
দৈহিক সৌন্দৰ্যৰ ধাৰণাটো ক’ৰ পৰা জন্মে?কোনো এগৰাকী ব্যক্তিয়ে যেতিয়া ড্ৰেচিং অাইনাৰ সমুখত বহি অতি যত্নৰে নিজকে সজায়– ক্ৰিম ঘহে, এক বিশেষ ধৰণেৰে মূৰ ফণীয়ায়, অথবা চকুত কাজল-মাস্কাৰা লগায়, গালত ব্লাছাৰ সানে। ওঁঠত লিপষ্টিক ঘহে, কাপোৰৰ ৰঙৰ সতে মেটছ কৰি কপালত ফোট পিন্ধে, নাকফুলি-কানফুলি পিন্ধে অথবা ডাঢ়ি-গোঁফত কলপ ঘহে –সেই সময়ত নিজক এনেদৰে সজাই থাকোতে ৰূপৰ অাৰ্হি (model)টো ক’ৰ পৰা লয় ? সমাজত প্ৰচলিত অাৰ্হিটোকে অনুসৰণ বা অনুকৰণ নকৰে জানো? হঠাৎ নিজে নিজে কোনেওতো সাজোন-কাচোনৰ কৌশল এটা অাবিষ্কাৰ নকৰে। নয়নাৰ বিয়াৰ দিনা মধুমতীৰ হঠাৎ যদি ভাব হয়, যে মই অাজি নিজক অলপ বেলেগ ধৰণে, অলপ নতুন ধৰণে সজাম! এই ভাবি তেওঁ যদি লিপষ্টিকৰ ৰঙা ৰঙ কপালত সানে, গালত টাটু অাঁকে,ওঁঠত কাজল সানে, থুঁতৰিত ফোটটো লৈ অাৰু কানফুলিযোৰ নাকত লগাই বিয়াৰ সমাজত অাহি বহে, উপস্হিত অতিথিবোৰে মুগ্ধ হৈ বাৰু ভাবিব নেকি যে এই ধুনপেছবোৰ নিজা নিজা বস্তু, গতিকে যাৰ যি মন যায় কৰিবই, কাৰণ মানুহেতো নিজক সজায় নিজক সন্তুষ্ট কৰিবলৈহে। মোৰনো কি ?
ধৰি লওক ৰিঙ চেৰিমনিৰ দিনা দৰা পক্ষৰ মানুহ অাহি এই ৰূপত খোদ কইনাজনীকে দেখিলে। তেতিয়া দৰাৰ মাকে অাত্মতৃপ্তিত ‘অামাৰ কইনাজনীক সঁচাকৈ ইমান ধুনীয়া দেখাইছে’ বুলি মন্তব্য কৰিব বুলি অামি অাশা কৰিব পাৰোনে?
বহুতে ভাবে মানুহে নিজক সজায় নিজক ভাল লগাবলৈ। কাকো দেখুৱাবলৈ নহয়। কিন্তু নিজক ভাল লগাবলৈ যি ধৰণেৰে নিজক সজায় সেই সাজোনৰ অাৰ্হিটো যে সমাজখনত প্ৰচলিত পূৰ্ব নিৰ্ধাৰিত অাৰু অাৰোপিত অাৰ্হিহে, সেই কথা পাহৰি যায়। পূৰ্ব নিৰ্ধাৰিত সেই সৌন্দৰ্যৰ অাৰ্হিৰ বাহিৰত কোনেও নিজক সজাবলৈ নাযায়, সজাবলৈ ভালো নাপায়। সজাবলৈ গলেও তেওঁ সমাজৰ পৰা বলিয়া অাখ্যা পোৱাৰ ভয় থাকে। কেতিয়াবা অামি দেখোঁ, যেতিয়া এটা নতুন ফেছন অাহি পৰে, বিশেষকৈ বাহিৰৰ পৰা, তেতিয়া সৰ্ব প্ৰথম সেই ফেছনেৰে নিজক সজাব খোজা সকললৈ সমাজৰ বাকীবোৰ মানুহে বিৰূপ দৃষ্টিৰে চায়। বিজাতৰীয় সংস্কৃতিবোৰ গ্ৰহণ কৰি অামাৰ লৰা-ছোৱালী গোল্লায় গ’ল বুলি হায়ৈবিয়ৈ কৰে। টাটু অাছিল এনে এক সৌন্দৰ্য চৰ্চা। ছোৱালীবোৰেও যেতিয়া গাত অাঁকবাঁক কৰিবলৈ ধৰিলে, বহুতে ভাবিলে যে এই ছোৱালীবোৰ অধঃপাতে গ”ল।
থলুৱা জনগোষ্ঠী সমূহৰ অাদিম ৰূপসজ্জাদৈহিক সৌন্দৰ্যৰ ধাৰণাটো যে অাচলতে সামূহিক বা সমাজিক ধাৰণাহে সেই কথা বুজিবলৈ কষ্ট কৰাৰ প্ৰয়োজন নাই। এনে বহু সমাজ বা সম্প্ৰদায় অাছে য’ত নিজা নিজা সৌন্দৰ্যৰ কনচেপ্ট অাছে। অাদিম অাৰু জনগোষ্ঠীয় বহু সমাজত মানুহে নিজকে এনে বিচিত্ৰ ধৰণে সজায় বা ‘ধুনীয়া’ হ’ব খোজে যে দেখিলে অাধুনিক সমাজৰ মানুহে হয়তো হতবাক হ’ব। যেনে ধৰক ইথিওপিয়াৰ মুৰছি (mursi) জনগোষ্ঠীৰ কথা। অাফ্ৰিকাৰ এই দৰিদ্ৰ দেশখনৰ ওমো উপত্যকাৰ উক্ত জনগোষ্ঠীৰ মহিলাসকলে নিজক সজাই তুলিবলৈ যি ভয়ংকৰ পন্হা হাতত লয়, সেয়া একধৰণৰ অাত্ম নিৰ্যাতনেই। অাফ্ৰিকা মহাদেশৰ সৰহভাগ জনগোষ্ঠীয়ে সৌন্দৰ্যচৰ্চাবোৰ একধৰণৰ masochist কাৰবাৰ।
অাফ্ৰিকাৰ মুৰছি জনগোষ্ঠীৰ এগৰাকী সুন্দৰী মাতৃচোকা অস্ত্ৰৰে দেহত কটা কুটা কৰি ‘বডি মোডিফিকেচন’ ঘটায়। নিজৰ ৰূপ সলনি কৰাৰ এই কাৰ্য তেওঁলোকৰ পৰম্পৰাগত। ইয়ো প্ৰকৃততে সামূহিক কনচেপ্ট। সকলো নাৰীয়ে নিজক তেনেকৈ একেধৰণেৰে নিজক ধুনীয়া কৰি ৰাখিব বিচাৰে। নহ’লে যে মানুহে তেওঁক বেয়া দেখিব। ম্যানমাৰৰ কয়ান লহউই নামৰ জনগোষ্ঠীৰ মহিলাসকল বিখ্যাত তেওঁলোকৰ দীঘল ডিঙিৰ বাবে। পিছে তেওঁলোকৰ এই দীঘল ডিঙিটো জন্মগত নহয়। কষ্টকৰ চেষ্টাৰে ডিঙিটো দীঘল কৰা হয়। সৰুতেই ছোৱালীবোৰৰ ডিঙিত ধাতুৰ খাৰু পিন্ধাই দিয়া হয়। দিন গৈ থাকে মানে খাৰুৰ সংখ্যাও বঢ়াই গৈ থকা হয়। দীঘল ডিঙিমানেই সুন্দৰ।
