মন্দিৰ-মছজিদ অাৰু ভঙা-গঢ়াৰ খেল

ভাৰতীয় বৰ্ণাঢ্যময় সাংস্কৃতিৰ এটা বিশেষ মুহূুৰ্ত
ৰাম কোন ? দেৱতা নে মনুষ্য? যদি দেবতা, তেনেহলে মৰতৰ অযোধ্যাত জন্ম লৈছিলনো কিয় বুলি যদি কোনোবাই প্ৰশ্ন কৰে অামি উত্তৰত কম, দেবতাৰ কামেই সেইটো যে যেতিয়াই অন্যায় অবিচাৰে অাগুৰি ধৰে তেতিয়াই দেৱই মনুষ্যৰূপে জনম ধৰে এই ধৰাতলত। ৰামো মনুষ্যৰূপী ঈশ্বৰ। তেঁৱো অযোধ্যাত জন্ম লৈছিল। ৰাম যে এজন ঈশ্বৰ অাৰু তেওঁ যে ভাৰতৰ অযোধ্যাত জন্ম লৈছিল অামিনো জানিলো কেনেকৈ ? এই প্ৰশ্নৰ উত্তৰত অামি বাল্মিকীৰ ৰামায়ণখন তুলি ধৰি কম ইয়াতেই লিখা অাছে সকলো। অৰ্থাৎ ৰামৰ অস্তিত্বৰ সত্যতা নিৰূপিত হৈছে ৰামায়ণ নামৰ কিতাপখনৰ অস্তিত্বৰ মাজেৰে। যদি ৰামায়ণ নাথাকিলে হেঁতেন তেনেহলে অামি ৰামৰ অস্তিত্বও বিচাৰি নাপালোহেঁতেন। প্ৰতিজন ধৰ্মবিশ্বাসী ৰামভক্তই বিশ্বাস কৰে যে ৰামায়ণ কোনো কল্প কাহিনী নহয়, সত্যৰ অাধাৰত ৰচিত এক ইতিহাস। যদি সেয়ে হয়, তেনেহলে ৰামৰ লগতে দহমুণ্ড বিশিষ্ট ৰাবণ বা সৃংস্কৃতত কথাবাৰ্তা ক’ব পৰা অৰ্ধেক মানব-অৰ্ধেক বানৰৰো অস্তিত্ব অামি মানি ল’ব লাগিব। অামি মানি ল’ব লাগিব যে এইখন ভাৰতবৰ্ষৰ কৰবাত মাত্ৰ ২০০০ বছৰ অাগতে মানুহৰ দৰে ক’ব অাৰু অাচৰণ কৰিব পৰা জটায়ু বা গড়ূৰ পক্ষীৰো জন্ম হৈছিল। পিছে সেই বিচিত্ৰ প্ৰজাতিবোৰ কত বিলুপ্ত হ’ল কোনো হিন্দু ধৰ্মপুথিত পোৱা নাযায়। জীৱবিজ্ঞানো নিমাত। অানকি ডাৰউইনেও দহমুণ্ড বিশিষ্ট মানৱৰ বিষয়ে ক’তো একো উল্লেখ নকৰিলে। বাৰু, সি যি কি নহওক, যদি ৰামায়ণ সঁচা হয়, তেনেহলে মহাভাৰতো সঁচা,কাৰণ ৰামায়ণৰ পৰষুৰামকে ধৰি বেছ কিছু চৰিত্ৰ(দেব-দেবী সকলৰ কথা নক’লোৱেইবা ) মহাভাৰততো উল্লেখ অাছে। গতিকে ধৰ্মীয় কাহিনীবোৰৰ য’ত যি অাজৱ-উদ্ভূত কথা-কাণ্ড অাছে সকলো সঁচা। গতিকে বিজ্ঞান মিছা। বিজ্ঞান অামাৰ ভ্ৰম। হয়তো বিজ্ঞান মিছা অাৰু ভ্ৰম বাবেই কিছুমান কথাৰ যুক্তি অামাৰ মহান শাসক সকলেও পোনে পোনে নাকচ কৰি দিয়ে। তেওঁলোকে দৃঢ়তাৰেই কয় যে ৰাম অযোধ্যাতে জন্মিছিল। অাৰু তাতেই অাছিল এক মন্দিৰ। ৰাম মন্দিৰ। অৱশ্যে ৰাম থাকক বা নাথাকক, অযোধ্যাত তেওঁ জন্ম লওক বা নলওক, কিন্তু ঠাইখনত এটি ৰাম মন্দিৰ অাছিল বোলা বিশ্বাস সন্দৰ্ভে অৱশ্যেই যুক্তি-তৰ্ক হব পাৰে। কিন্তু অামি যুক্তি তৰ্কবোৰ কিহৰ অাধাৰত কৰিম ? ৰামায়ণ বা ৰামায়ণী সাহিত্যৰ অাধাৰত নে ঐতিহাসিক অান অান সমলবোৰৰো অাধাৰত ? ইতিহাসবিদ, প্ৰত্নতাত্ত্বিকে অাদি কৰি বহুতে কৈছে যে যিডোখৰ ঠাইত ৰাম মন্দিৰ অাছিল বুলি ভবা হৈছে তাত যিবোৰ যৎসামান্য ধ্বংসাৱশেষ পোৱা গৈছে সেইবোৰ কিন্তু ৰাম মন্দিৰৰ অৱশেষ নহয়। বৰং বৌদ্ধ মঠ-অথবা শৈৱ মন্দিৰৰহে অৱশেষ। অৱশ্যে তাৰ সত্যাসত্য সম্পৰ্কে এতিয়াও প্ৰণালীবদ্ধ গৱেষণা হোৱা নাই। যদি অামি ধৰিও লওঁ যে এই যে অামি বিদ্বেষ-বিভাজনত নামিছো যিটো চৰ্চিত ৰাম মন্দিৰৰ বাবে, সেই মন্দিৰটো সঁচাকৈয়ে বাবৰে ভাঙিছিল নে ? ইতিহাসৰ তথ্যবোৰৰ সত্যাসত্য অামি বিচাৰ কৰি চাবলৈ প্ৰস্তুত নে ?
মুছলিম শাসকৰ হাতত ধ্বংসস্তূপত পৰিণত হোৱা কাশ্মীৰৰ সূৰ্য মন্দিৰ
বাবেৰে ভাৰত দখলৰ মুহূৰ্তত বেছ কিছু নৃশংসতাৰ পৰিচয় দিছিল সেই কথা সঁচা, কিন্তু বাবৰৰ চৰিত্ৰ অাৰু এই দেশখনত ক্ষমতা স্হাপনৰ পাচত তেওঁৰ শাসননীতি কেনে অাছিল সেই কথা জানিবলৈ অামি বাবৰ নামা পঢ়িব লগা হয়। বাবৰনামা বাবৰে লিখিছিল বুলি ভবা হয় যদিও তাৰ সত্যতা প্ৰমাণ কৰাটো কঠিন। এই বাবৰনামাত ৰাম মন্দিৰ ভঙাৰ কোনো কথাৰ উল্লেখ অামি নাপাও। কিন্তু বাবৰে পুত্ৰ হুমায়ুনলৈ লিখা এখন ইচ্ছাপত্ৰক ঐতিহাসিক বাস্তৱ সমল বুলি ইতিহাসবিদ সকলে মানি লৈছে, সেই ইচ্ছাপত্ৰখনত বাবৰে হুমায়ুনক দিহা পৰামৰ্শ দি লিখিছিল যে , “বিভিন্ন ধৰ্মৰ মানুহ বাস কৰে এই ভাৰতবৰ্ষত, এই দেশৰ চৰকাৰৰ দায়িত্ব তোমাৰ হাতত ন্যস্ত হৈছে বাবে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হবা।…কেতিয়াও ধৰ্মীয় সংস্কাৰে যাতে তোমাৰ মনক প্ৰভাৱিত কৰিব নোৱাৰে। সমস্ত সম্প্ৰদায়ৰ দেশবাসীৰ ধৰ্মীয় স্পৰ্শকাতৰতা অাৰু ধৰ্মীয় অাচৰণৰ প্ৰতি প্ৰয়োজনীয় শ্ৰদ্ধাৰ ভাব ৰাখি নিৰপেক্ষভাবে বিচাৰ কৰিবা।” ( Indian Islam by M. T. Titus, Ayodhya Revisited by Kishore kunal) ।
পুত্ৰক ধৰ্মনিৰপেক্ষতা বজাই ৰাখিবলৈ উপদেশ দিয়া এইজন বাবৰে হিন্দুৰ মন্দিৰ ভাঙিব পৰা ধৰ্মান্ধ শাসক অাছিল বুলি ইতিহাসৰ সূত্ৰই ইংগিত দিব নোখোজে। বাবৰৰ ধৰ্মীয় নীতিৰ দৃষ্টিভংগীৰ প্ৰভাৱ নাতি অাকবৰ পৰ্যন্ত কিদৰে প্ৰৱাহিত হৈছিল সেয়া প্ৰমাণ পোৱা যায় অাবুল ফজলৰ দ্বাৰা ৰচিত এষাৰ কথাৰ পৰা। এই কথাষাৰ প্ৰস্তৰলিপিৰূপে খোদাই কৰা অাছে অাকবৰে স্হাপন কৰা এটা হিন্দু মন্দিৰৰ প্ৰাংগনত। তাত লিখা অাছে,” …অসৎ উদ্দেশ্যৰে যিয়ে এই মন্দিৰ ভাঙিবলৈ বিচাৰিব, তেওঁ যেন অাগতে নিজৰ উপাসনালয় ধ্বংস কৰে, কাৰণ অন্তৰৰ অনুশাসনে শিকায় সকলো মানুহৰ প্ৰতি সহিষ্ণু হবলৈ। অাৰু কেবল বাহ্যিকতাই যদি মূল কথা হয়, তেন্তে অামাৰ ওচৰত থকা সকলো বস্তুৱেই ধ্বংসৰ যোগ্য। কথাষাৰ অাবুল ফজলে লিখিছিল অাকবৰৰো মনৰ কথাৰূপে। এইখিনি অাইনী অাকবৰতো উল্লেখ অাছে। বাবৰনামা অনুবাদ কৰিছিল ফৰাচী ইতিহাসবিদ তথা অনুবাদিকা