নিৰ্বাচনী মেলা-বজাৰৰ বান্দৰবোৰ

কোনো শিল্পী হঠাৎ মাটি ফুটি ওলাই নাহে। শিল্পী এগৰাকীৰ জন্ম হয় সন্তৰ্পনে, সাধনাই তেওঁৰ শিল্পী-পৰিচিতি নিৰ্মাণ কৰে, জনতাৰ ওচৰত অাপোন হৈ পৰে। তেওঁৰ শিল্পসাধনাত মুগ্ধ হ’লে জনতাই তেওঁক হৃদয়ৰ মাজতো ঠাই দিয়ে। মানুহ হিচাপে যদি সমাজৰ প্ৰতি শ্ৰদ্ধা-ভালপোৱা নাথাকে, তেনেহলে বিৰল প্ৰতিভাধাৰীসকলো এদিন সন্তৰ্পণে হেৰাই যায়। যিসকলে মানুহৰ সমাদৰ লাভ কৰে, শ্ৰদ্ধাষ্পদত পৰিণত হয়, তেওঁলোকৰ মাজৰ কিছুৱে জনপ্ৰিয়তা অাৰ্জে। পিছে গ্লেমাৰ বা জনপ্ৰিয়তা সকলোৰে নাথাকে। গ্লেমাৰ নাথাকিলে বা জনপ্ৰিয় হ’ব নোৱাৰিলে বুলিয়েই শিল্পীগৰাকী সাধাৰণ হৈয়ো নাযায়। সীমিত সংখ্যক হ’লেও জীৱনকালত তেওঁৰো গুণমুগ্ধ থাকে। কিন্তু তেওঁৰ গুণমুগ্ধৰ সংখ্যা নকমে, বৰং দিনযোৱাৰ লগে লগে বাঢ়েহে। প্ৰতিভাৰ মাজেৰেই সময়ৰ বুকুত খোদিত হৈ যায় বাবেই জীৱিত কালত জনপ্ৰিয়তা অাৰ্জিব নোৱাৰা জনেই কেতিয়াবা চিৰকালীন নমস্য হৈ ৰৈয়ো যায় তেওঁৰ শিল্প-প্ৰতিভাৰ কাল নিৰপেক্ষতাৰ বাবে।
প্ৰতিভাশালী হ’ল বুলিয়েই সকলোৱে জনপ্ৰিয় হৈ পৰিব তেনেও নহয়। সমাজৰ বুজন সংখ্যক মানুহক অাপ্লুত কৰিব নোৱাৰিলে কোনো শিল্পীয়ে জনপ্ৰিয়তা লাভ কৰিব নোৱাৰে। প্ৰতিভাৰ গ্ৰহণযোগ্যতা সাৰ্বজনীন হৈ উঠিলে তেওঁ জনপ্ৰিয়তা অাৰ্জে। ভূপেন হাজৰিকা অাছিল তেনে এগৰাকী শিল্পী। তেওঁৰ গীতৰ কথা,সুৰ অাৰু কণ্ঠই অসমীয়াৰ সকলো শ্ৰেণীৰ মানুহৰ হৃদয়ত স্হান লভিব পাৰিছিল বাবে তেওঁৰ জনপ্ৰিয়তা অাছিল অভূতপূৰ্ব।
অান এচাম শিল্পী অাছে, যাৰ জনপ্ৰিয়তা অকল প্ৰতিভাৰ বলত নহয়, শিল্প-বজাৰৰ চল-চাতুৰী, মানুহৰ ৰুচীবোধ অাৰু প্ৰচাৰমাধ্যমৰ ওপৰত নিৰ্ভৰ কৰিহে অৰ্জন কৰে। তেনে শিল্পীৰ প্ৰতিভাৰ বিষয়ে প্ৰচাৰ কৰোতে টিভি-চিনেমাকে অাদি প্ৰচাৰ মাধ্যমৰ জৰিয়তে তেওঁক তুলি ধৰা হয় জোখত কৈ বেছি, যাতে মানুহৰ মনত ভ্ৰমৰ সৃষ্টি হয়। চিনেমাজগতৰ বহু শিল্পীৰ বিশেষ একো যোগ্যতা নথকা স্বত্বেও চিনেমাৰ বজাৰখনে তেনে শিল্পীক কেবল প্ৰচাৰৰ জৰিয়তেই কিছুদিনৰ বাবে জনপ্ৰিয় কৰি তুলিব পাৰে। অানহাতে কেতিয়াবা বজাৰে এনেকুৱা একোটা ট্ৰেণ্ড জনপ্ৰিয় কৰি তোলে যে সেই ট্ৰেণ্ডৰ সোঁতত মিলি গৈ জন-সাধাৰণক ৰুচী অনুযায়ী সন্তুষ্ট কৰাৰ চেষ্টাৰেও বহুতে জনপ্ৰিয় হৈ পৰে। ফেচন শিল্প-সংগীত-অানকি সাহিত্যৰ ক্ষেত্ৰতো বজাৰে জনপ্ৰিয় ট্ৰেণ্ড সৃষ্টি কৰিব পৰাতো সম্ভৱপৰ। মানুহৰ বৌদ্ধিক স্তৰ অাৰু ৰুচীবোধ অনুযায়ী শিল্প সৃষ্টিৰে জনপ্ৰিয়তা অৰ্জাটো নতুন কথা নহয়। ৰুচীবোধ বা শিল্প-ৰসাস্বাদনৰ বৌদ্ধিক ক্ষমতা যদি সকলোৰে একে হলহেঁতেন, তেতিয়া সকলোৱে একে সময়তে একে ধৰণৰ বস্তুক সমানভাবে ভালপাব পাৰিলেহেঁতেন। অামি যদি কেৱল সংগীতৰ কথাই পাতোঁ দেখিম যে সংগীতৰ এটা ভাগ অাজিকালি সম্পূৰ্ণ ৰূপেই বজাৰ নিৰ্ভৰ হৈ পৰিছে, যাক বহুতে popular culture ৰ সংগীত বুলি অাখ্যা দিয়ে। অামি দেখিছো যে বজাৰৰ ট্ৰেণ্ডেই সংগীতৰ ৰূপ নিৰ্ধাৰণ কৰাৰ লগতে সংগীতৰ জনপ্ৰিয়তাৰ মাপকাঠিও নিৰ্ণয় কৰি দিছে।