
গাৱ ৱেংগি(Gao wengui)ৰ বয়স প্ৰায় পঞ্চাছ বছৰ, চীনত শি জিনপিং শাসনলৈ অহাৰ পাচত পৰিবৰ্তিত অাৰ্থিক নীতিৰ সুযোগ লৈ যিসকল সুযোগ সন্ধানীয়ে ৰাতিটোৰ ভিতৰতে ধনাঢ্য ব্যৱসায়ীত পৰিণত হৈছিল তাৰ ভিতৰত গাৱ ৱেংগি অাছিল অন্যতম। চীনৰ প্ৰথম ১০০ জন ধনবানৰ তালিকাত তেওঁ নাম সুমুৱাবলৈ সক্ষম হৈছিল জীৱনৰ ৪৫ টা বছৰ নৌ হওতেই। ৰাজনৈতিক ক্ষমতাৰেও বলিয়ান হৈছিল, সমাজ সেৱকৰ ৰূপতো দেখা গৈছিল তেওঁক। তাৰ পাচতে চীনা পিপুলছ পাৰ্টিৰে মধুচন্দ্ৰিকাৰ অন্ত পৰে। ৰোষত পৰে তথাকথিত কমিউনিষ্ট চৰকাৰৰ। দুনীৰ্তি ,লুণ্ঠণ, ব্যভিচাৰ,ধৰ্ষণ নানানটা অভিযোগত দোষী সাব্যস্ত কৰা হল গাওক। বিপদ বুজি ২০১৪ চনত গাও পলাই যায় অামেৰিকালৈ। লগত অাৰ্জিত টকাৰ পাহাৰখন। সেই টকাবোৰ এইবাৰ খটুৱালে অামেৰিকাৰ পূঁজি বজাৰত। অাৰু এনেদৰেই এই বৃহৎ পূঁজিবাদী দেশখনতো এজন শক্তিশালী কৰ্পোৰেট টাইকুনত পৰিণত হল একালৰ এই চীনা ব্যৱসায়ীজন।

এই হল চীনা পূঁজিপতিৰ বিকাশ-বিস্তাৰৰ কাহিনী। কাহিনীটো বিক্ষিপ্ত। কিন্তু যদি গাৱৰ উত্থান-পতন অন্য দৃষ্টিকোণৰে চাও, দেখিম চীনৰ অাৰ্থিক বিকাশৰ অাঁৰত প্ৰকৃততে অাৰু কিছু সত্যও লুকাই অাছে। এফালে সমাজবাদৰ নাম, অানফালে দুৰ্নীতি-ব্যভিচাৰ। ধন অাৰু ৰাজনীতিৰ বলেৰে উত্থান ঘটা এটা নতুন শ্ৰেণী। তেনেহলে সমাজবাদ কত ? কত শ্ৰেণীহীন সমাজ? যি নহওক, চীনত পিছে শাসিত বা নিৰ্ধনীৰে যে জীৱন শ্বাসৰুদ্ধ, তেনে নহয়। দেখা গৈছে যে চীনৰ বহু ধনবান চীনা মানুহ, অানকি বিলিয়নাৰ মিলিয়নাৰ সকলেও অাজি কালি অাৰু চীনত থাকিব নোখোজে। অামেৰিকা, কানাডা, ইংলেণ্ড,অষ্ট্ৰেলিয়া, বা ইউৰোপৰ অায়াৰলেণ্ডৰ দৰে দেশলৈ গৈ ব্যৱসায়-বাণিজ্যৰে তাতে বাকী জীৱনটো পা-পৰিয়ালৰ সতে কটাব খোজে শান্তিৰে। বহুতে ইতিমধ্যে দেশ এৰিছেও। ইফালে এনে ধনবান চীনাকো সেই দেশসমূহে অাগ্ৰহেৰে দিছে নাগৰিকত্ব। কাৰণ ধনী চীনাৰ হাতত অাছে সম্পদ, প্ৰচুৰ সম্পদ।

নিজৰ দেশখনে দোপতদোপে উন্নতি কৰিছে, বিশ্বৰ ১ নম্বৰ ধনীদেশত পৰিণত হবলৈ গৈ অাছে, তথাপিতো চীন এৰি গুচি যোৱাৰ প্ৰৱণতা ধনবান চীনাসকলৰ মাজত কিয় দেখা দিছে? ইয়াৰ কাৰণ কি? কাৰণ এয়াই যে চীনত টকা ঘটিব পাৰি, কিন্তু ভোগ কৰিব নোৱাৰি।