এনেট্ৰে বিভাৰিজে। তেওঁৰো ধাৰণা যে বাবৰে অযোধ্যাৰ কোনো ৰাম মন্দিৰ ধ্বংস কৰা নাছিল। অান কিছু বুৰঞ্জীকাৰৰ মতেও বাবৰি মছজিদত এনে কেতবোৰ ইটা ব্যবহাৰ কৰা হৈছিল, যিবোৰ হয়তো পূৰ্বে মধ্য যুগৰ কোনো শৈৱ মন্দিৰত ব্যবহৃৰ কৰা হৈছিল। অতীজত এখন সম্ৰাজ্যৰ ৰজাই পূৰ্ববতী সম্ৰাজ্যৰ মঠ-মন্দিৰৰ কংক্ৰিটেৰে নতুনকৈ অন্য মঠ-মন্দিৰ নিৰ্মাণ কৰাৰ যথেষ্ট তথ্য-প্ৰমাণ অাছে। গুপ্ত যুগৰ বেছ কিছু সৌধ নিৰ্মাণত কুশান যুগৰ নিৰ্মাণ-উপাদনৰ অস্তিত্ব পোৱা গৈছে। বাবৰি মছজিদৰ ক্ষেত্ৰতো বহুতৰ অনুমান যে উক্ত ঠাইত পোৱা কিছু অৱশেষ ভবাৰ দৰে ৰাম মন্দিৰৰ নহয়। পিছে যি নহওক, অযোধ্যাত ৰাম মন্দিৰ বাবৰে ভাঙিছিল বুলি সিদ্ধান্ত এটা লৈ এই মঠ-মন্দিৰ ভঙা কাৰ্যক অামি যদি মুছলমান শাসকৰ হিন্দু বিদ্বেষ প্ৰমাণ কৰিব বিচাৰো, তেনেহলে ই হ’ব ইতিহাসৰ পক্ষপাতিত্বমূলক বিশ্লেষণ। অাজিৰ সময়ৰ ৰাজনৈতিক বিচাৰ, জাতীয়তাবাদ , বা কোনো ধৰ্মীয় অাবেগেৰে ইতিহাসৰ তথ্যক অামি ব্যাখ্যা দিব খোজাটো অতি ক্ষতিকাৰক। অামি ইতিহাস পঢ়োতে বহু কথাৰ নিৰপক্ষভাবে বিচাৰ কৰাৰো প্ৰয়োজন অাহি পৰে।

১৭শ শতিকাৰ মোগল অামোলৰ ভাৰতবৰ্ষ
এই কথা অামি কেতিয়াও নকও যে অতীতৰ সকলো মুছলমান শাসকেই ধৰ্মীয় নিৰপক্ষতা অবলম্বন কৰিছিল বা হিন্দুৰ প্ৰতি উদাৰতা দেখুৱাইছিল। তেওঁলোকৰ মাজৰ একাংশই হিন্দুৰ ওপৰত নিষ্ঠুৰ অত্যচাৰ চলোৱাটোও সঁচা, কিছু মঠ-মন্দিৰ ভঙাটোও সঁচা। একাংশ মুছলমান শাসকৰ ক্ৰুৰতা-নিষ্ঠুৰতাৰ যথেষ্ট তথ্য প্ৰমাণ সেইকালৰ অনেক টীকা-পঞ্জীকাৰ পৰা অামি জানিছো। কিন্তু এচাম বাখ্যাকাৰে কোৱাৰদৰে সকলো মুছলিম শাসকে ধৰ্মীয় বিদ্বেষেৰে হিন্দুক দমন-নিপীড়ন চলাইছিল অাৰু মঠ-মন্দিৰ ধ্বংস কৰি ফুৰিছিল বোলা যুক্তি সম্পূৰ্ণৰূপে সঁচা নহয়। মধ্যযুগত ৰাষ্ট্ৰশাসনৰ ক্ষেত্ৰত যি সামাজিক মূল্যবোধ অাছিল, সেয়া অাছিল যুগ সাপেক্ষ। সেইবোৰ অামি অাজিৰ বিচাৰ দৃষ্টিকোণেৰে চাব নোৱাৰো। ধৰ্মনিৰপেক্ষতা-মানবতাবোধ এইবোৰ তেতিয়া সামাজিক মূল্যবোধ হিচাপে গঢ় লৈ উঠাই নাছিল। এইবোৰ ধাৰণা সাৰ্বজনীন হৈ উঠিছিল মূলত দ্বিতীয় বিশ্বযুদ্ধৰ পাচতহে। মধ্যযুগৰ ৰজা-মহাৰজাৰ বৰ্বৰতা অামি অাজিৰ যুগৰ দৃষ্টিভংগীৰে বিচাৰ কৰিবলৈ গলে নতুন সমস্যাৰ সৃষ্টিহোৱাৰ ভয় অাছে। যেনে ধৰক নাগালেণ্ডৰ কন্যাক সকলৰ কথা। তেওঁলোকে অানকি বিংশ শতিকাৰ মাজভাগলৈ শত্ৰুৰ মূৰটো কাটি অানি কৃতিত্বৰ চিন স্বৰূপে কটামূৰটো ঘৰত সজাই থোৱাৰ এক পৰম্পৰা অাছিল। তেওঁলোকৰ এই নৃশংসতা অাধুনিক শিক্ষিত সমাজৰ দৃষ্টিৰে চালে ভয়ত শিয়ৰি উঠাৰে কথা। কিন্তু সেয়া হলেও কন্যাক সকলৰ হেড হান্টিং বা মুণ্ড চিকাৰ অাছিল তেওঁলোকৰ তদানীন্তন সমাজিক প্ৰমূল্যহে।
কন্যাক নগাৰ মুণ্ড চিকাৰৰ চানেকি
অামি জানো যে মধ্যযুগত কোনো সাৰ্বজনীন বা সৰ্বজনগৃহীত ৰাজনৈতিক নীতি-নিয়ম নাছিল বাবেই এখন দেশে অান এখন দেশত নিঃসংকোচে অাক্ৰমণ চলাইছিল, নিৰীহ জনসাধাৰণক হত্যা কৰিছিল, তেওঁলোকক ক্ৰীতদাস ৰূপে বন্দী কৰিছিল। ইয়াৰ উপৰিও নিৰ্বিচাৰভাবে সংস্কৃতিক উপাদান সমূহো ধ্বংস কৰিছিল। বাধা দিবলৈ কোনো নাছিল। যুদ্ধ অাৰু যুদ্ধৰ কৰুণ পৰিণতিবোৰ অাছিল অনিবাৰ্য অাৰু সহজাত পৰিঘটনা। যেন অলংঘনীয় নিয়তি। কথাবোৰ এনেকুৱাও নহয় যে যুদ্ধ-বিগ্ৰহবোৰ কেবল দুটা ভিন্ন ধৰ্মালম্বী জাতি বা দুখন দেশৰ মাজতহে সংঘটিত হয়। অাগতেও হোৱা নাছিল, এতিয়াও হোৱা নাই। মুছলমান ছাদ্দাম হুছেইন লক্ষাধিক মুছলমানৰ মৃত্যুৰ কাৰণ অাছিল। মুছলিম অাইছিছ সন্ত্ৰাসবাদী সকলৰ হাতত সৰ্বাধিক প্ৰাণ দিছে মুছলিম মানুহেই। হিন্দু অশোকে লাখ লাখ মানুহক কলিংগ যুদ্ধত হত্যা কৰিছিল, নিহত সেই মানুহবোৰো হিন্দুৱেই অাছিল। হিটলাৰ খ্ৰীষ্টান অাছিল অাৰু ৰণোন্মাদজনে ইহুদীতকৈয়ো বেছি হত্যা কৰিছিল খ্ৰীষ্টান। সম্প্ৰতি মধ্যপ্ৰাচ্য অাৰু অাফ্ৰিকাত হোৱা সংঘৰ্ষসমূহত মুছলমানৰ হাতত সৰ্বাধিক প্ৰাণ অাহুতি দিছে মুছলমানেই। ক্ষমতা দখল কৰা বা ক্ষমতা কুক্ষিগত কৰি ৰখাৰ স্বাৰ্থহে অাছিল যুদ্ধ-বিগ্ৰহবোৰৰ অাচল কাৰণ। ধৰ্ম অজুহাত মাত্ৰ। অানকি ধৰ্মযুদ্ধও ধৰ্মৰ বাবে হোৱা নাছিল। সেয়াও অাছিল অাচলতে ক্ষমতাৰ বাবে হোৱা যুঁজ। গতিকে অতীজত মুছলমান অাক্ৰমণকাৰী সকলে ভাৰতত অাক্ৰমণ চলাই মন্দিৰ ধ্বংস কৰি সম্পদ লুটি নিয়া দৃষ্টান্তবোৰ কেবল ধৰ্মীয় বা সাম্প্ৰদায়িক দৃষ্টিৰে চালে ভুল ব্যাখ্যা হব। ধৰা হওক মামুদৰ কথা। চুলতান মামুদৰ ভাৰত অাক্ৰমণৰ অাঁৰত পঞ্জাবৰ শ্বাহী ৰজা জয়পালৰ যথেষ্ট উচটনিমূলক ভূমিকা অাছিল। জয়পালে ৯৯৪ খৃষ্টাব্দত গজনী অাক্ৰমণ কৰিছিল কেবাখনো সন্মিলিত হিন্দু ৰাজ্যৰ সেনা বাহিনীক লৈ। ৰজা জয়পালৰ মনত ভয় হৈছিল যে যদি অাগতীয়াকৈ বাধা দিয়া নাযায়, গজনীৰ চুলতান চাবুক্তিয়ানে ৰাজ্য বিস্তাৰৰ স্বাৰ্থতে ভৱিষ্যতে ভাৰত অাক্ৰমণ কৰিব। গতিকে জয়পালে অগ্ৰীম প্ৰতিৰোধকল্পে প্ৰথমেই গজনী অাক্ৰমণ কৰি অাগ্ৰাসী অাচৰণ দেখুৱাইছিল। যুদ্ধত শোচনীয়ভাবে হাৰিছিল জয়পাল অাৰু বাধ্য হৈছিল এক অপমানজনক সন্ধি কৰিবলৈ। পিছে কিছুদিন পাচতে সন্ধি অস্বীকাৰ কৰি পুণৰায় গজনী অাক্ৰমণ কৰিলে জয়পালে। এইবাৰো হাৰিল। জয়পালৰ বিশ্বাসঘাতকতাত চাবুক্তিগীন ইমানে ক্ৰুদ্ধ হল যে জয়পালক এসেকা দিবলৈ সংকল্প