বাবাবাদ

অামাৰ বহুতৰ বাবে মৰমৰ সম্বোধন বাবা। খেয়ালেই কৰা নাছিলো যে বাবাৰ অনেক ৰূপভেদ অাছে। ই কেবল মৰমৰ সম্বোধনেই নহয়। ই পণ্য নামবাচকৰ পৰা অৰ্থনীতিৰ নামকৰণলৈ–ই কেবাবিধো– বাবা জাংগিয়াৰ পৰা বাবা জৰ্দালৈ। ভাঙসেৱীৰো বাবা এটি অাদৰৰ নাম। পিছে বাবা যে এক পূঁজিবাদী অৰ্থনীতিও, সেই কথা বুজিলোঁ বহু দেৰিকৈ। পূঁজিবাদী অৰ্থনীতিৰ কেবাবিধো ভাগৰ মাজত ইয়ো এটা ভাগ–বাবা অৰ্থনীতি। অৱশ্য বাবা অৰ্থনীতি মূলত ইণ্ডিয়ান ভাৰ্চনহে। বিচিত্ৰ এই ভাৰতবৰ্ষত দেখিবলৈ পাইছো বাবা অৰ্থনীতিৰ জয়জয় ময়ময় অৱস্হা। এই অৰ্থনীতিৰ উদ্যোক্তা সকল হৈছে বিষয়-বাসনা বৰ্জনকাৰী সাধু-সন্ত-সন্যাসীসকল। যাক অামি বাবা বুলি মাতো। কি অৰ্থত বাবা বুলি মাতো অামাৰ পাপা ডেডিহতেও চাগে নাজানিব, কিন্তু বুজা গৈছে যে বাবা নামৰ জীৱবিধ হ’ল দুই প্ৰকাৰৰ, এবিধ মন্দিৰৰ বাৰান্দাত বহি চিলিম টানি থকা সৰ্বস্বান্ত মানুহ অাৰু অানবিধ ফাইভ ষ্টাৰ হোটেল বা লাক্সাৰী কাৰত সুন্দৰী যুৱতীৰ সতে বহি ফলৰ ৰস পান কৰা ধনাঢ্য পুঁজিপতিসকল। এনে ধনাঢ্য পূঁজিপতি বাবা সকলে বেহা-বেপাৰ কৰিবলৈ যি কৌশল অৱলম্বন কৰে সিয়ে বাবা অৰ্থনীতি বা বাবাবাদ। অতীজৰে পৰা অামাৰ ভাৰতবৰ্ষখন চিন্তা-ভাৱনা কৰি ভালপোৱা মানুহৰ দেশ। অাগতে অানবোৰ দেশৰ মানুহে যুদ্ধবিগ্ৰহেৰে সাম্ৰাজ্য বিস্তাৰ কৰি ফুৰিছিল, অামাৰ ইয়াত অাকৌ মানুহবোৰে পাহাৰ-পৰ্বত, হাবি-জংঘললৈ গৈ গুম হৈ ভাবি থাকিছিল। মানুহবোৰ যে এলেহুৱা বা ঘৰ-সংসাৰৰ দায়িত্ব লবলৈ কিবা ভয় কৰিছিল, তেনে কিন্তু একেবাৰে নহয়। বহুতে অাকৌ ভুলতে ভাবিব পাৰে ঘৈনীয়েকবোৰৰ স’তে চাগে কাজিয়া পেচাল কৰি বৈৰাগী হৈছিল অাৰু মনৰ বেজাৰতে তিৰোতা মানুহবোৰক পদ্মিনী, শংখিনী, হস্তিনী অাদি শ্ৰেণীকৰণ কৰি কিতাপ লিখিছিল। অাচলতে ভাৰতীয় মানুহ স্বভাৱজাত ভাবুক। যি নহওক এইখন ঋষি-মুনিৰ দেশ। সাংসাৰিক মায়ামোহে তেওঁলোকক ধৰি ৰাখিব নোৱাৰে। তেওঁলোক হল অাত্মা-পৰমাত্মাৰ সন্ধান কৰা ঈশ্বৰ সাধক। হাজাৰ বছৰ অাগতেই তেওঁলোকে ধ্যান-গৱেষণা কৰি যি পৰম