
সত্যভমাৰ প্ৰশ্নত অাহত হৈছিল দ্ৰুপদকন্যা অাৰু খেদেৰে কৈছিল,” কৃষ্ণৰ পত্নী হৈ তুমি এনেধৰণৰ চিন্তা কৰা উচিত নহয়। স্বামীক বশ কৰিবলৈ কেবল অসৎ তিৰোতাবোৰেহে ঔষধ বা মন্ত্ৰ প্ৰয়োগ কৰে।”
হিন্দুৰ পৰম পবিত্ৰ এই গ্ৰন্হত দুই বিখ্যাত নাৰী চৰিত্ৰৰ মাজেৰে তদানীন্তন সনাতন ভাৰতীয় হিন্দুসমাজত নাৰী অাৰু নাৰী-পুৰুষৰ সম্পৰ্কত প্ৰচলিত কেতবোৰ ভেল্যুজ বা মূল্যবোধ অামাৰ ওচৰত উন্মোচিত হৈ পৰে। সত্যভমাৰ প্ৰশ্নৰ অৰ্থ হল, তেওঁৰ মনত এটি দুখ অাছে। এই দুখ পত্নী হৈয়ো কৃষ্ণক একান্ত নিজৰ বুলি লাভ কৰিব নোৱাৰাৰ দুখ। অাচলতে বশ কৰাৰ অৰ্থনো কি? কোনে কাক বশ কৰি ৰাখিব বিচাৰে? যদি বশৰ কৰি ৰখাৰ কথাই অাহে ইয়াৰ অৰ্থই হল কৃষ্ণই সত্যভমাৰ মনৰ বোধ-অনুভূতিক বুজিবলৈ চেষ্টা কৰা নাছিল, কৃষ্ণই অাচলতে তেওঁক ভালপায় নে নাপায় সত্যভমাই বুজি উঠিব পৰা নাছিল। পৰা নাছিল বাবেই তেওঁৰ বশ কৰি ৰখাৰ ইচ্ছাটো অাহিছে। অৰ্থাৎ পত্নী হলেও কৃষ্ণই সত্যভমাৰ সতে এটা ব্যৱধান ৰাখিছিল।
যি কি নহওক, দ্ৰোপদীৰ মুখৰে মহাভাৰতৰ প্ৰণেতাই কি কলে শুনক–” হে সত্যভমা, মই সৰ্বদায় কাম, ক্ৰোধ,অহংকাৰ ত্যাগ কৰি সহপত্নীসকলৰ সৈতে স্বামীসকলৰ সেৱা কৰো। স্বামীসকলে স্নান-ভোজন-শয়ন নকৰালৈ ময়ো স্নান-ভোজন-শয়ন নকৰো অাৰু অত্যন্ত হাস্যৰস অাৰু চপলতাকো প্ৰশ্ৰয় নিদিও। অভিজাত অাৰু সৎ স্ত্ৰীসংগ বাদে কাৰো সতে মিলা-মিছা নকৰো। অসৎ অাৰু স্বামীৰ অপ্ৰিয় তিৰোতাৰ সংগ পৰিহাৰ কৰি চলো। বৰকৈ গৃহৰ বাজ নহওঁ। স্বামী সকলে যি অাহাৰ গ্ৰহণ কৰে ময়ো সেই অাহাৰকে গ্ৰহণ কৰোঁ। স্বামীসকলে যি অাহাৰ বেয়া পায়,ময়ো সেই অাহাৰ বৰ্জন কৰি চলোঁ। অাত্মীয়ৰ সতে ব্যৱহাৰ, ভিক্ষাদান, শ্ৰদ্ধা ইত্যাদি সম্পৰ্কত মহাৰাণী কুন্তীয়ে মোক যি অাদেশ দি থৈছে সেয়া প্ৰতিক্ষণ মানি চলোঁ। যেতিয়া যুধিস্হিৰ ইন্দ্ৰপ্ৰস্হৰ ৰজা অাছিল, তেতিয়া ৰাজ্যৰ সমস্ত অায়-ব্যয়ৰ হিচাপ ৰাখিছিলো, চিৰকাল মই সকলোৰে অাগতে শোৱাপাটী এৰিছিলোঁ, অাৰু সকলোৰে শেষত শয়ণ কৰিবলৈ গৈছিলোঁ। তুমি যদি কৃষ্ণৰ প্ৰিয়পাত্ৰ হবলৈ বিচৰা, তেন্তে মোক অনুসৰণ কৰা।”