ললে। কিন্তু তেতিয়া তেওঁৰ স্বাস্হ্য পৰি অাহিছিল বাবে প্ৰতিশোধৰ দায়িত্ব মৃত্যুৰ অাগমুহূৰ্তত অৰ্পণ কৰি থৈ গল পুত্ৰ মামুদৰ হাতত। মামুদৰ পিছে ৰাজ্য বিস্তাৰৰ অভিপ্ৰায় নাছিল। তেওঁৰ ভাৰত অাক্ৰমণৰ প্ৰধান কাৰণটোৱেই অাছিল ৰাজনৈতিক প্ৰতিশোধ পূৰণ অাৰু ৰাজসন্মান অক্ষুণ্ণ ৰখা। বহু ইতিহাসবিদে কৈছে যে মামুদে মন্দিৰ লুট কৰিছিল মূলতঃ সম্পদ অাহৰণৰ বাবে, ধৰ্মবিদ্বেষৰ বাবে নহয়। সেই সময়ত এখন দেশক পদানত কৰিবলৈ সম্পদ লুট কৰাটো অাছিল ৰাজনৈতিক প্ৰকৌশল। কেবল ধন-সম্পদেই নহয়, মন্দিৰৰ বিগ্ৰহো লুট কৰি নিজ দেশলৈ নিয়াটো ৰাজনীতিৰ অংগ অাছিল। উপাসনা গৃহত লুন্ঠণ চলোৱাটো ৰাজনৈতিক ষ্ট্ৰেটেজীৰ অংগ নহলে মামুদে কেতিয়াও নিজৰ সৈন্যবাহিনীত ভাড়াতীযা এক বিশাল হিন্দু সেনাদলক অন্তভূৰ্ক্তি কৰিব নোৱাৰিলেহেঁতেন। ৰমীলা থাপাৰে তেওঁৰ দ্য মেনি ভয়চ অব হিষ্টৰী অাৰু তাৰা চান্দে দ্য ইনফ্লযুৱেন্স অব ইছলাম অন ইণ্ডিয়ান কালচাৰ নামৰ গ্ৰন্হত প্ৰামাণিক তথ্যৰে লিখিছে যে মামুদৰ অাছিল তিলক নামৰ এজন হিন্দু সেনাপতি,যাৰ জৰিয়তে মামুদে দমন কৰিছিল তেওঁৰেই প্ৰধান মুছলমান সেনাপতি নিয়াস্তিজিনৰ বিদ্ৰোহ। ইতিহাসৰ সূত্ৰৰ অাঁত ধৰি অান এজন মুছলমান অাক্ৰমণকাৰী মহম্মদ বিন কাচিমৰ কথাও এই প্ৰসংগত উল্লেখ কৰা যায়।৭১২ খৃষ্টাব্দত অাৰব যোদ্ধা কাচিমে জাঠসকলৰ সহায়তালৈ সিন্ধু প্ৰদেশ অাক্ৰমণ কৰিছিল। ভাঙি পেলাইছিল বহু হিন্দু মন্দিৰ,অাৰু তাৰ ঠাইত মছজিদ নিৰ্মাণ কৰিছিল। কাচিমৰ এই কাৰ্যত ক্ষুণ্ণ হৈছিল তেওঁৰ খলিফা। কাচিমৰ কাৰ্য অবৈধ বুলি সোঁৱৰাই দি নিৰ্দেশ দিয়া হৈছিল যে বিজিত দেশৰ যি নষ্ট কৰা হৈছে সেইবোৰ পূৰণ কৰি দিবলৈ। তেওঁক ওপৰৰ পৰা কোৱা হৈছিল–“তেওঁলোকে যিহেতু অাত্মসমৰ্পণ কৰিছে অাৰু খলিফাক কৰ দিবলৈ মান্তি হৈছে, গতিকে তেওঁলোকৰ ওচৰত একো দাবী কৰা উচিত নহয়। তেওঁলোক অামাৰ অাশ্ৰিত, অামি তেওঁলোকৰ জীৱন অাৰু সম্পত্তিত হাত দিব নোৱাৰো। তেওঁলোকক স্বাধীনভাবে পূজা-অৰ্চনাৰ অধিকাৰ দিয়া হল।” (The State and Religion in Mughal India by M. L. Roy Choudhury.)
যদি ধৰ্মীয় চেতনাই মুছলিম শাসকৰ মন্দিৰ ভঙাৰ অাচল কাৰণ হলহেঁতেন তেনেহলে তেওঁলোকৰ চৰিত্ৰৰ মাজত এই বৈপৰত্যৰ দৃষ্টান্ত দেখিবলৈ পোৱা নগলহেঁতেন। যেনে ঔৰংগজেৱ। বহু ইতিহাসবিদে ঔৰংগজেৱক হিন্দু বিদ্বেষী মুছলমান শাসক ৰূপে চিহ্নিত কৰিছে। বিশেষকৈ ধৰ্মান্তকৰণ অাৰু জিজিয়া কৰ সন্দৰ্ভ ঔৰংগজেৱৰ হিন্দু বিদ্বেষ অাচৰণ সন্দাহতীত বুলি ভবাৰ অৱকাশ অৱশ্যেই অাছে। পিছে এইজন ‘সাম্প্ৰদায়িক’ মুছলমান শাসকেই হিন্দুক এফালে অত্যাচাৰ কৰি ঘৃণাৰ পাত্ৰ হৈছে অাৰু অানফালে হিন্দু মন্দিৰৰ ৰক্ষণাবেক্ষণ দি সাধুবাদৰো পাত্ৰ হৈছে। টকা-পইচা-ভূমি প্ৰদানেৰে মন্দিৰ পৰিচালনাত সহায় কৰিছে। বিহাৰত উদ্ধাৰ হোৱা মোগল অামোলৰ চনদত উল্লেখ অাছে যে হিন্দু মন্দিৰ নিৰ্মাণাৰ্থে মাটি দান কৰিছিল ঔৰংগজেৱে। জৈন অাৰু শৈৱ সম্প্ৰদায়ৰ বাবে নিষ্কৰ ( কৰবিহীন) ভূমিও দান কৰিছিল এই গৰাকী মোগল সম্ৰাটে। অসমৰ অাহোম ৰাজ গদাধৰ সিংহৰ দিনত নিৰ্মিত শিৱ মন্দিৰ উমানন্দ পৰিচালনাৰ ব্যয় বহন কৰিছিল ঔৰংগজেৱে। ওড়িশাৰ প্ৰাক্তন ৰাজ্যপাল বিশ্বম্ভৰ নাথ পাণ্ডেই ১৯৭৭ চনত এক গুৰত্বপূৰ্ণ তথ্য সদৰি কৰিছিল। তেওঁ কৈছিল যে এলাহবাদৰ অাৰাইল সংগমৰ পাৰত থকা শ্বামেশ্বৰ মহাদেৱ মন্দিৰৰ বাবে ঔৰংগজেৱে ভূমি অাৰু অৰ্থ দান কৰিছিল। এই তথ্যখিনি লিপিবদ্ধ অাছে মন্দিৰ প্ৰাংগনত থকা ধৰ্মদণ্ড নামৰ স্তম্ভ এটাত। পিচত অলপতে এইবোৰ পুণৰ বিশদ অালোচনা কৰিছে সৰ্বেশ্বৰী ডিগ্ৰী কলেজৰ অধ্যাপক প্ৰদীপ কেশৰৱানিয়ে। তেওঁ কৈছে যে কেবল শ্বামেশ্বৰ মহাদেৱ মন্দিৰেই নহয়,ভাৰতৰ বিভিন্ন স্হানত থকা কিছু মন্দিৰ যেনে মহাকালেশ্বৰ মন্দিৰ( উজ্জয়িনী), বালাজী মন্দিৰ( চিত্ৰকূট), উমানন্দ (গুৱাহাটী),জৈন মন্দিৰ (সাৰাঞ্জয় )অাৰু দাক্ষিণাত্যৰ কেইটামান মন্দিৰৰ বাবেও ঔৰংগজেৱৰ পৃষ্ঠপোষকতা অাছিল। এই তথ্যবোৰ এলাহবাদত হোৱা মন্দিৰ সম্পৰ্কীয় এক বিবাদ মীমাংসা কৰিবলৈ বিচাৰক টিপি সাপ্ৰু কমিটীয়ে যি প্ৰতিবেদন প্ৰস্তুত কৰিছিল তাতো উল্লেখ কৰা হৈছিল।
উমানন্দঃ একালত ঔৰংগজেৱো এই হিন্দু মন্দিৰৰ পৃষ্ঠপোষক অাছিল
‘Mughal emperor Aurangzeb protected Hindu temples more often than he demolished them’ শীৰ্ষক এক প্ৰতিবেদনত Anolrey Truschke য়ে লিখিছে,”In one of his early acts as emperor, Aurangzeb issued an imperial order (farman) to local Mughal officials at Benares that directed them to halt any interference in the affairs of local temples.
Writing in February of 1659 Aurangzeb said he had learned that “several people have, out of spite and rancour, harassed the Hindu residents of Benares and nearby places, including a group of Brahmins who are in charge of ancient temples there.” The king then ordered his officials: “You must see that nobody unlawfully disturbs the Brahmins or other Hindus of that region, so that they might remain in their traditional place and pray for the continuance of the Empire.”