ধৰক, অাজি কালি অামি ডালেৰ মেহেণ্ডিৰ নাম নুশুনা হ’লো। হিমেশ ৰেছমিয়াকো ভাল নলগা হ’ল। হনি সিঙৰো বজাৰত অাগৰ দৰে কদৰ নাই। নবৈৰ দহকত অামি অাপাচে ইণ্ডিয়ান অাৰু বালি ব্ৰহ্মভাটকো হঠাৎ জনপ্ৰিয় হৈ উঠা দেখিছিলো। চিনেমাৰ ক্ষেত্ৰত অামি দেখোঁ, বিখ্যাত পিতৃ বা মাতৃৰ পৃষ্ঠপোষকতা লৈ কিছু সন্তানে বলিউডৰ অভিনয় জগতত ভৰি থয়। কিছুৱে প্ৰতিষ্ঠা পায়, জনপ্ৰিয়ও হয়–কিন্তু যিবোৰ প্ৰতিভাহীনে প্ৰচাৰৰ জৰিয়তে জনপ্ৰিয়তা অাৰ্জে, তেওঁলোক ওফৰি যাবলৈ বেছি পৰ নালাগে। কুমাৰ গৌৰৱে বক্স অফিচ হিট কৰি কেৰিয়াৰ অাৰম্ভ কৰিছিল। ছোৱালীবোৰৰ হাৰ্ট থ্ৰৱ হৈ পৰাৰ পাছতো কিন্তু প্ৰতিভাৰ অভাবতে তেওঁ বলিউডৰ পৰা চিটিকি পৰিল। বাপ্পী লাহিড়ীৰ এটা জামানা অাছিল, ৮০ৰ দহকৰ তেওঁৰ ডিস্কো ডেন্সাৰ, হিম্মতৱালা,মাৱালি অাদি চিনেমাৰ জনপ্ৰিয় গীতবোৰ এতিয়া কতো নাবাজে। কল্যাণজী অানন্দজী, লক্ষ্মীকান্ত প্যায়াৰেলাল অাদি সংগীতকাৰ সকলে যি মাইল্ড মেলডী বা নম্ৰ-সুষম ৰিদমেৰে সংগীতৰ ধাৰা এটা বৰ্তাই ৰাখিছিল, সেই ধাৰা নাকচ কৰি বাপ্পী লাহিড়ীয়ে উদ্দাম ডিস্কো কায়দাৰ অলেখ ছিনথেটিক বাদ্যযন্ত্ৰৰে ঝংকাৰ তুলিছিল, গানৰ গতি নতুন প্ৰাণস্পন্দনেৰে বেগতিক কৰি তুলিছিল। মানুহে এই পৰিবৰ্তন ভাল পাইছিল। পিছে পাশ্চাত্যৰ বজাৰমুখী সংগীতৰ সেই ট্ৰেণ্ডে লাহিড়ীক স্হায়িত্ব দিব নোৱাৰিলে। তেওঁৰ সেই জনপ্ৰিয়তা দুটা দহকৰ ভিতৰতে তাছপাতৰ ঘৰৰ দৰে খহি পৰিল। কেবল সংগীত বুলি নহয় অান অান ক্ষেত্ৰৰ শিল্পীসকলৰ জনপ্ৰিয়তা সন্দৰ্ভতো একেই কথা ক’ব পাৰি। সংগীতৰ উপৰি বিশেষকৈ অভিনয়, ক্ৰীড়া অাৰু অানকি সাহিত্যৰ ক্ষেত্ৰতো জনপ্ৰিয়তা কেতিয়াবা এচোৱা বিশেষ সময়ত তুংগত উঠে অাৰু পাচত লাহে লাহে সেই জনপ্ৰিয়তা ম্লান পৰি অাহে। এনে হয় যদি তেওঁলোকৰ সৃজনশীলতা হয় কাল সাপেক্ষ। যি প্ৰতিভাৰ গুণ গৰিমা চৰ্চিত হয় বজাৰৰ মাজেৰে, তেনে প্ৰতিভাৰ জনপ্ৰিয়তা হৈ পৰে হ্ৰস্বম্যাদী। তেনে প্ৰতিভাৰ জনপ্ৰিয়তা বজাৰ নোহোৱা হ’লে ম্লান পৰি অাহিবলৈ বাধ্য। তেওঁলোকৰ কীৰ্তিবোৰ হৈ পৰে কেবল সংখ্যা-পৰিসংখ্যাত। বিশেষকৈ এনে দৃষ্টান্ত দেখোঁ চিনেমাৰ দৰে বজাৰভিত্তিক সংগীত শিল্পীসকলৰ ক্ষেত্ৰত। বজাৰৰ স্বাৰ্থত তেওঁলোকৰ ব্যাপক জয়গান কৰোৱা হয়। মানুহৰ মাজত এক ভ্ৰম সৃষ্টি কৰা হয়। তেওঁলোকৰ গুণমুগ্ধ সকলক ক্ৰেতালৈ ৰূপান্তৰ কৰা হয় অাৰু এনেদৰেই তেওঁলোকৰ গান হৈ পৰে বেষ্ট ছেলাৰ। কিন্তু তেওঁলোকৰ সৃষ্টিৰ একঘেয়ামীৰ বাবে