মহাপতনৰ সংকেত


প্ৰশান্ত কুমাৰ দাস

At some future period, not very distant as measured by centuries, the civilized races of man will almost certainly exterminate, and replace the savage races throughout the world.

                                    Charles Darwin

বেছ কিছুবছৰ অাগৰ কথা, ষ্টিফেন হকিং যেতিয়া জীয়াই অাছিল, এগৰাকী সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, মানৱ প্ৰজাতি যদি এদিন ধ্বংসৰ মুখত পৰে তাৰ কাৰণ হব মানুহ নিজেই, প্ৰকৃতিৰ বিনাশ অাৰু গৱেষণাগাৰত কৃত্ৰিম ভাইৰাছৰ সৃষ্টিৰ জৰিয়তে।
অামি নাজানো মহামাৰীত পৰিণত হোৱা কোৰোনাৰ জন্ম কাৰ গৰ্ভত হৈছিল। প্ৰকৃতি নে গৱেষণাগাৰ? কোৰোনা সঁচাকৈ জৈৱিক অস্ত্ৰ অাছিল নে নাই হয়তো ইমান সহজে জনা নাযাব। কিন্তু এটা সত্য এতিয়া অাৰু কাৰো অজনা নহয় যে বহু কেইখন ৰাষ্ট্ৰৰ শাসকে কালান্তক ভাইৰাছক নিজৰ নিজৰ

গবেষণাগাৰত কেতিয়াবাই সুমুৱাই থৈছে ভৱিষ্যতে বৈৰী দেশৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি নেকি সেই চিন্তাত। জীৱাণু অস্ত্ৰৰ কথাবোৰ নতুন নহয়, হিটলাৰেও তেনে চিন্তা মনলৈ অানিছিল। শীতল যুদ্ধৰ সময়তো কথাবোৰ চৰ্চিত হৈছিল। ইৰাক-ইৰাণৰ যুদ্ধৰ সময়তো সন্দেহ কৰা হৈছিল ছাদ্দাম হুছেইনক। লাডেনে চিঠিৰ জৰিয়তে অামেৰিকাত এনথ্ৰাক্সৰ জীৱাণু বিয়পোৱাতো সকলোৱে জানে । কিছুমাহ অাগতে উত্তৰ কোৰিয়াৰ উন্মাদ শাসক কিম জং উনে অামেৰিকাক জীৱাণু অস্ত্ৰৰে অাক্ৰমণ কৰাৰ ভাবুকি দিছিল। অৰ্থাৎ এইবোৰ তথ্য-ঘটনাই প্ৰমাণ কৰি দিছে যে ভাইৰাছক লৈ লৰা-ধেমালি কৰা কথাটো অলপ হলেও কৰবাত সত্যতা অাছে। বলিয়া নহলে দেশ চলোৱা কোনো শাসকে প্ৰকৃতিৰ বিৰুদ্ধে যাবলৈ এনেদৰে মৰসাহ নকৰে।

কোৰোনা মানৱ সৃষ্ট হয় নে নহয় সেয়া বাৰু এটা হাইপোথেটিকেল কথা। কিন্তু এটা নতুন ভাইৰাছ পৃথিৱীত জন্ম লবলৈ বা থিতাপি লবলৈ যে পালে
তাৰ বাবে মানৱ জাতি কিমান দায়ী সেয়া এতিয়া প্ৰতিজন মানুহে বিচাৰ কৰি চোৱা উচিত। প্ৰকৃতিৰ কাম হৈছে জীৱনৰ অস্তিত্ব যিকোনো প্ৰকাৰে বৰ্তাই ৰখা। কেতিয়াবা ভাব হয় প্ৰকৃতি এই পৃথিৱীত বসবাসকাৰী পঞ্চাছ লক্ষ জীৱ প্ৰজাতিৰ মাজত মানৱ( homo sapiens )ৰ প্ৰতিহে যেন অধিক দয়াশীল। মানুহক প্ৰকৃতিয়ে উদাৰচিত্তে দিছে সকলো। এক বিচিত্ৰ অফুৰন্ত শাৰিৰীক-মানসিক ক্ষমতাৰে ক্ষমতাবান কৰি ৰাখিছে। বুদ্ধি দিছে, বিচৰণৰ শক্তি দিছে, সঁজুলি নিৰ্মাণৰ ক্ষমতা দিছে।বাঘ-হাতীয়ে হওক বা অদেখা ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱাণুৱেই হওক– সকলোৰে অাক্ৰমণৰ পৰা অাত্মৰক্ষা কৰিব পৰাকৈ বুদ্ধি অাৰু শাৰিৰীক সক্ষমতা দিছে। অানকি ধুমুহা-ছুনামী-ভূমিকম্পৰ দৰে সকলো বিনাশী অথন্তৰৰ পাচতো শেষত কঁকাল পোনাই থিয় হবলৈ মানুহক কৰি তোলা হৈছে শক্তিমান। মন কৰক,প্ৰকৃতি কিমান উদাৰ—নিজৰ বুকু ভৰাই মানুহৰ বাবে অনন্ত খাদ্যশস্যৰ সম্ভাৰেৰে সজাই ৰাখিছে, প্ৰায় এক লক্ষ বিধ প্ৰজাতিৰ ভক্ষণযোগ্য উদ্ভিদ( edible plants)। কত ৰকমৰ শস্য, ঔষধী-পুষ্টিদায়ক পাচলি ফলমূল।