ডিঙিৰ দৈৰ্ঘতেই অাছে ম্যানমাৰৰ কয়ান লহউই জনগোষ্ঠীৰ নাৰীৰ সৌন্দৰ্যবেছিদিনৰ কথা নহয়,চীনত ছোৱালীৰ সৌন্দৰ্য পৰিমাপ কৰা হৈছিল ভৰিৰ জোখ চাই। যাৰ ভৰি সৰু সেইজনীৰ ভাগ্যত জুটিছিল ভাল দৰা। গতিকে ছোৱালীক সুন্দৰী কৰি তুলিবলৈ মাক-দেউতাকে সৰুৰে পৰা লোৰ বা কাঠৰ চেপা মৰা জোতা পিন্ধাই থৈছিল। সেই জোতা দিনে ৰাতিয়ে পৰিধান কৰি অবৰ্ণনীয় যাতনা সহ্য কৰিব লগা হৈছিল চীনা নাৰীয়ে। অাজিও সেই পৰম্পৰা একেবাৰে নোহোৱা হৈ যোৱা নাই। অাজিও চীন তথা দঃপূৱ এচীয়াৰ কেতবোৰ দেশত বহুতে ছোৱালীৰ সৌন্দৰ্যৰ সন্ধান কৰে ছোৱালীজনীৰ দুভৰিত। তেনে কিছুদেশত ধুনীয়া ভৰিৰ প্ৰতিযোগিতাও পতা হয়। অামাৰ অসমতো কইনাৰ ভৰিৰ গঢ়নত সুলক্ষণা-কুলক্ষণাৰ চিন থাকে বুলি বহুতে এতিয়াও বিশ্বাস কৰে। দুখদ সত্য এয়ে যে পুৰুষতান্ত্ৰিকতাই উদ্ভাৱন কৰা বিশ্বাসবোৰ অাকৌ জীয়াই ৰখাত উপায়হীন নাৰীয়েও সমানে ভূমিকা লয়।
ভিয়েটনামৰ টাম ডোৱং নাৰীৰ দাঁতৰ সৌন্দৰ্যতেনেদৰে দাঁতৰ কথাও ক’ব পাৰি। এনে বহু জনগোষ্ঠী অাছে য’ত নাৰীসকলে নিজক ধুনীয়া কৰিবলৈ দাঁতবোৰ জোঙা কৰে, ক’লা ৰঙ সানে। অৱশ্যে কেতবোৰ সমাজত নিজক অশুৱনি কৰাৰ পৰম্পৰাও অাছিল বা অাজিও অাছে। যেনে অৰুণাচলৰ অাপটানিসকল। তেওঁলোকে নিজকে দেখিবলৈ যাতে বেয়া হয় তাৰ বাবে নাকত ক’লা ৰঙৰ ডাঙৰ ডাঙৰ নাকফুলি পিন্ধে। অামাৰ এক জনজাতীয় সমাজৰ নাৰীয়ে অাগতে দাঁত ক’লা কৰি নিজক কুৰূপা কৰিব বিচাৰিছিল। নিজক অশুৱনি কৰিব বিচৰাৰ উদ্দেশ্য এয়ে অাছিল যে অন্য জাতিৰ শত্ৰুৱে অশুৱনি বুলি যাতে ৰেহাই দিয়ে। পিছে এই যে ‘শত্ৰু’ৰ দৃষ্টিত অশুৱনি হৈ যৌন নিৰ্যাতনৰ পৰা বাচি থকাৰ প্ৰয়াস– ইয়াৰ মাজতো কিন্তু নিহিত হৈ অাছে সৌন্দৰ্য বোলা কনচেপ্টৰ এটা বিপৰীত ৰূপ। ধুনীয়া বোলা নিৰ্দিষ্ট কিবা এটা ৰূপ( form) অাছে বাবেই কুৎসিতৰো ধাৰণা অাছে। অৰ্থাৎ কথাটোৰ অৰ্থ এয়ে হ’ল যে ধুনীয়াবোৰ যিদৰে সামাজিক বা সামূহিক ধাৰণা , তেনেদৰে কুৎসিতনো অাচলতে কোনসকল, তাৰো এটা ধাৰণা সমাজৰ অাছে।
নিজক অাপচু কৰি ৰখা অাপাটানী মহিলাৰ এই কষ্টকৰ সৌন্দৰ্য চৰ্চাৰ জন্মও পুৰুষতন্ত্ৰৰে গৰ্ভতেএইকথাবোৰ কোৱাৰ উদ্দেশ্য এইটোৱেই যে ধুনীয়া বা সৌন্দৰ্যৰ কনচেপ্ট বা বোধটো মাটি ফুটি ওলাই নাহে। ব্যক্তি বিশেষৰ দৈহিক অাত্ম-সৌন্দৰ্যৰ বোধটো সমাজৰ দ্বাৰা অাৰোপিত। অাফ্ৰিকাৰ চুমাৰি জনগোষ্ঠীৰ মহিলা এগৰাকীৰ হাতত অাটাইতকৈ দামী লিপষ্টিকটো তুলি দিলেও তেওঁ ওঁঠত নঘহে। তেনেদৰে লাখ টকা দিলেও হয়তো অামাৰ মাজৰ কোনোবা মধুমতীয়ে মুৰছি তিৰোতাৰ দৰে ওঁঠত কাহি এখন সুমুৱাই কোনোবা নয়নাৰ বিয়ালৈ নাযায়। অাদিম সমাজবোৰত দৈহিক সৌন্দৰ্যৰ কনচেপ্টবোৰ হঠাতে জন্ম হোৱা নাই। ই এক বিবৰ্তনৰ মাজেৰে অাহিছে, হয়তো সেইবোৰৰ কিছু সামজিক কাৰণ অাছে। হয়তো মিথ-টেবুজবোৰো অাছে। হয়তো পুৰুষতান্ত্ৰিক ইম্পোজো অাছে। তেওঁলোকৰ সৌন্দৰ্য চৰ্চা বা সৌন্দৰ্য চেতনাৰ মাজত লোক-সংস্কৃতিৰ ছায়াও হয়তো অাপুনি দেখিবলৈ পাব। কিন্তু অামাৰ অাধুনিক সমাজবোৰত ? এইটোৱেই হৈছে ডাঙৰ প্ৰশ্ন। মন কৰক পঞ্চাছ বছৰ অাগতেও অামাৰ অসমীয়া সমাজখনৰ যি পৰম্পৰাগত সৌন্দৰ্য চৰ্চা দেখিবলৈ পোৱা গৈছিল, সেইবোৰনো কিমানৰ মাজত বৰ্তি অাছে? সেই কনচেপ্টবোৰ জানো সলনি হৈ যোৱা নাই। সলনি সকলোতে হ’ল। বেশভূষাৰ পৰা কেশসজ্জালৈ। পুৰুষৰ মূৰ বা কান্ধৰ পৰা গামোচাখন যিদৰে অাঁতৰি গল, নাৰীৰ মূৰৰ পৰা খোপাটোও অাঁতৰি গ’ল। সাংস্কৃতিক নৃতত্বৰ সূত্ৰ অনুসৰি মানুহৰ বিভিন্ন সংস্কৃতিবোৰ সংযোগ ঘটিলে লোকাচাৰবোৰ সলনি হ’বলৈ বাধ্য। ই স্বতঃস্ফূৰ্তভাবেই ঘটে। কিন্তু সদায়ে যে সাংস্কৃতিক জীৱনটো বা অামাৰ সাংস্কৃতিক চেতনাবোৰ স্বতঃস্ফূৰ্তভাৱে সলনি হয়, তেনে কিন্তু নহয়। ইয়াক বিভিন্ন কূটকৌশল কৰিও সলনি কৰিব পৰা যায়।