দ্ৰৌপদীৰ কথাবোৰ যদি অামি অাজিৰ বিচাৰেৰে তদানীন্তন সমাজখনৰ মূল্যবোধসমূহ decode কৰি চাও দেখিম যে এইবোৰ দ্ৰৌপদীৰে কথা নহয়, সেই প্ৰাচীন পুৰুষপ্ৰধান হিন্দু সমাজখনৰো মনৰ কথা। মহাভাৰতৰ ৰচকেও বিচাৰে এগৰাকী হিন্দু অাদৰ্শপত্নী দৌপদীৰ দৰেই হোৱা উচিত। হয়তো অাজিৰ সমাজৰ পৰিয়ালবোৰেও সেইবাবেই দ্ৰৌপদীৰ দৰেই ত্যাগস্বীকাৰ কৰিব পৰা গৰাকীকহে অাদৰ্শ বোৱাৰী বুলি গণ্য কৰে। পৰিয়ালবোৰে অাজিও বিচাৰে পত্নীয়ে নিজৰ ইচ্ছা অনিচ্ছাবোৰ বৰ্জন কৰি স্বামীৰ ইচ্ছা-অনিচ্ছাকে নিজৰ বুলি মানি লওক। নিজৰ প্ৰিয় খাদ্যবোৰ বিসৰ্জন দিয়ক। ঘৰৰ বাজ নহওক। বয়োজ্যেষ্ঠ মুৰব্বীয়ে নকৰিলেও নাই, কিন্তু পত্নী বা বোৱাৰীয়ে কামবন কৰি অাজৰি হৈহে সকলোৰে শেষত শোৱা পাটীলৈ যাওক, অাৰু সকলোৰে অাগতে শোৱাপাটী এৰক। কোনোবা নাৰীয়ে স্বেচ্ছাই দ্ৰৌপদীৰ অাদৰ্শ মানি যদি সুখী হৈছে, সেয়া তেওঁৰ নিজৰ কথা। কিন্তু যদি ইচ্ছা নথাকৈয়ো ত্যাগ কৰিব লগা হয়, সেয়া তেওঁৰ ক্ষেত্ৰত কেতিয়াবা হৈ পৰে শোষণৰ সমতুল্য। দ্ৰৌপদীৰ কথাৰ প্ৰসংগবোৰে এটা ধাৰণা দিয়ে যে তেওঁ সামাজিক প্ৰমূল্যৰ ওচৰত অনুগত হৈ ৰ’বলৈ বাধ্য এগৰাকী নাৰী।যিয়েই নহওক মহাভাৰতক এটি কিংবদন্তী অাখ্যান হিচাপে বিচাৰ কৰাত বাদে অামাৰ হাতত অাৰু একো উপায় নাই। মহাভাৰতৰ কাহিনীবোৰৰ সত্যতাৰ কোনো প্ৰামাণিক বিশ্বাসযোগ্য তথ্য নাই। মানুহ অাৰু ঈশ্বৰ, লৌকিক অাৰু অলৌকিক ঘটনাৰ সমিলমিলেৰে বাস্তৱ পৃথিবীৰ কোনো ইতিহাস সৃষ্টি হ’ব নোৱাৰে। তথাপি হিন্দুৰ এই মহাকাব্যখন বা তদানীন্তন অাৰ্যবৰ্তৰ সাহিত্যৰাজীক অামি ইতিহাসৰ সমলৰূপে গ্ৰহণ কৰিবই লাগিব। এই ধৰণৰ কাহিনী-অাখ্যান-কিংবদন্তী-বাণী-উপদেশসমূহৰ মাজেৰে সেইকালৰ সামাজিক ৰীতি-নীতি অাৰু প্ৰমূল্যক অামি দেখিবলৈ পাওঁ। জীৱন-জগত, লোক-পৰলোক, মানুহ-সমাজ অাৰু প্ৰকৃতি সম্পৰ্কে ধ্যান-ধাৰণা কেনে অাছিল– ইয়াৰ এক সামগ্ৰিক ধাৰণা অামি অতীতৰ মিথলজিৰ মাজতে সুন্দৰকৈ সন্ধান পাওঁ।