সোনকালেই মানুহৰ অাৱেশ কাটি যায়। প্ৰথমৰ দৰে গানবোৰ ভাল নলগা হৈ পৰে। ফলত অৱধাৰিতভাৱে জনপ্ৰিয়তাতো ভাটা অাহি পৰে। কিন্তু কিছুমান শিল্পীৰ প্ৰতিভা ইমানে বিৰল যে তেওঁলোকৰ গানৰ ভাল লগা চিৰকালীন। বজাৰে তেওঁলোকক চৰ্চাও কৰি নাথাকে, তথাপি তেওঁলোক হৈ ৰয় জনপ্ৰিয়। অামাৰ ভাৰতত লতা বা কিশোৰ কুমাৰে গোৱা কিছুগীত অাজিৰ প্ৰজন্মৰ ওচৰতো কদৰ অাছে। অাছে বাবেই তেনে গীতবোৰ নতুন ৰূপত বজাৰৰ জৰিয়তে পুণৰ ওভতি অাহে বাৰে বাৰে। পাশ্চাত্যত মোজাৰ্ট, বিথোভেনৰ বা চাৰ্কস্কিৰ ছিম্ফনি জনপ্ৰিয়তা অাজিও অটুত।
এই কথা সকলোৱে নিশ্চয় বুজি পায় যে বজাৰত ভেজা দি যিয়ে লিখে, গান গায় বা অান প্ৰদৰ্শন মূলক শিল্প নিৰ্মাণ কৰে, তেওঁলোকে এটা বিশেষ কালৰ বাবে বা এটা বিশেষ শ্ৰেণীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে, সেইবুলি তেওঁৰ সেই সৃষ্টিয়ে মহৎ হোৱাৰ যোগ্যতা নাথাকিবও পাৰে। মানুহে ভাল পালেই বাবেই বস্তু এটা মহৎ হৈ নপৰে। হোৱা হ’লে পৰ্ণগ্ৰাফী, সুৰা-ড্ৰাগছো অামি মহৎ বুলি স্বীকাৰ কৰি ললোহেঁতেন। এইবোৰতকৈ ডাঙৰ কথাটো হল মানুহৰ ৰুচীৰ লগত তাল মিলাই যিয়ে শিল্পসৃষ্টি কৰে অাৰু জনপ্ৰিয়তা লভিব বিচাৰে, তেনে শিল্পৰ চমক বাহ্যিকতাতহে, ভিতৰত সাৰমৰ্ম বুলিবলৈ সততেই একো নাথাকে। সেইবাবে সেই শিল্পৰ স্হায়ীত্ব তেনেই কম। এটা সময়ত ফেনিহিল নামৰ এৰোটিক সাহিত্যৰ চিৰিজ এটা ইউৰোপত খুৱ চলিছিল, অাজি নতুন প্ৰজন্মৰ পাঠকে ফেনিহিলৰ খৱৰ নলয়। হেৰল্ড ৰবিনচনেও তেনেধৰণৰ সাহিত্য ৰচি এসময়ত ‘বেষ্ট ছেলাৰ’ত পৰিণত হৈছিল। অামাৰ ইয়াত শোভা দেৰ লেখা অাজি কালি নতুন প্ৰজন্মই নিবিচৰা হল, পুৰণিসকলৰো অাগ্ৰহ কমিল। অাহিল কিছু নতুন লেখক। চেতন ভগতৰ ক্ষেত্ৰতো দেখিছোঁ পঢ়ুৱৈৰ কৌতুহল হ্ৰাস পাইছে। এতিয়া দেখিছোঁ অামিশ ত্ৰিপাঠী -দুৰ্জয় দত্তৰ দিন চলি অাছে। শিল্প-ৰসিকৰ সাম্প্ৰতিক ৰুচী অাৰু বজাৰৰ ট্ৰেণ্ডেই যদি শিল্পৰ গতিপথ নিৰ্মাণ কৰি দিয়ে তেনেহলে সেই ট্ৰেণ্ডতে সেই শিল্পৰ ভৱিষ্যতো নিৰ্ভৰশীল হয়। সময়ত ট্ৰেণ্ডৰ লগত শিল্পও উটি গুচি যায়, মানুহেও ভৱিষ্যতে ‘মিছ’ নকৰে।

নাইজেৰিয়াৰ ফেলা কুটি ,এটা গীতেৰেই স্বৈৰতন্ত্ৰী শাসকৰ বিৰুদ্ধে জাগ্ৰত কৰি তুলিছিল
      (২)
      শিল্প-কলা সমাজিক ক্ৰিয়া-কলাপৰে অংশ, এইবোৰ সমাজৰ পৰা বিচ্ছিন্ন বস্তু নহয়। শিল্প সৃষ্টিৰ মাজেৰে মানুহে সমাজিক বিষয়বোৰকে উপস্হাপন কৰে। ঘুৰিপকি অাচলতে শিল্পৰ মাজত সামাজিক বিষয়বোৰেই প্ৰতিফলিত হয়। প্ৰতিবিম্বিত হয় সামাজিক প্ৰমূল্যসমূহ। অানকি শিল্পীগৰাকীৰ সমাজ চেতনা বা সমাজৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাও উন্মোচিত হয় তেওঁৰ শিল্পসাধনাৰ মাজেৰে। এজন শিল্পীয়ে যদি গাব জানে বাবেই