পুৰুষতান্ত্ৰিকতাই জাপি দিয়া নাৰীৰ সৌন্দৰ্য বোধ। চীনা নাৰীৰ ক্ষুদ্ৰ ভৰিৰ হাজাৰ বছৰীয়া দুখঃ গাঁথাশিশুবোৰক যেনেকৈ ডুগডুগী বজাই বৰফ বা চোনপাপৰিৰ ফেৰিৱালাবোৰে অাকৰ্ষণ কৰি কাষলৈ লৈ টানি লৈ যায়, তেনেদৰে অামাক ডাঙৰবোৰোকো বিভিন্ন সুকৌশলেৰে সৌন্দৰ্যৰ বেপাৰীসলকে মোহিত কৰে। বজাৰ অৰ্থনীতিত সৌন্দৰ্যৰ বেপাৰীসকল ব্যৱসায় কৌশলত ইমানেই দক্ষ যে অামি বুজিবই নোৱাৰো অাচলতে ঘটিছে কি? তেওঁলোকে সন্তৰ্পনে জাপি দিয়া কনচেপ্টবোৰ নিজৰ কনচেপ্ট বুলি ধৰি লৈ কেবল নিজক ধুনীয়া কৰাত লাগি পৰিছো। মন কৰক অামাৰ শৰীৰটো লৈ কোম্পানিবোৰৰ যে কত কি অাপত্তি। অামাক কয় তোমাৰ বোলে নাকটোহে ফেঁচা, ছুলিখিনিহে বেয়া, তোমাৰ ছাল ক’লা, তোমাৰ বুকুত সৌন্দৰ্য নাই, তোমাৰ মূৰটোহে তপা হৈ গৈছে, পেটত চৰ্বি জমিছে। ( বহু বহু বছৰ অাগতে যেতিয়া বজাৰ অৰ্থনীতি বুলি একো বস্তু নাছিল, তেতিয়া মিছৰীয় নাৰী সকলে তপা পুৰুষ অাৰু পেটুৱা পুৰুষ পছন্দ কৰিছিল, (ইয়ো অৱশ্যে সামূহিক বিশ্বাস) কাৰণ তেওঁলোকৰ ধাৰণা হৈছিল যে তপা অাৰু পেটুৱা পুৰুষসকল ক্ৰমে চিন্তাশীল অাৰু ধনবান মানুহ, যদিও সুদূৰ অতীজৰে পৰা তপা মূৰীয়া সৌন্দৰ্যৰ কোনো দাম নাছিল।)
কোম্পানিবোৰে পণ্যৰ প্ৰসাৰ-প্ৰচাৰ ঘটাবলৈ সদায়ে গ্লেমাৰ জগতৰ চেলিব্ৰেটী সকলৰ কাষ চাপে। কেতিয়াবা এনে চেলিব্ৰেটী তেওঁলোকে তৈয়াৰো কৰি লয়। বিউটি কনটেষ্ট-চিনেমা-টিভি অাদি এনেধৰণৰ চেলিব্ৰেটী নিৰ্মাণৰ কাৰখানা।
মানৱ সত্তাক যৌন দ্ৰব্যত পৰিণত কৰাই শেষ লক্ষ্য ভোগবাদৰযি কি নহওক কোম্পানিবোৰে এনে চেলিব্ৰেটীসকলৰ হতুৱাই ধুনীয়া হোৱাৰ কৌশলবোৰ সময়ে সময়ে অামাক দি থাকে। তেওঁলোকে যদি এবাৰ অামাক কৈছে ছুলি কাটি চুটি কৰি দিয়া, অামি চুটি কৰি দিছো। যদি পাছৰবাৰ কৈছে কাৰ্ল কৰা, কাৰ্ল কৰিছো । যদি কৈছে, নহয় এইবাৰ ষ্ট্ৰেইট কৰা, তেতিয়া বেছি ধুনীয়া লাগিব, অামিও গৈ ছুলিবোৰ ষ্ট্ৰেইট কৰি অানিছোঁ। মাজে মাজে কয় ডাই কৰা, হাই লাইট কৰা, সেইবোৰ কৰিও ধুনীয়া হ’বৰ যত্ন কৰিছো। এনেদৰে ধুনীয়া হ’বলৈ যাওতে অামি জেপৰ পৰা ধনবোৰো উলিয়াই দিছো উদাৰচিত্তে। কেন্সাৰকে অাদি কৰি নানান জটিল বেমাৰৰ কাৰক বুলি জানিও অামি ৰ্নিদ্বিধাই বিষাক্ত ৰাসায়নিক প্ৰসাধনবোৰ সৰ্বশৰীৰত সানিছোঁ।
পূঁজিবাদৰ প্ৰসাৰৰ লগে লগে ধীৰে ধীৰে মানুহৰ দৈহিক সৌন্দৰ্যৰ কনচেপ্টবোৰ এনেদৰে সলনি কৰি পেলোৱা হ’ল যে ইয়াৰ প্ৰভাৱত মানুহৰ মাজত বাৰুকৈয়ে পৰিল। ঔপনিৱেশিক কালৰ দাস প্ৰথাৰ সময়ৰ পৰা অামেৰিকাৰ স্বাধীনতাৰ বহু পাছলৈ ক’লা ছালৰ প্ৰতি শ্বেতাংগ মানুহৰ যি ঘৃণাৰ ভাব অাছিল, তাৰে গইনালৈ প্ৰসাধন সামগ্ৰীৰ বেপাৰীবোৰে মানুহৰ মাজত ছাল বগা কৰা সামগ্ৰী বেচিবলৈ অাৰম্ভ কৰিছিল।সেই
বেপাৰখন অাজিও চলি থাকিল।
কোম্পানীবোৰে পাকে প্ৰকাৰে ইয়াকে ক’লে যে ক’লা-ক’লীৰ বৰণলৈ জীৱনটো অথলে যাবলৈ নিদিবা। বগা হৈ জীৱনটো সাৰ্থক কৰা। বগা ছালৰ সপক্ষত যি মাৰ্কেটিং অাৰু তাকে লৈ মানুহৰ যি মোহ, সেয়া হৈছে ঔপনিৱেশিক শ্বেতাংগ প্ৰভুসকলে এৰি থৈ যোৱা বৰ্ণবাদৰ ৰেশ।
ভোগবাদৰ ওচৰত পুৰুষ শৰীৰটোৰো দাম অাছে
বহু দিনলৈ অাফ্ৰিকাৰ ক’লা যুবতীসকলে স্বগোষ্ঠীয় ক’লা যুৱকৰ স’তে বিয়াত বহিব লগীয়া হোৱাটো জীৱনৰ দুৰ্ভাগ্য বুলি গন্য কৰিছিল। তেওঁলোকে এনে এজন জীৱন সংগী বিচাৰিছিল যাৰ অাৱয়বিক বৈশিষ্ট্য শ্বেতাংগৰ দৰে হয়। Zero Hg, Mercury Working Group ৰ দ্বাৰা চলোৱা শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে যে নাইজেৰিয়াত হেনো প্ৰায় ৯৯.৫ মিলিয়ন মানুহে বগা হোৱাৰ অাশাত ফেয়াৰ ক্ৰিম ব্যৱহাৰ কৰে। বগা হ’বলৈ বিচাৰি প্ৰসাধন কিনা মানুহৰ সংখ্যাৰে বিশ্বৰ চতুৰ্থ স্হানত অাছে অাফ্ৰিকাৰ এই দেশখন। অানহাতে সেই একেটা সমীক্ষা মতে প্ৰায় ৭৩৫ মিলিয়ন ভাৰতীয় মানুহে fairness cream ব্যৱহাৰ কৰে। ইয়াৰে সৰহভাগেই মহিলা অাৰু কিশোৰী।