কৃষ্ণৰ লীলা, মিনিয়েছাৰ পেইন্টিংঅামাৰ সমাজ-জীৱন ধৰ্মীয় অাখ্যান অাৰু মিথবোৰেৰে এনেদৰে যুগোপৎ প্ৰভাৱিত হৈ অাহিছে যে অামাৰ দৈনন্দিন হাজাৰ কামকাজত সেইবোৰকে মনলৈ অানো অথবা দৃষ্টান্ত হিচাপে লওঁ। অামি সেইবোৰকে বাস্তৱৰ সত্য বুলি পতিয়ন যাওঁ। সকলো দেশ,সকলো জাতি, সকলো ধৰ্মতে অামি এনে প্ৰৱণতা প্ৰত্যক্ষ কৰোঁ। অামি জানো যে অনেক নিষ্ঠাবান ধাৰ্মিক হিন্দু মানুহে তাহানিৰ বেদ-উপনিষদ-পুৰাণ-মহাকাব্যৰ কথাবোৰ চৰম ঐতিহাসিক সত্যৰূপে বিশ্বাস কৰি অাহিছে। মানি চলিছে নীতি উপদেশবোৰ। অলপতে ইউটিউৱত দেখিলোঁ, এজনে কলমৌ শাক কেনেদৰে ভাজি খাব লাগে তাকে শিকাই অাছিল, কৌশলবোৰ শিকাই থাকোতে মাজতে তেওঁ ক’লে যে ভাদ মাহত কলমৌ শাক খাবলৈ নাপায়, কাৰণ ভাদত কৃষ্ণ জন্মিছিল। শুনি ভাৱ হল, কৃষ্ণৰ জন্ম কোনো মিথ নহয়, এটা সত্য। পিছে তাৰ সৈতে কলমৌৰ বিধি নিষেধবোৰ কিয়, জনা নগ’ল। অামি সবিস্ময়ে দেখোঁ অনেক হিন্দুই সেই ৰামায়ণ-মহাভাৰত-বেদ-উপনিষেদৰ নীতি-বচনবোৰ জীৱনৰ পদে পদে অাওৰায়। কয়-“বুজিছা গীতাত কৃষ্ণই কৈছে নহয়”…, অথবা “যুধিস্হিৰক দেখা নাছিলা ?”…হয়তো ক’ব “ৰামে এইবোৰ কৰিছিল”, “স্বয়ং কৃষ্ণই এইবোৰ কৰিছিল, অামিনো কোন কুটা?” বহুতে নাৰীৰ শ্ৰেষ্ঠতাৰ কথা বুজাবলৈ সীতাৰ সততা-পবিত্ৰতাৰ উদাহৰণ দিয়ে। এনেদৰে অামি হাজাৰ হিন্দুই অতীতৰ মিথবোৰেৰে অাজিৰ প্ৰমূল্যক তুলনা কৰোঁ। এই তুলনাবোৰে সদায়ে যে অামাক বা অাজিৰ মানৱ সমাজখনক উজ্জীৱিত কৰি ৰাখিছে এনে কিন্তু মুঠেও নহয়। বৰং বহু ক্ষেত্ৰত অামাক স্বাধীন মানুহ হিচাপে সন্মান অাৰু অাৰু মৰ্যাদা প্ৰাপ্তিত বাধাও দি অাহিছে। বিশেষকৈ যদি অামি ভাৰতীয় হিন্দু নাৰীৰ জীৱন অাৰু স্বাধীনতা সম্পৰ্কীয় কথাবোৰ লক্ষ্য কৰোঁ, অান নালাগে, যদি কেৱল দ্ৰৌপদীৰ জীৱন বৃত্তান্তৰ মাজেৰে চাওঁ–তেতিয়াও এই হিন্দু ঐতিহ্যৰ স্বৰূপ স্বতঃস্ফূৰ্তভাবে উন্মোচিত হৈ পৰে। সেই উন্মোচিত স্বৰূপে অামাক ব্যথিতও কৰে।