পইচাৰ বিনিময়ত চুক্তিৰ নিয়ম মানি কেবল সুৰাৰ বিজ্ঞাপনতে গীত গাই থাকে, তেতিয়া বুজিম তেওঁক কেবল পইচা লাগে। চিনেমাত গীত গাই থকা সকলৰ সকলোৱে শিল্পী নহয়, বেছি ভাগেই গায়কহে। বক্তি জীৱন যদি সমাজ জীৱনৰ প্ৰতি দায়বদ্ধ নহয় কোনো গায়কে শিল্পী হ’ব নোৱাৰে। শিল্পৰ কাম হ’ল সমাজত বৌদ্ধক জাগৰণ বা অালোড়ণ তোলা। যদি সেই উদ্দেশ্যত শিল্প বিফল হয়, তেন্তে তেনে শিল্পৰ কোনো স্হায়ীত্বও নাথাকে, তেনে শিল্পৰ জনপ্ৰিয়তা ক্ষন্তেকীয়া। দুদিন পাছতে মানুহে পাহৰি যায়। বহুতে ভাবে গান কেবল বিনোদনৰ বস্তু, গানেনো কি অানে, কি জাগৰণৰ সৃষ্টি কৰে? শুনি ভাল লাগে যেতিয়া তাতেই গায়কৰ সফলতা। পিছে কথাটো সেইটো নহয়, এজন শিল্পীয়ে গান এটা ৰেপ নে ৰক গালে, তাত একো অাহে নাযায়, কেতিয়াবা হয়তো তাৰ লিৰিকতো একো মতলব নাথাকিব পাৰে, কিন্তু গায়ক গৰাকীৰ গানটো গাওতে কি লক্ষ্য উদ্দশ্যলৈ গাইছে, তাৰ ওপৰতেই নিৰ্ভৰ কৰে গান বা গায়কৰ চৰিত্ৰ। পল ৰৱচন, বব মাৰ্লো-বব ডিলান বা পীট চিগাৰৰ কেবল গীতৰ কথাতে দায়বদ্ধতা নাছিল, তেওঁলোকৰ সত্বাৰ মাজতো অাছিল সেই একেই দায়বদ্ধতা বা সমাজৰ প্ৰতি ভালপোৱা। সাম্প্ৰতিক ৰাচিয়াৰ এগৰাকী ৰক সংগীত শিল্পী নাডেঝেদা টোলোকোন্নিকোভা। তেওঁৰ পুছি ৰায়ট বুলিএটা গ্ৰুপ অাছে, অাজি দীৰ্ঘদিন ধৰি পুটিনৰ স্বৈৰতন্ত্ৰী শাসনৰ বিৰুদ্ধে সংগীতৰ মাজেৰে প্ৰতিবাদ কৰি অাহিছে। তাৰ বাবে চৰকাৰৰ অকথ্য নিৰ্যাতনো সহিব লগা হৈছে । নাইজেৰিয়াৰ ফেলা কুটিৰ বিখ্যাত ‘জম্বি’নামৰ গীতটো বোধহয় বহুতে শুনিছে। অাশীৰ দহকত সামৰিক শাসনৰ বিৰুদ্ধে গোটেই দেশবাসীক এই এটা গীতেৰেই জাগ্ৰত কৰি তুলিছিল শিল্পী গৰাকীয়ে। তেঁৱো নিৰ্যাতনৰ সমুখীন হৈছিল। কিন্তু অন্যায়কাৰীৰ ওচৰত অাঁঠু লোৱা নাছিল। এনেধৰণৰ অলেখ সংগীত শিল্পীৰ নাম অাপুনি বিচাৰি উলিয়াব পাৰিব যিয়ে ৰজাঘৰীয়াই যচা প্ৰলোভন, ভয়-ভাবুকিৰ ওচৰত নতজানু হোৱা নাই, তেওঁ শাসকৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে সংগীতকে হাতিয়াৰ হিচাপে লৈ যুঁজ দি গৈছে জনগণৰ হকে। তাৰবাবে লাগিলে তেওঁ শাস্তিকে মূৰ পাতি লৈছে। কেবল যে সংগীত শিল্পীসকলেই এনে দায়বদ্ধতা দেখুৱাইছে এনে নহয়, অান অান শিল্প ক্ষেত্ৰৰ সাধকসকলেও প্ৰমাণ দিছে সমাজপ্ৰেমৰ।
প্ৰতিবাদী শিল্পকৰ্মৰ বাবে চীনা শাসকে পোতাচাললৈ নিক্ষেপ কৰা শিল্পী অই উই উই
