নিৰ্বাচনী মেলা-বজাৰৰ বান্দৰবোৰ

কোনো শিল্পী হঠাৎ মাটি ফুটি ওলাই নাহে। শিল্পী এগৰাকীৰ জন্ম হয় সন্তৰ্পনে, সাধনাই তেওঁৰ শিল্পী-পৰিচিতি নিৰ্মাণ কৰে, জনতাৰ ওচৰত অাপোন হৈ পৰে। তেওঁৰ শিল্পসাধনাত মুগ্ধ হ’লে জনতাই তেওঁক হৃদয়ৰ মাজতো ঠাই দিয়ে। মানুহ হিচাপে যদি সমাজৰ প্ৰতি শ্ৰদ্ধা-ভালপোৱা নাথাকে, তেনেহলে বিৰল প্ৰতিভাধাৰীসকলো এদিন সন্তৰ্পণে হেৰাই যায়। যিসকলে মানুহৰ সমাদৰ লাভ কৰে, শ্ৰদ্ধাষ্পদত পৰিণত হয়, তেওঁলোকৰContinue reading “নিৰ্বাচনী মেলা-বজাৰৰ বান্দৰবোৰ”

হিন্দু নাৰী, প্ৰেমৰো নাই যাৰ অধিকাৰ

মহাভাৰতৰ বানপ্ৰস্হত এবাৰ কৃষ্ণপত্নী সত্যভমাই দ্ৰৌপদীক সুধিছেঃ হে পাঞ্চালী, তোমাৰ পাঁচজন পতি,তেওঁলোক প্ৰত্যেকেই মহাবীৰ লোকপাল তুল্য যুৱক। কিন্তু পাঁচজন পুৰুষক তুমি একেলগে কেনেকৈ বশ কৰি ৰাখিছা? পাণ্ডৱ চাগে তোমাৰ দুখত দুখী হয়, তোমাৰ সুখত সুখী হয়। তুমি প্ৰতিনিয়ত তেওঁলোকক নিয়ন্ত্ৰণত ৰাখা। পাঞ্চালী মোক সত্য বেকত কৰা। কোৱা, কি মন্ত্ৰৰে বশ কৰি ৰাখা তেওঁলোকক। সেই মন্ত্ৰContinue reading “হিন্দু নাৰী, প্ৰেমৰো নাই যাৰ অধিকাৰ”

মন্দিৰ-মছজিদ অাৰু ভঙা-গঢ়াৰ খেল

ৰাম কোন ? দেৱতা নে মনুষ্য? যদি দেবতা, তেনেহলে মৰতৰ অযোধ্যাত জন্ম লৈছিলনো কিয় বুলি যদি কোনোবাই প্ৰশ্ন কৰে অামি উত্তৰত কম, দেবতাৰ কামেই সেইটো যে যেতিয়াই অন্যায় অবিচাৰে অাগুৰি ধৰে তেতিয়াই দেৱই মনুষ্যৰূপে জনম ধৰে এই ধৰাতলত। ৰামো মনুষ্যৰূপী ঈশ্বৰ। তেঁৱো অযোধ্যাত জন্ম লৈছিল। ৰাম যে এজন ঈশ্বৰ অাৰু তেওঁ যে ভাৰতৰ অযোধ্যাত জন্মContinue reading “মন্দিৰ-মছজিদ অাৰু ভঙা-গঢ়াৰ খেল”

বাবাবাদ

অামাৰ বহুতৰ বাবে মৰমৰ সম্বোধন বাবা। খেয়ালেই কৰা নাছিলো যে বাবাৰ অনেক ৰূপভেদ অাছে। ই কেবল মৰমৰ সম্বোধনেই নহয়। ই পণ্য নামবাচকৰ পৰা অৰ্থনীতিৰ নামকৰণলৈ–ই কেবাবিধো– বাবা জাংগিয়াৰ পৰা বাবা জৰ্দালৈ। ভাঙসেৱীৰো বাবা এটি অাদৰৰ নাম। পিছে বাবা যে এক পূঁজিবাদী অৰ্থনীতিও, সেই কথা বুজিলোঁ বহু দেৰিকৈ। পূঁজিবাদী অৰ্থনীতিৰ কেবাবিধো ভাগৰ মাজত ইয়ো এটা ভাগ–বাবাContinue reading “বাবাবাদ”

গভীৰ ৰাতিৰ কেট ৱাক/২

দৈহিক সৌন্দৰ্যৰ ধাৰণাটো ক’ৰ পৰা জন্মে?কোনো এগৰাকী ব্যক্তিয়ে যেতিয়া ড্ৰেচিং অাইনাৰ সমুখত বহি অতি যত্নৰে নিজকে সজায়– ক্ৰিম ঘহে, এক বিশেষ ধৰণেৰে মূৰ ফণীয়ায়, অথবা চকুত কাজল-মাস্কাৰা লগায়, গালত ব্লাছাৰ সানে। ওঁঠত লিপষ্টিক ঘহে, কাপোৰৰ ৰঙৰ সতে মেটছ কৰি কপালত ফোট পিন্ধে, নাকফুলি-কানফুলি পিন্ধে অথবা ডাঢ়ি-গোঁফত কলপ ঘহে –সেই সময়ত নিজক এনেদৰে সজাই থাকোতে ৰূপৰContinue reading “গভীৰ ৰাতিৰ কেট ৱাক/২”