জ্ঞান লভিছে তাৰে বাখ্যা দি অামাক কৈ গৈছে যে জীৱন অনিত্য, সংসাৰৰ মায়াত ভূঞ্জি থকাটো ভুল। মোক্ষই অামাৰ লক্ষ্য হোৱা উচিত। ধন-সম্পদ,ঐশ্বৰ্য -বিভূতি সকলো ভ্ৰম। সেই বাবে অামি সাধুসকলক দেখো সকলোতে বিৰাগ, বেছিভাগেই সাংসাৰিক দায়-দায়িত্বৰ পৰা দূৰৈত। কীৰ্তন-ভজন ,পূজা-পাতল কৰি, অত তত বাগৰি ভাং-তাং খাই বহুতে জীৱনটো কটাই দিয়ে। বহুতে ইমানে বেছি বাবা যে গেৰুৱা বস্ত্ৰখনতো বাদেই বাবা জাংগিয়াটোও নিপিন্ধে। (যেনে নগা সন্যাসী)।

অৱশ্যে ভাৰতত গেৰুৱা বসনৰ কদৰৰ তুলনা নাই। গেৰুৱা ৰঙৰ প্ৰতি অাসক্তি বা মোহেই হল এই দুই প্ৰকাৰৰ বাবাৰ উমৈহতীয়া বৈশিষ্ট্য। যদিও দূৰ অতীজত গোড়া বিষ্ণু উপাসক হিন্দুসকলে হালধীয়া-গেৰুৱা বস্ত্ৰধাৰী বৌদ্ধ অাৰু তান্ত্ৰিক সাধুসকলক চকুপাৰি দেখিব নোৱাৰিছিল। (সূত্ৰঃ বিষ্ণু ধৰ্মসূত্ৰ)। যি নহওক ভাৰতীয় বাবাসকলৰ গেৰুৱা বসন হল ব্ৰেণ্ড মাৰ্ক -হল মাৰ্কৰ দৰে বস্তু। হবই, কাৰণ গেৰুৱা ৰঙটো অামি হিন্দু ঐতিহ্যত ত্যাগ অাৰু মোহমুক্তিৰ প্ৰতীক বুলি ভাবো। সেইবাবেই কোনোবাই যেতিয়া গেৰুৱা বসন পিন্ধে অামাৰ অবললীলাক্ৰমেই তেওঁক সাধুবাবা সাধুবাবা যেন লাগে। অৰ্থাৎ গেৰুৱা বসনধাৰী সাধু এজনক অামি নিৰ্লোভ, কাম-মোহমুক্ত বৈৰাগী বুলি ধৰি লওঁ। ধৰি লওঁ যে ঈশ্বৰ চিন্তাত বাদে বাকী তেওঁৰ মনত একো নেখেলায়। ৰামদেৱক দেখিও প্ৰথমেই তেনে লাগিছিল। ভৰিত কাঠৰ খৰম অাৰু গাত গেৰুৱা একবস্ত্ৰ। মানুহজনৰ দেহৰ অৰ্ধেক উদং হৈ থাকে। শীতৰ দিনত চাগে মানুহজনৰ কষ্ট হয়। অৱশ্যে লগে লগে ভাব হয় সাধুবাবাৰনো কি কষ্ট! দেহটো হৈছে এটা মাায়া, এবিধ খোলা। দৈহিক দুখ-কষ্টই স্হিতপ্ৰজ্ঞ মানুহক তলাব নোৱাৰে। কিন্তু এদিন হঠাৎ টিভিৰ পৰ্দাত দেখিলো সকলোকে বাই বাই দি হেলিকাপ্টাৰত উঠি অাকাশেৰে উৰি গুচি গৈছে অামাৰ বাবা ৰামদেৱ। দৃশ্যটো দেখি অাচৰিত হলো, এয়া কেনে সাধুগিৰী ! কাঠৰ খৰম পিন্ধা, একবস্ত্ৰধাৰী সাধু-সন্যাসীয়ে গীতাৰ বাণী দিছে, যোগ-ব্যায়াম শিকাইছে, অাৰু তাকে কৰিবলৈ হেলিকাপ্টাৰত উৰি ফুৰিছে ? তেওঁৰ এই