ভোগ মানে কেবল বৈষয়িক ভোগ নহয়, স্বাধীনতাৰ ভোগ। এজন মুক্ত মানুহ হিচাপে, মানৱ অধিকাৰ ভোগ কৰাৰ কোনো সুযোগ নাই চীনত। অানহে নালাগে মাত্ৰ এটা সৰু উদাহৰণ দিয়া যাওক, অাপুনি যদি চীনত বসবাসকাৰী এজন চীনা নাগৰিক, অাৰু অাপোনাৰ হাতত যদি ধন অাছে, তথাপিতো অাপোনাৰ লৰা-ছোৱালীক দেশখনত থকা কোনো বিদেশী অান্তৰ্জাতিক স্কুল-কলেজত পঢ়ুৱাব নোৱাৰিব। পঢ়ুৱাব লাগিব দেশীয় চৰকাৰী স্কুলত। কথাটোতো এনে হ’ব নোৱাৰে তুমি পূঁজিবাদো মেলি দিবা অাৰু অাকাংক্ষাবোৰকো নেলু চেপি ধৰি থাকিবা। হাতত পইছা অাছে যেতিয়া ধনবান সকলে উন্নত স্কুলত ল’ৰা-ছোৱালীক পঢ়ুৱাব বিচাৰিবই, লৰা-ছোৱালীৰ বাবে নামী স্কুলৰ চাৰ্টিফিকেটত অাশা কৰিবই। কেবল এয়াই নহয়, ই মাত্ৰ এটা উদাহৰণ হে। চীনত ধনঘটাৰ অধিকাৰ দিয়া হৈছে দেশক ধনবান কৰাৰ স্বাৰ্থত, নাগৰিকৰ জীৱনৰ মান কিমান ধনী হল সেয়া মূল কথা নহয়। ব্যক্তি স্বাধীনতাত অাছে কমিউনিষ্ট শাসকৰ লেকাম। চৰকাৰ বা কমিউনিষ্ট দলটোৰ কাম কাজ বেয়া লাগিলেও অাপুনি নিৰবে সহ্য কৰিব লাগিব, মুকলি ভাবে বিৰোধিতা কৰা, প্ৰতিবাদ কৰা, সমালোচনা কৰাৰ কাৰোৰ কাৰো অধিকাৰ নাই।

চীনত সম্প্ৰতি ধনী-দৰিদ্ৰ, ক্ষমতাবান অাৰু সাধাৰণ এই দুই শ্ৰেণীৰ ব্যৱধান কিদৰে বাঢ়ি অাহিছে সেই কথা জানিব পৰা যায় Jia Zhangkeৰ দা ৱৰ্ল্ড, ষ্টিল লাইফ, অাননোন প্লিজাৰ, টাচ্ছ অব চিন অাদি চিনেমাবোৰৰ পৰা। তেনেধৰণৰ বেছ কিছু চিনেমা অাছে যত চীনৰ প্ৰকৃত প্ৰগতিৰ ছবিখন প্ৰত্যক্ষ কৰিব পৰা যায়। চাইনা ব্লু নামৰ এখন তথ্যচিত্ৰত উন্মোচিত হৈছে কিদৰে গঞা চীনাই সৰ্বস্বান্ত হৈ চহৰলৈ কাম বিচাৰি প্ৰৱজিন কৰিছে। বাধ্য হৈছে ন্যুনতম মজুৰিত দুৰ্বিসহ শ্ৰমিক জীৱন গ্ৰহণ কৰিবলৈ অাৰু অাৰু বলি হৈছে ভয়াবহ শ্ৰম শোষণৰ তথ্যচিত্ৰৰ শ্বুটিং কৰা হৈছে গোপনে।

সেই যে ত্ৰিছ বছৰ অাগতে তিয়ানমেন স্কোৱেৰৰ ঘটনাটো, চীনৰ দমন-নিপীড়ণমূলক কমিউনিজম শাসনৰ পৰা মুক্ত হবলৈ ছাত্ৰ সমাজ একত্ৰিত হৈছিল, গণতন্ত্ৰ প্ৰতিষ্ঠাৰ চেষ্টাত প্ৰাণ দিছিল কমেও ১০০০০ মানুহে–কমিউনিষ্ট শাসকৰ এই দমন অাজিও অন্ত পৰা নাই, ‘চীন শাসকে সকলোকে শাসনৰ বুটজোতাৰে গচকি ধৰি ৰখাৰ মাজেৰেই দেশখনৰ বিকাশ ঘটাব বিচাৰে ।

বহুতে ভাবে যে চীন এখন কমিউনিষ্ট ৰাষ্ট্ৰ। কিন্তু কথাটো সমূলি অসত্য। চীনে অাৰ্থিক নীতি সলনি কৰি খুৱ চদ্মৱেশী কৌশলেৰে কেতিয়াবাই কমিউনিজমৰ পথ পৰিত্যাগ কৰিলে। চীনৰ উদ্যোগত এনেধৰণেও যে পূঁজিবাদ হ’ব পাৰে হয়তো অামেৰিকা কিয় মাৰ্ক্স কিংবা অাদম স্মিথেও চাগে অনুমান কৰিব পৰা নাছিল। পিছে চীনত অাগতেও যে কিবা প্ৰকৃত কমিউনিজম প্ৰবৰ্তিত হৈছিল তেনেও নহয়। শ্ৰেণী বৈষম্যবোৰ অাছিল বেলেগ বেলেগ ৰূপত। কমিউিনিজমৰ নামত এক বিশেষ ধৰণৰ স্বৈৰতন্ত্ৰী শাসনহে স্হাপন হৈছিল। সমাজবাদী নীতি বলবৎৰ নামত সামূহিক উৎপাদনৰ অচিলাৰে ৰাষ্ট্ৰই প্ৰকৃততে এক বিশেষধৰণৰ ৰাষ্ট্ৰীয় পূঁজিবাদৰে জন্ম দিছিল। সৰ্বসাধাৰণৰ শ্ৰমশক্তিক ব্যৱহাৰ কৰা হৈছিল গাধৰ দৰে খটুৱাই–সৃষ্টি কৰা হৈছিল এক বিশেষ ধৰণৰ চদ্মৱেশী শ্ৰমিক।