অচিনাকি চীন: পূঁজিপতিৰ কমিউনিজম

গাৱ ৱেংগি(Gao wengui)ৰ বয়স প্ৰায় পঞ্চাছ বছৰ, চীনত শি জিনপিং শাসনলৈ অহাৰ পাচত পৰিবৰ্তিত অাৰ্থিক নীতিৰ সুযোগ লৈ যিসকল সুযোগ সন্ধানীয়ে ৰাতিটোৰ ভিতৰতে ধনাঢ্য ব্যৱসায়ীত পৰিণত হৈছিল তাৰ ভিতৰত গাৱ ৱেংগি অাছিল অন্যতম। চীনৰ প্ৰথম ১০০ জন ধনবানৰ তালিকাত তেওঁ নাম সুমুৱাবলৈ সক্ষম হৈছিল জীৱনৰ ৪৫ টা বছৰ নৌ হওতেই। ৰাজনৈতিক ক্ষমতাৰেও বলিয়ান হৈছিল, সমাজContinue reading “অচিনাকি চীন: পূঁজিপতিৰ কমিউনিজম”

গভীৰ ৰাতিৰ কেট-ৱাক

যদি এই লেখাটো কিবা এটা বিশেষ ঘটনাৰে অাৰম্ভ কৰা যায়, তেনেহলে মোৰ হাতত তেনে কেবাটাও ঘটনা অাছে, তথাপি এই মুহূৰ্তত বাৰে বাৰে মনলৈ অাহিছে গভীৰ ৰাতিৰ ঐশ্বৰ্য ৰায়ৰ ‘কেট-ৱাক’লৈ। ঘটনাটো ঘটিছিল প্ৰায় ২৫ বছৰ অাগতে, ১৯৯৪ চনত অাফ্ৰিকাৰ বুকুত। সিদিনা অাফ্ৰিকা মহাদেশৰ কোটি কোটি দৰিদ্ৰ জনতাই অৰ্ধাহাৰ-অনাহাৰে গভীৰ টোপনিত লালকাল দিছিল,অাৰু তেতিয়া ভাৰতৰ’কোটি কোটি মধ্যবিত্তContinue reading “গভীৰ ৰাতিৰ কেট-ৱাক”

সুখ,ভোগ অাৰু সুগন্ধি যৌনতা

বহু বছৰ অাগৰ কথা। সুদৰ্শন অাবেদনময় পিশাচ এটাই লাহেকৈ ভূমুকি মাৰিছিল বিজ্ঞাপনৰ ছবিত, মূৰত শিং, পশ্চাৎঅংশত এডাল দীঘল নেজ–অনিডা টিভিটো অালফুলে সাবতি ধৰি ফুচফুচাই প্ৰৰোচনাৰ সুৰত কৈ উঠিছিল– Neighbor’s envy, owner’s pride. অনিডা টিভি এটা কিনা, ই তোমাৰ অহংকাৰ, প্ৰতিবেশীৰ ঈৰ্ষা। পিশাচৰ কথা শুনি অামাৰ মানুহবোৰ ভোল গৈছিল, বজাৰৰ পৰা কিনি অানিছিল দামী দামী টিভিContinue reading “সুখ,ভোগ অাৰু সুগন্ধি যৌনতা”

অভয়াৰণ্যৰ ভয়

দুই দহকৰো অাগৰ কথা। শালগছ বোৰ কাটি অৰণ্য মোকোলাবলৈ অাহিছিল চৰকাৰী বাহিনী। বাধা দি গছবোৰ সাবতি ধৰিছিল কোল সকলে। কোল সকল হৈছে এই ভাৰতভূমিৰ এক প্ৰাচীন অনাৰ্য জনগোষ্ঠী। শালবোৰ তেওঁলোকৰ অাৰাধ্য দেবতা। গতিকে ঈশ্বৰক ৰক্ষা কৰিবলৈ দলে দলে কোলসকল অাহি শালগছবোৰ সাবতি ধৰিছিল, যাতে গছবোৰত কুঠাৰৰ ঘাপ বহুৱাব নোৱাৰে। তেওঁলোকে প্ৰথমে নিজৰ জীৱনটোকে দিবলৈ সাজুContinue reading “অভয়াৰণ্যৰ ভয়”

পূঁজিবাদ অাৰু প্ৰেমিক ডলফিন

            কেবল এটি ছয় বছৰীয়া শিশুৰ বাবে দুখন দেশৰ মাজত যুদ্ধ? লাগো লাগো হোৱা সেই যুদ্ধত তাকো যদি এটা পক্ষ হয় অামেৰিকা ?অামাৰ ডিবৰু নদীত ভাহি উঠা ৰিভাৰ ডলফিনৰ মৃতদেহ দেখি এলিয়েন গঞ্জালেজৰ কথা হঠাৎ মনত পৰি গল। প্ৰায় বিছ বছৰ অাগৰ কথা। এটা ডলফিনৰ অাশ্চৰ্যকৰ কাহিনীয়ে এনে মোৰ লৈছিল যে সেই ঘটনাটোৰ শেষ পৰিণতিContinue reading “পূঁজিবাদ অাৰু প্ৰেমিক ডলফিন”

Design a site like this with WordPress.com
Get started