চীনত কতজনে এনে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ মাতৃভূমি ত্যাগ কৰিব লগা হৈছে অামি জানো নাজানো? গাও ঝিংজিয়ানে সাহিত্যত নোবেল বঁটা লাভ কৰাৰ অাগতে তেওঁ সাহিত্য ৰচনাৰ বাবেই অনেক জীয়াতু ভূগিব লগা হৈছিল। অই উই উই ( Ai wei wei )ক প্ৰতিবাদী শিল্পসৃষ্টিৰ অপৰাধত কাৰাগাৰত সুমুৱাই থোৱা হৈছে। চীন বুলি নহয়, অান দেশতো এনে দৃষ্টান্ত পাব। ইৰানৰ কুৰ্দ চিত্ৰশিল্পী জেহেৰা ডোগানেও একেই অপৰাধত এৰেষ্ট হৈছে। ইংলেণ্ডৰ ৰাস্তাই-ঘাটে অঁকা পূঁজিবাদ বিৰোধী ছবি সমূহৰ বাবে অাজিও ইংৰাজ শাসকৰ দাঁতৰ কূটা চকুৰ শূল বানস্কি। এতিয়াও পুটিন চৰকাৰৰ বিৰুদ্ধে সাংস্কৃতিক অনুষ্ঠান কৰি অাহিছে কেটৰিন নিনাছেভাই। হয়তো সকলতকৈ বেছি নিৰ্যাতিত হৈছে চিনেমা নিৰ্মাতা অাৰু সাহিত্যকসকল। ৰজাঘৰ অাৰু অন্যান্য প্ৰতিক্ৰিয়াশীল শক্তিৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে মাত মাতি দুৰ্ভোগ ভূগিবলগীয়া হোৱা কবি-সাহিত্যিক সকলৰ এখন দীঘল তালিকা যুগুত কৰি উলিয়াব পৰা যায়। পাবলো নেৰুডাৰ পৰা ছোলঝেনিৎছিনলৈ। কুন্দেৰাৰ পৰা গাৰ্চিয়া লৰকা, ছালমান ৰাচডীলৈ। তাৰ মাজত হয়তো এচাম সুবিধালোভী শিল্প-সাধকো বিচাৰি পাব, যিয়ে ধন অাৰু ক্ষমতাৰ বাবে নিজকে অাত্মসমৰ্পন কৰিছে ক্ষমতাশালী শাসকৰ ওচৰত।
স্পেইনৰ ৰজাঘৰৰ পৰিয়ালৰ সতে ছালভাদৰ দালিৰ নৈশ ভোজনৰ অানন্দ
স্পেইনৰ শাসক ফ্ৰাংকোৰে দহৰম মহৰম সম্পৰ্ক ৰক্ষা কৰি চলা বাবে ছালভাদৰ দালিও বহুতৰে অপ্ৰিয় হব লগা হৈছিল। যোৱাবাৰ সাহিত্যত নবেল বিজয়ী পিটাৰ হাংকেও পাঠকসমাজৰ দ্বাৰা নিন্দিত হব লগা হৈছিল জাতি বিদ্বেষী শাসকৰ হৈ কাম কৰা বাবে। গেলিলিওৱে গীৰ্জাৰ ওচৰত নতজানু হৈ গীৰ্জাৰ বাবে ছবি-তবি অাঁকি ৰক্ষা পালেও গোপনে কিন্তু নিজৰ কাম কৰিবলৈ এৰা নাছিল। মনলৈ অাহিছে চিলিৰ বিখ্যাত চিত্ৰ নিৰ্মাতা মিগুৱেল লিটিনৰ কথা। চিলিৰ কুখ্যাত ডিক্টেটৰ পীনচিটোৰ অত্যাচাৰৰ বলি হৈ দেশান্তৰিত হব লগা হোৱা লিটিনে চদ্মৱেশ ধাৰণ কৰি দেশখনত প্ৰৱেশ কৰিছিল অাৰু শাসকৰ কুকীৰ্তি উদঙাই নিৰ্মাণ কৰিছিল এখন তথ্যচিত্ৰ। চিলিত গণতন্ত্ৰ স্হাপন হ’ব লাগে নে নালাগে তাকে লৈ এবাৰ ১৫ মিনিটৰ বিজ্ঞাপন তৈয়াৰ কৰিবলৈ সুযোগ দিয়া হৈছিল গণতন্ত্ৰকামীসকলক। তেওঁলোকৰ কামত বাধা দিবলৈ শাসক পীনচিটোই কৰা সকলো নিৰ্মম চেষ্টাৰ পাচতো সংগোপনে দেশখনৰ সমস্ত শিল্পী একত্ৰিত হৈছিল। ১৫ মিনিটৰ সেই বিজ্ঞাপন নিৰ্মাণত তেওঁলোকক সহায় কৰিবলৈ মনে মনে চিলিত অাহি উপস্হিত হৈছিল দেশ-বিদেশৰো অনেক শিল্পী। এইবোৰ মামুলি কথা নহয়। ইৰাণৰ অনেক চিনেমা নিৰ্মাতাই শাসকৰ অত্যাচাৰৰ পাচতো সেও নামানি দেশৰ শাসনৰ স্বৰূপ উদঙাই চিনেমা নিৰ্মাণ কৰি অাহিছে। মৌলবাদী শাসকৰ অামোলত ইৰাণৰ সমাজজীৱনৰ স্বৰূপ উদঙাই দিয়া বাবে জাফৰ পানেহীয়ে কিছুদিন অাগতে ছবছৰীয়া কাৰাবন্দিত্ব কটাই এতিয়া গৃহবন্দীৰ জীৱন কটাই অাছে। শিল্পী বুলি কাৰোবাক যদি কোৱা যায়, কেৱল তেওঁলোকক– যি ৰাইজৰ পক্ষত থাকে, অত্যাচাৰী শাসকৰ লগত নহয়।

শাসকৰ ৰোষত পৰা কুৰ্দ চিত্ৰশিল্পী জেহেৰা ডোগান
      (৩)