ঔৰগজেৱঃ শিল্পীৰ তুলিকাত
ইতিহাসৰ ব্যাখ্যা বৰ স্পৰ্শকাতৰ । সাধাৰণতে ইতিহাস নিজৰ পক্ষত অহাকৈ ব্যাখ্যা কৰাটো এচাম ইতিহাসবিদৰ পুৰণি প্ৰৱণতা। বহুতে অতীতৰ ঘটনাবোৰৰ ভালবেয়া বিচাৰ কৰে অাজিৰ প্ৰমূল্যৰে। প্ৰকৃততে অতীজৰে পৰা ইতিহাস লিখা কামটোত ৰজাঘৰীয়াই অাগভাগ লৈছিল। তেওঁলোকে নিজৰ ইতিহাস লিপিবদ্ধ হোৱাটো বিচাৰিছিল তেওঁলোকৰ গৌৰৱময় অধ্যায়ৰূপে। অাজিও সেই প্ৰৱণতা দূৰ হোৱা নাই। সেয়ে অামি অৰজাঘৰ, বিজিত অাৰু অন্যান্য সমলবোৰো চালিজাৰি চাই নিৰপেক্ষ দৃষ্টিৰে ইতিহাসত অালোকপাত কৰা উচিত। মন কৰিব যে বিজিত অাৰু বিজয়ীৰ ইতিহাসৰ মাজত পাৰ্থক্য বিস্তৰ। অাধুনিক কালত শাসক পক্ষৰ জৰিয়তে কৰা ইতিহাসৰ বিকৃতিকৰণ কোনো নতুন কথা নহয়। কিন্তু ইতিহাসৰ বিকৃতিকৰণেৰে কোনেও পৰিত্ৰাণ পাব নোৱাৰে বা জনগণক দীৰ্ঘদিনলৈ মুৰ্খ সজাই ৰাখিব নোৱাৰে। ইতিহাস হল সূৰ্যটোৰ দৰেই, যাক কোনেও একোৰেই ঢাকি কৰি ৰাখিব নোৱাৰে। বৰং ইতিহাসৰ সত্যক ঢাকি ৰাখিব খোজাটো ভৱিষ্যতৰ বাবে বিপজ্জনক কথাহে। কোনো শাসকৰ যদি এটা দিশ ঢাকি ৰাখো অাৰু কেবল নেতিবাচক দিশটোহে তুলি ধৰো, তেন্তে ভৱিষ্যত সমাজক ভুল দিশেৰে যাবলৈ বাট কাটি দিয়া। এয়া ভৱিষ্যত সমাজৰ প্ৰতি কৰা চৰম অন্যায়।
সাম্প্ৰতি ভাৰতবৰ্ষত শাসকৰ উদ্যোগত একাংশই হাজাৰ বছৰীয়া ইছলামিক ইতিহাস একেবাৰে নিশ্চিহ্ন কৰি দিব বিচাৰিছে। বাবৰি মছজিদ ভাঙি পেলোৱাৰ পৰা অাৰম্ভ কৰি ইতিহাসৰ কিতাপবোৰো নতুনকৈ লিখিবলৈ প্ৰস্তুতি লোৱা হৈছে। শ শ বছৰ ধৰি লিপিবদ্ধ হৈ থকা ঘটনাবোৰ সলাই দিব বিচৰা হৈছে। পিছে এইবোৰ কৰি কি পাৰ পাব ? কেইখনমান কিতাপৰ অাখৰবোৰ মচি, ঐতিহাসিক স্মৃতিচিহ্নবোৰ নোহোৱা কৰি দিলেই জানো অতীতৰ সত্যও নোহোৱা হৈ যাব? যি ঘটিছিল সেয়া সমাজ বিৱৰ্তনৰ অাঁত ধৰিয়েই ঘটিছিল। দৃশ্যমান মনুমেন্টবোৰ বা অাখৰবোৰ নোহোৱা কৰি দিলেই যদি অতীতৰ সত্য মচ খাই যাব পাৰে তেনেহলে প্ৰাগঐতিহাসিক কালৰ ডাইনোচৰ জাতীয় জীৱবোৰৰো অস্তিত্ব মিছা বুলি ক’ব পৰা গলহেঁতেন। এটা দাঁতৰ পৰা যিদৰে এটা ডাইনচৰৰ অাাকৃতি নিৰ্মাণ সম্ভৱ,তেনেদৰে এটা শিলৰ পৰাও এটা কংক্ৰিট ইমাৰতৰ সময়কাল অাৰু চৰিত্ৰ নিৰূপণ কৰাটোও অাজিৰ যুগত সম্ভৱ।
ক্লিমেট গটৱাল্ডৰ সেই ফটোখন
মনত পৰিছে চেকশ্লভিকিয়াৰ ৰাজনৈতিক ঘটনা এটালৈ। ১৯৪৮ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ এক প্ৰচণ্ড শীতৰ দিনত কমিউনিষ্ট দলৰ নেতা ক্লিমেন্ট গটৱল্ডে (Klement Gottwald) অল্ড টাউন স্কোৱেৰৰ বৰকিউ পেলেচৰ বেলকনিৰ পৰা সমুখৰ হাজাৰ জনতাক উদ্দেশ্য কৰি এটি ভাষণ দিছিল। তেওঁৰ কাষতে থিয় হৈ অাছিল নলে-গলে লগা বন্ধু ক্লিমেন্টিছ। সেয়া অাছিল চেকশ্লভিকিয়াত কমিউনিষ্ট শাসনৰ এক বিৰল প্ৰাক মুহূৰ্তৰ কথা। সিদিনা খুৱ বৰফ পৰিছিল। গটৱল্ডৰ টপা মূৰত নাছিল কোনো টুপি। সেইবাবে ক্লিমেন্টিছে বন্ধু গটৱাল্ডৰ উদং মূৰত নিজৰ টুপিটো খুলি পিন্ধাই দিছিল। অাৰু সেই মুহূৰ্তত তোলা পাৰ্টীৰ ফটোগ্ৰাফাৰৰ কেমেৰাত বন্দি হৈ ৰ’ল বিৰল দৃশ্যটো–মূৰত বন্ধু ক্লিমেন্টিছৰ টুপি পৰিধানৰত গটৱাল্ডে ভাষণ দিছে। এই ফটো পিচত হাজাৰে বিজাৰে ছপাই অালি-গলিৰ বেৰ, পোষ্টাৰ, পেপাৰ, স্কুলৰ কিতাপ-পত্ৰ, সংগ্ৰহালয়কে ধৰি দেশখনৰ চুকেকোণে বিলাই দিয়া হ’ল। প্ৰতিগৰাকী চেক নাগৰিকৰ চিনাকি হৈ পৰিল সেই ছবি। চাৰি বছৰ পিচত ঘটনাই মোৰ সলালে। কমিউনিষ্ট পাৰ্টিত মত-বিভাজন অাহিল অাৰু বন্ধু ক্লিমেন্টিছ হৈ পৰিল শাসক গটৱল্ডৰ চৰম শত্ৰুত। বিশ্বাসঘাতকতাৰ অভিযোগ তুলি হত্যা কৰা হ’ল ক্লিমেন্টিছক। ইতিহাসৰ প্ৰপাগণ্ডা ৰচিয়তা সকলে লগে লগে ক্লিমেন্টিছৰ সকলো তথ্য নিশ্চিহ্ন কৰি পেলালে । ফটোৰ পৰাও মচি পেলোৱা হল তেওঁক। অানকি সেই বিখ্যাত ফটোখন, যত শীতৰ এটি দিনত গটৱাল্ডে ভাষণ দি থাকোতে গাত গা লগাই কাষত থিয় হৈ অাছিল , সেই ফটোতো নাথাকিল ক্লিমেন্টিছ। কিন্তু ইতিহাসৰ অাইৰণি এয়ে যে চেকশ্লভিকিয়াৰ ৰাজনৈতিক ইতিহাসৰ পৰা ক্লিমেটৰ চিনমোকাম নোহোৱা কৰিলেও তেওঁৰ অস্তিত্ব সোঁৱৰাই ৰাখিলে গটৱল্ডৰ মূৰৰ টুপিটোৱে। খোদ গটৱল্ডৰ মূৰতেই থাকি গল ক্লেমেন্টিছ ৰ অস্তিত্ব। যি সকল পাঠকে মিলান কুণ্ডেৰাৰ ‘দা বুক অব লাফটাৰ এণ্ড ফৰগেটিং’ নামৰ উপন্যাসখন পঢ়িছে তেওঁলোকে নিশ্চয় জানিছে ইতিহাসৰ এই কৌতুকতা। (“Ever since, Gottwald has been alone on that balcony. Where Clementis stood, there is only the bare palace wall. Nothing remains of Clementis but the fur hat on Gottwald’s head.”– Milan Kundera, Chapter 1, The Book of Laughter and Forgetting.