মহাভাৰতৰ কাহিনীৰ মাজেৰে বুজা যায়, এই যে সত্যভমা অাৰু দ্ৰৌপদীৰ কথোপকথন–ইয়াৰ মাজেৰে দ্ৰৌপদীৰ ব্যক্তিত্বৰ উমান অামি পাব পাৰো। দ্ৰৌপদীয়ে ৰাজকন্যাৰূপে জীৱনটো অাৰম্ভ কৰিছিল, কিন্তু বাকী দীৰ্ঘসময় এছোৱা কটাইছিল সাধাৰণ তিৰোতাৰ দৰে। ৰাজকীয় জীৱন কটাবলৈ বিশেষ সুযোগেই তেওঁ নাপালে। পালে কেবল দুখ-কষ্ট- দুৰ্ভোগ যাতনা। তাৰ বাবে কিন্তু কোনো দিনেই অাক্ষেপ অনুশোচনা কৰা নাই যে স্বামীগৃহৰ পাৰিবাৰিক কন্দলৰ ফলতে এই যাতনা সহিব লগা হৈছে। তেওঁ কেৱল পাশাখেলৰ মুহূৰ্তত, বস্ত্ৰহৰণৰ সময়তহে স্বামীগণৰ প্ৰতি ক্ষোভ-বিৰক্তি চৰমভাবে প্ৰকাশ কৰিছিল। তেওঁক ৰাজহুৱাভাবে নাঙঠ কৰিব ধৰিছে নিজৰে অাত্মীয়ই, তাকো স্বামীসকলৰ সমুখত অথচ স্বামীগণে ধৰ্মৰ দোহাই দি চুপ হৈ বহি ৰৈছে,সেয়া হয়তো তেওঁ এগৰাকী নাৰী হিচাপে মানি লব পৰা নাছিল। সিদিনা প্ৰতিবাদ কৰিছিল কেবল ভীমে। সেই মুহূৰ্তটোৰ ক্ষোভক বাদ দি বাকী গোটেই জীৱনটোত দ্ৰৌপদীয়ে পৰম নিষ্ঠা, সততা অাৰু অান্তৰিকতাৰে পঞ্চ পাণ্ডৱক স্বামীৰূপে সেৱা পৰিচৰ্যা কৰি গৈছিল। পাশাখেলৰ পণ্যদ্ৰব্যত পৰিণত হোৱাৰ সময়তো, ৰাজহুৱাভাবে শালীনতা হানি হোৱাৰ সময়তো কিন্তু দ্ৰৌপদীয়ে নিজৰ ভাগ্যকে ধিয়াইছিল। অানকি এই ত্যাগ স্বীকাৰৰ উপৰিও ধৈৰ্য,সাহস,সততা অাৰু বুদ্ধিমত্তাৰে পাণ্ডৱক দাসত্বৰ পৰা মুক্ত কৰি উঠাৰ পাছতো ঈশ্বৰৰ দৃষ্টিত দ্ৰৌপদী অাছিল ব্যভচাৰিণী অসতী তিৰোতা।অাৰু কেৱল সেইবাবেই দ্ৰৌপদীৰ স্বৰ্গপ্ৰাপ্তি সম্ভৱতো নহ’লেই, অানকি স্বৰ্গাৰোহণৰ পথত সৰ্বপ্ৰথমেই সততাৰ পৰীক্ষাত ব্যৰ্থ হৈ মৃত্যুক সাবতি ল’ব লগা হোৱা ব্যক্তিগৰাকীয়েই অাছিল দ্ৰৌপদী।