      সকলেই কবি নয়, কেউ কেউ কবি। সকলোৱে শিল্পীও নহয়, কোনোবাজনহে শিল্পী। গান গালে, বাহী বজালে অভিনয় কৰিলে বা লিখামেলা কৰিলেই বুলি সকলোৱে শিল্পীত্ব অৰ্জন কৰিব নোৱাৰে। শিল্পই যদি বৃহত্তৰ সমাজীৱনৰ স’তে সংপৃক্ত হ’ব নোৱাৰে তেনেহলে সেই শিল্পী হৈ পৰে কেবল Performer । সৃষ্টিশীল কিবা এটাই শিল্পত্ব অৰ্জন কৰিবলৈ হলে স্ৰষ্টাৰ শিল্পীমনন অাৰু ব্যক্তিসত্বা একাকাৰ হ’বই লগিব। কেবল কামত নহয়, সামাজিক চেতনাও সমৃদ্ধ হ’ব লাগিব শৈল্পিক ভাবনাময়। হিটলাৰেও দৃষ্টি নন্দন ছবি অাঁকিছিল, পঠনীয় কবিতা লিখিছিল। কিন্তু অাজি মানুহে তেওঁক মনত ৰাখিছে নৃশংস গণহত্যাকাৰী হিচাপেহে, চিত্ৰকৰ বা কবি হিচাপে নহয়। গ্ৰিথিফ এজন প্ৰতিভাশালী চিনেমা নিৰ্মাতা অছিল, কিন্ত তেওঁৰ ‘বাৰ্থ অৱ দা নেছন’ক অাজি চিহ্নিত কৰা হয় কুখ্যাত বৰ্ণবিদ্বেষী প্ৰপাগণ্ডা চিনেমা হিচাপে। প্ৰপাগণ্ডা চিনেমাৰে হিটলাৰৰ নাজীবাদক সমৰ্থন কৰা লেনি ৰিফেলস্তাল বিৰল প্ৰতিভাধৰ হোৱা স্বত্বেও তেওঁক চিহ্নিত কৰা হৈছে মানৱতাবিৰোৰী ব্যক্তি হিচাপে, শিল্পী হিচাপে নহয়। মাইকেল জেকছন যিমানে জনপ্ৰিয় নওহক কিয় ব্যক্তি হিচাপে তেওঁক শ্ৰদ্ধা কৰিবলৈ একো নাই। ড্ৰাগছ সেৱন, শিশুক কৰা যৌন নিৰ্যাতনৰ কলংকিত অধ্যায়বোৰেৰে মাইকেল জেকছনক সোঁৱৰা হ’ব নীতিহীন ভোগবাদী জীৱনৰ প্ৰতিভূৰূপেও। অাজাহাৰউদ্দীনৰ কথা যেতিয়াই পাতিম, তেওঁৰ দৰ্শনীয় লেগকাট বা স্কোৱেৰ ড্ৰাইভবোৰৰ স্মৃতি সদায়ে ঢাক খাই যাব মেচ ফিক্সিঙৰ কুকীৰ্তিৰে।
হিটলাৰ অাৰু তেওঁ অঁকা এখন পেইন্টিং
      (৪)
     যেতিয়া জুবিন গাৰ্গে চৰকাৰৰ ক্ষমতাৰ অংশীদাৰ হল, অাৰু যতীন বৰাইয়ো ‘কা’ অান্দোলনক সমৰ্থন জনোৱাটো তেওঁৰ ভুল বুলি ৰাজহুৱা ভাৱে স্বীকাৰ কৰি বিজেপি চৰকাৰৰ শৰণাপন্ন হল, তেতিয়া ৰাইজ বা একাংশ গুণমুগ্ধই ক্ষুধ্ব-বিৰক্ত হোৱাতো স্বাভাবিক কথা। দুয়োজনেই সম্পূৰ্ণ বিপৰীত চৰিত্ৰ এটা প্ৰকাশ কৰিছে। ‘কা’ বা ‘কেব’ বিৰোধী অান্দোলন অাৰু বিজেপি চৰকাৰ –দুই বিপৰীত মেৰুৰ বস্তু। বিজেপি চৰকাৰে অসমত বিদেশী বাংলাদেশীক নাগৰিকত্ব দিব বিচাৰে, অাৰু ‘কা’ বিৰোধীসকলে বিদেশী বহিস্কৰণ বিচাৰে। জুবিনেও ‘কা’ বিৰোধী ৰাইজৰ লগত চামিল হৈ চৰকাৰ বিৰোধী স্হিতি গ্ৰহণ কৰিছিল। অানকি তেওঁ এই অান্দোলনৰ নেতৃত্ব গ্ৰহণ কৰি ৰাইজক ‘কা’ৰ অপকাৰীতাৰ বিৰুদ্ধে উদাত্ত ভাষণ দি ফুৰিছিল। অাজি হঠাৎ তেওঁ ৰজাঘৰীয়া হৈ পৰিল। সমাজবাদী বুলি পৰিচয় দিয়া জনেই ধৰ্মান্ধ চৰকাৰ এখনৰ ক্ষমতাযন্ত্ৰৰ অংগ হৈ পৰিল। তাৰ পাচতো অামি সুধিমেইঃ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ অামাক কিয় লাগে ? অসমৰ ৮০ শতাংশ মানুহেই কৃষিজীৱি। কৃষি বা পথাৰ অবিহনে তেওঁলোকৰ জীয়াই থকাৰ কোনো বিকল্প নাই। অাজি যিখিনি মানুহ কৃষিৰ পৰা অাঁতৰি