পূঁজিবাদ অাৰু প্ৰেমিক ডলফিন

            কেবল এটি ছয় বছৰীয়া শিশুৰ বাবে দুখন দেশৰ মাজত যুদ্ধ? লাগো লাগো হোৱা সেই যুদ্ধত তাকো যদি এটা পক্ষ হয় অামেৰিকা ?
অামাৰ ডিবৰু নদীত ভাহি উঠা ৰিভাৰ ডলফিনৰ মৃতদেহ দেখি এলিয়েন গঞ্জালেজৰ কথা হঠাৎ মনত পৰি গল। প্ৰায় বিছ বছৰ অাগৰ কথা। এটা ডলফিনৰ অাশ্চৰ্যকৰ কাহিনীয়ে এনে মোৰ লৈছিল যে সেই ঘটনাটোৰ শেষ পৰিণতি হব খুজিছিল এখন যুদ্ধৰ মাজেৰে। যুদ্ধখন হব খুজিছিল কিউবা অাৰু অামেৰিকাৰ মাজত।
  •            কিউবাৰ প্ৰক্তন ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰৰসতে এলিয়েন গঞ্জালেজ                                                   ঘটনাটো ১৯৯৮ চনৰ। কিউবাৰ পৰা মাজ নিশা এখন নাওত উঠি অবৈধভাবে কিছু কিউবান লোকে প্ৰৱজন কৰিছিল অামেৰিকালৈ। নাওখনত অাছিল এলিয়েন গঞ্জালেজৰ মাক অাৰু তেওঁৰ প্ৰেমিক। দুৰ্ভাগ্যবশতঃ মাজ সাগৰত ধুমুহাৰ কবলত পৰি নাওসহ যাত্ৰীসকলৰ সলিল সমাধি ঘটিল। এক অলৌকিক ঘটনাৰ দৰে বাচি গ’ল পাঁচ বছৰীয়া এলিয়েন গঞ্জালেজ। এলিয়েনে পাচত কৈছিল যে তেওঁক হেনো এজাক ডলফিনে অাগুৰি ধৰিছিল অাৰু পানীত ওপঙি থকাত সহায় কৰিছিল। ডলফিনৰ জাকটোৱে চেষ্টা কৰিছিল এলিয়ানক অামেৰিকাৰ পাৰলৈ লৈ অানিবলৈ । পুৱতি নিশা দৃশ্যটো দেখিবলৈ পায় মিয়ামিৰ মাছমৰীয়াই। এলিয়েনৰ প্ৰাণ ৰক্ষা পৰে।
  •     দেৱশিশু এলিয়েনৰ পোষ্টাৰ                                                                                           ডলফিনৰ সহায়ত মৃত্যুমুখৰ পৰা ওভতি অহা এলিয়ান ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰে। বাতৰিটো বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি যায়। অামেৰিকাৰ অাস্তিক খ্ৰীষ্টানসকলে এলিয়েনক দেৱশিশু অাখ্যা দিয়ে। কথাটো ইমানতে ৰৈ নাথাকিল। এলিয়েনকলৈ সংঘাত অাৰম্ভ হল কিউবা অাাৰু অামেৰিকাৰ। এলিয়ানক ওভতাই বিচাৰি চিৰশত্ৰু অামেৰিকাক হুংকাৰ দিলে। পিছে অামেৰিকাই কাক পৰোৱা কৰে?