অামি সকলোৱে জানোঁ দ্ৰৌপদীৰ জীৱনৰ বিড়ম্বনাবোৰনো অাচলতে অাছিল কি? মহাকাব্যৰ বৰ্ণনা অনুসৰি দ্ৰৌপদীৰ হেনো অৰ্জুনৰ প্ৰতি অনুৰাগ অলপ বেছি অাছিল। বাকী চাৰিজন স্বামীৰ তুলনাত অৰ্জুনৰ প্ৰতি অলপ বেছি ভালপোৱা থকা বাবেই এগৰাকী হিন্দু নাৰী হিচাপে দ্ৰৌপদীৰ পাপ হৈছিল। যিয়ে তেওঁক পত্নী হোৱা স্বত্বেও জুৱাৰ পণ হবলৈ বাধ্য কৰাইছিল অাৰু পাকেপ্ৰকাৰে যৌন অাতিশায্যৰ বলি হবলৈ পৰপুৰুষৰ হাতত বিক্ৰি কৰি দিছিল, সেই পাণ্ডৱতকৈয়ো ঈশ্বৰৰ দৃষ্টিত অাছিল দ্ৰৌপদী অধিক পাপী।
মহাভাৰতৰ প্ৰণেতাই দ্ৰৌপদীৰ চৰিত্ৰটো বলিষ্ঠ, দৃঢ়চেতা অাৰু সৎ হিচাপে চিত্ৰিত কৰি উঠিও বা নাৰীকেন্দ্ৰিক নৈতিকতাৰ দ্বন্দ্ববোৰ উপস্হাপন কৰিও কিন্তু শেষ পৰিণতি এনে ধৰণে প্ৰতিষ্ঠা কৰিলে যে দ্ৰৌপদীৰ সেই নিষ্ঠা-সততাৰ কোনো মূল্যই বৰ্তি নাথাকিল। অৰ্থাৎ ভাষ্যকাৰসকলে যি লিখিলে তাৰ মাজেৰে শেষত এই কথাই ক’লে যে হিন্দু নাৰীৰ নিজৰ ওপৰত অধিকাৰতো নায়েই, নিজৰ হৃদয়ৰ ওপৰতো নাই। নাৰীয়ে অানকি গোপনেও, জগতে নজনাকৈয়ো পুৰুষ-সমাজে যদি নিবিচাৰে কাকো ভালো পাব নোৱাৰিব।
অথচ অৰ্জুননো অাছিল কোন, নিজৰেতো স্বামী! অৰ্জুনতো পৰপুৰুষ নাছিল। অামি জানোঁ দ্ৰৌপদীয়ে পাণ্ডৱৰ বাকী চাৰিজনৰ অান কাকোৱেই স্বামীৰূপে বিচৰা নাছিল। অৰ্জুনক তেওঁ ভাল পাইছিল,কামনা কৰিছিল। স্বয়ম্বৰ সভাত অনেক ৰজা-মহাৰজা, সুদৰ্শন গুণী জ্ঞানী যুৱৰাজকো প্ৰত্যাখ্যান কৰি বৰমাল্য অৰ্পণ কৰিছিল অৰ্জুনৰ ডিঙিত। প্ৰথা অনুসৰিয়েই দ্ৰৌপদীৰ স্বামী অৰ্জুনহে। গতিকে অৰ্জুন তেওঁৰ প্ৰকৃত প্ৰেমাষ্পদ হোৱাৰে কথা। বাকী কেইজনক তেওঁৰ জীৱনত জাপিহে দিয়া হৈছে। তেওঁ এক মানৱী জীৱ সত্তাহে, কোনো খাদ্য দ্ৰব্য নহয় যে অাৰাধ্য মাতৃয়ে ক’লে বুলিয়েই পাঁচজন পুৰুষে ভগাই লব! কথাবোৰ জানো ইমান সহজ অাছিল? পাঁচজনকৈ যৌনসক্ষম পুৰুষৰ সতে একে সময়তে জীৱন কটোৱা, বুজাপৰা, এৰাধৰাৰে পাঁচখন সংসাৰ চলোৱাটো জানো ইমানেই মামুলি কথা ? পাঁচ গৰাকীৰ চখ-অভিৰুচী হয়তো অাছিল ভিন ভিন। তথাপি প্ৰতিজনৰে ৰুচি-অভিৰুচিকে অনুসৰণ কৰিছিল দ্ৰৌপদীয়ে। পাঁচজনকে সন্তুষ্ট