সভ্যতাৰ বিকাশ যিমানে দ্ৰুততৰ হ’ল সিমানে লোপ পালে মানুহৰ জাগতিকবোধ। শাসনৰ কৌশল হিচাপে পূঁজিবাদক যিমানে সৰোগত কৰা গ’ল, সিমানে বিজ্ঞান লক্ষ্য উদ্দেশ্যৰ পৰা বিচ্যুতি ঘটিল। বিজ্ঞানে মানৱজাতিৰ মংগলৰ হকে কাম কৰাৰ কথা অাছিল, কিন্তু পূঁজিবাদে বিজ্ঞানক বন্দি কৰি পূঁজি অাহোৰণৰ স্বাৰ্থত খটুৱাই দিলে। অাপুনি যদি লক্ষ্য কৰে দেখিব, বিগত এটা শতিকাত ৯০ শতাংশ বৈজ্ঞানিক গৱেষণা চলিছে কৰ্পোৰেট প্ৰতিষ্ঠানৰ গৱেষণাগাৰত, বা তেওঁলোকে সৰহভাগ গৱেষণাত পুঁজি বিনিয়োগ কৰিছে ব্যৱসায়ৰ বিনিয়োগ হিচাপে। কৰ্পোৰেটৰ ধনেৰে পৰিপুষ্ট বিজ্ঞানৰ জগতে এতিয়া বাস্তৱৰ পৃথিবীখন লৱৰি ফুৰিছে ফেন্টাছীৰ পিছত। এনেবোৰ অবিশ্বাস্য কৰ্মকাণ্ডৰ নেতৃত্ব লৈছে ইলন মাস্কৰ দৰে  বিজ্ঞান মনস্ক এচাম পূঁজিপতিয়ে।
দৰিদ্ৰ সৰ্বসাধাৰণ মানুহৰ ভোক-পিয়াহ দূৰ কৰিবলৈ বা বেমাৰ-অাজাৰ নিৰাময় কৰিবলৈ যিমান বৈজ্ঞানিক গৱেষণা কৰা হল,যোৱা এশটা বছৰত তাতোকৈ বেছি কৰা হ’ল বিনোদন অাৰু ইন্দ্ৰিয়সুখৰ উপকৰণ উদ্ভাৱনৰ গৱেষণাত। বিগত ত্ৰিশটা বছৰত এনে গৱেষণা কেবল মধ্যবিত্ত অাৰু উচ্চবিত্ত মানুহৰ ভোগ-বিনোদনৰ স্বাৰ্থতে খটোৱা হৈছে বিশাল ধনৰাশি অাৰু বৌদ্ধিক শ্ৰম। কেবল নতুন নতুন ডিজিটেল বৈজ্ঞানিক উপকৰণ অাবিষ্কাৰৰ গৱেষণাৰ বাবেই বিজ্ঞানচৰ্চাক অাগবঢ়াই অানোতে অানোতে কাৰো একো হুচেই নাছিল।

উন্নত দেশবোৰত বিলাস বিনোদনৰ উদ্যোগ এতিয়া মানুহৰ যৌনতাক লৈ মুনাফাৰ অপাৰ সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ পৰিছে। যৌন কামনা বাসনাক কৰি তোলা হৈছে বিকৃত।
অামেৰিকাই অাজি ভাৰতক ধমক দি একপ্ৰকাৰ দাদাগিৰী কৰি মেলেৰিয়াৰ সাধাৰণ টেবলেট বিচাৰিব লগা হৈছে। অথচ সেইদেশত লক্ষ লক্ষ ডলাৰ ব্যয় কৰি মঙললৈ যোৱাৰ যান তৈয়াৰ কৰাত লাগিছে। পুঁজিপতি কোম্পানিবোৰে ধন খটুৱাইছে যৌন-ৰবট পুতলা তৈয়াৰ কৰা উদ্যোগতো। ২০১৭ চনত ত্ৰিছ বিলিয়ন ডলাৰৰ যৌন ৰবট পুতলাৰ ব্যৱসায় গঢ়ি উঠিছে ছুপাৰ পাৱাৰ অামেৰিকাত । বিখ্যাত মাৰ্কিন অনলাইন বিক্ৰেতা কোম্পানি অামাজনে ১৫ হাজাৰ ডলাৰৰ বিনিময়ত ভাৰতত এনে পুতলা গ্ৰাহকক যোগান ধৰিবলৈ লৈছে। ত্ৰিশকোটি হতদৰিদ্ৰৰে ভৰা দেশ ভাৰতত দিনে দিনে বৃদ্ধি পাইছে ইয়াৰ চাহিদা। অৰ্থাৎ পুঁজিবাদৰ বিজ্ঞান অাৰু অৰ্থনীতিয়ে এতিয়া ভাৰতীয় মানুহৰো স্বাভবিক যৌনজীৱন বিকৃত কৰি তুলিবলৈ অাৰম্ভ কৰি দিছে।

বিশ্বজুৰি ২০১৮ চনত ডেৰশ কোটি মোবাইল বিক্ৰি হৈছে। তেনেদৰে অটো-কোম্পানিবোৰে ২০১৯ ত ১০০০ৰো অধিক নতুন গাড়ীৰ মডেল বজাৰত এৰি দিছে। নাছাৰ সহযোগত মাৰ্কিন কোম্পানি স্পেছ এক্সে হাজাৰ কোটি ডলাৰৰ বাজেটেৰে মঙলত মানুহৰ বসতিৰ বাবে পূৰ্ণ গতিত চলাই অাছে প্ৰস্তুতি। এনেদৰেই কৰ্পোৰেট লবীৰ বিজ্ঞান-গৱেষণা নিয়োজিত হৈ অাছে মানুহৰ বিলাস-ভোগৰ বাবে। অথচ অাজি এই

সংকট কালত এটা অদৃশ্য ভাইৰাছক ভেটাৰ নিমিত্তে ভেকচিন অাবিষ্কাৰ কৰিবলৈ সমস্ত কৰ্পোৰেট লবী অাৰু ৰাষ্ট্ৰ নায়ক সকলে হাহাকাৰ কৰিব লগীয়া হৈছে। কৰুণভাৱে অসহায়ত্ব প্ৰকাশ কৰিব লগা হৈছে বিজ্ঞান-বৌদ্ধিক মহলে। কোৰোনা ভাইৰাছ যক্ষ্মা- মেলেৰিয়াৰ কাৰক নহয়। ই ক্ষুধাও নহয়, যে বিত্তবানসকলে অপুষ্টিত মৰিব লাগিব । ই এনে এক বেমাৰ যিয়ে মুনাফাৰ ব্যৱসায়ত বাৰটা বজাই ধনাঢ্যকো ত্ৰাহি মধুসূদন

সোঁৱাৰাইছে, কঁপাই দিছে শক্তিমন্ত শাসকসকলৰ ক্ষমতাৰ চকী। অথচ মন কৰক, প্ৰতিবছৰে বিশ্বত ৩.১ মিলিয়ন শিশুই খাবলৈ নাপাই মৰে। এই সমস্ত শিশুৰ বয়স ৫ বছৰৰ তলত। ৮২২ মিলিয়ন মানুহ ভোগে অপুষ্টিত প্ৰতিবছৰে। বিশ্বৰ দৰিদ্ৰদেশত বছৰি ১৩ লক্ষ মানুহ মৰে মেলেৰিয়াত, ১৫ লক্ষ মৰে যক্ষাত, ৩ৰ পৰা ৬.৫ লাখ মৰে ফ্লুত। কোনটো কৰ্পৰেট লবীয়ে ইয়াৰ বাবে উদ্বিগ্ন হৈছে ? কোন শাসকে বাজেট তৈয়াৰ কৰিছে সেইসকল হতভাগ্য-হতদৰিদ্ৰৰ বাবে? বানত প্ৰতিবছৰে বিশ্বত কোটি পৰিয়াল সৰ্বস্বান্ত হয়। কোনটো কৰ্পোৰেট লবীয়ে বান প্ৰতিৰোধৰ বাবে চৰকাৰক সহায়ৰ পুঁজি দিছে?