সোমনাথ মন্দিৰ। বাৰম্বাৰ মুছলিম শাসকে ধ্বংসকৰা সোমানাথ মন্দিৰৰ এই ফটোখন তোলা হৈছিল ১৮৯৫ চনত
সম্প্ৰতি যিসকলে ভাৰতৰ মুছলিম ইতিহাস নিশ্চিহ্ন কৰিব বিচাৰিছে তেওঁলোকৰ যুক্তি এয়ে যে মুছলমানসকল হিন্দু বিদ্বেষী বিদেশী অাক্ৰমণকাৰী। খেদৰ কথা যে মুছলমান শাসকৰ অামোলত বৃহত্তৰ ভাৰতীয় সমাজ-সাংস্কৃতিক জীৱনত কি ইতিবাচক প্ৰভাৱ পৰিল বা পৰিবৰ্তন সাধিত হল সেয়া অালোচনা কৰিবলৈ অস্বীকাৰ কৰি কেৱল তেওঁলোকক হিন্দু বিদ্বেষী অাখ্যা দিব খোজাটো ইতিহাসৰ বিকৃতিকৰণ । সম্প্ৰতি যিহেতু ইছলাম বৈৰিতা ভাৰতীয় ক্ষমতাৰ ৰাজনীতিৰ অংগ হৈ পৰিল, গতিকে ভাৰতৰ ইছলামিক ইতিহাসকো স্বাভাৱিক সূত্ৰেই এনে বৈৰিতাৰ অাওতালৈ অনা হৈছে। এইবোৰ বিদ্বেষমূলক ব্যাখ্যাৰ জৰিয়তে জনতাক প্ৰৰোচিত কৰি যদি ভোট অাদায় কৰিব পৰা যায়, সেই সুযোগনো কোন ক্ষমতাপিপাসুৱে হেৰুৱাব বিচাৰিব ? দেশৰ গাৱঁ-ভূঁইৰ পৰা ওলাই অাহি শিক্ষা-দীক্ষাৰ মুখ নথকা বা ইতিহাসৰ কোনো জ্ঞান নথকা নিম্নবিত্ত জনতাই যেতিয়া কৰসেৱকৰ বেশত হেজাৰ বছৰীয়া এটি প্ৰাচীন কীৰ্তি চিহ্ন কেৱল মচজিদ হোৱা বাবেই ভাঙি পেলায়, বা দুই নিৰীহ শিশু-সন্তানসহ গ্ৰাহাম ষ্টেইনক যেতিয়া জ্বলাই দিয়া হয় কেৱল খ্ৰীষ্টান ধৰ্মৰ পুৰোহিত হোৱা বাবেই, তেতিয়া এই কাৰ্যৰ অাঁৰত অৱশ্যেই ক্ৰিয়া কৰিছিল ইতিহাসৰ এনে অপব্যাখ্যাই। অাধুনিক হিন্দু জাতীয়বাদী ইতিহাসবিদসকলে ভাৰতৰ মুছলিম শাসকক সদায় বিদেশী দখলদাৰী ৰূপে চিহ্নিত কৰি অাহিছে। কিন্তু ইতিহাস অধ্যয়নে অামাক শিকায় যে মুছলমান অাগ্ৰাসনৰ অাঁৰত অাছে এচাম ভাৰতীয় হিন্দু ৰজাৰো বহুখিনি পৃষ্ঠপোষকতা। অামি জানো যে মধ্যযুগত দেশ বিস্তাৰ , দেশ দখলৰ প্ৰচলিত ৰীতি অাছিল। দূৰ-দূৰণিলৈ গৈ ৰজাই বিস্তাৰ কৰিছিল নিজৰ শাসন। মংগোলীয়াৰ পৰা ছেংগিজখা অাৰু তেওঁৰ উত্তৰসুৰী মংগোল জাতিয়ে ইটালি পৰ্যন্ত গৈ ইউৰোপৰ মানুহক শাসন কৰিছিল। গ্ৰীচৰ পৰা অাহি অালেকজেণ্ডাৰে ভাৰতীয় মানুহক শাসন কৰিছিল। অানকি ভাৰতীয় হিন্দু ৰজায়ো কম্বোডিয়া, ম্যানমাৰ, শ্ৰীলংকা, মৰিছাছ বা অাফগানিস্তান পৰ্যন্ত শাসন কৰিছিল। গতিকে ভাৰতত মধ্যপ্ৰাচ্যৰ মুছলিমে দখল দিয়াটো মধ্যযুগীয় পৰম্পৰাত বাদে একো নাছিল। সেই সময়ত কোনো দেশৰ স্হায়ী সীমা নাছিল। গতিকে ৰাষ্ট্ৰসমূহলৈ ভৌগলিক এলেকালৈ কোনো অান্তৰ্জাতিক স্বীকৃতিও নাছিল। জোৰ যাৰ মূলুক তাৰ –এয়াই অাছিল ৰাজনৈতিক বিধি। ইতিহাস বিদ টি, ই অাৰ্ণল্ডে অালোচনা কৰিছে কিদৰে ভাৰতৰ হিন্দু ৰজাই মুছলমান অাগ্ৰাসনত সহায় সহযোগিতা কৰিছিল। এনে ভূমিকা সন্দৰ্ভত তেওঁ লিখিছে যে কেৰলাৰ কালিকটৰ জামৰিনে ( ৰজা) স্বেচ্ছাই নিজৰ নিম্ন শ্ৰেণীৰ প্ৰজাক ইছলাম ধৰ্মত দীক্ষিত হবলৈ উৎসাহিত কৰিছিল। যুদ্ধ জাহাজৰ বাবে প্ৰয়োজনীয়সংখ্যক নাবিক গোটোৱাটোৱেই অাছিল ইয়াৰ উদ্দেশ্য। ৰজাই অাদেশ জাৰি কৰিছিল যে মাছমৰীয়াৰ প্ৰতিটো পৰিয়ালৰ এজন বা একাধিকে মুছলমান ধৰ্মত দীক্ষিত হব লাগিব। অাৰ্ণল্ডৰ মতে হিন্দু ৰজাৰ এই বিচিত্ৰ কাৰ্যৰ অাঁৰত ধৰ্ম কোনো কাৰক নাছিল, অাছিল হিন্দু ৰাজনৈতিক প্ৰয়োজনহে।
মধ্যযুগত মুছলমান বণিকক হিন্দু ৰজাই সকলোধৰণৰ সুবিধা প্ৰদান কৰিছিল। অানকি তেওঁলোকৰ সতে অহা ধৰ্ম প্ৰচাৰকসকলকো কোনেও বাধা দিয়া নাছিল। Andre Wink য়ে Al-Hind: The Making of the Indo-Islamic World, Vol 1: Early Medieval India and the Expansion of Islam গ্ৰন্হখনত উল্লেখ কৰা অনুসৰি প্ৰথম ভাৰত(সিন্ধু) অাক্ৰমণকাৰী অাৰৱ যোদ্ধা মহম্মদ বিন কাচিমৰ ভাৰত অভিযানৰ অাঁৰত সিন্ধুুৰ ৰজা দাহিৰৰ অহংকৰ, অবিবেচকতা অাৰু অদূৰদৰ্শীতাৰে পৰিণাম অাছিল। বিন কাচিমৰ পূৰ্বেও মধ্যপ্ৰাচ্যৰ মুছলমানে ভাৰত অাক্ৰমণৰ চেষ্টা মাজে মাজে চলাই অাহিছিল। কিন্তু বাৰে বাৰে সেই অভিযান ব্যৰ্থ হৈছিল। অাৰৱ মুছলমান শাসকৰ দীৰ্ঘদিনীয়া এটি ক্ষোভ সিন্ধু শাসকৰ ওপৰত থকাৰ এটা কাৰণ অাছিল এয়ে যে তেওঁলোকে অাৰৱ মুছলিমৰ বিৰুদ্ধে পাৰস্যবাসীক সহায় কৰিছিল। ৭০০ খ্ৰীষ্টাব্দ মানত এবাৰ সিংহললৈ বাণিজ্য কৰিবলৈ অহা অাৰৱৰ ব্যৱসায়ীৰ মৃত্যু হৈছিল উক্ত দ্বীপ দেশত। সেইসময় ভাৰতীয় উপমহাদেশত অাৰৱৰ বণিক সকলে মুকলিভাৱে বেহা-বেপাৰ চলাইছিল। মুছলমান বণিকসকলৰ ভাৰতৰেও সুসম্পৰ্ক অাছিল। পিছে যি নহওক, সিংহলৰ শাসকে মৃত অাৰৱ বণিকৰ স্ত্ৰী-কন্যাসমেত পৰিয়াল অাৰু অনুচৰবৰ্গক উপঢোকনসহ অাঠখন জাহাজত তুলি অাৰৱলৈ ওভতাই পঠোৱাৰ ব্যৱস্হা কৰিছিল। কিন্তু অাদবাটত প্ৰতিকুল বতৰে সিন্ধুৰ দেৱল বন্দৰলৈ সেই জাহাজ চপাই অানে। সেই জাহাজ লুট কৰে ভাৰতৰ জলদস্যুৱে। কিছু ঐতিহাসিকৰ মতে সেই জলদস্যু সকল অাছিল ভাৰতৰ কেতবোৰ অঘৰীজাতি,যিয়ে বাৰে বাৰে অাগে-পিছেও অাৰৱ বণিকৰ জাহাজত লুটপাত চলাই অাহিছিল। কিন্তু অান এচামৰ মতে দেৱল বন্দৰৰ কাষত লুটপাত চলোৱাসকল অাছিল ৰজা দাহিৰৰে সৈন্য। লুণ্ঠনকাৰীসকলে অাৰৱ বণিকৰ স্ত্ৰী-কন্যাকো বন্দীকৰে। তেতিয়া অাৰৱৰ শাসন কৰ্তা (তদানীন্তন উমাইয়া সাম্ৰাজ্য ইৰাক প্ৰদেশৰ অধীনেশ্বৰ) হাজ্জাজ বিন ইউছূফে ৰজা দাহিৰক ক্ষতিপূৰণ দাবী কৰি পত্ৰ প্ৰেৰণ কৰে। কিন্তু ৰজা দাহিৰে জনাই দিয়ে যিহেতু লুণ্ঠণকাৰীসকল তেওঁৰ প্ৰজা নহয়, গতিকে ইয়াৰ দায়িত্ব তেওঁ লব নোৱাৰে। সেই সময়ত ইউছুফৰ শাসনৰ বিৰোধী বিদ্ৰোহী কিছু মুছলমানকো দাহিৰে নিজৰ ৰাজ্যত অাশ্ৰয় দিছিল। ইয়াতে ক্ৰুদ্ধ হৈ খলিফাৰ পৰা সন্মতি অাদায় কৰি সিন্ধু অাক্ৰমণৰ বাবে প্ৰেৰণ কৰে ১৭ বছৰীয়া মহম্মদ বিন কাচিমক। অৱশ্যে ধৰ্মীয় বা ৰাজনৈতিক দৃষ্টিকোণেৰে চাবলৈ গলে বিন কাচিমৰ ভাৰত অভিযানৰ একো বিশেষত্ব নাই বুলি মন্তব্য কৰিছে ইতিহাসবিদ সকলে। অাধুনিক বুৰঞ্জীবিদ ষ্টেনলি লেন পুলৰ মতে “ভাৰত অাৰু অাৰৱৰ ইতিহাসত মুছলমানৰ সিন্ধু বিজয় এটি উপাখ্যান মাত্ৰ। ই এক নিস্ফল সামৰিক অভিযান। “