কৰি দেহ-মন সঁপি দিব পাৰিছিল বাবেইতো কোনো দিনেই পাণ্ডৱৰ মাজত ইয়াকে লৈ ক্ষোভ- অশান্তিৰ সৃষ্টি হ’ব লগা নহল। মন কৰক এজন পুৰুষৰ সতেই সাংসাৰিক জীৱনটো কটাবলৈ নাৰীৰ ক’ত বুজাপৰা,এৰাধৰা–দ্ৰৌপদীয়ে যে পাঁচখন সংসাৰ সুকলমে চলাই নিছে তাৰ কি কোনো মূল্য নাছিল ঈশ্বৰৰ ওচৰত? প্ৰকৃততে মহাভাৰতৰ ৰচিয়তাই জানো এই কথাকে ক’ব খোজা নাই যে বিবাহিতা হিন্দু নাৰীয়ে পতিসেৱাত এচুলিমানো ইফাল সিফাল হলেই সকলো নম্বৰ কটা যাব? দ্ৰৌপদীৰ কাহিনীটোৰ মাজেৰে ইয়াকেই সকিয়াই দিয়া হৈছে যে নাৰীৰ প্ৰেমৰো অধিকাৰ নাই। প্ৰেমো কৰিব লাগিব সমাজৰ অনুমতি লৈ। ঠিক অাছে, হিন্দু প্ৰমূল্যই বাৰু নাৰীৰ বিশ্বস্ততা এনেধৰণে নিৰূপণ কৰিলে, কিন্তু পুৰুষৰ বেলিকা? পুৰুষসকলৰ ক্ষেত্ৰত বিধি বিধানবোৰ কত ? ধৰা হওক অৰ্জুনৰ কথা, যি অৰ্জুনক অধিক ভালপাৱলৈ গৈ দ্ৰৌপদী স্বৰ্গবাসৰ পৰা বঞ্চিত হ’ব লগা হল, সেই অৰ্জুনে দ্ৰৌপদীৰ কিমান নিজৰ হৈ থাকিল? দ্ৰৌপদীৰ বিশ্বস্ত হৈ থাকিল জানো ? অৰ্জুনে দেখোন অাৰু অনকে সুন্দৰীৰ নাৰীৰ মাজতো প্ৰেম বিচাৰি ফুৰিলে! সুভদ্ৰা, চিত্ৰাংগদা, উলুপী এওঁলোকৰো জানো প্ৰেম অাৰু সংগসুখ অাদায় কৰা নাছিল অৰ্জুনে ? সমাজে দোষ ধৰিছে, নে ঈশ্বৰেই শাস্তি প্ৰদান কৰিছে অৰ্জুনক ? সম্ভৱতঃ মহাভাৰত কালৰ লেখকে ভবা নাছিল যে প্ৰেমৰ স্বাধীনতাৰ ক্ষেত্ৰত নাৰীৰ দৰে পুৰুষৰো কিবা সীমা থকা উচিত। যদি এনে ধৰণৰ কিবা নৈতিকতাৰ প্ৰয়োজন বুলি ভাবিলেহেঁতেন তেনেহলে কেতিয়াও ষোল্ল হাজাৰ গোপিনীৰ প্ৰেমিক হ’ব পৰাতো কৃষ্ণৰ কৃতিত্বৰ চিন বুলি গণ্য কৰা নহলহেৃতেন।

ধৰা হওক মহাভাৰতৰ পুলোমাৰ কথা। ব্ৰহ্মাপুত্ৰ মহৰ্ষি ভৃগুৰ পত্নী অাছিল পুলোমা। স্বামীৰ প্ৰতি অনুগত্য পুলোমাই বিয়াৰ অাগতে ভাল পাইছিল এক অনাৰ্য যুৱকক। তাৰো নাম অাছিল পুলোমা। বিয়াৰ পাচত পূৰ্বৰ প্ৰেমিকৰ সতে কোনো সম্পৰ্ক নাছিল ঋষি পত্নীৰ। তথাপি পুলোমাৰ সন্তানসম্ভৱা অৱস্হাত ঈশ্বৰৰ কিনো জানো মন গ’ল যে