বা স্বেচ্ছাই সেই দায়িত্ব লৈছে ? ভাৰতত বিশেষকৈ অসমত এই দুয়োবিধেই প্ৰতি বছৰে জনজীৱন তছনছ কৰে। কোন শাসকগোষ্ঠী অথবা পূঁজিপতিয়ে তাৰ বাবে চিন্তা কৰিছে ? বৰং বিদ্যুৎ পাবলৈ বান্ধ সাজি মানুহৰ বিপদ দ্বিগুণহে কৰি তুলিছে। যাৰ ক্ৰয় ক্ষমতা নাই, সেইসকলৰ বাবে কাৰো অন্তৰত দুখ নাই, সহানুভূতি নাই।

সেইসকলক মানুহ বুলিও ধৰা নাযায়, সেই বাবে তেওঁলোকৰ জীৱন ৰক্ষাৰ বাবে দায়বদ্ধ নহয় কোনো। এয়া বিশ্বৰ সকলো দৰিদ্ৰৰ বাবেই সত্য। পুঁজিবাদী ভোগদৰ্শনে মানুহক কিদৰে প্ৰকৃতিৰ কোলাৰ পৰা অাঁতৰাই লৈ গ’ল সেই কথা তলকিবই নোৱাৰাটোৱেই মানৱজাতিৰ বৃহৎ ট্ৰেজেডী। এতিয়া মানুহে ভাবিবলৈ ধৰিছে প্ৰকৃতি অাৰু মানুহ দুটি ভিন্ন বস্তু। মানুহ স্বয়ং যে প্ৰকৃতি সেইকথা পাহৰি গল, অাৰু শেহতীয়াকৈ মানবজাতিয়ে এই নীতিশিক্ষাকে অায়ত্ব কৰিছে যে মানুহ বাচি থাকিবলৈ হলে প্ৰকৃতিক সুৰক্ষা দিব লাগিব। যেন মানৱজাতিয়ে নিজৰ সুবিধাৰ বাবে প্ৰকৃতিক ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব অাৰু তাৰবাবে প্ৰকৃতিৰ প্ৰতি কিছু

দয়াশীল হব লাগিব। পুঁজিবাদে পুঁজি অাহোৰণ অাৰু বিস্তাৰণৰ স্বাৰ্থত দ্ৰুত নগৰায়ণৰ পোষকতা কৰে। কেতিয়াও জনসংখ্যা নিয়ন্ত্ৰণৰ কথা নকয়, অৰণ্যানী ধ্বংস কৰি হলেও জনপদ অাৰু উদ্যোগ গঢ়ি তোলাৰ পক্ষত থাকে।


কিয়নো পুঁজিবাদৰ বাবে জনসংখ্যা বৃদ্ধি মানে উপভোক্তাৰ বৃদ্ধি, ক্ৰেতাৰ সংখ্যা বৃদ্ধি। অাজি কেবা দহক অাগৰে পৰা বিশেষজ্ঞসকলে বাৰে বাৰে ৰাষ্ট্ৰনায়ক সকলক সকিয়াই অাহিছিল যে যদি পৃথিৱীৰ জনসংখ্যা বৃদ্ধি ৰোধ কৰিব পৰা নাযায় তেনেহলে পৰিৱেশতন্ত্ৰ ( ecosystem) এনেদৰে অৱনতি ঘটিব যে সিয়েই মানৱ জাতিক ধ্বংসৰ মুখলৈ দ্ৰুততাৰে লৈ যাব। পিছে এই সকিয়নি শুনে কোনে ? বিজ্ঞানৰ বলেৰে বলিয়ান ৰাষ্ট্ৰই পুঁজিবাদী প্ৰৱক্তাৰ উচটনিত নিজৰ দেশৰ জনগণক সম্পদৰূপে নাভাবি ক্ৰেতা -উপভোক্তা বা হিতাধিকাৰী ভোটাৰ হিচাপে গণ্য কৰি গ’ল। অাৰু তেওঁলোকক সন্তুষ্ট কৰি ৰাখিবলৈ এই ভৰাসাই দি গল, যে এই মহাজগতত মানুহক দমন কৰিব পৰা কোনো দ্বিতীয় শক্তি নাই! মনুষ্যকূল অদম্য-অপৰাজেয়।

পুঁজিবাদে পুঁজি অাহোৰণ অাৰু বিস্তাৰণৰ স্বাৰ্থত দ্ৰুত নগৰায়ণৰ পোষকতা কৰে। কেতিয়াও জনসংখ্যা নিয়ন্ত্ৰণৰ কথা নকয়, অৰণ্যানী ধ্বংস কৰি হলেও জনপদ অাৰু উদ্যোগ গঢ়ি তোলাৰ পক্ষত থাকে। কিয়নো পুঁজিবাদৰ বাবে জনসংখ্যা বৃদ্ধি মানে উপভোক্তাৰ বৃদ্ধি, ক্ৰেতাৰ সংখ্যা বৃদ্ধি।.

১৯৮২চনত ৪৫০ কোটি অাছিল বিশ্বৰ জনসংখ্যা, অাজি ৪০ বছৰত নতুনকৈ বাঢ়িল ৩৫০ কোটি। ১৯৮২ চনত চীনৰ জনসংখ্যা অাছিল ১০০ কোটি , ভাৰতৰ অাছিল ৭৩ কোটি, অাজি ৪০ বছৰৰ পাচত চীনত বাঢ়িল ৪০ কোটি মানুহ, অাৰু ভাৰতত বাঢ়িল ৬৫ কোটি। বিশ্বায়নৰ পাছত ভাৰত যেতিয়া পুঁজিবাদৰ মুকলি বজাৰত পৰিণত হল তেতিয়াৰে পৰা জনসংখ্যাৰ বৃদ্ধিৰ হাৰকলৈ কোনেও কথা নোকোৱা হ’ল। ভাৰতৰ দৰে বিকাশশীল অৰ্থনীতিৰ দেশত দেশখনৰ জনসংখ্যা বৃদ্ধি পুঁজিবাদী বজাৰ ব্যৱস্হাৰ বাবে যে অাশীৰ্বাদ স্বৰূপ, সেই কথা কমিউনিষ্ট চীনৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ দ্ৰুততাৰে কমি যোৱাটোৰ মাজেৰেই প্ৰমাণিত হয়। পুঁজিবাদী অৰ্থনীতিৰ প্ৰৱক্তা সকলে ভ্ৰমৰ চচমা পিন্ধি জনসংখ্যা বৃদ্ধিক পুঁজি উদ্বৃত্ত কাৰক হিচাপে ভাবি লৈছিল। বিকাশশীল দেশত জনসংখ্যা বৃদ্ধিৰ প্ৰেক্ষাপট-পৰিস্হিতিৰ ছবিখন সমগ্ৰ বিশ্বতে একে।