স্ব-বিৰোধিতাবোৰ ভণ্ডামী নে এইবোৰ স্বাভাবিক বুলি মানি লব নোখোজাতো অামাৰ মুঢ়তা? মইতো ভাবিছিলো খাটি সন্যাসীৰ দৰে তেওঁ চাগে মাইলৰ পাচত মাইল ধৰি পদব্ৰজে ঘূৰি ফুৰে। গৰুগাড়ী বা ঘোঁৰাগাড়ী বেছি ভাল পায়। সি যি নহওক ভোগবাদৰ পৃথিৱীত যেতিয়া সকলোৰে চৰিত্ৰ সলনি হৈ যায়, সাধুসকল একেই থাকিব বুলি ভবাটোহে চাগে অামাৰ মুঢ়তা। সাধু-সন্ততো মঙল গ্ৰহৰ জীৱ নহয়, এইখন সমাজতে উৎপন্ন হোৱা মানুহ। গতিকে অান হাজাৰ জনৰ দৰে সন্তৰ্পণে ভাৰতীয় সাধুৰ ৰূপ অাৰু চৰিত্ৰও সলনি হৈছে। সাধুবাবাৰ ইমেজ ভাঙি যোৱাৰ অাঁৰত ৰামদেৱৰে হাত নাই, প্ৰকৃততে পূৰ্ৱসুৰী এচামে অাজিৰ এই বাবাবাদৰ পথ সাজি দিছে। এইখন ভাৰতত সাধু-সন্যাসীক সিদ্ধিপুৰুষ হিচাপে গণ্য কৰি অশেষ সন্মান ভক্তি যচা হয়। সন্যাসীৰ জনপ্ৰিয়তা, গণ-সমৰ্থন অাগতেও অাছিল। কিন্তু স্বাধীন ভাৰতত সাধুতা- বৈৰাগ্যই গ্লেমাৰ পাৱলৈ অাৰম্ভ কৰিলে বিনোদনজগতৰ সংশ্ৰৱত। ১৯৬৮চনত হৃষিকেশৰ অাশ্ৰমলৈ অাহি বিটলছৰ সদস্যসকলে মহৰ্ষি মহেশ যোগীৰ শিষ্যত্ব লোৱাৰ পাচৰে পৰা ভাৰতীয় অাধ্যাত্মিক দৰ্শন বিনোদনধৰ্মী গ্লেমাৰ পৃথিৱীৰ সতে অানুষ্ঠানিকভাৱে সাঙোৰ খাই পৰিছিল। পৰবৰ্তী সময়ত ৰজনীশ, ছাইবাবা, চন্দ্ৰস্বামী অাদি কৰি সাম্প্ৰতিক কালৰ গুৰমিত ৰাম ৰহিম সিঙলৈ—কিদৰে বিনোদন, ৰাজনৈতিক অাৰু বাণিজ্য জগতৰ ক্ষমতাবান মানুহে ঘেৰি ৰাখি বাবাসকলক এক বিশেষ ভাৱমূৰ্তি প্ৰদান কৰি অাহিছে,অামি সকলোৱে দেখিয়েই অাছো।

ক্ষমতাৰ অাসক্তি অাৰু ত্যাগৰ অাশ্চৰ্যকৰ মিলন

অাজিৰ ভাৰতীয় ভোগবাদী সমাজত সফল সাধু বা বাবা হ’ব পৰাটো বিশেষ কৃতিত্বৰ কথা। ভবিষ্যতে লৰা-ছোৱালীক ডাক্টৰ-ইঞ্জিনীয়াৰ পৰিবৰ্তে বাবা হ’বলৈকে হয়তো উদগনি দিব মাক- দেউতাকে। উদাহৰণ হিচাপে হয়তো তেওঁলোকে ৰামদেবৰ কথাকে ক’ব। ক’ব চোৱা, এনেদৰে পাৰ্থিৱ বস্তুৰ প্ৰতি মায়ামোহ ত্যাগ কৰিব জানিলে কিমান ধনী হ’ব পাৰি। টকা-ক্ষমতা সকলো লাভ কৰিব পাৰি, প্ৰধান মন্ত্ৰীৰো বন্ধু হ’ব পাৰি। ৰামদেবক দেখা নাই ? বাবা হৈ অাজি হাজাৰ হাজাৰ কোটি টকাৰ মালিক। স্বয়ং নৰেন্দ্ৰ মোডী তেওঁৰ বন্ধু।