মানুহৰ শ্ৰেণীগত সমতাবোৰ অামাৰ ভ্ৰম্যমাণ থিয়েটাৰৰ ছেটিঙছৰ দৰেহে অাছিল–দৰ্শকক দেখুৱালৈ কাৰ্ডবোৰ্ডত অাঁকি লোৱা যেন মহাজনৰ ধুনীয়া ঘৰটোহে। অামাৰ মানুহবোৰ চীনলৈ অামন্ত্ৰিত হৈ তাকে দূৰৰ পৰা চায়, বিমুগ্ধ হয় অাৰু ঘৰলৈ অাহি লিখে চীন ভ্ৰমণৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা। সেইবোৰে চীনৰ কমিউনিজৰ নকল ৰূপ এটা ইমান দিনে অামাৰ মনৰ মাজত প্ৰতিষ্ঠা কৰিছিল।
যি নহওক, তথাপি এই কথা স্বীকাৰ কৰিব লাগিব যে সামন্তপ্ৰথাৰ যাতনাদায়ক শোষণ অাৰু কলনিয়েল দাসত্বৰ গ্লানি অাঁতৰাবলৈ মাও জে ডুঙে কৰা মুক্তিৰ প্ৰয়াসৰ নাৰ্যতা অৱশ্যেই অাছিল। কিন্তু নতুন জীৱনৰ অাকাংক্ষাত সাধাৰণ দৰিদ্ৰ অনাখৰী ভূক্তভোগী মানুহ ইমানে মুক্তিৰ অানন্দত মতলীয়া হৈ পৰিছিল যে মাওৰ লংমাৰ্চ বা সাংস্কৃতিক বিপ্লৱ হৈ পৰিছিল এক মজাদাৰ এডভেঞ্চাৰৰ দৰে। সাধাৰণ জনগণৰ দ্বাৰা গঠিত ৰেড অাৰ্মিৰ নিষ্ঠুৰতাই এনে পৰ্যায় পাইছিল যে ‘প্ৰতিবিপ্লৱী’ অাখ্যা দি নিজৰ শিক্ষকক পৰ্যন্ত হত্যা কৰিছিল অাৰু এনেও ঘটনা ঘটিছিল যে সেই মৃত শিক্ষকজনৰ মঙহ ভক্ষণ কৰিহে বিপ্লৱীসকলে শান্তি পাইছিল।

সেই বিভীষিকাময় দিনবোৰৰ কৰাল ছায়া বহুকাল পাচতো অাঁতৰি যোৱা নাছিল। গণতন্ত্ৰ বা মানৱীয় অধিকাৰৰ কথা কোৱা সকলক চীনৰ কমিউনিষ্ট চৰকাৰে যি নিপীড়ণ চলাইছিল সেয়া ষ্টেলিনৰ বৰ্ববৰতাকো কেতিয়াবা চেৰাই গৈছিল। ফলত বহু চীনাই দেশ এৰি পলাই যাবলৈ বাধ্য হৈছিল। ইয়াৰ ভিতৰত অাছিল শিল্পী-সাহিত্যিকসকলো। ‘ছোল মাউন্টেইন’ৰ ৰচিয়তা নবেল বিজয়ী গাও জিয়াং জিয়ে বন্দিজীৱন কটাই শেষত এনে অত্যাচাৰৰ ফলতে ১৯৮৯ চনত গ্ৰহণ কৰিছিল ফ্ৰান্সৰ নাগৰিকত্ব। পৰিস্হিতি অাজিও সলনি হোৱা নাই। সৌ সিদিনা কোৰোণা ভাইৰাচৰ প্ৰথম উপস্হিৰতিৰ কথা সদৰি কৰি দিয়া বাবে উহান প্ৰদেশৰ চিকিৎসক লী ৱেনলিয়াঙক প্ৰাণে মৰাৰ ভাবুকি দি ব্যাপক হাৰাসাস্তি কৰা হৈছিল । এই প্ৰসংগতে চীনৰ ছিনচিয়াং অঞ্চলকে ধৰি তাৰিম বেচিনত বসবাস কৰা তুৰ্কীমূলীয় মুছলমান উইঘুৰৰ জনগোষ্ঠী নিঃশেষ কৰিবলৈ শি জিনপিং চৰকাৰখনে যি চক্ৰান্ত কৰিব লাগিছে, সিবোৰে হিটলাৰ অামোলৰ নাজী নিৰ্মূলকৰণৰ ঘটনাবোৰ মনত পেলাই দিয়ে। অৰ্থাৎ চীনৰ তথাকথিত সমাজবাদে প্ৰজাতিতত্ব অাৰু সাম্প্ৰদায়িকতত্বতো বিশ্বাস কৰে।