মানুহৰ বাসস্হান, নগৰায়ন, অাৰু কৃষিবিস্তাৰ তথা উদ্যোগিকীৰণৰ প্ৰয়োজনত এফালৰ পৰা অৰণ্য ধ্বংস কৰা হৈছে। ধ্বংস কৰা হৈছে পশু পক্ষীৰ চাৰণ ভূমি। প্ৰতি চেকেণ্ডত বিশ্বৰ বুকুৰ পৰা এখন ফুটবল খেলৰ পথাৰৰ সমান এলেকাৰ অৰণ্যভূমি মানুহে উচন কৰি গৈ অাছে। অহৰহ কাটি যোৱা হৈছে গছ। এটা সাধাৰণ দৃষ্টান্ত– চীনত খাদ্য বস্তু মুখলৈ নিবলৈ ব্যবহাৰ কৰা যি চপষ্টিক, সেই চপষ্টিক প্ৰস্তুত কৰিবলৈ প্ৰতিবছৰে ২৩ লাখ গছ কাটি পেলোৱা হয়। এইবোৰৰ হিচাপ গৌণ যেতিয়া

অাপুনি জানিব অামাজন অৰণ্য ধ্বংস কৰি মাটি মোকলাবলৈ ইউৰোপ-অামেৰিকাৰ বহুজাতিক কোম্পানিবোৰে কিদৰে নিৰন্তৰ চেষ্টা চলাই গৈছে। যি খন অৰণ্যই বিশ্বক মুঠ ২০ শতাংশ অক্সিজেন যোগান ধৰি অাহিছে, যি প্ৰতি বছৰে ২০০ কোটি মেট্ৰিক টন কাৰ্বনডাই অক্সাইড শোষণ কৰি ৰক্ষা কৰি অাহিছে পৰিৱেশতন্ত্ৰৰ সন্তুলন, খনিজ সম্পদৰ
সন্ধানকাৰীকে ধৰি বিশ্বব্যাপী মাংসৰ ব্যৱসায়

কৰা কিছু বহু জাতিক কোম্পানিয়ে লাভৰ লোভত সেই অমৃত অৰণ্যত জুই লগাই দিছে বাৰে বাৰে, যাতে পশুখাদ্যৰ বাবে তাত খেতি কৰিব পাৰি। কেৱল চিকেন অাৰু বীফ খাবলৈ নাপাব বুলিয়েই মানুহে যোৱা বছৰ অামাজন জ্বলাই ধ্বংস কৰিলে ২৭০০বৰ্গ কিমি অৰণ্য অৰু তাৰ লগতে ধ্বংস কৰিলে অমূল্য জৈৱ বৈচিত্ৰ।

পুঁজিপতি বেপাৰীৰ হাতত পৰি বিশ্বৰ সৰু সৰু অৰণ্যবোৰৰ পৰিণতি কি হৈছে সেইবোৰ কথা বাদেই দিলো। কংগোকে ধৰি অাফ্ৰিকাৰ বেছ কিছু উৰ্বৰ পথাৰ, বিশাল জলাধাৰ অাৰু সেউজভূমিও অাজি অাক্ৰান্ত ইউৰোপ-অামেৰিকাৰ কোম্পানিৰ নখযুক্ত হাতোৰাৰ অাঁচোৰত। প্ৰতি বছৰে ইউৰোপ-অামৰিকাই বিশাল কাৰ্গো জাহাজৰে অাফ্ৰিকাৰ বুকুত পেলাই থৈ যায় ১৮০ মিলিয়ন টন বিষাক্ত অাবৰ্জনা। এই বিষ অাফ্ৰিকাই পান কৰি বিনিময়ত লাভ কৰে যৎসামান্য ধন।

এনেদৰেই বিষময় হৈ গৈ অাছে অাফ্ৰিকাৰ নদ-নদী, ভূ-গৰ্ভস্হ পানী অাৰু শেষত অাক্ৰান্ত কৰিছে পথাৰ অাৰু অৰণ্য। শেষত মানুহে মৰণতো নিজলৈ মাতিছেই, মাতিছে ইতৰ জীৱ অাৰু উদ্ভিদ জীৱনলৈকো। মানৱ সভ্যতাৰ কোৰোনা অাক্ৰান্ত জনহীন উৰিষ্যাৰ সমুদ্ৰটতত শ শ কাছ অাহি প্ৰজনন কৰিছে।

অাধুনিকীকৰণৰ ফলত ইতৰ জীৱকূললৈ ভাবুকি নামি অাহিছে অভাবনীয় ৰূপত। জগত-প্ৰকৃতিৰ ওপৰত মানুহৰ বিধ্বংসী দখলদাৰিত্বই পৰিভ্ৰমী চৰাইবোৰলৈ কি বিপৰ্যয় নমাই অানিছে সেয়া কেবল এখন তথ্যচিত্ৰ চালেই যথেষ্ট– সেইখন হ’ল Winged Migration (2001) । ৰাইজে বোধহয় দেখিছে কোৰোণাৰ ভাইৰাছৰ ভয়ত মানুহ দুৱাৰ মাৰি ঘৰৰ ভিতৰত সোমাই পৰাৰ লগে লগে সমগ্ৰ পৃথিৱীতে জীৱজন্তুবোৰ নিৰ্ভয়ে ওলাই অাহিছে। বিচৰণ কৰিছে জনপদত। মুম্বাইৰ উপকূলত