নিজৰ দেহটোৰ প্ৰতি ঘৃণা। বগা হ’ব খোজে কৃষ্ণাংগওবগা চালৰ প্ৰতি থকা অনুৰাগে ভাৰতীয় মানুহৰ মনত এনে ধাৰণা এটা সুমুৱাই দিছে যে ক’লা হৈ জন্ম হোৱাটো দুৰ্ভাগ্যজনক। ক’লা বৰণ মানেই হীন, নীচ। ভাৰত কৃষ্ণবৰ্ণৰ দেশ হোৱা স্বত্বেও ক্ৰিকেটাৰ ঈশান্ত শৰ্মাই যেতিয়া ৱেষ্ট ইণ্ডিজৰ ডাৰেন ছামিক ‘কালু’ বুলি শ্লেজিং(Sledging) কৰে , সি হৈ পৰে এক কৰুণ অাইৰণি। পিছে ঈশান্ত শৰ্মাৰ দৰে হাজাৰ ভাৰতীয় মানুহক এনেদৰেই দেহবৰ্ণৰ অাৰোপিত ধাৰণাই অাচ্ছন্ন কৰি ৰাখিছে। শ্বেতাংগৰ ঔপনিবেশিকতাই সিঁচি থৈ যোৱা ভাবধাৰা অাজিও ভাৰতীয় মানুহে কঢ়িয়াই লৈ ফুৰিছে। ২০১৫ চনৰ মে মাহত সংসদত বিহাৰৰ ৰাজনীতিক শাৰদ যাদৱে অাক্ষেপেৰে সদৰি কৰিছিল যে কিদৰে ভাৰতীয় মানুহৰ মাজত দেহৰ বগা বৰণৰ প্ৰতি অাসক্তি বাঢ়ি অাহিছে অাৰু ক’লা বৰণৰ মানুহৰ প্ৰতি বিৰাগ বৃদ্ধি পাইছে। তেওঁ কৈছিল-“Here, people are awed by fair skin… Matrimonial ads ask for fair-skinned brides…” শাৰদ যাদৰ কথাৰ সত্যতা অাছিল। ২০১২ চনতে বিবাহসম্পৰ্কীয় এটি ৱেব ছাইট jeevansathi.com য়ে প্ৰকাশ মতে ৭১ শতাংশ নাৰীয়ে বগা ছালৰ জীৱন সংগী বিচাৰিছিল, অাৰু ৬৫-৭০ শতাংশ পুৰুষেও নিজৰ দেহৰ বৰণ বগা বুলি কইনা বিচৰা অাবেদন পত্ৰত উল্লেখ কৰিছিল। এইখিনিতে কেইটামান সমীক্ষাৰ কথা অৱশ্যেই ক’ব পাৰি। এই সমীক্ষাবোৰ পৃথকে পৃথকে চলাইছিল Dove, plan international UK, Washington Post kaiser family foundation অাদিয়ে । উক্ত সমীক্ষা (২০১৬)মতে এচাম নাৰীয়ে নিজকে নাৰী হিচাপে গৌৰৱ অনুভৱ কৰাৰ বিপৰীতে অান এচামে নাৰীত্বক অভিশাপ বুলি গণ্য কৰে। বেছি ভাগৰে মূল সমস্যাটো হ’ল নিজৰ শৰীৰ অাৰু শাৰিৰীক সৌন্দৰ্যক লৈ। নিজৰ সৌন্দৰ্যক লৈ তেওঁলোক ইমানে দুখী অাৰু হতাশগ্ৰস্ত যে বাহিৰৰ পৃথিৱীখনৰ সমুখীন হোৱাৰ অাত্মবিশ্বাস পৰ্যাপ্ত নাই। অলপতে চলোৱা এক অনুসন্ধান মতে যিবোৰ দেশক অামি শিক্ষিত অাৰু ধনী দেশ বুলি জানো, সেই দেশসমূহত নাৰীৰ নিজৰ দৈহিক সৌন্দৰ্যক লৈ অাত্মবিশ্বাসী নাৰীৰ সংখ্যা এনেধৰণৰঃ অামেৰিকা (২৪ %), কানাডা (২২%), অষ্ট্ৰেলিয়া ( ২০%), ইংলেণ্ড( ২০%), জাপান (৮%)। সমীক্ষাত এই কথাও উল্লেখ কৰা হৈছে যে বিভিন্ন দেশৰ বহু মহিলাই অকপটে স্বীকাৰ কৰিছে , তেওঁলোকে প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি কোম্পানিয়ে কোৱাৰ ধৰণে কাহানিও ধুনীয়া হ’ব নোৱাৰিব।
কিন্তু ইয়াৰ পাছতো মানুহৰ ধুনীয়া হোৱাৰ বাসনা দিনে দিনে তীব্ৰতৰ হৈ গৈয়ে অাছে। তেওঁলোকে কেবল প্ৰসাধন গাত ঘহিয়ে অাশ্বস্ত হ’ব পৰা নাই, বিউটি ছাৰ্জনৰ ওচৰলৈ গৈ দেহটো কটাকুটাও কৰিবলৈ দিছে।
যোৱাটো শতিকাৰ চল্লিশৰ দহকৰ বিউটী পাৰ্লাৰকোম্পানিবোৰে মানুহক ধুনীয়া কৰি তোলাই নহয়, যৌবনটোও ওভতাই দিয়াৰ প্ৰতিশ্ৰুতি যেতিয়া দিলে, বয়োবৃদ্ধ মানুহেও গৈ ভিৰ বান্ধিলে বিউটী ছাৰ্জনসকলৰ দুৱাৰ মুখত। গোটেই পৃথিৱীজুৰি এতিয়া কছমেটিক চাৰ্জাৰিৰ ভৰপূৰ ব্যৱসায়। দুৰ্ঘটনা, জন্মগত বিসংগতি অাৰু ৰোগজনিত কাৰণবোৰ বাদ দি এই সমস্ত ছাৰ্জাৰিয়ে অাছিল দৈহিক সৌন্দৰ্য বঢ়াই তোলা অাৰু যৌন অাকৰ্ষক কৰি তোলা। ‘আমেৰিকান ছোছাইটি ফৰ এছথেটিক প্লাষ্টিক ছার্জনে’ দিয়া তথ্য অনুসৰি, অামেৰিকাত ২০১৫ চনতে কছমেটিক ছাৰ্জাৰি কৰা হৈছে ৫ কোটি পঞ্চাছ লাখ। অথচ ২০০১ চনত এই সংখ্যাটো অাছিল ৮৫ লাখ। কছমেটিক ছাৰ্জাৰি কৰি ধুনীয়া অাৰু দেখাত যৌৱনপুষ্ট হ’ব খোজা মানুহৰ সংখ্যা যে কেবল অামেৰিকাতে বাঢ়িছে এনে নহয়, বাঢ়িছে সমগ্ৰ বিশ্বতে। ছাৰ্ভে চলোৱা সংস্হাটোৰ মতে এচীয়াতে এই বৃদ্ধি ঘটিছে প্ৰতি বছৰে ২০%কৈ। ধাৰণা কৰা হৈছে যে ২০২৫ চনত কছমেটিক ছৰ্জাৰীৰ ব্যৱসায় দুগুণ হবগৈ।
দিনে দিনে বাঢ়ি গৈছে পুৰুষৰ ধুনীয়া হোৱাৰ বাসনাসৌন্দৰ্য বিষয়ক কনচেপ্টবোৰ সদায় স্হিৰ হৈ নাথাকে। ভোগবাদৰ অৰ্থনীতিয়ে বজাৰৰ স্বাৰ্থত যেতিয়াই প্ৰয়োজন হয়, তেতিয়াই সলাই দিয়ে সৌন্দৰ্যৰ কনচেপ্টবোৰ, যাতে সৌন্দৰ্য চৰ্চাৰ পণ্যবোৰ গ্ৰাহকৰ একঘেয়ামীত পৰিণত নহয়। কোম্পানীয়ে বিচাৰে নতুন পণ্য উৎপাদন কৰিবলৈ, কিন্তু নতুন পণ্যৰ বাবে প্ৰয়োজন হয় নতুন বিউটী কনচেপ্ট। প্ৰয়োজন হয় নতুন ফেচন। অাজিকালি তাকে কৰিবলৈ যাওতে কোম্পানিবোৰে ‘স্বাধীনতা,’অধিকাৰ’,’অাধুনিকতা’, ‘মুক্তি’অাদি অতি সাম্প্ৰতিক সামাজিক -ৰাজনৈতিক প্ৰমূল্যবোৰৰো সহায় লয়। পিতৃতান্ত্ৰিক শাসন বা পুৰুষ অৱদমনৰ পৰা মুক্ত হবলৈ নাৰীৰ যি চিৰন্তন অাকংক্ষা সেয়া সাম্প্ৰতিক সময়ত এক ৰাজনৈতিক বিপ্লৱৰ ৰূপত সংগঠিত হৈছে। অাপুনি যদি সূক্ষ্মভাৱে মন কৰে, দেখিব যে নাৰীৰ মাজত গঢ় লোৱা এই অাংকাক্ষাৰো সুযোগ ল’বলৈ এৰা নাই বজাৰ অৰ্থনীতিৰ মালিকসকল। তেওঁলোকে মুক্তি প্ৰয়াসী নাৰীৰ ত্ৰাণকৰ্তাৰ ভূমিকা লোৱাৰ প্ৰতিশ্ৰুতি দি নাৰী সমাজক পৰামৰ্শ দিছে এনেধৰণে নতুন বিউটী কনচেপ্টেৰে নিজকে সজাই তুলিবলৈ, যিয়ে পুৰুষতন্ত্ৰৰ অহংকাৰত অাঘাত কৰিব পাৰে।
