৰ বঢ়াই তুলিব পৰা সমস্ত অাকৰ। ইয়াৰ ভিতৰত অাছে এনে কিছুমান সুখ, যিবোৰ একধৰণৰ নিচাৰ দৰে। মোৱাইল দলিয়াই এই নিচাৰ পৰা মুক্ত হওঁ বুলি সহজে হ’ব নোৱাৰি। সেইবাবে মোবাইল কোম্পানিয়ে হৰকৰকমৰ নতুন নতুন কনফিগাৰেচনৰ নতুন মডেলৰ মোবাইল লৈ অাপোনাৰ ওচৰত হাজিৰ হয়। অাৰু অাপনাৰো ভাব হয় যে অহাবাৰ সেই নতুন মডেলৰ মোবাইলটোকে কিনি অভাব দূৰ কৰিব। অভাব এটা মানসিক অৱস্হা মাথো। বজাৰ অৰ্থনীতিয়ে বিভিন্ন কূট কৌশলেৰে মানুহৰ মনত অভাৱবোধ সৃষ্টি কৰে। যিটো বস্তুৰ নাম নুশুনাকৈ জীৱনৰ অৰ্ধেক কাল কটাই দিলে অাজি সেইটো নহলেই নচলে, নিজকে অভাবী যেন বোধ হয়। যদি বজাৰৰ পণ্যবোৰ কিনি তাৰ পৰা মজা লুটিব পৰা নাই, তেনেহলে অাপুনি অভাবী, দুখীয়া-অসফল-অসুখী অাৰু এটা অপূৰ্ণ জীবনৰ গৰাকী। কোৱা হয় বিগত কাৰ্যকালৰ উৰুগুৱেৰ ৰাষ্ট্ৰপতি হোছে মুজিকাই(José Alberto “Pepe” Mujica Cordano ) অাছিল বিশ্বৰ অাটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি । কাৰণ তেওঁ নিজৰ ব্যক্তিগত পুৰণি সস্তীয়া গাড়ী ভলস্কৱাগন বীটলত অহাযোৱা কৰে। নিজে গাড়ী চলায়। কোনো ৰক্ষী লগত নাথাকে। চৰকাৰী প্ৰাসাদৰ পৰিবৰ্তে বাস কৰে নিজৰ এটা সাধাৰাণ ফাৰ্ম হাউচত। ২১ হাজাৰ ডলাৰ দৰমহা পায়, কিন্তু সিংহভাগে দান দিয়ে দুখীয়া মানুহক। নাই কোনো লাহ বিলাসৰ জীৱন, ফাৰ্ম হাউচৰ মাটিত ফুলৰ খেতি কৰি সেই ফুল বিক্ৰি কৰি দুজনীয়া পৰিয়ালটো চলায়। অাৰু ইফালে পূঁজিবাদী অাদৰ্শত বিশ্বাসী যিবোৰ সংস্হাই ধনী-দুখীয়াৰ তালিকা প্ৰস্তুত কৰে, তেওঁলোকে কয় এইজনেই বিশ্বৰ দৰিদ্ৰতম ৰাষ্ট্ৰপতি। তেওঁলোকে হিচাপ নাৰাখে যে এইজনে সেই নিৰ্লোভী ৰাষ্ট্ৰপতি , যিয়ে উপহাৰ হিচাপে দিব খোজা ১ মিলিয়ন ডলাৰৰ গাড়ীখনকো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। তাৰ পৰিবৰ্তে বিচাৰিছে নগদ ধন, যাতে সেই ধনেৰে গৃহহীনক ঘৰ সজাই পাৰি । ২১ হাজাৰ ডলাৰ জনমূৰি অায়ৰ এখন ধনীদেশৰ যিজন ৰাষ্ট্ৰনেতাই নিজৰ ধৰণে বাচি থাকিবলৈ বিষয়-সম্পদবোৰক অদৰকাৰী বুলি বৰ্জন কৰিহে ‘সুখী’ হব পাৰিছিল, তেওঁক চিহ্নিত কৰা হৈছিল বিশ্বৰ দৰিদ্ৰতম ৰাষ্ট্ৰপতি হিচাপে।পূঁজিবাদৰ দৃষ্টিত বিনা সম্পদেৰে কোনো সুখী-সফল হব নোৱাৰে। যদি এই কথাই সঁচা হ’ল হেঁতেন, তেনেহলে ধনী মানুহৰ ভিতৰত বিশ্বৰ ৯৪ তম অাৰু জাৰ্মানিৰ ৫ নং স্হানত থকা বিলিয়নাৰ ( যাৰ নিজা সম্পত্তিৰ মূল্য ৯.২বিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৭০ হাজাৰ কোটি টকা) এডলফ মাৰ্কেলে (Adolf Merckle) কেতিয়াও অাত্মহত্যা নকৰিলে হেঁতেন। বিষয়-সম্পদে যে মানুহক জীয়াই থাকিব পৰাকৈ সুখী বা সন্তুষ্ট কৰি ৰাখিব নোৱাৰে পূঁজিপতি মাৰ্কেল নিজেই তাৰ প্ৰমাণ।মাইকেল জেকচনো অাছিল এনে অসাৰ ভোগবাদী জীৱন দৰ্শনৰ জ্বলন্ত দৃষ্টান্ত। ধন-খ্যাতি-যশ- সন্মান-জনপ্ৰিয়তা –সেইবোৰ পূঁজিবাদে তৈয়াৰ কৰা ইলুজনত বাদে একোৱেই নাছিল বাবে ‘সফলতা’ৰ শিখৰত থাকিও মাইকেল জেকচনে সুখ বিচাৰিছিল ড্ৰাগচৰ নিচাৰ মাজত। কিন্তু ড্ৰাগচেও তেওঁৰ সুখৰ অাকাংক্ষা বঢ়াই গৈছিল। সেয়ে ড্ৰাগচ সেৱনৰ মাত্ৰাও বঢ়াই যাব লগা হৈছিল। মাত্ৰধিক্য নিচাসেৱনৰ জৰিয়তেই নিজক তিল তিলকৈ হত্যা কৰিছিল এই তাৰকা শিল্পী গৰাকীয়ে। ইও অাছিল এক ধৰণৰ অাত্মহত্যা।

পূঁজিবাদৰ ভোগ দৰ্শনে মানুহৰ প্ৰয়োজনবোৰ তৈয়াৰ কৰি দিয়ে। লোভবোৰ তীব্ৰতৰ কৰি তোলে। সেই তাহানিতে , দুশ বছৰ অাগতেই পূঁজিবাদৰ মূল প্ৰৱক্তা অাদাম স্মৃথে তেওঁৰ The Theory of Moral Sentimentsত পূঁজিবাদ সম্পৰ্কত কৈছিল–মানুহ লোভী হোৱাই উচিত , মানুহৰ লোভে দেশৰ অাৰ্থিক প্ৰবৃদ্ধিত সহায় কৰিব। পিছে কি অাৰ্থিক প্ৰবৃদ্ধি ? মানুহৰ অাত্মাক সুখী কৰি ৰাখিব পৰা প্ৰবৃদ্ধি হ’ব নে সেয়া, এই কথা কিন্তু তেওঁ কৈ নগ’ল। অাজি বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ অাত্মহননত বেথা অনুভৱ কৰিছে অজস্ৰজনে। পিছে ৰাজপুতৰ দুখ অাছিল কিহত ? কি অাছিল তেওঁৰ অপ্ৰাপ্তিৰ বেদনা -হতাশা? ৩৪ বছৰ বয়সতে মাত্ৰ এমুঠি চিনেমাত কাম কৰিয়েই তেওঁ তাৰকাৰ শাৰীত থিয় হৈছিল। দুয়োহাতে ধন অাৰ্জিছিল। লভিছিল জনপ্ৰিয়তা! ডেৰ লাখ টকীয়া ভাড়াঘৰত থাকিও, বহু নাৰীৰে প্ৰেম-ৰোমাষ্ণ কৰিও সুখী হ’ব পৰা নাছিল ৰাজপুত। লবীবাদ বা স্বজন তোষণ, শোষণ-নিষ্পেষণ বলিউউ মায়াপুৰীৰ চৰিত্ৰ বুলি জনাৰ পাচতো যদি বঞ্চণাৰ ৰিয়েলিটিবোৰে তেওঁক দুখী-হতাশ কৰি তোলে তাৰ অৰ্থ হল, তেওঁৰ সুখভোগ বা প্ৰাপ্তিৰ অসীম অাকাংক্ষাইহে জগাই তুলিছিল জীৱনৰ অসাৰতাৰ অনুভৱ –যে বাচি থাকি অাৰু একো লাভ নাই। অৰ্থাৎ ৩৪ টা বছৰৰ অত অাশ্চৰ্যকৰ যাদুকৰী সফলতা অাৰু প্ৰাপ্তিবোৰেও