অাহিছে ; উপায়হীন হৈহে অাহিছে। মূলত ইয়াৰ কাৰণ বানপানী, খহনীয়া, কৃষি ফচলৰ সংগঠিত বজাৰৰ অভাৱ অাৰু সদৌ শেষত চৰকাৰী কৃষি বিভাগৰ স্বজন-তোষণ তথা দুৰ্নীতি। চৰকাৰী হেমাহি অাৰু অদূৰদৰ্শীতাৰ বাবে অসমৰ খেতিয়কে কেতিয়াও ধনী হোৱাৰো সুযোগ নাপালে , তেওঁলোকৰ সামাজিক মৰ্যাদাও উন্নীত নহ’ল। কৃষি কৰ্মৰ বাবে অসমীয়াক Motivate কৰাৰ কোনো প্ৰয়োজন নাই, অসমৰ সৰহভাগ মানুহেই জাত খেতিয়ক। বংশানুক্ৰমেই তেওঁলোক খেতি-খলাৰ স’তে জড়িত। বৰং চৰকাৰকহে Motivate কৰাৰ প্ৰয়োজন। চৰকাৰক বুজোৱাৰ দৰকাৰ কিয় বানপানী প্ৰতিৰোধৰ স্হায়ী ব্যৱস্হা অসমবাসীক লাগে, কিয় খহনীয়াৰ প্ৰতিৰোধ লাগে, কিয় নামৰূপৰ সাৰ কাৰখানা জীয়াই তুলিব লাগে, কিয় অসমৰ থলুৱা কৃষকক অাৰ্থিক সহায়তা দিব লাগে, কিয় ৰামদেব বা অাম্বানিৰ দৰে বহিৰাগত উদ্যোগপতিৰ হাতত কৃষিভূমি গটাই নিদি দিব লাগে ৰাজ্যৰ থলুৱা ভূমিহীন কৃষকক।
      অামাক চৰকাৰী ব্ৰেণ্ড এম্বেচাদৰ নালাগে, অামাক লাগে কৃষক সংগঠনৰহে এজন ব্ৰেণ্ড এম্বেচাদৰ, যিয়ে এই কথাবোৰ শাসকপক্ষক বুজাই মেলি Motivate কৰিব পাৰে। জুবিনে অসমীয়া মানুহক খেতি কৰিবলৈ অাহ্বান জনোৱাৰ প্ৰয়োজন নাই, তাৰ পৰিবৰ্তে তেওঁ বিজেপি চৰকাৰক বুজাওক । তেওঁ বুজাওক যে অসমৰ কৃষক ৰাইজৰ সমস্যাবোৰ সমাধান কৰি দিয়ক, অাধুনিক কৃষি ব্যৱস্হাপনাৰ অান্তঃগাঁঠনি গঢ়াই দিয়ক, তেতিয়া অসমীয়া মানুহে নিশ্চিতমনে খেতিকে কৰিব। নহলে অান কিবা এটা কৰি খাবলৈ ৰাজ্যখনত চৰকাৰে উপায় ৰাখিছেনো কি ? অানহাতে যতীন বৰা সম্পৰ্কতো যদি অামি অসমীয়াই ভাবি অাছোঁ যে চিনেমাৰ নায়ক-নায়িকাসকলেই সমাজৰো নায়ক-নায়িকা, তেনেহ’লে অামাক অাৰু ভৱিষ্যতে কোনো প্ৰতিবাদী অান্দোলনৰ প্ৰয়োজন নাই, ৰাইজে গাঁঠিৰ ধন ভাঙি অথবা দান-বৰঙণিৰে হ’লেও যতীন-প্ৰাঞ্জণাৰ দৰে অভিনেতাসকলক চিনেমাকে কৰি থাকিবলৈ সুযোগ দিয়ক। অামি তাকে চাই চাই সমাজজীৱন কটাই দিম।
   
ক্ষমতাৰ সোৱাদ বিচাৰি শিল্পীগণ
  শিল্প-কলা চৰ্চাৰ মাজেৰে কোনোবা এজন যেতিয়া জনপ্ৰিয় হৈ পৰে, সেইব্যক্তিক অামি যেতিয়া শিল্পীৰূপে হৃদয়ত স্হান দিওঁ, তেতিয়া অামি সেই ব্যক্তিক সমাজৰ অগ্ৰগণ্য বুলি মানি লওঁ, লগতে সমাজখনক অাগবঢ়াই নিয়াৰ দায়িত্বও তুলি দিওঁ তেওঁলোকৰ হাতত। তেওঁলোক অামাৰ ইমানে মৰম অাৰু বিশ্বাসৰ পাত্ৰ হৈ পৰে যে তেওঁলোকে দিয়া নিৰ্দেশ পালন কৰিবলৈ অামি ৰৈ থাকোঁ, তেওঁৰ বাটে অামিও বুলিবলৈ হেঁপাহ কৰোঁ। কিন্তু শিল্পীয়ে যদি তাকেই ৰাইজৰ দুৰ্বলতা বুলি ভাবে, ৰাইজৰ মৰম অাৰু বিশ্বাসৰ সুযোগ লৈ অাত্মস্বাৰ্থ পূৰাবলৈ উঠিপৰি লাগে, বুজিব লাগিব সেইখন সমাজ চৰম সংকটৰ মুখত। সেইসমাজত শিল্পী নাই, অাছে শিল্পীৰ ছদ্মৱেশত সৃজনশীল ক্ষমতাসম্পন্ন কিছুমান ধুৰন্ধৰ মানুহ। ক্ষমতাৰ ৰাজনীতিত অংশ লোৱাৰ হাবিয়াসেৰে ৰাতিটোৰ ভিতৰতে স্হিতি সলাই ৰাজ্যৰ এচাম শিল্পীয়ে ৰাজনৈতিক দলত যোগদান কৰাৰ যি অাশ্চৰ্যকৰ ঘটনা ঘটাইছে, সিয়ে অামাৰ মনত সংশয়ৰ সৃষ্টি কৰিছে। অামি ভাবিবলৈ বাধ্য হৈছোঁ যে শিল্পী-কলাকাৰ ভাও লোৱা লোভী-সুযোগসন্ধানীৰ সংখ্যা অসমৰ কলাক্ষেত্ৰত দিনেদিনে বাঢ়ি অাহিছে।