অাগত দিনৰ এনে সৌন্দৰ্য চৰ্চাই হ’ব পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে বিদ্ৰোহকথাটো এনেকুৱা হৈছে যে তেওঁলোকে বেজৰ পোচাক পিন্ধি নাৰীৰ ওচৰলৈ অাহি কৈছে তোমালোকক যদি সাপে খুটে অামি বচাম। তাৰ পিচত তেওঁলোকে নিজেই সাপ হৈ খুটিছে। এতিয়া বিউটী উদ্যোগত উগ্ৰৰঙ, টাটু, স্বল্পবস্ত্ৰ, বডি মোডিফিকেচনৰ যিবোৰ নতুন কনচেপ্ট সংযোজন ঘটোৱা হৈছে , সেই সকলোবোৰ নাৰীবাদৰ সতে সংগতি ৰখা হৈছে। এই নব্য পণ্যসমূহ নাৰী মুক্তিৰ প্ৰতীক ৰূপে গঢ় দিয়াৰ প্ৰয়াস স্পষ্ট। যি বোডী মোডিফিকেচনৰ সৌন্দৰ্য উদ্যোগে মাত্ৰ কিছুদিন অাগলৈ বক্ষ,উদৰ অাৰু নিতম্বত অস্ত্ৰপচাৰ চলাই নাৰীক কমনীয় অাৰু যৌন অাকৰ্ষক ৰূপে গঢ় দিয়াৰ দায়িত্ব লৈছিল এতিয়া সেই উদ্যোগেই ফেমিনিজমৰ যুক্তি দি নাৰী শৰীৰটো বেলেগ ধৰণে shape দিব ধৰিছে। এই বেলেগ ধৰণৰ ‘ছেপ’টো হৈছে কপালত টেমুনাৰ সৃষ্টি কৰা, জিভা সাপৰ দৰে দ্বিখণ্ডিত কৰা, গালৰ মসৃণতা নোহোৱা কৰি কৃত্ৰিম দাগৰ (স্পট ) ফুটাই তোলা, নাভি,জিভা চকুৰ দাতিত ৰিঙ পিন্ধা ইত্যাদি।
ভৱিষ্যতৰ সৌন্দৰ্যৰ কনচেপ্টঅামেৰিকাৰ নতুন প্ৰজন্মৰ নাৰীয়ে স্পটলেছ বিউটী নাৰী মুক্তিৰ বাধা বুলি ভাবিবলৈ লৈছে। কিন্তু ইয়াৰ বাবেও তেওঁলোক যাব লগীয়া হৈছে বিউটী পাৰ্লাৰ বা বিউটী ছাৰ্জনৰ ওচৰলৈকে। সৌন্দৰ্যৰ বেপাৰীসকলেও তেওঁলোৰ মুক্তিৰ অাকাংক্ষা অাগবঢ়াই নিবলৈ মুখমণ্ডলত কৃত্ৰিম ভাবে স্পট বা ‘ৰিংকল’ তৈয়াৰ কৰি দিছে। ইয়াৰ বাবদ অৱশ্যেই কোম্পানিয়ে দাবী কৰিছে মোটা অংকৰ ধন।
এয়াই হ’ব ভৱিষ্যত প্ৰজন্মৰ দৈহিক সৌন্দৰ্যঅৰ্থাৎ একেটা বস্তুক কোম্পানিবোৰে এবাৰ মাছ বুলি বিক্ৰি কৰিছে, এবাৰ জিজি বুলি। কোম্পানিয়ে যিদৰে পুৰুষক পণ্যবোৰ ব্যৱহাৰ কৰি নাৰীক বশীভূত কৰাৰ স্বাৰ্থত ‘অতিপুৰুষ’ অাৰু ‘যৌন অাকৰ্ষক’ হোৱাৰ পৰামৰ্শ দিছে , নাৰীকো পণ্যৰ সহায়ত পুৰুষতান্ত্ৰিক অবদমনবোৰৰ পৰা মুক্ত হোৱাৰ পৰামৰ্শ দিছে। দুয়ো পক্ষকে দুই বিপৰীত ধৰণৰ পৰামৰ্শ প্ৰদানৰ জৰিয়তে লিংগ বিভাজন অটুত ৰাখি গজগজিয়া কৰিছে তেওঁলোকৰ বজাৰ।
মন কৰিব মহিলাসকলক সকাহ দিবলৈ চৰকাৰে শিক্ষা, বাসস্থান, স্বাস্থ্য অাৰু শিশুকল্যাণ অাদিৰ দৰে শিতানসমূহত ব্যক্তিগত খণ্ডক যি ৰাজ সাহাৰ্য দিছিল, এই মুক্ত বজাৰ অর্থনীতিয়ে সেই ৰাজ সাহাৰ্য তুলি দিবলৈ অথবা হ্ৰাস কৰিবলৈ চৰকাৰক পৰামৰ্শ দিছিল, অথচ সেই বজাৰ অৰ্থনীতিয়ে কিন্তু তেওঁলোকৰ পূঁজিৰ সৰ্বোচ্চ মুনাফা পাবলৈ নাৰীক ব্যৱহাৰ কৰিছে বিনোদন অাৰু সৌন্দৰ্য উদ্যোগত। নাৰীক মুক্তিৰ পথ দেখুৱাব খোজা পূঁজিবাদী বজাৰ অৰ্থনীতি এনে দুমুখীয়া স্বৰূপ অাপুনি তেওঁলোকে সৃষ্টি কৰা সমস্ত কৰ্মক্ষেত্ৰতো পাব। অাপুনি সমগ্ৰ পৃথিৱী ঘূৰি পকি সকলো ব্যক্তিগত কৰ্মস্হান সমূহত এটাই বস্তু দেখিব যে সাধৰণ শ্ৰমিকটো বাদেই উচ্চ পদস্হ পদবীসমূহতো নাৰীক পুৰুষৰ তুলনাত কম বেতন দিয়া হয়।