কেবল ৰামদেৱেই নে ? মা অমৃতানন্দময়ীৰ সম্পত্তিৰ পৰিমাণ প্রায় দেড় হাজাৰ কোটি টকা। নিজৰ নামত স্কুল, কলেজ, টিভি চেনেল পৰ্যন্ত অাছে তেওঁৰ। আর্ট অব লিভিং ফাউন্ডেশনৰ প্রতিষ্ঠাতা শ্রী শ্রী ৰবিশঙ্কৰৰ বাৰ্ষিক আয় প্রায় হাজাৰ কোটি। গুৰমিত ৰাম ৰহিম সিংহৰ সম্পত্তিৰ পৰিমাণ প্রায় এক এহাজাৰ কোটি টকা। তেওঁৰ ডেৰাতে অাছে ৭০০ একৰ কৃষিভূমি, স্কুল, কলেজ, মাল্টিপ্লেক্স, ৰেস্তোৰা ৰিজর্ট, ছপিংমল, হাস্পতাল অানকি পেট্রোল পাম্পো। দেশ-বিদেশত ২৫০খন আশ্রম অাছে ৰাম ৰহিমৰ। অৱশ্যে ধর্ষণ অভিযোগত অভিযুক্ত হৈ ২০ বছৰৰ কাৰাবাসৰ দণ্ডৰে দণ্ডিত হব লগা হৈছে এই গৰাকী মহান বাবাই। হত্যা-ধৰ্ষণৰ অপৰাধত সুযোগ্য পুত্ৰৰ স’তে যাৱজ্জীৱন কাৰাবাস খাটিবলগীয়া হোৱাৰ অাগতে অাশাৰাম বাপুই কমেও ১০,০০০কোটিৰ সাম্ৰাজ্য গঢ়ি থৈ অাহিছিল। এইবোৰ সকলো বৰঙণি অাৰু লুণ্ঠণৰে অৰ্জা ধন। ইফালে দেশে-বিদেশে ৰামৰ অাদৰ্শ বিলোৱা শ্রী মোৰাই বাপুৰ বছৰি উপাৰ্জন ১৫০ কোটি টকা। তেনেদৰে অদ্ভুত বাবা শিবানন্দজি মহাৰাজৰ বছৰি অায় ৪০ কোটি টকা। পতঞ্জলি ব্র্যান্ড, পতঞ্জলি যোগপীঠ এবং দিব্যা যোগী মন্দিৰ প্রতিষ্ঠা কৰি বাবা ৰামদেবে অৰ্জন কৰা সম্পত্তিৰ পৰিমাণ প্রায় ১১ হাজাৰ কোটি টকা, কিন্তু মন কৰিবলগীয়া কথাটো হল পতঞ্জলীৰ ব্যৱসায়ৰ ৯৮.৫৫ শতাংশ ছেয়াৰ অাছে আচার্য বালকৃষ্ণৰ হাতত।

বিলিয়নাৰ সাধু অাচাৰ্য বালকৃষ্ণ

ফোর্বছ’অালোচনীৰ মতে বালকৃষ্ণৰ মুঠ সম্পদৰ পৰিমাণ ৪৯০ কোটি ডলাৰ (প্রায় ৩৪ হাজাৰ কোটি টাকা)। এনেধৰণৰ অলেখ বাবা অাছে, যি ৰাইজক কেবল অাত্মা-পৰমাত্মাৰ বাণী দি সম্পত্তিৰ পাহাৰ গঢ়িছে। ৰামদেৱ অৱশ্যে অলপ বেলেগ কায়দাৰ বাবা। তেওঁ কেবল কাম-ক্ৰোধ-লোভ-মোহ অাদি ৰিপু দমনৰ নীতি-নিয়ম গায়ে ক্ষান্ত হোৱা নাই, ভক্তৰ স্বাস্হ্য তন্ডুৰুস্ত ৰাখিবৰ নিমিত্তে দাৱাই-টনিকো প্ৰস্তুত কৰিছে, অাৰু সেইবোৰ বিক্ৰি কৰিবলৈ দেশৰ অালিয়ে গলিয়ে দোকান-পাটো খুলিছে। তেওঁৰ দোকান বিদেশতো অাছে। দাৱাইৰ বেহা কৰিবলৈ বিঘাই বিঘাই মাটি লৈছে, খেতি কৰিছে, ইণ্ডাষ্ট্ৰি খুলিছে, বনুৱা নিযুক্তি দিছে। চি-ই-অ ৰাখিছে। মুঠতে কৰ্পোৰেট ষ্টাইলৰ বাবাগিৰী। অান দহজন পূঁজিপতিৰ যিদৰে সম্পদ বাঢ়ি গৈ থাকে, তেনেদৰে ৰামদেৱৰো বাবাগিৰী বেহা বাঢ়ি গৈ অাছে। কিছুকাল অাগতে দ্য নিউ ইয়ৰ্ক টাইমছত The Billionaire Yogi Behind Modi’s Rise নামৰ এটা মজাৰ প্ৰবন্ধ এটা লিখিছিল Robert F. Worthয়ে। ( অাগ্ৰহীসকলক লিংকটো দিলো, পঢ়ি চাব পাৰে।https://www.nytimes.com/2018/07/26/magazine/the-billionaire-yogi-behind-modis-rise.html)। এই লেখাটো পঢ়ি বুজিব পাৰি যে কিদৰে সম্প্ৰতি ভণ্ড সাধু-সন্তবোৰে নকল সাধুবাদৰে ভাৰতত পুঁজিবাদ-ভোগবাদ বিস্তাৰিত কৰিবলৈ ধৰিছে। বাবাবাদী অৰ্থনীতিৰ চমকপ্ৰদ উত্থানৰ কথা জানিবলৈ হ’লে ৰাইজে অাৰু এখন কিতাপ পঢ়ি চাব পাৰে সেইখন হৈছে প্ৰিয়ংকা পাঠক নাৰিনৰ ‘গডমেন টু টাইকুন, দ্য আনটোল্ড ষ্টৰি অব বাবা ৰামদেব’।

ভাৰতত হিন্দুভাবাদৰ্শক কিদৰে বাণিজ্যিকীকৰণ কৰি এচাম গেৰুৱাবস্ত্ৰধাৰীয়ে বিপুল সম্পদ অাহোৰণ কৰিছে অাৰু সমাজৰ অৱক্ষয় দ্ৰুততৰ কৰি তুলিছে, সেই সকলৰ স’তে অাদানি-অাম্বানিয়েও ফেৰ মাৰিব নোৱাৰে। দেখা গৈছে যে পূঁজিপতি বাবাসকল বেছি চলনাকাৰী। বেছি সুবিধাবাদী। তেওঁলোকে ত্যাগ-বৈৰাগৰ কথা কয়। কিন্তু অাচৰণ কৰে মৰ-খকুৱাৰ দৰে। তেওঁলোক একো একোজন বিড়াল তপস্বীত কৈ অান একো নহয়। বৰং কেতিয়াবা তাতোকৈ বেছি। পিছে বেছিভাগ এনে পপুলাৰ বাবাৰ শেষ অাশ্ৰয় হৈ পৰিছে জেল। ধৰ্ষণ, হত্যা, অপহৰণ,লুণ্ঠন, জালিয়াতি, অধাচাৰী যৌন বিকৃতি–এইবোৰেই হৈছে তেওঁলোকৰ জীৱনৰ কৃতিত্ব। এইবোৰেই কৰিয়েই যদি বিপুল জনপ্ৰিয়তা অাৰ্জিব পাৰি, তেনেহলে ডুবাই বা বেংককত থাকি ভাইগিৰী কৰাত কৈ দেশত থাকি বাবাগিৰী কৰাটো হাজাৰগুণে উত্তম বুলি উদীয়মান অপৰাধীসকলে নিশ্চয় ভাবিব। সন্দেহ নাই যে নব্য-পূঁজিবাদী ভাৰতৰ, এই ক্ৰনি কেপিটেলিজিমৰ কালত ৰামদেৱ এজন পাক্কা বিজনেছমেন। বাবাগিৰী তেওঁৰ বিজনেছৰ কৌশল। তেওঁ ভাৰতীয় সনাতন হিন্দু অাদৰ্শ অাৰু হিন্দু জাতীয়তাবাদক শ্লোগান হিচাপে ব্যৱহাৰ কৰি ব্যৱসায়ৰ এক সফল অাৰু নতুন কৌশল উদ্ভাৱন কৰিছে।