ভাৰতলৈ বাবৰৰ নেতৃত্বত মোগল অাহিছিল ৰাজপুত ৰাণাসংঘৰ অামন্ত্ৰণত, যাতে সেই সময়ৰ এক মুছলমান শাসক ইব্ৰাহিম লোডীক এসেকা দিব পৰা যায়। মন কৰিব লগীয়া কথা এয়ে যে বাবৰে লোডী শাসিত ভাৰত অাক্ৰমণ কৰোতে ধৰ্মযুদ্ধৰ ধ্বনি তুলিছিল।সেই ধৰ্মযুদ্ধ কিন্তু মুছলমান শাসকৰ বিৰুদ্ধে কৰা যুঁজৰেহে অাৰম্ভ কৰিছিল। ইতিহাসবিদৰ মতে মধ্যযুগত ধৰ্মৰ নাম লৈ ৰাজনৈতিক উদ্দেশ্য সাধন অাছিল প্ৰচলিত কৌশল। ধৰ্ম প্ৰাচীন কালৰ পৰা ক্ষমতাৰ হাতিয়াৰ হৈ অাহিছে । মধ্যযুগত ধৰ্মৰ যেতিয়া উত্থান তীব্ৰতৰ হৈ উঠিছিল, তেতিয়া শাসকে যদি ভাবিছে ধৰ্মৰ এই উত্থানে তেওঁৰ ৰাজশক্তিৰ ভাবুকি হৈ পৰিছে, তেতিয়াই শাসকে ধৰ্মৰ বিৰুদ্ধে অভিযান চলাইছে। অাৰু হয়তো কেতিয়াবা সেই ধৰ্মক পৃষ্ঠপোষকতা কৰি তাৰ জৰিয়তে ক্ষমতা অাৰু অধিক শক্তিশালীও কৰি তুলিছে। ভাৰতত শাসন চলোৱা সকলো মুছলমান শাসক ধৰ্মান্ধ নাছিল, নাছিল তেওঁলোক নৈষ্ঠিক মুছলমানো। কিছু শাসকে ভাৰতত ইছলাম ধৰ্ম প্ৰচাৰত অাগভাগ লৈছিল এই বাবেই যাতে এক ধৰ্মৰ অাধাৰত ধৰ্মীয় জাতীয়তাবাদেৰে শাসন সুনিশ্চিত কৰিব পৰা যায়। বেছ কিছু মুছলমান শাসকে মোল্লা-মৌলবী বা উলেমাৰ প্ৰৰোচনাত হিন্দু বিৰোধী কাৰ্যত লিপ্ত হৈছিল। বহুতে অাকৌ হিন্দু ধৰ্ম বিদ্বেষৰ পৰিবৰ্তে হিন্দু ধৰ্মৰ পৃষ্ঠপোষক হিচাপেহে অবতীৰ্ণ হৈছিল। তেওঁলোকে ক্ষমতা সুৰক্ষিত কৰাৰ স্বাৰ্থত হিন্দু প্ৰজাৰ সন্তুষ্টিৰ হকে ধৰ্মীয় স্বাধীনতাৰ পোষকতা কৰিছিল । লগতে মঠ-মন্দিৰো সাজি দিছিল। ভাৰতৰ মুছলমান শাসকৰ সৰহ ভাগেই যে নিজ ধৰ্মৰ প্ৰতি নৈষ্ঠিকতা দেখুৱা নাছিল সেই কথাৰ প্ৰামাণিক তথ্য হল তৈয়মুৰ লঙৰ ভাৰত অাক্ৰমণ। ভাৰতৰ মুছলমান শাসক সকল ইছলাম ধৰ্মৰ পৰা বিচ্যুত হোৱাৰ অভিযোগৰ এক অাহ্বানতহে তৈয়মুৰে ভাৰত অাক্ৰমণ কৰিছিল।
ৱাৰেংগলৰ শিৱ মন্দিৰ, ১৩২৩ খ্ৰীষ্টাব্দত ধ্বংস হয় মুছলিম শাসকৰ হাতত
মন্দিৰ বা উপসনাগৃহ সমূহ ভঙা-গঢ়াটো অাছিল মধ্যযুগীয় শাসকৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ বস্তু। অাৰ্কিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ তথ্যৰ উদ্ধৃতি দি ইতিহাসবিদ এম বি হাবিবুল্লাই লিখিছে দিল্লীৰ পুৰণি কিল্লাৰ দলিলত পাৰ্চী অাৰু সংস্কৃত ভাষাত লিখা অাছে, কিদৰে শ্ৰীকৃষ্ণ মন্দিৰ নিৰ্মাণাৰ্থে মুছলমান চুলতানে ১২ বিঘা ভূমি দান কৰিছিল। যদি ভাৰতৰ মুছলমান শাসক সকল ধৰ্মান্ধ হলহেঁতেন তেনেহলে ছিকন্দৰ লোডী( ১৪৮৯-১৫১৭)য়ে জৈনপুৰৰ সকলো মছজিদ ভাঙি পেলোৱাৰ নিৰ্দেশ নিদিলেহেঁতেন। এজন ধৰ্মান্ধ মুছলমানে মছজিদ ভঙিব পাৰে বুলি কথা কল্পনা কৰিব নোৱাৰি। তদুপৰি সেই সময়ত জৈনপুৰৰ শাসকো অাছিল এগৰাকী মুছলমান। মছজিদ ভাঙিবলৈ দিয়া নিৰ্দেশৰ অাঁৰত লোডীৰ কিন্তু কোনো ধৰ্ম বিদ্বেষো নাছিল,তেওঁ কেবল ৰাজনৈতিক শত্ৰুতাকল্পে জৈনপুৰৰ শাসকৰ ক্ষমতা লঘু কৰিব বিচাৰিছিল। হিন্দু মন্দিৰ ভঙাৰ অাঁৰত অামি কেৱল ইছলামিক অাগ্ৰাসনৰ কথাহে কওঁ। কিন্তু যেতিয়া হিন্দু শাসকেই হিন্দু মঠ- মন্দিৰ ধ্বংস কৰি পেলায় বা বিগ্ৰহ লুট কৰি লৈ যায়, তাৰ ব্যাখ্যা অামাৰ হাতত নাথাকে । অামি তেতিয়া মৌনতা অবলম্বন কৰিয়ে ক্ষান্ত নাথাকো, ইতিহাসৰ সত্যবোৰ লুকুৱাই ৰাখিবলৈহে যত্ন কৰো। ৰজতৰংগিনীৰ ৰচিয়তা কলহনে তেওঁৰ উক্ত গ্ৰন্হত উদঙাই থৈ গৈছে এনে অকথিত সত্যৰ। কাশ্মীৰৰ উৎপলা বংশৰ হিন্দু ৰজা হৰ্ষই ( ১০৮৯-১১০১) হিন্দু অাৰু বৌদ্ধ মঠ-মন্দিৰ ভাঙি সম্পদ লুট কৰাটো ৰাজ দায়িত্ব হিচাপে গ্ৰহণ কৰিছিল । মন্দিৰ লুণ্ঠনৰ নিমিত্তে তেওঁ সৃষ্টি কৰিছিল দেৱোৎপাটন নামৰ এক বিশেষ পদ। লণ্ডনৰ বিখ্যাত কাকত দা গাৰ্ডিয়ানত উইলিয়াম ডালৰিমপলে নামৰ গৱেষকগৰাকীয়ে লিখিছে এই কাশ্মীৰি ৰজাই অকলেই চাৰি হাজাৰ বৌদ্ধ পূণ্যস্হান ধ্বংস কৰাৰ বাবে দম্ভ কৰিছিল। দৃষ্টান্ত কেবল হৰ্ষই নহয়। ইয়াৰ অাগে পিছেও অনেক হিন্দু ৰজাই মন্দিৰ লুট কৰাৰ তথ্য ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ ৰৈ গৈছে।
চোল ৰাজ প্ৰথম ৰাজেন্দ্ৰই ( ১০১২-১০৪৪) চালুক্য ৰাজ্যৰ পৰা লুণ্ঠণ কৰি অনা দূৰ্গা প্ৰতিমা
এনেধৰণৰ তথ্যৰ কথা উল্লেখ কৰি নিউইয়ৰ্কৰ বাৰ্ড কলেজৰ ৰিলিজন এণ্ড এছিয়ান ষ্টাডিজৰ অধ্যাপক ৰিচাৰ্ড এইছ ডেভিদে ‘ইণ্ডিয়ান অাৰ্ট অৱজেক্ট এছ লুট’ শীৰ্ষক এক গৱেষণালব্ধ নিবন্ধত প্ৰাচীন তথ্য পোহৰলৈ অানিছে। অতীজৰ বহু হিন্দু ৰজাই শত্ৰু দেশ অাক্ৰমণ কৰি মন্দিৰৰ সম্পদ লুন্ঠণ কৰাৰ দৃষ্টান্ত অাছিল অনেক। পল্লৱৰাজ প্ৰথম নৰসীমাই চালুক্য ৰাজ্য অাক্ৰমণ চলাই ৰাজধানী বাতাপী ধ্বংস কৰি এটা বিশাল দেৱপ্ৰতিমা তামিলনাডুলৈ লৈ গৈছিল। দশম শতিকাৰ প্ৰথম ভাগত ৰাষ্ট্ৰকূট বংশৰ ৰজা তৃতীয় ইন্দ্ৰই ধ্বংস কৰিছিল কালাপ্ৰিয় মন্দিৰ, কাৰণ এই মন্দিৰটোৰ পৃষ্ঠপোষকতা কৰিছিল শত্ৰুদেশ প্ৰতিহাৰে। কাশ্মীৰৰ শাসক লালাদিত্যই যেতিয়া গৌড় ( বংগ) ৰজাক হৰুৱাই হত্যা কৰিছিল, তেতিয়া প্ৰতিশোধকল্পে বাঙালী সেনাই কাশ্মীৰৰ ৰাজধানীলৈ গৈ বিষ্ণু মন্দিৰ এটাত থকা বিগ্ৰহ এটা ভাঙি পেলাইছিল। এই মন্দিৰটো অাছিল কাশ্মীৰৰ ৰাজ ঐতিহ্য অাৰু সন্মান স্বৰূপ। ৰিচাৰ্ড ডেভিডে দ্বিধাহীন ভাবে কৈছে– ” There are no question that medival Hindu kings frequently destroyed religious image as part of more general rampages. “