সাম্প্ৰতিক কালত অামি দেখিছো পূঁজিবাদে ধীৰে ধীৰে এনে এক ৰিভাৰ্ছ মূল্যবোধ প্ৰতিষ্ঠা কৰিবলৈ এক সন্তৰ্পণ চেষ্টাত ব্ৰতী হৈছে– যিয়ে পুৰুষক নাৰীৰ ওচৰত ছেক্সূৱেল অবজেক্ট হিচাপে তুলি ধৰিব পাৰে। বজাৰ অৰ্থনীতিয়ে বজাৰৰ স্বাৰ্থত বিচাৰিছে যে ইমান দিনে পুৰুষে যি সুবিধা ভোগ কৰিলে সেই সুবিধা এতিয়া নাৰীও ভোগ কৰক। তেওঁলোকৰ লক্ষ্য অাধুনিক ‘মুক্ত-স্বাধীন’ নাৰীয়ে পুৰুষ শৰীৰক যৌন অাকাংক্ষা পূৰণৰ অাহিলা ৰূপে ব্যবহাৰ কৰিবলৈ অাগ্ৰহী অাৰু সাহসী হৈ উঠক। বজাৰ অৰ্থনীতিৰ এনে উদ্দেশ্যত কোনো মানৱ কল্যাণৰ স্বাৰ্থ জড়িত নাই। তেওঁলোকে মানৱ সমাজত লিংগ বিভাজনবোৰ দূৰ হোৱাটোতো নিবিচাৰেই বৰং সমাজত নাৰী বিদ্বেষ বা পুৰুষ বিদ্বেষৰ মনোভাব বৃদ্ধি পোৱাটোকে কামনা কৰে। ভাৰতত মুক্ত বাণিজ্যৰ প্ৰথম মূহুৰ্তত , নবৈৰ দহকত এটা বিজ্ঞাপনত সৰ্বশৰীৰ ঢাক খোৱা ছুটেড বুটেড জেমছ বণ্ডক দেখিবলৈ পোৱা গৈছিল, যিয়ে হাতত পিষ্টল লৈ নাৰীৰ ৰক্ষক হিচাপে শক্তিমান পুৰষৰ ৰূপত বিজ্ঞাপনত জিলিকি উঠিছিল, সেই বিজ্ঞাপনত কাষত বিমুগ্ধ দৃষ্টিৰে বীৰ জেমছ বণ্ডলৈ চাই থিয় হৈ অাছিল চুইম ড্ৰেছ পিন্ধা এগৰাকী সুন্দৰীয়ে। মন কৰিব কোম্পেনিয়ে পৌৰষৰ ইমেজ দিছে জেমছ বণ্ডক সৰ্বশৰীৰ কাপোৰৰে অাবৃত কৰি , কিন্তু নাৰী গৰাকীক কৰি ৰখা হৈছিল অৰ্ধনগ্ন । সময় সলনি হল। এতিয়া বাটে পথে বিজ্ঞাপনৰ হোৰ্ডিংবোৰত অাপুনি দেখিব পুৰুষৰ অৰ্ধনগ্ন শৰীৰ। টি ছাৰ্ট-অাণ্ডাৰৱেৰৰ বিজ্ঞাপনবোৰ হ’ল ইয়াৰ সাৰ্থক উদাহৰণ। এই বিজ্ঞাপনৰ ছবিবোৰত খুৱ যত্ন সহকাৰে পুৰুষ শৰীৰটোক এক যৌন দ্ৰব্য ৰূপে ফুটাই তুলিব খোজা চতুৰ প্ৰয়াস এটা চকুত পৰিব। পুৰুষক এনেদৰে দেখুৱাৰ মাজেৰে তেওঁলোকে বিচাৰিছে যৌনতা ভিত্তিক নতুন ভ্যেলুজ এটাও নিৰ্মাণ কৰিবলৈ। নাৰীতো বাদেই স্বয়ং ক্ৰেতা পুৰুষজনেও যাতে নিজকে এক যৌনসত্বা ৰূপে গ্ৰহণ কৰিবলৈ শিকে, সেই প্ৰয়াসো সাম্প্ৰতিক কালৰ কোম্পানিৰ ব্যৱসায়িক নীতি। ফোৰমোন (pheromone) নামৰ এবিধ পুৰুষ ডিওডৰেন্ট অাছে, নামটোতে কোম্পানিৰ এই প্ৰয়াস স্পষ্ট। কাৰণ ফোৰমোন হল এনে এবিধ যৌন হৰমন, যাৰ নিঃসৰণে বিপৰীত লিংগৰ যৌন বাসনা জগাই তোলে। অামি সকলো পুৰুষ ডিওডোৰন্টৰ বিজ্ঞাপনতে কেবল ইয়াকে দেখো যে ডিওডোৰেন্ট গাত চটিয়াই পুৰুষে নাৰীক যৌন কাতৰ কৰি তুলিবলৈ চেষ্টা কৰি অাহিছে। অৰ্থাৎ এতিয়া ছুট-বুট পৰিহিত জেমচ বণ্ডৰ কাম নাই, কাম এতিয়া যদু মধুৰো, যদিহে জিমলৈ গৈ তেওঁ এটা অাটিল শৰীৰ কৰি লব পাৰে। এতিয়া পৌৰষৰ প্ৰতীক পিষ্টলটোৰো কাম নাই, কিয়নো ডিওডোৰেন্টৰ টেমাটো পিষ্টলতকয়ো অধিক শক্তিশালী।
সাম্প্ৰতিক পূঁজিবাদ বা উদাৰ বজাৰ অৰ্থনীতিয়ে যে কেবল নাৰীসকলকে শোষণ কৰিছে এনে নহয়, পুৰুষসকলো সাৰি যোৱা নাই। বজাৰ অৰ্থনীতিৰ দৃষ্টিত যিহেতু নাৰীও সমানে ক্ৰেতা, গতিকে পুৰুষকো নাৰীৰ দৰেই sexual object ৰূপে গঢ়ি তুলিবলৈ সকলোধৰণে চেষ্টা চলাই যোৱা হৈছে। এই যে পুৰুষৰ দেহশ্ৰী প্ৰতিযোগিতাবোৰ, এইবোৰো একধৰণৰ পণ্য বজাৰ সম্প্ৰসাৰণৰে চেষ্টা। বিভিন্ন ধৰণৰ পেশীবৰ্ধক-পুষ্টিবৰ্ধক এনাৰ্জি ফুড, তেল, ক্ৰীম অাৰু শৰীৰৰ চৰ্চাৰ উদ্যোগবোৰ তিষ্ঠি অাছে পুৰুষৰ দেহশ্ৰী প্ৰতিযোগিতাবোৰৰ অালম লৈ। অানকি টায়াৰ, লো-চিমেন্ট অাদিৰ দৰে প্ৰডাক্টবোৰো, যাৰ শক্তিমত্তা ক্ৰেতাৰ ওচৰত প্ৰমাণ কৰাৰ দৰকাৰ, তেনে প্ৰডাক্টবোৰো সততেই ‘মিঃ বডী বিল্ডাৰ’ৰ ‘মহিমা’ৰেই তুলনা কৰা হয়। অথচ এইখন পৃথিবীত নাৰী দেহৰ কমনীয়তাৰ ভিত্তিত অায়োজিত সৌন্দৰ্য প্ৰতিযোগিতা সমূহক যিমান ঢাকঢোল বজাই প্ৰচাৰ কৰা হয়, তাৰ তুলনাত নাৰীৰ দৈহিক শক্তিমত্তা বা পেশীবহুলতাৰ অাধাৰত অায়োজিত প্ৰতিযোগিতাবোৰক কোম্পানিবোৰে মুঠেও গুৰুত্ব নিদিয়ে, কাৰণ গুৰুত্ব দিবলৈ গ’লেই তেওঁলোকৰ হাজাৰ হাজাৰ কোটি টকীয়া প্ৰসাধন অাৰু ফেচন পণ্যৰ দোকানবোৰত তলা ওলোমাই দিব লাগিব।