সেইখিনিকে সাৰথি কৰি তেওঁৰ মনত জীয়াই থকাৰ তাগিদা জগাই তুলিব নোৱাৰিলে। অামি তেওঁৰ ফ্লপ চিনেমাবোৰক দোষ দিছো, নেপটিজমক দোষ দিছো, কিন্তু যিবোৰ চিনেমাত সুযোগ দি তেওঁক অাজি ধনবান তাৰকাত পৰিণত কৰা হ’ল সেই হিচাপবোৰৰ কি হ’ব? কোনোবাই তেওঁক গতিয়াই দিছে ঠিকেই, কোনোবাইতো অাকোৱালিও লৈছে। বলিডডৰ চৰিত্ৰই সেইটো। অমিতাভে চিনেমাত সুযোগ বিচাৰি কিদৰে শশী কাপুৰৰ পিছে পিছে দৌৰি ফুৰিছিল, হোটেলৰ গেটত, সাগৰ তীৰত খাপপিটি অাছিল,সেই কথাবোৰো অামি জানো। কেবল কণ্ঠস্বৰ ভাল নহয় বুলিয়েই অমিতাভক ‘ৰেশমা ঔৰ ছেৰা’ত বোবা চৰিত্ৰ এটাত অভিনয় কৰিবলৈ দিয়া হৈছিল। কিন্তু অমিতাভে বলিউডৰ সেই নিৰ্মম ৰিলিয়েটিক বুজি পাইছিল বাবেই তেওঁ টিকি গল। সদ্য প্ৰয়াত ইৰফান খানে প্ৰতিটো সাক্ষাতকাৰত হাঁহি হাঁহি কোৱা দেখিছো কিদৰে তেওঁ নিৰ্মম ভাবে বাৰে বাৰে প্ৰত্যাখ্যাত হৈছিল বলিডউত। অানকি বেয়া অভিনয় কৰা বুলি পাৰিশ্ৰমিকো কৰ্তন কৰা হৈছিল। নবাজউদ্দীন ছিদ্দিকীয়ে শেষ মূহূৰ্তলৈ যুঁজ দিব লগা হৈছে। ইমানৰ পাছতো বলিউডৰ এলিট ক্লাছৰ শিল্পীসমাজত কোনো দিনেই স্হান পোৱা নাই সাধাৰণ বেকগ্ৰাউণ্ডৰ শিল্পীবোৰে। ছাহৰুখ খান হবলৈ যি ধৈৰ্য অাৰু অাত্মবিশ্বাস লাগে ,সেয়া হল বলিডউৰ দৰে বজাৰ কেন্দ্ৰিক বিনোদনৰ পৃথিৱীত তিষ্ঠি থকাৰ প্ৰধান চৰ্ত। প্ৰতিভাই ইয়াত শেষ কথা নহয়, প্ৰতিভাবোৰৰ লগতে লাগিব সুখভোগ অাৰু প্ৰাপ্তিৰ উচ্চঅাকংক্ষাবোৰক নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা ক্ষমতা। ৰাজপুতৰ অাত্মহত্যাৰ ঘটনাই সুখৰ ধাৰণাটোক বিচাৰ কৰি চাবৰ বাবে অাকৌ এবাৰ মানুহৰ ওচৰত তুলি ধৰিছে।
তেনেহলে সুখ কি ?এবাৰ অামাৰ দেশৰ কংগ্ৰেছী নেতা ৰাহুল গান্ধীয়ে ভাৰতৰ দৰিদ্ৰ মানুহৰ বিষয়ে ক’বলৈ গৈ কৈছিল-দৰিদ্ৰতা হৈছে মানুহৰ ষ্টেট অৱ মাইণ্ড ( state of mind)। অামাৰ ভাৰতৰ দৰে পূঁজিবাদী বজাৰ সৰ্বস্ব দেশত দৰিদ্ৰতা অাৰু সুখ দুটা বিপৰীত মেৰুৰ বস্তু। দেশৰ এনে এক অাৰ্থিক ব্যৱস্হাপনাৰ পোষকতা কৰা নেতা এগৰাকীৰ মুখত কথাটো অৱশ্যেই সৰস কৌতুকত পৰিণত হৈছিল। কিন্তু প্ৰকৃতে তেওঁ এক দাৰ্শনিক সত্যকে কৈছিল, দৰিদ্ৰতা অাচলতেই মানুহৰ মনৰ অৱস্হা। অাপুনি কিহৰ অভাবত দৰিদ্ৰ ? এমুঠি চাউলৰ বাবে নে এখন ৰোলছ ৰয়েছ(rolls royce) গাড়ীৰ বাবে ? সেউজ প্ৰকৃতিৰ মাজত থকা বিশুদ্ধ অক্সিজেনৰ বাবে নে মেট্ৰপলিছ জীৱন এটাৰ বাবে? কিহে অাপোনাক সন্তুষ্ট বা পৰিতৃপ্ত কৰিব সেইটো যদিও চৌপাশৰ অাৰ্থিক পৰিৱেশ অাৰু সামূহিক বিচাৰধাৰাই প্ৰভাৱিত কৰে, তথাপি মানুহে যৌক্তিক চিন্তা শক্তিৰ জৰিয়তে নিজৰ সুখ নিজে তৈয়াৰ কৰি ল’ব পাৰে। কেৱল মানুহৰ মাজতে অাছে এই অাশ্চৰ্যকৰ শক্তি। যুগপৎ মানুহে নানান পদ্ধতিৰ মাজেৰে সুখৰ সন্ধান কৰিছে,অাৰু দাঙি ধৰিছে সুখৰ নানান সংজ্ঞা। সংজ্ঞাবোৰত অনেক মতানৈক্য থাকিলেও শেষত থুলমুল এটা কথাতে সকলো থমকি ৰৈছে ,সেয়া হৈছে সুখ হল মনৰ অৱস্হা। অাপুনি যদি ভাবিছে অাপুনি সুখী, তেনেহলে অাপুনি সুখী। অাৰু যদি ভাবিছে অাপুনি দুখী, তেনেহলে অাপুনি দুখী। অাজি যিসকলে ধন-সম্পত্তি-যশ-খ্যাতিৰ পিছত লৰা-ঢাপৰা কৰি সুখী হব বিচাৰিছে, কাইলৈ যদি সেইসকলক কোনো নিৰ্জন অাৰু বিচ্ছিন্ন দ্বীপ এটাত এৰি থৈ অহা যায় বাকী গোটেই জীৱনটোৰ বাবে, য’ত নিৰ্ভেজাল প্ৰকৃতি অাৰু জীৱ-জন্তুবোৰত বাদে অান একোৱেই কাষত নাথাকিব, তাত সেই মানুহখিনিয়ে কিহৰে সুখী হব লাগিব ? গছ-গছনি, ফল-ফুল ,জীৱ-জন্তুবোৰক লৈ সুখী হোৱাত বাদে তেওঁলোকৰ অাৰু জানো কিবা বিকল্প থাকিব ? তাত তেওঁলোকৰ কোনো টকা নাথাকিব,কোনো ষ্টেটাছ নাথাকিব, কোনো নাম -যশো নাথাকিব। সুখৰ সন্ধান কৰিব লাগিব সেই বিষয়- সম্পদবোৰ অবিহনেই। তেতিয়া তেওঁলোকে ব্যক্তিগত সম্পদ হিচাপে অাহৰোণ কৰিব লাগিব ধুনীয়া শিলবোৰ, চৰাইৰ ৰঙীণ পাখিবোৰ অথবা শামুকৰ খোলাবোৰ। হাজাৰ বছৰ অাগতে গৌতম বুদ্ধই কৈছিল মানুহে যদি সুখী হব বিচাৰে তেনেহলে মানুহৰ যিটো প্ৰয়োজন, সেইটো পাবলৈ কেতিয়াও বিচাৰি যাব নালাগিব। অাকাংক্ষাৰ বস্তুটো নাপালে মানুহ দুখী হব লাগে, পালেও হেৰুৱাব লাগিব বুলি সুখী হৈ থাকিব নোৱাৰে ।
অাদম স্মিথে বিশ্বাস কৰিছিল যেকেপিটেলিজম হব ব্যক্তিস্বাৰ্থক সমাজৰ সঠিক চালিকা শক্তি হিচাপে ব্যৱহাৰ কৰিব পৰা এক অামোঘ অাৰ্থিক শক্তি। মানুহে যিমানে বেছি অাপোন স্বাৰ্থক সৰোগত কৰি লব, অাৰু স্বাৰ্থপূৰণৰ প্ৰতিযোগিতাত অবতীৰ্ণ হ’ব, যিমানে উৎপাদন বাঢ়িব, পণ্য বাঢ়িব, প্ৰবৃদ্ধি বাঢ়িব, অাৰু তাৰ লগে লগে সিমানে মানুহৰ জীৱনৰ মান উন্নত হ’ব, সমাজৰ সম্পদ বৃদ্ধি পাব অাৰু মানুহৰ জীৱন সমৃদ্ধ হ’ব। অৰ্থাৎ এই কথাৰ অৰ্থই হৈছে জীৱনটো