বুজা যায় এইধৰণৰ মন্দিৰ ধ্বংস কাৰ্য কেবল ৰাজনৈতিক প্ৰতিশোধ বা ৰাজনৈতিক দমনৰহে প্ৰতীক অাছিল মাথো। মধ্যযুগত ৰজাই ধৰ্মক পৃষ্ঠপোষকতা কৰি মন্দিৰ বা ধৰ্মীয় উপাদানসমূহক ৰাজকীয় মৰ্যাদাৰে উন্নীতও কৰিছিল। মন্দিৰক কৰিছিল ৰাজ ঐতিহ্যৰ ষ্টাটাছ চিম্বল। গতিকে শত্ৰুপক্ষই যেতিয়া ইয়াত অাঘাত হানিছিল, তেওঁলোকে অাচলতে কোনো মন্দিৰত অাঘাত হনা নাছিল,অাঘাত হানিছিল ৰজাৰ সন্মানত। ৰাজপুত পৰমা বংশৰ সুভাত বৰ্মনে গুজৰাট অাক্ৰমণ কৰোতে ডাভেই অাৰু কম্বেৰ বহু জৈন মন্দিৰ ধ্বংস কৰি থৈ গৈছিল। নবম শতিকাৰ প্ৰথম ভাগত পাণ্ডিয়ান( শ্ৰীলংকা পৰ্যন্ত দক্ষিণ ভাৰতৰ প্ৰাচীন ৰাজ্য)ৰ ৰজা শ্ৰীমাৰাশ্ৰীবল্লভে শ্ৰীলংকা অাক্ৰমণ কৰি সোণৰ বুদ্ধ মূৰ্তি লুট কৰি লৈ অানে অাৰু ৰাজপ্ৰাসাদত স্হাপন কৰে। তেনেদৰে দশম শতিকাৰ প্ৰথমভাগত প্ৰতিহাৰাৰ ৰজা হেৰম্ব পালে কংগ্ৰাৰ শ্বাহী ৰজাক হৰুৱাই জব্দ কৰি নিজ ৰাজ্যলৈ লৈ অানে সোণৰ বিষ্ণু বৈকুন্ঠৰ মূৰ্তি এটা। দশম শতিকাৰ মাজ ভাগত সেই একেটা মূৰ্তি লৈ যায় লৈ যায় কেণ্ডেলা (ৰাজপুত বংশৰ দ্বাৰা শাসিত মধ্য ভাৰতৰ ৰাজ্য)ৰ ৰজা যশোবৰ্মনে অাৰু মূৰ্তিটো খাজুৰাহোৰ লক্ষ্মণ মন্দিৰত স্হাপন কৰে। ১৫৭৯ চনত ঘটা এটা ঘটনা অাছিল লক্ষণীয়। গোলকুণ্ডাৰ সেনাই মুৰাহাৰি ৰাওৰ নেতৃত্বত কৃষ্ণ নদীৰ দক্ষিণে বিজয় নগৰ অাক্ৰমণ কৰি অন্ধ্ৰপ্ৰদেশৰ অাহোবিলাম মন্দিৰৰ পৰা লৈ অানে ৰুবী খচিত এটা দেৱপ্ৰতিমা। সেইটো নি যুদ্ধ বিজয়ৰ চিন স্বৰূপে উপহাৰ দিয়ে চুলতানক। গোলকুণ্ডাৰ চুলতানৰ সৈতে বৈৰিতা অাছিল বিজয় নগৰৰ ৰজা কৃষ্ণদেৱৰায়ৰ। কৃষ্ণদেৱৰায় উক্ত মন্দিৰটোৰ পৃষ্ঠপোষক অাছিল অাৰু নিয়মিত মন্দিৰ দৰ্শন কৰিছিল। গুৰত্বপূৰ্ণ কথাটো হল মুৰাহৰি ৰাও অাছিল জাতত এজন মাৰাঠী ব্ৰাহ্মণ। কালাপাহাৰৰ কথা অামি সকলোৱে জানো। পুৰীৰ মন্দিৰত প্ৰৱেশ কৰিব নিদিয়া বাবেই এজন ব্ৰাহ্মণে কিদৰে মুছলমান ধৰ্মত দীক্ষিত হৈ ওড়িশাৰ প্ৰায় সমস্ত মন্দিৰ ভাঙি পেলাইছিল সেই কাহিনীও কিন্ত ধৰ্মবিদ্বেষৰ নহয়, ক্ষোভ-অপমানৰহে। গতিকে বুজা যায়, মন্দিৰ ভঙা-গঢ়াৰ এই খেল অাছিল কেবল ৰাজনৈতিক স্বাৰ্থপূৰণৰ খেল। ইয়াত ধৰ্মৰ সতে কোনো সম্পৰ্ক অাছিল গৌণ। অামেৰিকা যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্ছিটি অব্ অৰিজোনাৰ ইতিহাসৰ অধ্যাপক ৰিচাৰ্ড এম এটোনে বহু গৱেষণাৰ অন্তত লিখি উলিয়াইছে,’টেম্পল ডেষ্ট্ৰাকছন এণ্ড ইণ্ডো-মুছলিম ষ্টেটছ’,যত তেওঁ মুছলিম শাসকে হিন্দু মন্দিৰ ধ্বংস কৰা সন্দৰ্ভত প্ৰচলিত বাকধাৰাক ডিচকোৰ্চ কৰি উলিয়াইছে। ভাৰতত মুছলিম অামোলত ষাঠি হাজাৰ হিন্দু মন্দিৰ ধ্বংস কৰা হৈছে বুলি হিন্দু সংগঠনে কৰা দাবী তেওঁ নাকচ কৰি কৈছে যে মুছলমান শাসকৰ হাতত ( ১১৯২-১৭২৯ খ্ৰীষ্টাব্দ পৰ্যন্ত ধ্বংসপ্ৰাপ্ত মন্দিৰৰ সংখ্যা ৮০টাত কৈ অধিক নহয়। তেওঁ ইয়াকো ফঁহিয়াই দেখুৱাইছে যে এই ধ্বংস কাৰ্যৰ অাঁৰৰ কাৰণ ধৰ্মীয় নহয়, মূলতঃ ৰাজনৈতিকহে।
ইতিহাসৰ তথ্যবোৰ যদি অামি সুক্ষ্মভাৱে নিৰীক্ষণ কৰোঁ, দেখিম যে উপসনাগৃহ ধ্বংসৰ ক্ষেত্ৰত কিছু হিন্দু ৰজাৰহে ধৰ্মবিদ্বেষ বেছি প্ৰকট। কেবাজনো হিন্দু ৰজাই ব্ৰাহ্মণ্যবাদৰ স্বাৰ্থত বৌদ্ধ অাৰু জৈন ধৰ্ম উৎখাত কৰিবলৈ উঠিপৰি লাগিছিল। বৌদ্ধ বিহাৰ অাৰু স্তূপসমূহ ধ্বংস কৰিয়েই হেঁপাহ পলুওৱা নাছিল, নিৰ্মমভাৱে হত্যা কৰিছিল বৌদ্ধ ভিক্ষু সকলকো। অশোকৰ পুত্ৰ জালালুক ইমানেই গোড়া শিৱভক্ত অাছিল যে তেওঁ প্ৰতিদ্বন্দ্বী জ্ঞান কৰি বৌদ্ধ মন্দিৰ ভাঙি পেলাইছিল, জ্বলাই দিছিল বৌদ্ধ ধৰ্মৰ অলেখ পুথি-পাঁজি। ইতিহাসবিদ ডি এন ঝাই ১২ শতিকাৰ কাশ্মীৰী গ্ৰন্হৰ উদ্ধৃতি দি এই কথা কৈছে। ৰমীলা থাপাৰসহ বহু ইতিহাসবিদৰ মতে জালালুক অাছিল মগধৰাজ অশোকৰে অান এক পুত্ৰ। জালালুকও অৱশ্যে পিতৃ বা ভাতৃ-ভগ্নীৰ পদাংক অনুসৰণ কৰা নাছিল। প্ৰাচীন ব্যাকৰণবিদ পতঞ্জলিয়ে ‘মহাভাষ্য’ ত লিপিবদ্ধ কৰি থৈ যোৱামতে সেই কালত সাৰমান( বৌদ্ধ) অাৰু ব্ৰাহ্মণ অাছিল উভয়ে উভয়ৰে শত্ৰু, যদিওবা গুপ্ত ৰজাই বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল। বহু বিখ্যাত পণ্ডিতৰ এই সত্যাসত্য সন্দৰ্ভত মতবিৰোধ থাকিলেও খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতকত পুষ্যমিত্ৰ শুংগৰ অামোলত পাইকাৰী হাৰত বৌদ্ধ নিৰ্যাতন চলোৱাৰ অভিযোগ অাছে। ইউনিভাৰ্ছিটি অৱ কেমব্ৰিজ লাইব্ৰেৰীৰ সংগ্ৰহালায়ত ১০১৫ খ্ৰীষ্টাব্দৰ ভাৰতৰ এখন তালপাতৰ পাণ্ডুলিপি সংৰক্ষিত হৈ অাছে, যত জনৈক বৌদ্ধ ভিক্ষু কৰুণাভজৰাই বৌদ্ধ ধৰ্মৰ ওপৰত চলা হিন্দু ব্ৰাহ্মণ্যবাদীৰ নিৰ্মম অত্যাচাৰৰ কথাৰ ইংগিত দি গৈছে। বৌদ্ধ অাৰু জৈন ধৰ্মৰ জন্ম হৈছিল হিন্দু ব্ৰাহ্মণ্যবাদীৰ নিৰ্মম শোষণ-দমণৰ প্ৰতিবাদকল্পে। বৌদ্ধ ধৰ্মৰ ব্যাপ্তি অাৰু জনপ্ৰিয়তাক মুঠেও সহ্য কৰিব পৰা নাছিল গোড়া ব্ৰাহ্মণ্যবাদী হিন্দুই। গতিকে বৌদ্ধধৰ্ম বিশ্বাসীৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিল মুক্তভাবে। বৌদ্ধ ধৰ্মৰ পুথি-পাঁজি বিনষ্ট কৰাৰ লগতে বৌদ্ধ ধৰ্মালম্বীক হীন বা তুচ্ছ কৰি তুলিবলৈ ধ্যান-ধাৰণাও গঢ়ি তোলা হৈছিল। ‘ইতিহাস, সাম্প্ৰদায়িকতা ও ব্ৰাহ্মণ্যতন্ত্ৰ’ত বাংলাদেশী ইতিহাসবিদ পুলক চন্দে হিন্দুৰ বৌদ্ধ বিদ্বেষৰ কথা বিস্তৃতভাবে উদঙাই দেখুৱাইছে। গ্ৰন্হখনত এই সন্দৰ্ভত কিছু গুৰত্বপূৰ্ণ তথ্যও দিয়া হৈছে। ৭০০- ৯০০ খ্ৰীষ্টাব্দৰ এখন স্মৃতিগ্ৰন্হ ‘সৎমিত্ৰমিসাংমাতা’ত লিখা হৈছে ” বৌদ্ধ, পাণ্ডপত্য,,জৈন, নাস্তিক, অাৰু কপিলৰ শিষ্যসকলৰ দেহ স্পৰ্শ কৰিলে স্নান কৰিব লাগিব। ” মনু অাৰু যাজ্ঞবল্ক্যই ব্ৰাহ্মণক বৌদ্ধ প্ৰধান দেশ বৰ্জনৰ পৰামৰ্শ দিছিল। বিষ্ণু ধৰ্মসূত্ৰত কোৱা হৈছে–হালধীয়া বৰণৰ বস্ত্ৰ পৰিহিত সাধু অৰ্থাৎ বৌদ্ধ অাৰু তান্ত্ৰিকসকলৰ দৰ্শনো মংগলজনক নহয়।