  • এলিয়েনক নিজৰ কব্জালৈ নিবলৈ অামেৰিকাৰ সামৰিক অভিযান                                         
দেশখনৰ চৰকাৰে নিজৰ জিম্মালৈ অানিলে অবোধ শিশুটিক। পিচত ন্যায়ালয়ত গোচৰ চলিল। এইবোৰ বাৰু অন্য এক অাখ্যান । প্ৰসংগটো অাছিল ডলফিনৰ। জীৱবিজ্ঞানী সকলে প্ৰমাণ পাইছে যে ডলফিন এনে এক প্ৰাণী,যিয়ে মানুহক ভাল পায়। বিশ্বাসত লয়। বহুবাৰ সাগৰত বিপদগ্ৰস্ত মানুহক ডলফিনে উদ্ধাৰ কৰাৰ ঘটনা ঘটিছে। এলিয়েন গঞ্জালেজ তাৰে মাজৰ এজন সৌভাগ্যবান। এবাৰ এখন ফটোত দেখা গৈছিল কিদৰে নাওৰ পৰা পানীত সৰি পৰা এটা কুকুৰক ডলফিনে পিঠিত তুলি কঢ়িয়াই অানিছিল সেই নাওখনলৈ। মানুহৰে নহয় বিপদত পৰা সকলো জীৱৰে দুখ বুজাৰ অনুভৱ শক্তি ডলফিনৰ অাছে।
  •                   গৰ্ভৱতী নাৰীৰ চিকিৎসা ডলফিনৰ জৰিয়তে         
         অাজিকালি ডলফিনৰ সংগ মানুহৰ বাবে মহাৰ্ঘ ঔষধত পৰিণত হৈছে। ডলফিনৰ স্পৰ্শ অাৰু সিহতে কৰা শব্দ তৰংগই মানুহৰ কিছু বিশেষ ৰোগ নিৰাময় তথা মস্তিষ্কৰ বিকাশত হেনো সহায় কৰে। ডলফিনৰ সতে খেলিবলৈ দি শিশুৰ দৈহিক অাৰু মনোশক্তি বাঢ়িবলৈ দিয়া হয়। কিছুমান দেশত ডলফিন থেৰাপী কৰা হয়। কিছু গৱেষকৰ মতে গৰ্ভবতী মাতৃয়ে যদি ডলফিনৰ সংগ লয় তেনেহলে গৰ্ভস্হ সন্তানৰ মস্তিস্কৰ দ্ৰুত বিকাশ ঘটে । অাৰু অাচৰিত কথা মানুহৰ এই প্ৰত্যাশা পূৰ কৰাত কোনো কুন্ঠাবোধ নকৰে ডলফিনে। কেবল এয়াই নহয় ডলফিনে মানুহৰ মনক বুজিব পৰাৰো অদ্ভুত শক্তি অাছে। বহু কেইটা পোহনীয়া ডলফিনে কোনো বিশেষ নাৰীৰ প্ৰতি এনে অাচৰণো দেখুৱাইছে যেন সি সেই নাৰী গৰাকীৰ প্ৰেমিকহে। পিছে বেচেৰা ডলফিন! এনে ডলফিনৰ বেছি ভাগেই ব্যৱহাৰ হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পুখুৰীত। ধন অাৰ্জনৰ বাবেই সিহঁতক মানুহৰ সংস্পৰ্শলৈ অাহিবলৈ দিয়া হৈছে।
  • মানুহৰ অালিংগনত তৃপ্ত এক ডলফিন                                                  যদি ডলফিনৰ দৰে ইতৰ প্ৰাণী এবিধে মানুহক ভালপোৱা যাচিব পাৰে কোনো বিনিময় অাশা নকৰাকৈ, নিজকে জীৱ শ্ৰেষ্ঠবুলি দাবীকৰা মানুহে কিয় সেই একে মৰম ডলফিনক যাচিব নোৱাৰে? কেনেকৈ ডলফিনৰ ওপৰত ইমান নৃশংস অত্যাচাৰ চলাব পাৰে মানুহে, যিয়ে মঙললৈ যাব পৰা কৌশল অায়ত্ব কৰাৰ জ্ঞান পৰ্যন্ত অৰ্জন কৰিছে? দুনীয়াভৰ ডলফিনৰ হত্যা হয়, কঠোৰ বিধি-নিষেধৰ বাবে যেনিবা অাজিকালি ডলফিন চিকাৰ কমিছে।
ডলফিনবোৰো হত্যা কৰা হৈছিল কেবল মাংসৰ লোভত। হুতাসন মানুহক খাবলৈ কি নালাগে, এই অাধুনিক পৃথিৱীৰ মানুহেতো মানুহৰ মাংসও ফ্ৰিজত ভৰাই থৈ খোৱাৰ ‘ৰেকৰ্ড’ অাছে। ডলফিন কোন কূটা। অসমমূলকতো ডলফিন চিকাৰৰ কথা মাজে মধ্যে শুনা যায়। বহু ঘটনা হয়তো পোহৰলৈ নাহে। যিনহওক ডিবৰু নদীত ভাহি উঠা মৃত ডলফিনবোৰো একধৰণৰ হত্যাকাণ্ডই, কেবল যাচি-জোং লৈ হানি-খুচি মাৰিলেই চিকাৰ কৰা নুবুজায়। কোনোবাই যদি পথাৰ এখন বা পাহাৰ এখন মোকোলাবলৈ অৰণ্য এখনত জুই লগাই দিয়ে, অাৰু তেতিয়া তাত থকা পোক-পৰুৱাৰ পৰা অাৰম্ভ কৰি পশু-পক্ষীবোৰ সেই জুই জাহ যায়,তেতিয়াও সেয়া হত্যাকাণ্ডই হৈ পৰে। চৰকাৰে যদি ৰাস্তা সাজিবলৈ, ৰেল লাইন বহুৱাৱলৈ অৰণ্য ধ্বংস কৰে, অৰণ্যৰ বুকুত থকা খনিজ সম্পদ অাহোৰণ কৰিবলৈ অৰণ্য পৰিস্কাৰ কৰি মাটিত খনন চলায়, তাৰ ফলত যদি ভূ-গৰ্ভৰ বিষাক্ত গেছ-ৰাসায়নিক পদৰ্থ ওলাই অাহি বায়ু-মাটি-পানীত মিহলি হৈ যায়, অাৰু প্ৰদূষণ সহ্য কৰিব নোৱাৰি যন্ত্ৰণাত চাটিফুটি অৰণ্যৰ জীৱকূলে প্ৰাণ দিয়ে, অৰণ্যৰ মাজেৰে বা অাশ-পাশেৰে বৈ যোৱা নদীৰ জলজ জীৱবোৰে প্ৰাণ হেৰুৱায়, সেয়াও নিৰ্মম হত্যাকাণ্ডৰে নামান্তৰ মাথো। কোনোবাই যদি ভাবি অাছে যে ঈশ্বৰে দলিলত চহী, চীল-মোহৰ মাৰি পৃথিৱীখন কেৱল মানুহৰ হাতত অৰ্পণ কৰিছে, তেনেহলে তেওঁলোকে ঈশ্বৰক প্ৰশ্ন কৰা উচিত কি সকামতনো ভক্ষণৰ অযোগ্যও অতবোৰ জীৱ-জন্তু সৃষ্টি কৰি পৃথিবীবলৈ পঠিয়াই দিলে ? যদি অামাৰ কামতেই নালাগে, খাব যদি নোৱাৰোৱেই, তেনেহলে বিছা-কুমেজেকুৱা অথবা গছে গছে বগাই ফুৰা বীজলুৱা শামুকবোৰতো অামাক নহলেও হয়।                 জগতৰ প্ৰাণীবোৰকো অামি জীয়াই থাকিবলৈ দিম, অাৰু ইয়াৰ যুক্তি কেবল এইটো হব নোৱাৰে যে জীৱ হত্যা মহাপাপ। অাৰু এই পাপৰ বাবে পৰলোকত অামাৰ শাস্তি হব। জীৱবোৰৰ অস্তিত্ব মানি লবলৈ ইয়াত প্ৰেম-ভালপোৱা বা মানবতাৰ কথাও নাহে। অামি জীবকূলক বচাই ৰাখিম অামি ইহলোকত বাচি থকাৰ স্বাৰ্থত। পৃথিৱীখন নৰকত পৰিণত হোৱাৰ পৰা ৰক্ষা কৰি মানৱ প্ৰজাতিক সুৰক্ষা দিয়াৰ স্বাৰ্থত। যদি ডেভলপমেন্টৰ নামত পৃথিৱীৰ সমস্ত গছ কাটি ঠাই মোকোলাবলৈ স্মাৰ্ট চিটি বোৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়, তেন্তে