সমৃদ্ধিশালী কৰিবলৈ হ’লে মানুহ প্ৰথমে হব লাগিব স্বাৰ্থপৰ। কেবল চিন্তা কৰিব লাগিব অাত্মস্বাৰ্থ সিদ্ধিৰ হকে। self interest is the best interest. পিছে স্বাৰ্থপৰতাইনো মানুহক কলৈ লৈ গৈছে অামি দেখিয়ে অাছো। এতিয়া অামাৰ সমুখত এখন নীতিহীন বৈষম্যৰে ভৰা পৃথিৱী। এচামে চল-চাতুৰি,ভয়-ভাবুকি, দমন-নিপীড়ণেৰে অাজুৰি লৈছে সিংহভাগ সম্পদ। এচাম দিনে দিনে হৈ পৰিছে সম্পদহীন। অাজি অামাৰ ভাৰতৰ ৫০ শতাংশ মানুহৰ হাতত যিমান পৰিমানৰ সম্পদ অাছে ,সেই সমপৰিমানৰ অাছে দেশখনৰ মাত্ৰ ৯ জন ব্যক্তিৰ হাতত। পুঁজিবাদে জগাই তোলা স্বাৰ্থপৰ মানসিকতাই সকলো মানুহৰ জীৱন সমৃদ্ধ কৰিব পৰা নাই, কৰিছে এমুঠি মানুহৰহে। কিন্তু কৰুণ সত্যটো হ’ল সুখৰ মুখ সম্পদ সমৃদ্ধিবিহীন মানুহেতো দেখিবলৈ পোৱা নায়েই, সমৃদ্ধিশালী মানুহৰো সুখ মৰিচিকাৰ দৰে হৈ ৰৈছে। তেওঁলোকৰ মাজত অতৃপ্তি-হতাশা বাঢ়িছে দিনে দিনে। বিলাস-প্ৰাচুৰ্যতাৰ মাজতো সমৃদ্ধ মানুহৰ চুগাৰ-প্ৰেচাৰ বাঢ়িছে, লগতে ব্যাপক হৈ উঠিছে মানসিক অস্হিৰতাও। সুখ বিচাৰি তেওঁলোকৰ জীৱন হৈ পৰিছে দিশাহীন। ড্ৰাগছ সেৱন, মুক্ত অাৰু বহুগামী যৌনতা–এইবোৰৰ মাজত সুখৰ সন্ধানকাৰীৰ সংখ্যা বাঢ়িছে অভূতপূৰ্ব হাৰত। ভাৰত বা অান যিবোৰ দেশ বিকাশশীল অৰ্থনীতিৰ পূঁজিবাদী দেশ হিচাপে চিহ্নিত, যি দেশত মানুহৰ সমৃদ্ধিক money income বা GDPৰে বুজোৱা যায়, তেনে দেশত অসুখী,পাগল, অত্মহত্যাৰ প্ৰৱণতাকাৰী মানুহৰ সংখ্যা দিনে দিনে উৰ্ধমুখী হৈ পৰিছে। তেনে দেশবোৰত বজাৰৰ ৰঙ-বিৰঙী পণ্যৰ ভিৰৰ মাজত ধীৰে ধীৰে কৰ্পূৰৰ দৰে বিলীণ হৈ গৈছে সুখবোৰ। সুখৰ ছদ্মৱেশেৰে মানুহৰ মাজত থিতাপি লৈছে কেবল অসীম অাকাংক্ষাবোৰ–অনিডাৰ সেই নম্ৰ-শান্ত-সুদৰ্শন অথচ কুটিল পিশাচটোৰ দৰে।

One thought on “সুখ,ভোগ অাৰু সুগন্ধি যৌনতা

  1. বহুত ভাল লাগিল আপোনাৰ এই লেখাটো।
    মাত্ৰ এটা কথা জানিব খুজিছো, এচাম মানুহ আছে যি মাজতে আৱদ্ধ,তেওঁলোকে এই পুঁজিবাদী ব্যৱস্থাত অভ্যস্ত হৈও মানুহৰ কষ্ট, অন্যায়,শোষণৰ বিৰুদ্ধে চটফটাই থাকে, কিন্তু এই ব্যৱস্থাৰ ৰ পৰা ওলাব নোৱাৰে। যাৰ কাৰণে তেওঁলোক প্ৰতিপলে অসুখী। এয়া এক মানসিক বিকাৰ নে এই নব্য পুঁজিবাদৰ ফল।

    Like

Leave a comment

Design a site like this with WordPress.com
Get started