ডলফিনে খেলিছে, উৰিষ্যাৰ সমুদ্ৰটতত শ শ কাছ অাহি প্ৰজনন কৰিছে। অাৰু অামি বহুতেই নাজানো, অাজি মানৱ প্ৰজাতিয়ে সাগৰীয় কাছৰ এনে অৱস্হা কৰিছো যে মানুহৰ উৎপাতত সিহতে কণী পাৰিবলৈ নিৰাপদ ঠাই বিচাৰি ৫০০০ মাইল দূৰত্বৰ সাগৰীয় পথ পৰ্যন্ত সাঁতুৰি অতিক্ৰম কৰিব লগীয়া হয়। সৰ্বভূক হুতাসন মানুহৰ পেটলৈ লগীয়া হোৱা বহু সাগৰীয় মাছ-প্ৰাণীৰো একে অৱস্হা। চীন বুলিয়ে নহয়, এনে খাদ্য বিলাসৰ নামত মানুহৰ এনে অধাচাৰী ৰূপ সকলো দেশতে বিদ্যমান। একালত মানুহে নিজৰ জিভাৰ জুতি দূৰ কৰিবলৈ মৰিছাচৰ ড’ড নামৰ চৰাইবিধক মাৰোতে মাৰোতে বিলুপ্তই হৈ গল। কিন্তু গজমূৰ্খ লোভী মানুহৰ জনাৰ উপায় নাই যে একো একোবিধ জীৱ কিদৰে শৃংখলিত হৈ বাকী বৃহত্তৰ জীৱন প্ৰবাহকো বান্ধি ধৰি ৰাখে। মৰিছাচৰ পৰা ড’ড চৰাই মৰি শেষ কৰি দিয়া হল, ড’ডৰ অনুপস্হিতিত মৰি শেষ হৈ অাহিল calvaria নামৰ গছবিধো,কাৰণ ড’ডৰ পেটলৈ নোযোৱাকৈ অাৰু পেটৰ পৰা বৃষ্ঠা হৈ ওলাই নহাকৈ calvariaৰ গুটিয়ে গজালি মেলিব নোৱাৰে। জীৱবিজ্ঞানৰ সকলো ছাত্ৰই জীৱকূলৰ মাজত এইধৰণৰ obligate mutualismৰ কথা জানে। এক বাধ্যতামূলক বুজাপৰাৰে বিশ্ব চৰাচৰ চলি অাছে। পৰস্পৰে পৰস্পৰক দিয়া লোৱাৰ মাজেৰেই অব্যহত অাছে জীৱন। এটা জীৱ বিলুপ্ত হোৱা মানে অাৰু অনেক জীৱলৈ ভাবুকি অহা। সকলোৱে এক নেদেখা বান্ধোনেৰে বান্ধ খাই অাছে। অথচ এই সহজ সূত্ৰটোকে মনুষ্যকুলে নুবুজে, বা বুজিও মৰ্ম উপলধ্বি কৰিব নোৱাৰে।

বন্যজীবৰ ওপৰত মানুহৰ এইবৰ্বৰতা বহুতৰ বাবে ৰোমাষ্ণকৰ এডেভেঞ্চাৰ স্বৰূপ।এটা জীৱ বিলুপ্ত হোৱা মানে অাৰু অনেক জীৱৰ জীৱনলৈ ভাবুকি অহা। সকলোৱে এক নেদেখা বান্ধোনেৰে বান্ধ খাই অাছে। অথচ এই সহজ সূত্ৰটোকে মনুষ্যকুলে নুবুজে, বা বুজিও মৰ্ম উপলধ্বি কৰিব নোৱাৰে।

.

মানুহৰ শৰীৰতন্ত্ৰই নিৰামিষভোজ্যকে পোষকতা কৰে। অামিষসকলে দিনে ৰাতিয়ে মাছ-মাংস নাখালেও চলে। খালেও বনৰীয়া বা সাগৰীয় দুৰ্লভজীৱৰ মঙহত লোলুপ দৃষ্টি নিদিলেও চলিলহেঁতেন। চাওঁক, মানুহে প্ৰকৃতিৰ বুকুত অফুৰন্ত শস্যখাদ্য লাভ কৰাৰ পাচতো জিভাৰ জুতি পূৰাবলৈ সমগ্ৰ পৃথিৱীজুৰি এফালৰ পৰা ৰাক্ষসৰ দৰে ভক্ষণ কৰি অাহিছে নিৰীহ প্ৰাণীক। তথ্য অনুসৰি প্ৰটিন বিচৰাৰ চলেৰে প্ৰতি বছৰে ৮০ মিলিয়ন জীৱ হত্য কৰা হয় মাংসৰ বাবে। প্ৰতি বছৰে বিশ্বত গড়ে ৪৩ কিলো মাংস খায় মানুহে। অামেৰিকা-অষ্ট্ৰেলিয়াত খায় গড়ে ১০০ কেজিকৈ ,ভাৰতত খায় মাত্ৰ ৫ কেজিকৈ। চিকিৎসকৰ মতে মানুহক বছৰি কমেও ২৪ কেজিহে ৰঙা মাংস( red meat) ৰ প্ৰয়োজন। সেই হিচাপত কেবল অামেৰিকাতে অপ্ৰয়োজনীয় ভাবে মাংস খায় ৩৩ কোটি X ৭৬ কেজি মাংস। গতিকে মানুহৰ অধাচাৰীৰ হিচাপ অনুধাবন কৰক। তদুপৰি সমগ্ৰ বিশ্বত খাদ্য অপচয় হয় মুঠ উৎপাদনৰ ৩০ৰ পৰা ৫০ শতাংশ। এনে অপচয় ঘটে ধনীদেশতে সৰ্বাধিক। উল্লেখৰ অাৱশ্যক যে সৰ্বাধিক জনবহুল ৰাষ্ট্ৰহিচাপে চীনতেই মাংসৰ চাহিদা অধিক, পিছে এই চাহিদা পূৰাব নোৱাৰি চীনাবোৰে অৰণ্যৰ জীৱকূলকো খাবলৈ লৈছে ব্যাপক হাৰত। শুনি হয়তো বহুতে চমকি উঠিব যে চীনত এনে অন্ধবিশ্বাসী ৰাক্ষস মানুহো অাছে যাৰ জিভাৰ জুতি মিটাবলৈ বহু বিলাসী ৰেস্তোৰাত মানুহৰ মৃত ভ্ৰূণো চুপ তৈয়াৰ কৰি বিক্ৰি কৰা হয়। কেৱল চীনতে নহয়, বনৰীয়া জীৱৰ মাংসৰ জনপ্ৰিয়তা দেশে দেশে বাঢ়িছে। দেখা গৈছে যে বিগত কেইটামান দহকত এইডছৰ পৰা অাৰম্ভ কৰি ছাৰ্ছ-নিপা-ইবোলালৈ বহু জুনেটিক( zoonotic) ৰোগ জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ অাহিছে।

মনুষ্যৰ দীৰ্ঘায়ু অাৰু যৌনশক্তি বৃদ্ধিৰ অন্ধবিশ্বাসৰ নামত প্ৰতিদিনে চীন অাৰু দক্ষিণ পূৱ এচীয়াত হাজাৰে-বিজাৰে বন্য জীৱই প্ৰাণ দিছে। কৰবাত যদি সাপ-ভেকুলী-বনৰৌকে খাইছে , কৰবাত খাইছে অক্টোপাছ অথবা ছীল। তিমি-ডলফিন পৰ্যন্ত ৰেহাই পৰা নাই। অাজি বহু প্ৰাণী বিলুপ্তিৰ মুখত। দিনে দিনে কমি অাহিছে সিহঁতৰ জনসংখ্যা। বিশেষকৈ সাগৰীয় মাছ অাৰু চৰাই। খাদ্যৰ বাবে একালত তিমি চিকাৰ কৰা হৈছিল অবাধে। ১৯৬৪ চনত যেতিয়া নীল তিমি চিকাৰ নিষিদ্ধ কৰা হল, তেতিয়া ২২ হাজাৰ নীল তিমি অাছিল ।