নাৰীৰ এই পেশীবহুলতাক ভয় কৰে বিউটী ইণ্ডাষ্ট্ৰিয়েযি নহওক বজাৰ অৰ্থনীতিত পুৰুষো কিদৰে চিকাৰ হব লগীয়া হৈছে তাৰ কথাও দু-অাষাৰ কোৱা যাওক। সাম্প্ৰতিক পৃথিবীত পুৰুষেও এটা তৰুণ চেহেৰাৰে ধুনীয়া হ’ব খোজাৰ যি দুৰ্নিবাৰ তাড়না দেখা গৈছে, সিয়ে কছমেটিক ছাৰ্জাৰীৰ ব্যৱসায়ক অস্বাভাৱিক ধৰণে ভীণ্ডাকাৰ কৰি তূলিছে। ২০১৮ চনত এই উদ্যোগৰ পূঁজি অাৰ্জিত হৈছিল ৬০ বিলিয়ন ডলাৰ। ২০২৪ত হেনো হবগৈ ৮২ বিলিয়ন ডলাৰ। অামি যি দৰে দেখো, যে সৌন্দৰ্য প্ৰতিযোগিতাত সৌন্দৰ্যৰ প্ৰমাণ দিবলৈ পুৰুষ বিচাৰকৰ সমুখত বিকিনি বা চুইমিং কাষ্ট পিন্ধি নাৰীয়ে শৰীৰটো উদঙাই দেখুৱলৈ বাধ্য হয়, তেনেদৰে এই কনজুমাৰ বিশ্বত এনে কেতবোৰ প্ৰতিযোগিতা পতা হয়, যাৰ মঞ্চত পুৰুষ সম্পৃৰ্ণ উলংগ হ’ব লাগে। এনে বহু প্ৰতিযোগিতাত সমাজৰ অভিজাত নাৰীসকলেই ইয়াৰ বিচাৰক। অৰ্থাৎ পূঁজিবাদে অাজিৰ পৃথিৱীত নাৰী-পুৰুষ দুয়োকে লিংগ বৈশিষ্ট্যৰ উদ্ধত ৰাখি মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰাৰ পৰিবৰ্তে দুয়ো পক্ষৰ ওচৰত পৰস্পৰক ছেক্সুৱেল অৱজেক্ট ৰূপে চাবলৈকে অহৰহ প্ৰৰোচনা কৰি অাহিছে। কাৰণ বজাৰ ক্ষেত্ৰখনত মানুহৰ যৌনতা বা যৌন চেতনাৰ বিৰাট মূল্য অাছে। নাৰী-পুৰুষক মানৱ সত্বা হিচাপে নাৰাখি পৰস্পৰৰ বিৰোধী অাৰু প্ৰতিদ্বন্দ্বী লিংগ সত্বা ৰূপে জীয়াই ৰাখিব পাৰিলেই বজাৰৰ সম্ভাৱনা (potentiality ) বাঢ়ি গৈ থাকে। পণ্যৰো ভিন্নতা বঢ়াব পাৰি।
সমকানীসকলৰ বাবে সাজু কৰা হৈছে পৃথক ৰূপসজ্জাবহুতে বিশ্বাস কৰে যে পূঁজিবাদী উদাৰ অৰ্থনীতিয়ে নাৰীক পুৰুষতান্ত্ৰিকতাৰ পৰা মুক্তিৰ পথ দেখুৱাইছে। কিন্তু কাৰ্যক্ষেত্ৰত অাচলতে তেনেধৰণৰ মৰিচীকা তৈয়াৰ কৰি নাৰী মননত ভ্ৰমৰ সৃষ্টিহে কৰা হৈছে। অানকি বহু ক্ষেত্ৰত পুৰুষতন্ত্ৰৰ স’তে হাতহে মিলাইছে পূঁজিবাদে। অামি সততেই দেখিবলৈ পাওঁ যে নাৰীক কেৱল বিজ্ঞাপনতেই নহয়, টিভি-চিনেমা, নাটক, চাৰ্কাছ, অালোচনী, সকলো ধৰণৰ বাণিজ্যিক অনুষ্ঠান-প্ৰদৰ্শনী সমূহত প্ৰসাধন অথবা বস্ত্ৰ-বিপননৰ অাহিলা হিচাপে ব্যৱহাৰ কৰা হয়। পিছে নাৰীদেহৰ চাৰিত্ৰিক বৈশিষ্টবোৰ বিপননৰ প্ৰসংগ হিচাপে অনা এনেধৰণৰ অলেখ পণ্য সামগ্ৰী অাছে, যাৰ স’তে অাচলতে নাৰী বা নাৰী সৌন্দৰ্যৰ কোনো সম্পৰ্কই নাই। নাৰীৰ যিবোৰ বৈশিষ্ট্যক সুন্দৰ, নমনীয় বুলি বিবেচনা কৰা হয়, সেইবোৰকে নাৰীৰ অাকাংক্ষিত ব্যৱহাৰ হিচাপে উপস্থাপন কৰা হয়। গণমাধ্যম সমূহত উপস্থাপিত নাৰীৰ ভাৱমূৰ্তি নাৰীৰ চিৰায়িত লিঙ্গ ভূমিকাটোকে শক্তিশালী কৰিব বিচৰা হয়। নাৰীৰ প্ৰসংগত ইয়াতে স্পষ্ট হয় পুৰুষতন্ত্ৰৰ স’তে পুঁজিবাদৰ বুজাপৰা।
কোমল বয়সৰ শিশুবোৰো ৰেহাই পোৱা নাই!অামেৰিকাত অায়োজিত মিছ টিন এজ সুন্দৰী প্ৰতিযোগিতাসেয়ে অামি কেতিয়াবা দেখোঁ যে যিবোৰ কামত নাৰীয়ে শাৰিৰীক শক্তি অাৰু ক্ষমতাৰে নিজকে শক্তিশালী মানুহৰ ৰূপত তুলি ধৰিছে, তাতো পণ্য উৎপাদক কোম্পানিবোৰে নাৰীৰ পিছ লবলৈ এৰা নাই, অাৰু তেনে নাৰীৰ সেই ক্ষমতা বা শক্তিমত্তাক একাষৰীয়া কৰি থৈ যৌনতা বা সৌন্দৰ্যৰ দিশটোহে গ্লৰিফাই কৰিবলৈ চেষ্টা চলাইছে। উদাহৰণ স্বৰূপে ক’ব পাৰি গ্লেমাৰ নামৰ সৌন্দৰ্য মেগাজিনখনত প্ৰকাশ হোৱা কোভাৰ ষ্টৰি এটাৰ কথা। এইখন অামেৰিকা অাৰু কানাডাৰ শীৰ্ষ স্হানপ্ৰাপ্ত অালোচনী। দ্বিতীয়বাৰ অামেৰিকাই ইৰাক অাক্ৰমণ কৰাৰ অাগমুহূৰ্তত মাৰ্কিন নাৰী সৈনিকসকলৰ মেকঅভাৰ সম্পৰ্কত এটি বিশেষ প্ৰৱন্ধত নাৰী সেনানীসকলক পৰামৰ্শ দিয়া হৈছিল–কিদৰে মৰুময় ৰণক্ষেত্ৰত তেওঁলোকে লিপষ্টিক ভালে ৰাখিব পাৰিব, কেনেকৈ ঘাম প্ৰতিৰোধ কৰি মেকঅাপ ঠিক ৰাখিব পাৰিব ইত্যাদি। এইখন এনে এখন সৌন্দৰ্যচৰ্চা বিষয়ক অালোচনী, যত নানান দামী প্ৰসাধন অাৰু ফেচন পণ্যৰ বিজ্ঞাপনৰে ভৰি থাকে। অালোচনীখনৰ উদ্দেশ্য এয়ে অাছিল যে নাৰীয়ে যিমানে পুৰুষৰ সমানে বীৰত্বৰ প্ৰমাণ নিদিয়ক কিয় লিপষ্টিক বা প্ৰসাধন সামগ্ৰীবোৰৰ মাজতহে অাছে তেওলোকৰ অাচল সফলতা। গতিকে জীৱনৰ কঠিন পৰীক্ষাৰ মুহূৰ্ততো প্ৰসাধন সামগ্ৰীবোৰ অবহেলা কৰিলে নচলিব। অলপতে পঢ়িবলৈ পালো ৰুচ সৈন্যবাহিনীত থকা নাৰী সেনাসকলৰ মাজত কিদৰে মহা অাড়ম্বৰে অায়োজন কৰা হৈছিল সৌন্দৰ্য প্ৰতিযোগিতা। তাকো অাঠ মাৰ্চৰ সেই দিনটোত, যিটো দিনত এশ বছৰ অাগতে নাৰীয়ে মুক্তিৰ প্ৰয়াসেৰে ৰাচিয়াৰ বুকুতেই অান্তৰ্জাতিক নাৰী দিবসৰ জন্ম দিছিল। পূঁজিবাদ-ভোগবাদক অাকোৱালি লোৱা ৰাচিয়াত এতিয়া অালিয়ে গলিয়ে সৌন্দৰ্য প্ৰতিযোগিতাৰ বাহাৰ। একালত সমাজবাদৰ স্বাৰ্থত যিখন দেশে