অাজি বিশ্বৰ কট্টৰ কমিউনিষ্ট সকলোকো যদি বাকী জীৱনটো কটাবলৈ দুখন দেশ বাচনি কৰি দিয়া হয়–তাৰে যদি এখন হয় অামেৰিকা অাৰু অানখন চীন, সম্ভৱতঃ নিষ্ঠাবান কমিউনিষ্ট সকলে অামেৰিকাকে বাছি ল’ব। কাৰণ চীনত কমিউনিজমো নাই, গণতন্ত্ৰও নাই। কিন্তু অামেৰিকাত অন্তত গনতান্ত্ৰিক স্বাধীনতা অাছে। কমিউনিজমৰ পথ পৰিহাৰ কৰি কিয় শেষত চীনে এক নতুন ধাৰাৰ পূঁজিবাদ গ্ৰহণ কৰিলে তাৰ ঐতিহাসিক পটভূমিনো কি,সেয়া এক অন্য বিষয়। সেয়া অামাৰ অালোচনাৰ প্ৰসংগ নহয়। অামি কেবল সাম্প্ৰতিক সময়ত চীনে পূঁজিবাদী অাদৰ্শৰে সাম্ৰাজ্যবাদ কিমান ভয়াবহভাবে অাগ্ৰাসী কৰি তুলিছে তাকেহে ক’ব খুজিছো।
কিছু বছৰ অাগতে চীনে শ্ৰীলংকাৰ উন্নয়ণৰ বাবে এক বৃহৎ পৰিমাণৰ ধন ঋণ দিছিল। সেই ঋণ অাৰু সূঁত ওভতাই দিব নোৱাৰি কলম্বো চৰকাৰে হামবানটোটো নামৰ বাণিজ্যিক বন্দৰটো চুক্তি অনুসৰি চীনক এৰি দিব লগা হয়। চীনে এই ফান্দখন সকলোতে পাতিছে। উৎকোচ-প্ৰলোভনেৰে অনুন্নত দেশসমূহৰ চৰকাৰখনক প্ৰথমে হাত কৰিছে, সৈমান কৰাইছে বিপজ্জনক চুক্তিত স্বাক্ষৰ কৰিবলৈ। সেই চুক্তি অনুসৰি বৃহৎ ঋণ লবলৈ বাধ্য কৰি বন্ধকীত লৈছে কোনো বন্দৰ বা ভূ-ক্ষেত্ৰ।


অাফ্ৰিকাৰ জিবুটিত চীনে এনেদৰে বন্দৰ দখল কৰাকলৈ অামেৰিকা-ইংলেণ্ডৰ সতে বেছ অঁৰিয়াঅৰি হৈছিল। চীনা কোম্পানি মাৰ্চেন্টছ পোৰ্ট হোল্ডিঙছৰ হাতলৈ গৈছে বন্দৰটোৰ কতৃত্বৰ ভাৰ। অাজি জিবুটিৰ ভাগ্য নিৰ্ভৰ কৰিছে চীনৰ বিনিয়োগৰ ওপৰত। অলপতে অাফ্ৰিকাৰ এই ক্ষুদ্ৰ অনুন্নত দেশখনত চীনে অান্তঃগাঠনি নিৰ্মাণৰ বাবে দিছে ১৪০ কোটি ডলাৰ। এই ধন হৈছে জিবুটিৰ মুঠ ঘৰুৱা উৎপাদন (GDP)ৰ ৭৫ %। একেটা টোপ গিলি কেনিয়াও চীনৰ হাতত বন্দী হৈছে। ঋণ পৰিশোধ কৰিব নোৱাৰি কেনিয়াই চীনক এৰি দিছে গুৰুত্বপূৰ্ণ মোম্বাচা বন্দৰ। কেনিয়াই ৰেলপথ সম্প্ৰসাৰিত কৰিবলৈ ধাৰ লৈছিল চীনৰ পৰা। এই ধাৰ দিছিল চীনৰ ৰাষ্ট্ৰয়াত্ত একজিম বেংকে। অাচলতে চুক্তিখন এনেদৰে কৰা হৈছিল যাতে শেষত চিকাৰ অাহি চীনৰ পিঞ্জৰাত সোমাই পৰে। এতিয়া কেনিয়াই হাত দাঙি দিছে পইচা ওভতাব নোৱাৰো বুলি। বিনিময় সপি দিছে মোম্বাছা বন্দৰৰ অধিকাৰ। (অবশ্যে মাত্ৰ দুদিন অাগতে অামেৰিকাৰ কূটনৈতিক হেঁচাত কেনিয়াই চীনৰ বাণিজ্যিক চুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰিছে।)