     ক্ষমতাৰ ৰাজনীতিত যোগ দিয়াৰ অধিকাৰ সকলোৰে অাছে। এই পৃথিৱীত শিল্পী-কলাকাৰ বা অান বৌদ্ধিক জগতৰ মানুহেও ক্ষমতাৰ ৰাজনীতিত অংশগ্ৰহণ কৰাৰ দৃষ্টান্ত অাছে অলেখ। কেবল ‘অধিকাৰ’ৰ সেই যুক্তিকে দোহাৰি যদি অামাৰ শিল্পী-কলাকাৰ সকলে কংগ্ৰেছ-বিজেপিত যোগ দি মন্ত্ৰী-এম এল এ হ’ব খোজে অাৰু তেওঁলোকৰ দুতলীয়া অাচৰণৰ নাৰ্যতা দাবী কৰে, তেনেহ’লে অৱশ্যেই তেওঁলোকে অসমৰ ৰাইজক মুৰ্খ বুলি ভাবি লৈছে। তেওঁলোকে হয়তো ভাবি অাস্বস্ত হৈছে যে অসমীয়া মানুহৰ বিচাৰ বা ৰুচীবোধেই এনেকুৱা, যে চিনেমাৰ এটা ডায়লগ শুনি অথবা মেলোডী গীত এটা শুনিয়েই অামি মোহিত হৈ পৰিম অাৰু তেওঁলোকৰ বাবে জীৱন দিবলৈ ওলাই অাহিম। তেওঁলোকৰ কথাতেই অামি নাচি-বাগি ভোট দিবলৈ ওলাই অাহিম অাৰু এনে একোটা দলকো ক্ষমতাত বহুৱাই দিম যাৰ স্বাৰ্থত অামি হিন্দু-মুছলমান কৰি কটাকটি মৰি যাবলৈকো অাক্ষেপ নাথাকিব। অথবা অামাৰ গৌৰৱৰ জাতীয় সম্পত্তিবোৰৰ নিলাম দিলেও অামি অসন্তোষ নকৰিম কিংবা বিদেশী অাহি অামাৰ ঘৰৰ বাৰীখনত দখল দিলেও মানি লম হাঁহি হাঁহি।
     সংস্কৃতিক জগতৰ মানুহবোৰ এনেদৰে বিজেপি-কংগ্ৰেছ গমণৰ ঘটনাই অামাক এই কথাও বুজাই দিলে যে অামাৰ ৰাজ্যৰ জনপ্ৰিয় গান-বজনাবোৰ বজাৰমুখী তৰল সংস্কৃতিত পৰিণত হ’ব ধৰিছে। নহলেনো দলসমূহে কিয় অান শিল্পী-কলাকাৰক প্ৰয়োজন অনুভৱ নকৰে? ৰাজনৈতিক দলক নাট্যকাৰ-নাট্যকৰ্মী,চিত্ৰ-পৰিচালক, লেখক-চিত্ৰশিল্পী-নৃত্যশিল্পীক নালাগে, তেওঁলোকক খেলুৱৈও নালাগে ( হিমা দাসক অৱশ্যেই সকলোকে লাগে), তেওঁলোকক খনিকৰ-ভাস্কৰ্যবিদকো নালাগে, লোকসংগীতৰ গায়ক-বাদককো তেওঁলোকৰ প্ৰয়োজন নাই, তেওঁলোকক লাগে সংগীত বজাৰত পৰিচিত মুখ।
      মনত পৰিছে সেই খৰ-খজুৱতিৰ ঔষধ বেচিবলৈ ফেৰীৱালাই লগত লৈ ফুৰা বান্দৰটোলৈ, মালিক ফেৰীৱালাই ডুগডুগি বজায়, বান্দৰটোৱে লুটি-বাগৰ মাৰি নাচ দেখুৱায়, তাকে দেখি এজন এজন কৈ গোট খায় উৎসুক জনতা। বিক্ৰি হয় ঔষধ। বজাৰ ভাঙি গ’লে ঔষধৰ ফেৰীৱালা গছৰ তলত জিৰণি লয়, বান্দৰ জাগি থাকে। কিছু মুহূৰ্তৰ ঔষধৰ মালিক হৈ জাগি থাকে বান্দৰ।
     নিৰ্বাচনী মেলা বজাৰত ৰাজনৈতিক দলৰ ক্ষন্তেকীয়া মালিক হোৱাৰ যোগ্যতা অাৰ্জি অামাৰ শিল্পী-সকলৰ দুই-একেও নিশ্চয় টিকট পাব। তেওঁলোকৰ অাশা পূৰণ হওঁক।

Leave a comment

Design a site like this with WordPress.com
Get started