শেষ গছজোপাত কুঠাৰৰ ঘাপটো দিবলৈ পৃথিৱীখনত কোনো মানুহ জীয়াই নাথাকিব। তাৰ বহু অাগতেই পৃথিৱীৰ পৰা উছন হ’ব মানৱ প্ৰজাতি। অান নালাগে কেবল কংগো অাৰু অামাজান–এই দুখন অৰণ্যভূমি পৰিষ্কাৰ কৰা নৌহওতে মহাপ্ৰলয়ৰ সূচনা হব পৃথিবীত। এই সত্যটো সাধাৰণ মানুহে নুবুজিব পাৰে, ৰাষ্ট্ৰশক্তিয়ে যে নুবুজে তেনে নহয়। বুজে। বুজিলেও উপায় নাথাকে।                 পানীত পৰা কুকুৰক উদ্ধাৰ কৰিছে           ডলফিনে                                                                                     পূঁজিবাদ এনে এটা বস্তু যে সি মাজসাগৰত মেলি দিয়া এখন ডিঙাৰ দৰে, ওভতি অহা সহজ নহয়, অাগুৱাই যোৱাটোও সহজ নহয়। কিন্তু ৰৈ থকাটো তাতোকৈ হাজাৰগুণে টান । গতিকে যাবই লাগিব। চলাই ৰাখিব লাগিব পুঁজি উৎপাদনৰ সমস্ত প্ৰক্ৰিয়া। চলালেই নহব, বঢ়াই গৈ থাকিব লাগিব। পুঁজি অৰ্থনীতিৰ হাল-হকিকত বুজা সকলে কথাটো ভালদৰে বুজি পাব। প্ৰথমে মালিকসকলক ধনী কৰি লব লাগিব, যাতে মালিকৰ লাভৰ ধনৰ এটা সৰু সৰু অংশ শ্ৰমিককো দিব পৰা যায়। দেশ ধনী হব সম্পদ বিক্ৰি অাৰু ৰজহ অাদয় কৰি। ৰাজহ অাদায় কেনেকৈ হব? ৰাজহ অাদায় হব সৰ্বসাধৰণৰ অায় বাঢ়িলে, ক্ৰয় ক্ষমতা বাঢ়িলে। অায় বাঢ়িলে,ক্ৰয় ক্ষমতা বাঢ়িলে লাহে ৰাষ্ট্ৰই টেক্সবোৰ এফালৰ পৰা বহুৱাই গৈ থাকিব পাৰিব। এয়াই হল পুঁজি বিকাশৰ এক সহজ কৌশল।            ডিবৰু নদীত মৃত ডলফিনগতিকে পুঁজিৰ বিকাশৰ স্বাৰ্থতে পুঁজিবাদী দেশক প্ৰয়োজন হৈ পৰে অধিক উৎপাদনশীলতাৰ। প্ৰয়োজন হৈ পৰে তথাকথিত ডেভলপমেন্টৰ । সেই ডেভলপমেন্টে দুখীয়াক সহায় সঁচাকৈ কৰিছেনে নাই, সেইবোৰ পুঁজিবাদী ৰাষ্ট্ৰৰ বিচাৰ্যৰ বিষয়ো নহয়। মুঠতে উৎপাদন প্ৰয়োজন, উৎপাদন অাৰু পূঁজি সঞ্চালন চলি থাকিব লাগিব নিৰন্তৰ। কথাটো বুজিবলৈ সহজ, যেতিয়া কোৰোণাৰ সংক্ৰমণ ভয়াবহ হৈ উঠিছে বুলি জানিও দেশবোৰে লক ডাউন উঠাই দিলে। যুক্তিটো এনেকুৱা যে যদি লক ডাউন তুলি দিয়া নহয়, দুখীয়াবোৰে কি কৰি খাব? চৰকাৰেতো নুখুৱায়।(পঢ়ক খুৱাব নোৱাৰে) খুওৱাতো বাদেই শ শ মাইল দূৰত থকা শ্ৰমিকক ঘৰলৈ থৈ অহাৰে প্ৰয়োজনবোধ নকৰে। লক ডাউন খোলা গ’ল শ্ৰমিক-বা খাটিখোৱা দৰিদ্ৰ বা নিম্ন বিত্ত মানুহৰ স্বাৰ্থত নহয়, কেবল পুঁজি বিকাশৰহে স্বাৰ্থত। নহ’লে পূঁজি অৰ্থনীতি ভাঙি পৰিব ।            