তেনেদৰে জাম্বিয়াৰ বিমান বন্দৰ কেনেথ
কৌণ্ডাও একে কৌশলেৰে চীন নিছে নিজৰ দখললৈ। ডকুম বন্দৰ, ওমানৰ মাছকটৰ ওপৰিও বাংলাদেশ পাকিস্তানৰ বন্দৰ পৰ্যন্তত চীনৰ ধন বিনিয়োজিত হৈছে। কেনিয়াত ৩২০কোটি ডলাৰৰ ৰেলপথ,গিনিত ৫৪২ মিলিয়ন ডলাৰৰ জলবিদ্যুৎ প্ৰকল্প, ইথিওপিয়াত ৪৭ কোটি ৫০ লাখ ডলাৰৰ ৰেলপথ, নাইজেৰিয়া অাৰু জিম্বাৱোৱেত ৰেল ৱ্যৱস্হাৰ অান্তঃগাঠনি নিৰ্মাণৰ বাবে চীনে বিনিয়োগ কৰিছে ৫.৫ বিলিয়ন ডলাৰ! ইত্যাদি। এয়া অাফ্ৰিকাত চীনা বিনিয়োজনৰ কিছু অাংশিক তথ্য। এই ধন দিছে চীনৰ ৰাষ্ট্ৰয়াত্ত বেংকে। ২০১৫ চনত চীনে অাফ্ৰিকাৰ উন্নয়ণৰ বাবে ১ হাজাৰ কৌটি ডলাৰ ঋণ দিছে। অাৰু সেই একেটা বছৰত মহাদেশখনত বিভিন্ন বাণিজ্যিক খণ্ডত বিনিয়োগ কৰিছে ৩০০ কোটি ডলাৰ। ২০০৫ চনত অাফ্ৰিকাৰ চীনৰ পৰা লোৱা ঋণৰ পৰিমাণ অাছিল ২ বিলিয়ন ডলাৰ, অাজি ২০১৬ চনত এই পৰিমাণ হয় ৩০ বিলিয়ন ডলাৰ। কেবল এইবোৰেই চীনৰ অাফ্ৰিকা দখলৰ কৌশল নহয়, অাফ্ৰিকা ইউনিয়নৰ সামৰিক তহবিল, অাফ্ৰিকাৰ বাবে ৰাষ্ট্ৰসংঘৰ শান্তি অাৰু উন্নয়ণ পূঁজিলৈকো অকাতৰে চীনে বৰঙণি দি অাহিছে।

যি নহওক এনেদৰে অাফ্ৰিকাৰ বন্দৰ কৃষি ভূমি বা খনিজ সম্পদত চীনে খুৱ সন্তৰ্পণে কুক্ষিগত কৰাত লাগিছে তেওঁলোকৰ চতুৰ ৰাজনীতিৰ সহায়েৰে। কিছুবছৰ অাগতে নাইজেৰিয়ালৈ গৈ ব্ৰিটিছ বৈদেশিক মন্ত্ৰী জেক ষ্ট্ৰই কৈছিল যে ১৫০ বছৰ অাগতে ব্ৰিটেনে অাফ্ৰিকাত যি কৰিছিল, সেয়া অাজি চীনে কৰিব লাগিছে। অৰ্থাৎ তেওঁ মুকলি ভাবে নিজৰ অতীতৰ দুস্কাৰ্যৰ কথা স্বীকাৰ কৰি চীনৰ বিৰুদ্ধে ঔপনিৱেশিক লুণ্ঠনৰ অভিযোগ অানিছে।
অাফ্ৰিকাত চীন সোমাইছে এডেও দুডেও লোটা নিওৰ কৌশলেৰে। প্ৰথমে ত্ৰাণকৰ্তাৰ ৰূপত,তাৰপাচত লুণ্ঠনকাৰীৰ ৰূপত। অাফ্ৰিকাৰ কেবাখনো দেশত চীনে উন্নয়ণৰ নামত সাহাৰ্য অাৰু সহজ ঋণ দি দেশবাসীৰ বিশ্বস্ত হৈ লৈছে। মানুহক দিছে সস্তাৰ পণ্য। অাজি প্ৰায় সমগ্ৰ মহাদেশখনত ইন্টাৰনেট অান্তঃগাঠনি গঢ়ি দিছে হুৱাৱে,জেডটি, বা চায়না টেলিকমে। অাগতে যি অাফ্ৰিকাৰ মানুহে প্ৰতি ১ বাইট ডাটাৰ বাবে উপাৰ্জনৰ অাঠ শতাংশ খৰচ কৰিব লগা হৈছে,এতিয়া সেই ডাটা চীনে দিছে প্ৰায় অাধা মূল্যত। কেবল এয়াই নহয় স্কুল-কলেজ, হাস্পতাল–এইবোৰো চীনৰ ধনেৰে শ্ৰীবৃদ্ধি সম্ভৱ হৈছে। বিনিময়ত চীনে দেশসমূহত পণ্য বেচাৰ সুযোগ পাইছে। কেঁচামাল সস্তাত কিনি সেই