শুনি হয়তো বহুতে চমকি উঠিব যে চীনত এনে অন্ধবিশ্বাসী ৰাক্ষস মানুহো অাছে যাৰ জিভাৰ জুতি মিটাবলৈ বহু বিলাসী ৰেস্তোৰাত মানুহৰ মৃত ভ্ৰূণৰো চ্যুপ তৈয়াৰ কৰি বিক্ৰি কৰা হয়….
শেহতীয়া তথ্য মতে পৃথিবীৰ সাগৰত ২০০০ ত কৈ অধিক নীল তিমি নাই। সকলো চিকাৰ কৰা হ’ল গোপনে। নহলে ৩০০ বছৰকাল পৰ্যন্ত জীয়াই থাকিব পৰা নীল তিমিবোৰ গ’ল ক’লৈ ? এতিয়াও প্ৰতিবছৰে বিভিন্ন জাতৰ ১৬ হাজাৰ তিমি নিধন কৰা হয় খাবলৈ। যত তিমিৰেই এই অৱস্হা ক’ড-টুনা বা ছলোমন মাছৰ বিলৈ কি হব সেয়া সহজেই অনুমেয়। ক’ড মাছৰ মঙহ অাৰু তেলৰ বাবে বাল্টিক সাগৰ তহিলং কৰি পেলোৱা হৈছে। অভূতপূৰ্ব হাৰত কমিছে কড মাছৰ সংখ্যা।

.

প্ৰতিবছৰে কেবল বৃটেইনতে ১ লাখ ১৫ হাজাৰ টন কড মাছ ভক্ষণ কৰা হয়। বিশ্বজুৰি ৫০ লক্ষ টন কড মাছ চিকাৰ কৰা হয় প্ৰতি বছৰে। জানি থওক যে ইয়াৰে ২ লাখ টন মাছৰ বয়স তিনি বছৰতকৈয়ো কম। অথচ কড মাছ পৈনত হ’বলৈ কমেও ১৪ বছৰ পৰ্যন্ত লাগে। মানুহে ধনৰ লোভত এনেদৰে ক’ড চিকাৰ কৰি অাহিছে যে মাছবিধ বিলুপ্ত হবলৈ অাৰু বেছি বছৰ নাই। যোৱা ২০১৮ চনত বিশ্বত ক’ডলিভাৰ তেলৰ ব্যৱসায় হৈছে ৫০ মিলিয়ন মাৰ্কিন ডলাৰৰ। এই চাহিদা দিনে দিনে বাঢ়িয়েই অাছে। তেনেদৰে সংকটৰ গৰাহত ছলোমন মাছ। কেবল সদাভূক অামেৰিকান সকলকে খাবলৈ বছৰি প্ৰায় ৪ লাখ টন ছলোমন লাগে। টুনা মাছ লাগে প্ৰতি বছৰে কমেও ১০ বিলিয়ন টন।

দেখা গৈছে যে পৃথিৱীত যিমান খাদ্য উৎপন্ন হয় ( নেট প্ৰাইমাৰী প্ৰডাকচন) ২০ শতাংশই মানুহৰ বাবে। খাদ্য উৎপাদন বৃদ্ধিৰ বাবে ব্যবহাৰ কৰা ৰাসায়নিক কীটনাশকৰ বিৰুদ্ধে পৰিৱেশ তথা স্বাস্হ্যবিজ্ঞানী সকলে বাৰে সৰ্তক কৰি দিয়া
স্বত্বেও কাৰো কাণসাৰ নাই। কীটনাশকে যে কেবল খাদ্যশস্যৰে গুণাগুণ নষ্ট কৰিছে এনে নহয়, ই ধ্বংস কৰিছে পৰিৱেশতন্ত্ৰৰ চালকৰূপে অগন্তি কীট-পতংগ তথা অণুজীৱবোৰো। এনে কীট-পতংগৰ ধ্বংসৰ ফলত উদ্ভিদৰ পৰাগযোগ নিষেচন ( pollination) স্বাভাৱিক প্ৰক্ৰিয়াও ব্যাহত হ’বলৈ ধৰিছে। বিজ্ঞানীসকলে কৈছে যে যদি ৰাসায়নিক কীট- তৃণনাশক প্ৰয়োগ বন্ধ কৰা নহয়,তেনেহলে এদিন প্ৰকৃতিৰ নিজৰ মাজত নিহিত হৈ থকা কৃষি সুৰক্ষা বা প্ৰতিৰোধ ব্যৱস্হা নষ্ট হৈ যাব অাৰু মানুহৰ কৃষিভূমিত অপ্ৰতিৰোধ্য হৈ উঠিব কীট-পতংগ। বহুদিন অাগতে কাৰ্ল মাৰ্ক্সে প্ৰকৃতিৰ

সাৰ্বজনীন বিপাক ( the universal metabolism of nature )ৰ কথা কৈছিল। মার্ক্সে জার্মান ৰসায়নবিদ জাস্টাছ ভন লাইবিগ  ( Justus von Liebig)ৰ গৱেষণাৰ ওপৰত অাধাৰ কৰি অাশংকা প্ৰকাশ
কৰিছিল যে পুঁজিবাদী ৰাষ্ট্ৰ ব্যৱস্হাত মাটিৰ উবৰ্ৰতা দ্ৰুততাৰে লোপ (Metabolic rift)পাব। মাটিয়ে হেৰুৱাব নাইট্ৰজেন, পটাচিয়াম অাৰু ফচফৰাছৰ দৰে খনিজ উপাদন। কোৰোণাময় পৃথিৱীত এই প্ৰসংগবোৰ এতিয়া অৱশ্যেই চৰ্চিত হোৱাৰ প্ৰয়োজন অাহি পৰিছে।

বিজ্ঞানীয়ে যেতিয়া গ্লৱেল ৱাৰ্মিঙৰ কথা কয়, বহুতে সেয়া হাঁহি মাৰি উৰুৱাই দিয়ে। গ্লৱেল ৱাৰ্মিং কেৱল গাড়ী বা কাৰখানা চলাই কলা ধোৱা উৰুৱালেই নহয়, অাপুনি মই ব্যৱহাৰ কৰা মোৱাইলটোৰ জৰিয়তেও অামি কাৰ্বন উৎপাদন কৰি পৃথিৱীক প্ৰদূষিত কৰি অাহিছো। মাহে বিশ্বত ২.৪ বিলিয়ন সক্ৰিয় ফেচবুক ব্যৱহাৰকাৰী মানুহে বাস্তৱ পৃথিৱীখন এৰাই চলি মজি অাছে অাপাত বাস্তৱৰ পৃথিৱীত। সেই অলীক পৃথিৱীখনত তেওঁলোক হৈ উঠিছে বীৰপুৰুষ-বীৰাংগনা, মহান অাৰু পৰোপকাৰী।
কিন্তু বাাস্তৱ পৃথিৱীখন সুস্হিৰভাবে জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ সৰহসংখ্যকৰে কোনো ভূমিকা নাই। ফেচবুক ব্যৱহাৰকাৰী সকলে নাজানে যে প্ৰতি বছৰে ফেচবুক কৰাৰ নামত ২৯৯ কিলোগ্ৰাম কয়লা পুৰি পেলোৱাৰ সমান দহন উৎপাদন কৰি নিৰ্গমণ কৰিছে কাৰ্বন। প্ৰতি মিনিটত ই-মেইল কৰাৰ নামত মানুহে উৎপাদন কৰিছে ২১ হাজাৰ কিলোগ্ৰাম কৰ্বন। প্ৰতি ত্ৰিছ মিনিটত ইউ টিউৱত ভিডিঅ চাই যিমান তাপ উৎপন্ন কৰিছে সেয়া ডেৰ কিলোগ্ৰাম কয়লা পোৰাৰ সমান।

মানুহৰ বাবে তেওঁৰ জীৱন কালত ভাইৰাছত কৈয়ো অধিক বিপজ্জনক মানুহ…! কাষৰ ছবিত জাপানী সৈন্যই তৰোৱালেৰে জীৱন্তে মুণ্ডচ্ছেদ কৰিছে এগৰাকী চীনা মাাতৃৰ। কোলাত তেওঁৰ কেচুৱাটো…
টেকনোলজিৰ সামান্য অপব্যহাৰেও এনেদৰে সভ্যতালৈ বিপদ মাতি অানিব পাৰে। এনেধৰণৰ বিনোদনৰ যাত্ৰিক উপকৰণৰ জৰিয়তে পোৱা ভোগ-বিলাসে অামাক দিনে দিনে মানসিক ৰোগী কৰি তুলিছে। মানুহৰৰ পৰা বিচ্ছিন্ন কৰি তুলি নিঃসংগতাবোধৰ মাজলৈ ঠেলি দিছে। মানুহ অসুখী অতৃপ্ত হৈ শেষত মানসিক ৰোগীলৈ পৰ্যবসিত হৈ পৰিছে। ২০১৭ চনৰ তথ্য অুসৰি বিশ্বত উদ্বিগ্নতাত ভূগিছে ৩০০ মিলিয়ন মানুহে, ১৬০ কোটিয়ে ভূগিছে ৰোগ-ব্যাধি-প্ৰাকতিক দুৰ্যোগত যিমান মানুহ মৰিল এই পৃথিৱীত সমানে মৰিল মানুহৰ হাতত মানুহ। এজন মানুহৰ বাবে তেওঁৰ জীৱন কালত ভাইৰাছত কৈয়ো অধিক বিপজ্জনক মানুহ…!

হতাশাজনিত মনোৰোগত, ১০০ মিলিয়নে ভূগিছে dysthymia নামৰ হতাশাৰ মধ্যস্তৰৰ একমনোৰোগত। মনোৰোগো এতিয়া কোৰোনা ভাইৰাছৰ দৰেই মহামাৰীহৈ দ্ৰুততাৰে মানুহৰ মাজলৈ বিয়পি অাহিছে।
অাশা কৰোঁ কৰোণাই মানুহক বাস্তৱ পৰিস্হিতিৰ গভীৰতা উপলধ্বি কৰোৱাব। মানুহৰ অবিবেচক দখলদ্বাৰিত্বৰ বাবে প্ৰতি বছৰে ১৭ হাজাৰ প্ৰজাতিৰ জীৱ বিলুপ্তি ঘটিছে। কমেও ১০ মিলিয়ন উদ্ভিদ অাৰু প্ৰাণীৰ
মাজৰ পৰা প্ৰতি হাজাৰত এটাকৈ প্ৰজাতি নিঃশেষ হৈ অাহিছে। বিশেষজ্ঞৰ মতে যদি নতুন বিশ্বৰ ক্ৰান্তিয় মূল ভূখণ্ড (tropical mainland)ৰ বৰ্ষাৰণ্যবোৰৰ ধ্বংস অব্যহাত থাকে, তেনেহলে অামাজন অৱবাহিকাৰ পৰা অাগত ৭০টা বছৰত ৭০৪বিধ প্ৰাণী প্ৰজাতিৰ ১২ শতাংশ অাৰু ৯২ হাজাৰ উদ্ভিদ প্ৰজাতিৰ ১৫ শতাংশ নোহোৱা হৈ যাব।