পূঁজি অৰ্থনীতিৰ অন্যতম চালিকা শক্তি উদ্যোগবোৰ। তাত তৈয়াৰ কৰা সমস্ত পণ্যবোৰ। বজাৰবোৰ। শ্ৰমিক-মেহনতীসকলৰ শ্ৰমবোৰ কেবল কেঁচা মালৰ দৰে। গতিকে পুঁজিবাদী দেশত যি লকডাউনে পুঁজি উৎপাদন স্তব্ধ কৰি দিয়ে, সেই লক ডাউন হৈ পৰে কৰোণাতকৈয়ো ভয়াবহ। কথাখিনি অকাই পকাই এই বাবেই ক’ব লগা হল যে অৰণ্যত চৰকাৰে খনন চলাবই লাগিব। ইয়াৰ বিকল্প নাই, অৰণ্যৰ ভিতৰত যদি লক্ষ লক্ষ নিৰীহ জীৱ-জন্তু অাছে, তথাপিও খনন চলাব লাগিব খনিজ সম্পদ বিচাৰি। কাৰণ খনিজ সম্পদ বা ইন্ধনবোৰ নহ’লে পূঁজিৰ বিকাশ গঢ়ি তোলা যাব কেনেকৈ ? কল-কাৰখানা, গাড়ী-মটৰবোৰ চলিব কেনেকৈ? পাহাৰৰ অৰণ্য পৰিষ্কাৰ কৰি যদি তাত বিদ্যুৎ প্ৰকল্পবোৰ গঢ়ি নোতোলে তেনেহলে শক্তি অাহৰণ কৰিব কৰ পৰা ? শক্তি অাহৰোণ কৰিব নোৱাৰিলে দেশৰ পুঁজিৰ প্ৰবৃদ্ধি স্তব্ধ হৈ যাব। ভাৰতত খনিজ সম্পদৰ উৎস অতি কম। থকাবোৰো দিনে দিনে কমি অাহিছে। উত্তৰপূৱ খনিজ সম্পদৰ ভাণ্ডাৰ স্বৰূপ। এই খনিবোৰত হাত দিয়াৰ এতিয়া সময় অাহি পৰিছে। প্ৰকৃতি ধ্বংস কৰি খনিজ সম্পদ অাহৰোণ কৰাটো ভৱিষ্যতৰ বাবে অতিশয় বিপজ্জনক। কথাটো পুজিবাদী ৰাষ্ট্ৰই জানে। জানিলেও উপায় নাই, যাৰ বৰ্তমানটো সংকটত, সি ভৱিষ্যতৰ কথা চিন্তা কৰে কেনেকৈ ?             মাদক দ্ৰব্যৰ নিচা যেতিয়া ব্যক্তি গৰাকীৰ কোষে কোষে বিয়পি যায়, তেতিয়া দেহৰ কোষবোৰে এটা সময়ত সেই মাদক দ্ৰব্যকে বিচাৰিবলৈ ধৰে। ক্ষমতাতন্ত্ৰত পুঁজিবাদী অৰ্থনীতিও ৰাষ্ট্ৰখনৰ বাবে তেনে এক নিচাত পৰিণত হয়। কেবল দিহিং-পাটকাই বুলিয়ে নহয়, যতেই খনিজ সম্পদ থাকিব তাতেই দখল দিয়া যাব। ৰাষ্ট্ৰই চৰাই-চিৰিকতিৰ কথা চিন্তা কৰি থাকিব নোৱাৰে। ডিবৰুৰ ডলফিনতো বাদেই প্ৰয়োজন হলে অাপোনাৰ-মোৰ ঘৰটোও ভাঙি অামাক উচ্ছেদ কৰা হব, যদি অামাৰ ঘৰৰ ভেটিৰ তলত থাকে ৰাষ্ট্ৰৰ কোনো অমূল্য খনিজ সম্পদ। অথবা পথাৰবোৰ অধিগ্ৰহণ কৰা হ’ব যদি সম্পদ সৰবাৰহৰ বাবে সেই পথাৰৰ মাজেৰে প্ৰয়োজন হয় ৰেলপথ বহুৱাৰ।
যত নাগৰিক মানুহেই নিৰাপদ নহয়, ‘প্ৰেমিক’ ডলফিন বোৰতো নিমিত্ত মাত্ৰ।

4 thoughts on “পূঁজিবাদ অাৰু প্ৰেমিক ডলফিন

Leave a reply to daisyarnab Cancel reply

Design a site like this with WordPress.com
Get started