কেঁচামালেৰে তৈয়াৰী পণ্য তেওঁলোককে বিক্ৰি কৰিছে, নিজৰ বজাৰ পাতিছে অাৰু অাফ্ৰিকাৰ মানুহক চীনা পণ্যৰ প্ৰতি অাসক্ত কৰি তুলিছে। অাজিৰ হিচাপত ১০০০০ৰো অধিক চীনা কোম্পানিয়ে থিতাপি লৈছে অাফ্ৰিকাত। কম মজুৰিত অাফ্ৰিকাৰ দৰিদ্ৰৰ শ্ৰমিকক কামত খটুৱাই কল-কাৰখানাও স্হাপন কৰা হৈছে। সেই কল-কাৰখানাৰ কেঁচা মালো সংগ্ৰহ কৰিছে অফ্ৰিকাৰ পৰাই। চীনৰ অাকাংক্ষা এতিয়া অসীম। গোটেই বিশ্বজুৰি তেওঁলোকে নিজৰ এখন একছত্ৰী বজাৰ পাতিব খোজে। এই অভিলাষী অাকংক্ষাৰ এক বাস্তৱ ৰূপ হল চাৰি হাজাৰ কোটি ডলাৰ সাপেক্ষ অভিলাষী অাচনি “ৱান বেল্ট ৱান ৰোড”। ৬০ খন দেশক এটা বিশেষ পথেৰে সংযোগ কৰা হব, ই হব কেতিয়াবা স্হল (ৰেল)পথ, কেতিয়াবা জলপথ। এনেদেশৰ ভিতৰত অাছে অাফ্ৰিকাৰ দেশো। চীনৰ বিশাল কাৰ্গো জাহাজবোৰ অফ্ৰিকাৰ বন্দৰত যেতিয়া ৰব, সেই বন্দৰ হ’ব চীনৰ নিজা। কোনেও মূৰ ঘমাব নোৱাৰিব। ইমান দিনে ককেচীয় শ্বেতাংগৰ দাসত্ব মানি জীৱন কটোৱা অাফ্ৰিকাৰ মানুহেও বিচাৰিছে অামেৰিকা বা ইউৰোপৰ অাৰ্থিক অাধিপাত্য ওফৰাই দিবলৈ। অাদৰি লৈছে মংগোলয়ড চীনাক। চীনেও ইয়াৰ সুযোগ লৈছে। যি কাম কৰিবলৈ বিশ্ববেংক বা বিশ্ব বাণিজ্য সংস্হাই সদায়ে কুণ্ঠাবোধ কৰি অাহিছিল, সেই কাম কোনো দ্বিধা নকৰি কৰিছে চীনে– উন্নয়ণৰ বাবে দুয়োহাতে দিছে কম সূদৰ ঋণ। অাফ্ৰিকাৰ বাবে চীন কিমান অাপোন মন কৰিব–১৯৭১ চনত ৰাষ্ট্ৰসংঘত টাইৱানৰ সাৰ্বভৌমত্ব প্ৰসংগত ভোট হৈছিল। চীনক শলঠেকত পেলাবলৈ কৰা সেই চেষ্টাত অামেৰিকাক সহায় কৰিছিল অাফ্ৰিকাৰ ৩৫ খন দেশে। ২০০৭ চনত অাকৌ এবাৰ ভোট হল চীনৰ মিত্ৰ দেশ দঃকোৰিয়াৰ মানৱ অধিকাৰ প্ৰসংগত। এইবাৰো চীনৰ প্ৰতিদ্বন্দ্বী অামেৰিকা। কিন্তু ভোটৰ পাচত দেখা গ’ল অামেৰিকাৰ পক্ষ লৈছে অাফ্ৰিকাৰ মাত্ৰ ১১খন দেশে, বাকী সমস্ত অাফ্ৰিকান দেশে হয় ভোট চীনৰ সপক্ষে দিছে, নহয় ভোট দানৰ পৰা বিৰত অাছে। চীনৰ এই অাফ্ৰিকা বিজয় বহু দীৰ্ঘম্যাদী পৰিকল্পনাৰ ফল।

একালত চীনে অামেৰিকান সাম্ৰাজ্যবাদ অাৰু পূঁজিতন্ত্ৰৰ শোষণৰ বিৰুদ্ধে এনে দূৰ্গত দেশৰ ৰক্ষকৰ বেশত অবতীৰ্ণ হৈছিল, এতিয়া সেই চীনেই পূঁজিবাদী শোষকৰ ৰূপলৈ লুণ্ঠণ চলাবলৈ লৈছে । লুণ্ঠণ বিশ্বৰ প্ৰান্তে প্ৰান্তে। ইফালে চীনত দঃক্ষিণ পূৱ এচীয়াত দখলদাৰিত্বৰ ঘটনাও বহু পূৰণা। এই ভূখণ্ডত ভাৰতৰ প্ৰভাৱ উৎখাত কৰিবলৈ চীনে অহৰহ চেষ্টা চলাই গৈছে। ১৯৬২ চনত চীন ভাৰতৰ যুঁজৰ অাঁৰৰ অান এটা কাৰণো অাছিল ম্যানমাৰকলৈ দুয়োখন দেশৰ মাজত হোৱা টনা অাজোৰা। এতিয়া চীন কেবল ভাৰত বুলিয়েই নহয়, কাকো সুযোগ দিব নোখোজে। দক্ষিণ-পূৱ এচীয়াৰ দেশত এক বিশাল অৰ্থনীতিৰ জাল মেলি দিছে চীনে। চীনা কোম্পানিবোৰ সেই দেশলৈ স্হান্তৰিত কৰিছে। ছিংগাপুৰ বেংককত চীনা বিলিয়ানাৰবোৰে বাহৰ পাতিছে। অাৰু এই ভূ-মণ্ডলত অানকি ৰাজনীতিৰ বাঘজৰীও হাতলৈ নিয়াৰ চেষ্টা চলাইছে চীনে। এই অঞ্চলত গঢ়ি উঠা চোৰাং অস্ত্ৰ অাৰু ড্ৰাগছৰ ভয়াবহ অান্তজাৰ্তিক বজাৰখনৰো নেতৃত্ব লৈছে চীনে। এনে দেশৰ বন্দৰ সমূহ ৱান বেল্ট ৱানৰোডত সুমুৱাই লবলৈ চলবল প্ৰয়োগ কৰিছে।
ভাৰতৰ সতে এখন সংঘৰ্ষৰ উকমুকনি চলিয়ে অাছিল। নেপাল তিবৰ্বতৰ মাজেৰে পাকিস্তানলৈ ৰেলপথ বহুৱাই চীনে যি “চিল্কৰুট” পুৰ্ণনিৰ্মাণ কৰিবলৈ উঠিপৰি লাগিছে, তাৰ পৰিণতিকলৈ ভাৰতৰ ভয় মুঠেও অমূলক নহয়। পিছে এই অাঁচনি চীনে বন্ধ কৰাৰ অাশা নাই। চীনক সাম্ৰজ্যবাদৰ নিচাই ধৰিছে।

সকলোৱে জানে যে চীনে ৰেলপথ নিৰ্মাণ কৰিছে সুদূৰ ইউৰোপলৈ। চীনৰ yiwu ৰ পৰা লণ্ডনলৈ অাৰু yiwuৰ স্পেইনৰ মাদ্ৰিদলৈ বিশ্বৰ দুটকৈ দীৰ্ঘতম ৰেলপথ (ক্ৰমে ১২০০০ অাৰু ১৩০০০ কিমি) নিৰ্মাণেৰে অাশ্চৰ্যকৰ শক্তিৰ প্ৰমাণ দি চীনৰ পণ্য ইউৰোপৰ বজাৰত সহজলভ্য কৰি তুলিছে। এয়া হৈছে চীনা অাগ্ৰাসনৰ নমুনা। এই অাগ্ৰাসনকে সম্পূৰ্ণ কৰিবলৈকে যোৱা এটা দহকত চীনে ১১২ দেশত প্ৰায় ৬০০ টা বৃহৎ প্ৰকল্পত পইচা যোগান ধৰিছে। এহাতে দান দি দুয়োহাতে অাজুৰি লোৱাই চীনৰ নীতি।
কিছুদিন অাগলৈ অামেৰিকাই যিদৰে তেল অাৰু অন্যান্য প্ৰকৃতিক সম্পদৰ বাবে লেটিন অামেৰিকাত অৰ্থনৈতিক উপনিবেশ পাতিছিল চীনেও সেই একেই উপনিবেশ পাতিবলৈ লৈছে কিছু ভিন্ন মাৰ্জিত কৌশেলেৰে। ভেনিজুৱেলাৰ তেলৰ ভাণ্ডাৰ কুক্ষিগত কৰিবলৈ চীনে সন্তৰ্পনে এই দেশখনৰ সাহাৰ্যকাৰী দেশৰ ভূমিকা লৈছে। চীন বৰ্তমান ভেনিজুৱেলাৰ প্ৰধান বিনিয়োগকাৰী অাৰু অামেৰিকাৰ পাচতে দ্বিতীয় তেল অামদানিকাৰী দেশ। ইয়াকে দেখি চাটিফুটি মৰিছে অামেৰিকা। বিভিন্ন দেশক হেঁচা দিছে যাতে চীনৰ লগত ব্যবসায় নকৰে। মেক্সিকো অাৰু কানাডাৰ সতে এই সন্দৰ্ভত ত্ৰিপাক্ষিক চুক্তিও কৰিছে। মিছৰ তুৰস্ককো হকা বধা কৰিছে। ইউৰোপীয় ইউনিয়নক বুজনি দিছে। নিজৰ দেশত চীনা পণ্যৰ কৰ বৃদ্ধি কৰা হৈছে দুশ শতাংশলৈ। তথাপিতো চীনৰ অাগ্ৰাসন ৰুধিব পৰা নাই। অাজি চীনৰ যি হাৰত অৰ্থ শক্তি বৃদ্ধি পাইছে, হয়তো কৰোণা মহামাৰী নিয়ন্ত্ৰণলৈ অহাৰ পাচতে বিশ্বৰ ১ নম্বৰ ধনী দেশত পৰিণত হ’ব। অাৰু সমগ্ৰবিশ্বক নিয়ন্ত্ৰণ কৰিবলৈ ল’ব। এইকাম সহজতৰ কৰি তুলিব তেওঁলোকৰ ক্ৰমবৰ্ধমান সামৰিক শক্তিয়ে।