ব্ৰাহ্মণ্যবাদীৰ হাতত মধ্যযুগত ধ্বংসপ্ৰাপ্ত হৈছিল বৌদ্ধধৰ্মৰ অনেক কীৰ্তিচিহ্ন
অষ্টম শতিকাৰ হিন্দু ধৰ্মৰ পুণৰুত্থানৰ সময়ত কুমাৰিলভট্টই বৌদ্ধ নিৰ্যাতনৰ সপক্ষত নীতি ঘোষণা কৰি কৈছিল–‘বৌদ্ধ মানেই বধ্য’। মাদুৰাই ৰজাই অাঠ হেজাৰ গোড়া জৈন অাৰু পণ্ডিতক শূলত দিছিল( পুলক চন্দ গ্ৰন্হ দ্ৰষ্টব্য)। হিন্দুত্ববাদী প্ৰবক্তাসকলে কেবল বৌদ্ধ নিৰ্যাতনতে থমকি ৰোৱা নাছিল, তেওঁলোকে বৌদ্ধবিহাৰসমূহ দখল কৰি তাত মন্দিৰ নিৰ্মাণ পৰ্যন্ত কৰিছিল। এইবোৰৰ দ্বাৰাও বৌদ্ধধৰ্মৰ জনপ্ৰিয়তা ৰোধ কৰিব নোৱাৰি শেষত স্বয়ং বুদ্ধদেৱকে গ্ৰাস কৰি পেলাইছিল অাৰু হিন্দুকৰণ কৰি বুদ্ধক হিন্দু ঈশ্বৰৰে অান এক অৱতাৰ হিচাপে ৰূপ দিয়াইছিল।
বৌদ্ধধৰ্মৰ প্ৰতি হিন্দু শাসকৰ বিৰাগ বৰ্তি অাছিল ১৮শতিকা পৰ্যন্ত। ১৭৮৪ চনত বেনাৰছৰ হিন্দু ৰজা চেত সিঙৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী জগত সিংহই ৰজাৰ এটি ইমাৰত নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা ইটাৰ বাবে ভাঙি পেলাবলৈ লৈছিল সাৰানাথৰ দুটা স্তূপ। এই স্তূপ দুটা অাছিল সম্ৰাট অশোকৰো অাগৰ। ধৰ্মৰাজিকা নামৰ স্তূপটো সমুলাঞ্চে ধ্বংস কৰি পেলোৱা হৈছিল অাৰু ধমেখ নামৰ স্তূপটো গুৰুতৰ ভাবে ক্ষতিগ্ৰস্ত হৈছিল। খননৰ সমক্ষত ধৰ্মৰাজিকা স্তূপৰ ভিতৰত এটি সেউজীয়া মাৰ্বলৰ পাত্ৰত ছাঁই উদ্ধাৰ হৈছিল, বিশ্বাস কৰা হৈছিল যে এই ছাঁইখিনি বুদ্ধৰ। অাৰু সেয়ে পাচত জগত সিঙে হিন্দু বিশ্বাস মানি গংগাত ছাইখনি উটুৱাই দিছিল। যি নওক এই ঘটনাৰ সম্ভেদ পাই লগে লগে ইংৰাজ কৰ্তৃপক্ষই অদূৰদৰ্শী এই হিন্দু শাসকৰ হাতৰ পৰা প্ৰাচীন কীৰ্তিচিহ্ন ৰক্ষা কৰিবলৈ কঠোৰ ব্যৱস্হা হাতত লয় অাৰু তেনেদৰেই কোনো প্ৰকাৰে ৰক্ষা পৰে ধমেখ স্তূপ। এই সমস্তকথা লিপিবদ্ধ হৈ অাছে Hans Wolfgang Schumannৰ ‘The Historical Buddha: The Times, Life, and Teachings of the Founder of Buddhism.
ওপৰৰ ছবিত সাৰানাথৰ ধ্বংস প্ৰাপ্ত ধৰ্মৰাজিকা স্তূপ। তলৰ ফটোত ইংৰাজ শাসকে কোনো প্ৰকাৰে ৰজা চেত সিংহৰ হাতৰ পৰ ৰক্ষা কৰা ধমেখ স্তূপ
অাজি একাংশ হিন্দুই হিন্দু ব্ৰাহ্মণ্যবাদী ৰাজনীতিকে হিন্দু সংস্কৃতি বা হিন্দু জাতীয়তাবাদ বুলি ভাবি লৈছে। যিসকলে যুগে যুগে ব্ৰাহ্মণ্যবাদৰ চিকাৰহৈ অাহিছিল সেই নিম্নবৰ্গৰ মানুহো এই ৰাজনীতিৰ দ্বাৰা মোহিত হৈছে। তেওঁলোকে মন্দিৰত প্ৰবেশ , বিগ্ৰহ স্পৰ্শ বা পূজা-পাতলৰ কিবা অধিকাৰ পাওঁক নাপাওক, মন্দিৰৰ গুৰুত্বকে নিজৰ জীৱনৰ গুৰুত্ব বুলি মানি লৈছে অাৰু সানন্দে ধ্বনি তুলিছে-” জয় ছিয়া ৰাম!” দেশৰ একাংশ মানুহ ধৰ্মৰ ৰাজনীতিত ভোল গৈ ইমানে মুছলিম বিদ্বেষী হৈ পৰিছে যে কিছুমানে খোদ তাজমহলকে ভাঙি তাত মন্দিৰ নিৰ্মাণৰ পোষকতা কৰিছে। কাৰণ তাতো একালত হেনো হিন্দু মন্দিৰ অাছিল অাৰু তাজমহল সাজিছিল মুছলমানে। যি তাজমহলৰ বাবে সমগ্ৰ বিশ্বত ভাৰতীয় সাংস্কৃতিৰ গৰিমা জিলিকি ৰৈছে, ধৰ্মৰ নামত কিছু মানুহে সেই তাজমহলকো অস্বীকাৰ কৰিব খুজিছে। একালত ভাৰতভূমিলৈ অনেক জাতি উপজাতি-গোষ্ঠী-জনগোষ্ঠী অাহিছে। অাজি তেওঁলোক লীন গৈছে বিশাল ভাৰতীয় জন-জীৱনৰ সোঁতত। অাজি অামি যিসকলে মঠ- মন্দিৰৰ নামত অাতুৰ হৈছেো, তেওঁলোকো অাহিছে হিন্দুকুশ পৰ্বত অতিক্ৰম কৰি। একে সময়তে কোনোবা অাহিছে হিন্দুকুশ পৰ্বত পাৰ হৈ ,অান কোনোবা অাহিছে পাটকাই পৰ্বত পাৰহৈ। তেওঁলোকে ভাঙিছেও, গঢ়িছেও। একৰাজ পাতিবলৈ সাতৰাজ মাৰিব লগা হৈছে। অাজিৰ ভাৰতীয় সংস্কৃতিত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমল মিহলি হৈ অাছে। এতিয়া অাৰু অামি একোৱেই বাদ দিব নোৱাৰো। ইছলামীয় ঐতিহ্যক বাদ দি সাম্প্ৰতিক ভাৰতীয় সাংস্কৃতিৰ কোনো অস্তিত্ব যে নাথাকে সেই সহজ সত্যটো বুজাৰো ক্ষমতা নাই অামাৰ।
অাকবৰৰ পৃষ্ঠপোষকতা মুছলিম শিল্পীয়ে অংকন কৰা কৃষ্ণলীলা। মোগল মিনিয়েছাৰ পেইন্টিং
যদি ইছালামৰ অৱদান অস্বীকাৰ কৰোঁ, ভাৰতীয় জন-জীৱনৰ পৰা মুছলমানক একাষৰীয়া কৰিব বিচাৰোঁ, তেনেহলে ভাৰতীয় সমাজ অাৰু সংস্কৃতিক জীৱনৰ পৰা বহু কিছু উপাদান বাদ দিব লাগিব। অামি বাদ দিব লাগিব বিৰিয়নি, পোলাও, চেৱৈ,হালুৱা,পৰঠা, তণ্ডুৰ,কাবাক-কোফ্টাকে অাদি কৰি অনেক মোগল অামোলৰ ব্যঞ্জন অাৰু ৰন্ধনপ্ৰকৰণ। অামি বৰ্জন কৰিব লাগিব ছেলোৱাৰ কামিজ, কুৰ্তা-পায়জামা। অামি অাদালতৰ ‘অাইন-কানুন’ অাৰু শব্দ সলাব লাগিব। ভাষাৰ পৰা অাৰৱিক-পাৰ্চী-তুৰ্ক-উৰ্দুৰ অজস্ৰ শব্দ নিষিদ্ধ কৰিব লাগিব। শতাধিক দৃষ্টি নন্দন ইমাৰত ভাঙি পেলাব লাগিব। অামি তবলা-চেতাৰ-সন্তোৰ-সৰোদ বাদ দিব লাগিব। বেছ কিছু ৰাগ-কাৱালি-চুফীসুৰৰ প্ৰচলন নিষিদ্ধ কৰিব লাগিব। অলেখ মিনিয়েছাৰ পেইন্টিং ধ্বংস কৰিব লাগিব। শ্বায়েৰীবোৰ পুৰি পেলাব লাগিব। তাতোকৈ ডাঙৰ কথাটো হ’ল তাৰ অাগতে অামি ধ্বংস কৰিব লাগিব অামাৰ ভাতৃত্ববোধ, মানবতাবোধ।
কিন্তু তাৰ পিচতো জানো মচি পেলাৱ পাৰি সত্য? চেকশ্লেভিকিয়াৰ স্বৈৰতন্ত্ৰী কমিউনিষ্ট শাসক গটৱাল্টৰ মূৰত ৰৈ যোৱা ক্লিমেন্টিছৰ টুপিটোৰ দৰেই অামাৰো চেতনাৰ মাজত জানো ৰৈ যাব নাযাৱ ইছলামৰ ইতিবাচক অৱদানবোৰ? অামি চিৰকাল জানি থাকিম যে এই মন্দিৰটোৰ তলতে পাচঁশ বছৰ ধৰি এটা ঐতিহাসিক মুছলিম ইমাৰত অাছিল। অাৰু অামি ইয়াকো জানি থাকিম যে অামি অাধুনিক মানুহবোৰেও ধৰ্ম বা ক্ষমতাৰ ৰাজনীতিৰ নামত অতীতৰ বৰ্বৰতাকে বাৰে বাৰে কৰি যাবলৈ ভালপাওঁ।

Leave a comment

Design a site like this with WordPress.com
Get started