পুলোমাৰ পতিভক্তিৰ পৰীক্ষা লব । ( ঈশ্বৰ যদি সৰ্বশক্তিমান অন্তৰ্যামী, তেনেহলে তেওঁৰনো অাকৌ প্ৰমাণ চাবলৈ পৰীক্ষা কৰাৰ কি দৰকাৰ, অামাৰ দৰে মনুষ্যৰ বুজাৰ উপায় নাই)। ঈশ্বৰে কৌশলেৰে ঋষিপত্নীৰ ওচৰলৈ পঠিয়াই দিলে পূৰ্বৰ অনাৰ্য প্ৰেমিক পুলোমাক। যজ্ঞৰ অগ্নিয়ে দুয়োৰে মিলনক বৈধ বুলি ৰায় দিয়াত ঋষিপত্নী গুচি গল অনাৰ্য প্ৰেমিকৰ সৈতে। বাটত পুলোমাই সন্তান প্ৰসৱ কৰিলে অাৰু সেই সন্তানৰ কোপ দৃষ্টিত ভষ্মীভূত হৈ গল মাতৃৰ অনাৰ্য প্ৰেমিক। হিন্দু ঐতিহ্যৰ ক্ষমতা এয়ে যে সদ্যজাত সন্তানৰো থাকে অদম্য শক্তি যিয়ে মাতৃৰ প্ৰেম উচিত নে অনুচিত তাক সিদ্ধান্ত লৈ বিচাৰ কৰিব পাৰে। অাৰু সেই যে শকুন্তলা–প্ৰথম দৰ্শনতে ৰজা দুষ্মন্ত শকুন্তলাৰ প্ৰেমত পৰিল, শকুন্তলায়ো ভালপালে ৰজাক। শকুন্তলাক তেওঁৰ অাশ্ৰয় দাতা ঋষিৰ অাশ্ৰমতে এৰি থৈ যাব লগা হোৱাৰ পাচত এদিন অাহিল মহান ঋষি দুৰ্বাসা। ভাৰতীয় হিন্দু বিশ্বাস অনুসৰি এওঁ হল এনে এজন মহান ‘ঋষি’, যিয়ে সততেই হিতাহিত জ্ঞান হেৰুৱাই পেলায়। খঙ ৰিপু দমনত ব্যৰ্থ ঋষিয়ে ভিক্ষা বিচাৰি অাহি অাত্মমগ্ন শকুন্তলাক অভিশাপ দিলে, ‘যাৰ কথা ভাবি অাছা, সেইজনে পাহৰি যাৱ তোমাক।’ সদ্য বিয়া পাতি দুষ্মন্ত অাঁতৰি গৈছে, গতিকে বিৰহ বেদনাত কাতৰ শকুন্তলাৰ মনলৈ প্ৰিয় স্বামীৰ স্মৃতি অহাটোৱেই স্বাভাৱিক কথা। কিন্তু ভাৰতীয় হিন্দু নাৰীয়ে ক্ষত্ৰিয় স্বামীৰ অাৱেশত মন মজি থকাৰো অধিকাৰ দিয়া নাই, তেওঁলোকৰ বাবে ব্ৰাহ্মণক অাতিথ্য দিয়াটোহে মুখ্য। গতিকে ইয়াৰ ব্যতিৰেকে শাস্তি ভোগ কৰিব লাগিব তেওঁলোকে।

নাৰীৰ মন অাৰু শৰীৰৰ ওপৰত পুৰুষে অাধিপাত্য বজাই ৰখাৰ স্বাৰ্থত পৃথিৱীৰ সৰ্বত্ৰ এনেধৰণৰ অজস্ৰ কাহিনী অাখ্যানৰ জন্ম দিয়া হৈছে। কেৱল হিন্দু ধৰ্মই ইয়াৰ দৃষ্টান্ত নহয়।এনে ধৰণৰ কাহিনী নিৰ্মাণৰ জৰিয়তে সমাজত পুৰুষ প্ৰধান প্ৰমূল্য গজগজিয়া কৰি ৰাখিবলৈ সকলো চেষ্টাই চলাই যোৱা হৈছে। মধ্যযুগৰ পৰা