স্পষ্টতঃ চীনক এতিয়া অাৰু ইমান সহজে প্ৰতিৰোধ কৰা সম্ভৱ নহয়। সকলোৱে বুজি উঠিছে যে সেই ক্ষমতা এতিয়া অামেৰিকাৰো নাই। বৰং ক’বলৈ মাৰ্কিন পূঁজি অৰ্থনীতিৰ ভবিষ্যত চীনৰ ওপৰতো নিৰ্ভৰশীল। যুক্তৰাষ্ট্ৰৰ ট্ৰেজাৰি বণ্ডৰ বৃহৎত্তম ক্ৰেতা হৈছে চীন। সেই সূত্ৰে অামেৰিকা যুক্তৰাষ্ট্ৰ অাজিৰ তাৰিখত চীনৰ ওচৰত কমেও ১ ট্ৰিলিয়ন ডলাৰত কৈয়ো বেছি ধৰুৱা। চীনে যোগান ধৰা পণ্য সামগ্ৰীবোৰ যদি ৱালমাৰ্ট বা অামাজানে বিক্ৰি কৰিবলৈ নাপায়,তেনেহলে তেওঁলোকৰ ব্যৱসাত বাৰটা বাজিব। ইউৰোপ অাৰু ইউৰো জোনৰ বাহিৰতো চীনে প্ৰাচুৰ্য শক্তিৰে বহু বিদেশী ব্যৱসায়িক প্ৰতিষ্ঠান কিনি লৈছে। চীনক বাদ দি বিশ্ব অৰ্থনীতিৰ গতিপ্ৰবাহ স্তধ্ব হৈ পৰিব। অৰ্থাৎ উদাৰ পূঁজিবাদ এতিয়া চীনা উদ্ভাৱিত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত পূঁজিবাদৰ ওচৰত ভিজা মেকুৰিত পৰিণত হৈছে। ৭০ৰ দহকত বিখ্যাত পিংপং ডিপ্লমেচিৰ মাজেৰে অামেৰিকাৰ হেঁচাত গঢ় লৈ উঠা চীনৰ ৰাষ্ট্ৰয়াত্ত পূঁজিবাদ অাজি কেবল অামেৰিকাৰ বাবেই নহয় , অান সকলো উদাৰ পূঁজিবাদী ৰাষ্ট্ৰৰ বাবেও অাতংকৰ কাৰণ। অাশংকা এয়াও যে অনাগত দিনত এই দুই মেৰুৰ পূঁজিবাদৰ প্ৰচণ্ড সংঘাত অনিবাৰ্য। ইতিমধ্যে চীন-ভাৰতৰ সীমা বিবাদৰ সুযোগ লৈ চীনক এঘৰীয়া কৰিবলৈ তৎপৰ হৈ উঠিছে অামেৰিকা। ব্যাপক সামৰিক প্ৰস্তুতিৰে দক্ষিণ পূৱ-এচীয়াত যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰিছে। চতুৰ অামেৰিকাই এইক্ষেত্ৰত ভাৰতক শিখণ্ডী ৰূপে চীনৰ সমুখলৈ অাগবঢ়ায়ো যে দিব পাৰে, সেই অাশংকা একেবাৰে অমুলক নহয়। পিছে সত্য এয়াই যে চীনক পৰাস্ত কৰাৰ শক্তি ভাৰতৰতো নায়েই , অামেৰিকাৰো বাবেও হ’ব দুসাধ্যজনক।

এই মহূৰ্তত অামাৰ শিকনি এইটোৱে যে বিশ্বত প্ৰভূত্ব স্হাপনৰ লক্ষ্যৰে চীন-অামেৰিকাৰ মাজত যি হঠকাৰী প্ৰতিদ্বন্দ্বিতা হৈছে, যদি সেই সংঘাতৰ মাজত নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ভাৰতে যত্ন নকৰে, তাৰ পৰিণতি হ’ব অতি ভয়াবহ। এই মুহূৰ্তত দেশৰ এমুঠি শাসকৰ বিচক্ষণতা অাৰু দূৰদৰ্শীতাৰ ওপৰতে নিৰ্ভৰ কৰিছে দেশখনৰ দেশখনৰ ১৩৫ কোটি জনতাৰ ভবিষ্যত।। কোৰোণাই থেকেচি পেলোৱা ভাৰতবাসীৰ বাবে যুদ্ধৰ পৰিণতি হ’ব এনে ভয়াবহ, যাক অাজি অামি কল্পনাও কৰিব নোৱাৰো।