শোষণতন্ত্ৰৰ পৰা নাৰীক মুক্তিৰ পথ দেখুৱাইছিল এতিয়া সেইখনত দেশত সেনাবিভাগত সেৱা অাগবঢ়োৱা সাহসী নাৰীসকলকো নাৰীবাদৰ নামত পুঁজিবাদী বনিয়াৰ হাতত তুলি দিবলৈ কুন্ঠাবোধ কৰা নাই। এনেদৰেই পুটিন প্ৰশাসনে ৰুচ সেনাৰ মাজতো বাহাল ৰাখিছে লিংগ বৈষম্য অাৰু অসমতা। কোৱা বাহুল্য যে সমগ্ৰ বিশ্বজুৰি এতিয়া সৌন্দৰ্য প্ৰতিযোগিতাৰ ব্যাপক উৎসৱ। প্ৰসাধন অাৰু ফেচন পণ্যৰ বিয়াগোম কোম্পানিবোৰে ধুনীয়া হোৱাৰ শ্ৰেষ্ঠত্বৰ দৌৰত নামিবলৈ অামাক সকলোকে অানি পথাৰত থিয় কৰাইছে। নাৰী-পুৰুষ সকলোকে। শিশু-কিশোৰীকো বাদ দিয়া নাই। অানকি মেদবহুল-স্হূলকায় নাৰীৰ মাজতো অায়োজন কৰা হৈছে পৃথক প্ৰতিযোগিতাৰ। এনেদৰেই তথাকথিত সৌন্দর্য-ইণ্ডাষ্ট্ৰিৰ জৰিয়তে পুঁজিবাদে সৰ্বাধিক নাৰীৰ বিৰুদ্ধেই অব্যহাত ৰাখিছে প্রলোভন যুদ্ধ।
কলা ছালৰ প্ৰতি বাণিজ্যিক বিদ্বেষৰ বিৰুদ্ধে সৰৱ মাৰ্কিনী জনতাযি নহওক এটা পৰিবৰ্তনৰ উক মুকনিও দেখা গৈছে। অামেৰিকাত জৰ্জ ফ্লয়েডৰ নামৰ কৃষ্ণাংগ ব্যক্তি গৰাকী বৰ্ণ বৈষম্যৰ চিকাৰ হোৱাৰ পাচত বিশ্বজোৰা বৰ্ণবাদৰ বিৰুদ্ধে মানুহ প্ৰতিবাদ মুখৰ হৈ উঠিছে। সৰৱ হৈ উঠিছে সৌন্দৰ্যৰ পূৃজিপতি বেপাৰী সকলৰ বিৰুদ্ধেও ,যিয়ে দীৰ্ঘকাল জুৰি বগা চালেৰে ধুনীয়া কৰি মানুহক সফল কৰি তোলাৰ সপোন দেখুৱাই অাহিছিল। প্ৰতিবাদী জনতাৰ ভয়ত বিশ্বৰ বিভিন্ন দেশত কোম্পানিবোৰে বজাৰৰ পৰা ছাল বগা কৰা প্ৰসাধন সমূহ তুলি নিবলৈ বাধ্য হৈছে। তেওঁলোকে অাৰু কেতিয়াও প্ৰসাধন সামগ্ৰীত ‘fairness’ ‘whitening’ অাৰু ‘lightening শব্দসমুহ ব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতিও দিছে।
দুখী মানুহৰ মুখত হাঁহি বিৰিঙাব পৰা মন্ত্ৰ কেবল কোম্পানিৰ হাতত অাছেবাতৰিত পঢ়িবলৈ পোৱা গৈছে যে হিন্দুস্হান ইউনিলিভাৰ লিমিটেডেও অলপতে ভুল স্বীকাৰ কৰি ভাৰতত বন্ধ কৰি দিবলৈ সিদ্ধান্ত লৈছে বহুল প্ৰচলিত ‘ফেয়াৰ এণ্ড লাভলী’। Johnson & Johnson’য়েও ভাৰত অাৰু মধ্যপ্ৰচ্যৰ পৰা Clean & Clear products সমূহ তুলি লোৱাৰ সিদ্ধান্ত লৈছে। সন্দেহ নাই যে কৃষ্ণাংগ জৰ্জ ফ্লয়েডৰ হত্যাৰ পাচত বৰ্ণ বৈষম্য বিৰোধী অান্দোলনে সৌন্দৰ্যৰ উদ্যোগৰ ভেটি কঁপাই তোলাটো মানুহৰ ইতিহাসৰ এক উল্লেখ যোগ্য ঘটনা হিচাপে চিহ্নিত হৈ ৰ’ব, যিয়ে হয়তো এদিন লিংগগত শোষণ অাৰু বিদ্বেষবোৰো নিৰ্মূল কৰাত সহায় কৰিব।
দৈহিক বা অাবয়বিক সৌন্দৰ্য দুদিনীয়া। বয়স হ’লে প্ৰকৃতিৰ নিয়ম মানি অৱলীলাক্ৰমেই এদিন কোষবোৰ মৰি অাহিব, শিথিল হৈ অাহিব পেশীবোৰ, ছাল শোতোৰা পৰিব। সৌন্দৰ্যৰ জ্যোতি নিৰ্বাপিত হ’ব। তাৰুণ্য চেহেৰাত নাথাকে, থাকে মনত। কোনো অস্ত্ৰোপচাৰে মানুহক চিৰকাল ডেকা কৰি ৰাখিব নোৱাৰে। বৰং সত্য এয়াহে যে অশীতিপৰ কালতো মানুহক ধুনীয়া ৰাখিব পাৰে তেওঁৰ সোলা শোঁতৰা পৰা মুখত বিৰিঙি উঠা অকৃত্ৰিম সৰল হাহিটোৱেহে।
মানুহৰ সৌন্দৰ্য চেহেৰাত নিৰূপিত নহয়। হোৱা হলে দৈহিক সৌন্দৰ্যৰ এটি সাৰ্বজনীন সংজ্ঞা থাকিলহেঁতেন। কোনোবাই কৈছিল সৌন্দৰ্য থাকে চাওঁতাজনৰ চকুৰ কোণত। যদি অামি ধুনীয়া দেখা ব্যক্তিগৰাকীৰ মুখত এটা হাঁহি নাথাকে, সকলোকে ৰুঢ় ব্যৱহাৰ কৰে, উদ্ধত স্বভাৱৰ হয়, অথবা তেওঁ যদি হয় অপৰাধপ্ৰৱণ মানুহ, তেনেহলে তেওঁৰ সৌন্দৰ্যৰ কি গুৰুত্ব অাছে ? ব্যক্তিত্বত সৌন্দৰ্য নাথাকিলে, দৈহিক সৌন্দৰ্যই কাকো চিৰকাল অাৰ্কষিত কৰি ৰাখিব নোৱাৰে। অামাৰ যেতিয়া কাৰোবাক ভাল লাগে, শ্ৰদ্ধাশীল হওঁ, সেয়া ব্যক্তিজনৰ দৈহিক সৌন্দৰ্যৰ বাবে নহয়, তেওঁৰ ব্যক্তিত্বৰ গুণৱালীৰ বাবেহে–সেয়ে প্ৰসাধন কোম্পানিৰ দৃষ্টিত অশুৱনি বা কুৎসিত যেন লগিলেও, তেনে এগৰাকী ব্যক্তিহে চিৰকাল অামাৰ প্ৰিয়ভাজন হৈ ৰ’ব।
গোটেই লেখাটোৱেই অতি মনোযোগেৰে পঢ়িলোঁ। পূৰ্বতে আপোনাৰ গল্প পঢ়িছিলোঁ। এতিয়া এই প্ৰবন্ধবোৰেও নতুন চিন্তাৰ খোৰাক দিছে। ধন্যবাদ ছাৰ। নতুন লেখালৈ আশাৰে বাট চাম।
LikeLiked by 1 person
ধন্যবাদ বিদ্যু দত্ত।
LikeLike