  • জন্ম লৈছে, কিন্তু এই ধৰিত্ৰীত থাকিবলৈ কোনো দেশ নাই ৰোহিংগা মুছলমানৰ…।মৃত সন্তানক লগত লৈ দেশৰ সন্ধাান…
  • প্ৰমাণ হৈছে যে পৃথিবীৰ বায়ু মণ্ডলৰ পৰা দিনেদিনে অক্সিজেনৰ পৰিমাণ কমি অাহিছে, কিন্তু সেই অনুপাতে কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন বা মিথেন গেছ কমি যোৱা নাই, ইয়ো মানবজাতিৰ চৰম উদ্বিগ্নতাৰ কথা। কিয়নো অক্সিজেন কমি যোৱা মানেই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ যোৱা। মানুৰৰ তেজৰ শ্বেতকণিকা বা নিউট্রোফিলে আমাৰ ৰোগ প্ৰতিৰোধত সহায় কৰে। এই ব্যৱস্হাত এনএডিপি (NADP) অক্সিডেছ পদ্ধতি ব্যবহৃত হয়, অধিক অক্সিজেনে ইয়াৰ দক্ষতা বঢ়াই তোলে। ইয়াৰ বিপৰীতে ভয়াৱহ কথাটো হ’ল এয়ে যে অক্সিজেনৰ বিপৰীতে যদি নাইট্ৰজেন অাৰু মিথেনৰ পৰিমান বৰ্তমানতকৈ বাঢ়ি যায় তেনেহলে বেক্টেৰিয়া-ভাইৰাছৰ দৰে অণুজীবোৰ ব্যাপ্তি ঘটিব অাৰু সংহাৰী হৈ উঠিব। বেক্টেৰিয়া মানেই যে ভয়াৱহ অপকাৰী, তেনেও কথা নহয়। যি বেক্টেৰিয়াৰ পৰা টিটেনাছ ভেকচিনৰ প্ৰয়োজনীয় টক্সিন অাহোৰণ কৰা হয়, অক্সিজেন কমি গলে সেই বেক্টেৰিয়াই পুনঃউৎপাদন কৰিব নোৱাৰা হ’ব। এইটো এটা উদাহৰণহে। পৰিৱেশৰ সামান্য তাৰতম্য হলেই লাখ লাখ জীৱৰ বিলুপ্তি হৈ পৰিব অৱধাৰিত। এটাৰ ওপৰত এটাকৈ সজাই থোৱা শিলাখণ্ডৰ এক গাঁথনিৰ দৰেই জীৱ জগতৰ অস্তিত্ব। মাজৰ পৰা এটা শিল অাঁতৰাব গলেই সমস্ত গাঁথনিটোৱেই খহি পৰিব। উদ্বেগৰ কথা এয়াও যে কেবল ভূ-পৃষ্ঠতে নহয় অক্সিজেন কমিছে সাগৰৰ বুকুতো। তাত বাঢ়িছে জীৱৰ ভয়াবহ অম্লজাতীয় অাৰু ফচফৰাছ অক্সিজেন কমি যোৱা মানেই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ যোৱা। মানুৰৰ তেজৰ শ্বেতকণিকা বা নিউট্রোফিলে আমাৰ ৰোগ প্ৰতিৰোধত সহায় কৰে। এই ব্যৱস্হাত এনএডিপি (NADP) অক্সিডেছ পদ্ধতি ব্যবহৃত হয়, অধিক অক্সিজেনে ইয়াৰ দক্ষতা বঢ়াই তোলে।

    তেনেদৰে পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে বৰফৰ গ্লেচিয়াৰ সমুহ গলাই পেলোৱাৰ লগে লগে পোনপোটীয়া ভাবে লাখ জীৱ প্ৰজাতি অাক্ৰান্ত হৈ বিলুপ্তিৰ মুখলৈ ধাবমান হৈছে। বহু ভূপৃষ্ঠ জলমগ্ন হোৱাত জীৱৰ বসতিস্হল সংকুচিত হৈছে। ইয়াৰ লগে লগে বৰফৰ মাজত যুগব্যাপী সুপ্ত হৈ থকা অনেক ভাইৰাছ জাগি উঠিছে অাৰু মানুহৰ মাজলৈ অাহিবলৈ তৎপৰ হৈ উঠিছে। অৰ্থাৎ মানুহে ব্যাপক প্ৰদূষণ অাৰু সেউজভূমি ধ্বংসৰ পৰিণতিত দ্ৰুততৰ হৈ উঠা জলবায়ুৰ পৰিবৰ্তনে দেখদেখকৈ পৰিৱেশতন্ত্ৰক বিনাশ কৰি অানিছে। অাৰু মানৱ প্ৰজাতিৰ জীৱন চমু চপাই অানিছে। অাজি হঠাত নতুন ভাইৰাছ এবিধৰ জন্ম হবলৈ পোৱা অাৰু ই সমগ্ৰ মানৱসমাজাক অাক্ৰান্ত কৰিব পৰা শক্তি কৰ পৰা অৰ্জন কৰিলে? এটা উপযুক্ত ( suitable) পৰিৱেশ নিশ্চয় মানুহেই গঢ়ি দিছে। খাল কাটি ঘঁৰিয়াল মানুহেই চপাই লৈছে। মানুহক ভালপালে বুলিয়েতো প্ৰকৃতিয়ে এনদৰে বাকীজীৱবোৰক মানুহৰ ভোগ-অানন্দৰ বাবদ বলিদান দি থাকিব নোৱাৰে। তথাপিতো বাৰে বাৰে এৰাধৰা কৰি অাহিছে । কিন্তু ইমানৰ পাছতো যদি মানুহ সন্তুষ্ট নহয়, ইমানৰ পিচতো যদি কেৱল ভোগৰ পাচতে সকলো উন্মাদৰ দৰে দৌৰি থাকে, ভোগ নিশ্চিত কৰিবলৈকে যদি ধৰ্ম-সম্প্ৰদায়-দেশপ্ৰেমৰ অজুহাতেৰে মানুহে নিজৰ মাজত নিৰন্তৰ মৰামৰি কটাকটি কৰিয়ে থাকে, যদি ধনবান-ক্ষমতাবানবোৰে নিজৰ ভোগকে সৰোগত কৰি দুৰ্বল-নিৰ্ধনীবোৰৰ ওপৰত অহৰহ শোষণ-লুন্ঠণ চলায়ে থাকে –জাগতিক সন্তুলন জানো স্হিৰে থকাতো সম্ভৱ ? এদিন নহলেও এদিন কৰবাততো অাকৌ পুনঃসজ্জাৰ (reshuffle)ৰ প্ৰয়োজন অাহিয়ে পৰিব। হয়তো সম্প্ৰতি প্ৰকৃতিয়ে তাকেই কৰিছে।

    কোৰোণাৰ হতুৱাই মানুহক লক্ষ্মণ ৰেখাডাল অাকৌ এবাৰ অাঙুলিয়াই দিব খুজিছে প্ৰকৃতিয়ে। চীন-অামেৰকা-ইটালীৰ দৰে ক্ষমতা-প্ৰাচুৰ্য অাৰু জ্ঞান-বিজ্ঞানেৰে শক্তিমন্ত দেশত এবিধ ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱই চলোৱা এই প্ৰলয়ংকৰী তাণ্ডৱ নিশ্চয় মানৱ প্ৰজাতিৰ বাবে পৰিণত হ’ব এটি নিৰ্দয় পাঠত।

    One thought on “মহাপতনৰ সংকেত

    1. মানৱজাতিৰ এই চৰম সংকটৰ কাৰণ যে মানুহ নিজেই,এই কথা আপোনাৰ লেখা পঢ়ি ভালদৰে হৃদয়ংগম কৰিব পাৰিছো।এই কথাবিলাক প্ৰতিজন ব্যক্তিয়ে বুজি উঠা হ’লে আজি জীৱ শ্ৰেষ্ঠ হিচাপে অহংকাৰ কৰা মানৱে আজি মৃত্যুৰ ক্ষণ গণি সময় অতিবাহিত কৰিব লগা নহ’লহেঁতেন।সময়োপযোগী আৰু জ্ঞানবৰ্ধক লেখাটো পঢ়ি যথেষ্ট লাভান্বিত হ’লো।

      Like

    Leave a reply to pallabi Hazarika Cancel reply

    Design a site like this with WordPress.com
    Get started