অাৰম্ভণিতেই তেওঁ তেওঁৰ কমোডিটিবোৰত বিজ্ঞাপন দিছিল এনেদৰে “As East India Company plundered our country for 200 years likewise these multinationals are exploiting our country by selling their harmful and dangerous chemical products. Beware!” এয়াই সেই অামাৰ মহান ৰামদেৱ, যি মাত্ৰ কিছুবছৰ অাগতে বিদেশী ঔপনিৱেশিক শোষণ লুন্ঠণৰ বিষয়ে সকিয়াই দি এতিয়া তেওঁ নিজেই লুণ্ঠণ ঠগবাজত নামি পৰিছে। যি সময়ত সমগ্ৰ দেশবাসী মহামাৰীৰ কবলত অসহায় দিকহাৰা হৈ পৰিছে, সেই সময়ত মানুহৰ বিপদৰ সুযোগ লৈ টকা ঘটিবলৈ উঠিপৰি লাগিছে ৰামদেৱ। অলপতে কোৰোনিল নামৰ ঔষধ এবিধ উলিয়াই ৰামদেৱে কোভিড বেমাৰ নিৰাময় কৰিব পাৰে বুলি যি ভুৱা দাবী কৰিছিল তাতেই প্ৰমাণ হৈ পৰিছে যে এই সাধুজন কিমান ভয়ংকৰভাৱে লোভী হ’ব পাৰে। কোনো ধৰণৰ বৈজ্ঞানিক প্ৰমাণ অাৰু চৰকাৰী অনুমোদন নোহোৱাকৈ এনেদৰে বিপথে পৰিচালিত কৰি মানুহক ঔষধ বেচাটো ভাৰতীয় দণ্ডবিধি অাইনমতে গুৰুতৰ অপৰাধ। অাপুনি কল্পনা কৰক পৰিস্হিতিটো, যে দেশত ১৩০ কোটি মানুহ অাছে, বেমাৰে এদিন কিমান কোটিক অাক্ৰান্ত কৰিব কোনো ঠিকনা নাই। প্ৰতিকাৰৰ কোনো ঔষধ নাই এতিয়াও, যাৰ বাবে দৈনিক কেবাশকৈ মৃত্যু অাৰু কেবা হাজাৰকৈ অাক্ৰান্ত হ’ব লাগিছে। দেশৰ কোটি কোটি মানুহে যদি অন্ধভাৱে বিশ্বাস কৰিবলৈ লয় যে অাৰু চিন্তা নাই, ৰামদেৱৰ কৰোনিলে অামাক বচাব, মানুহে তেতিয়া কোৰোনা অাক্ৰান্ত হ’লে চিকিৎসালয়লৈ নগৈ চুপে চাপে ঘৰতে থাকি কৰোনিল সেৱন কৰিব। পৰিণতি কি হ’ব ভাবি চাওক। ৰোগটো অবহেলা কৰাৰ ফলত যিসকলক যৎসামান্য চিকিৎসাৰে অথবা জৰুৰী হোৱাবোৰক অক্সিজেন দি জীৱন বচাব পৰা গলহেঁতেন, সেইসকল অাওমৰণে মৰিব। ৰমদেৱে নিজৰ ভক্তৰ জীৱনৰ সতে হেতালি খেলি ধন অাৰ্জিব খুজিছিল, এয়া কম শঠতা নহয়! কিন্তু তেওঁ হল প্ৰধানমন্ত্ৰীৰ বন্ধু।

গতিকে কাৰ সাহস তেওঁক প্ৰশ্ন কৰাৰ ? ঔষধ বা পুষ্টিদায়িনী খাদ্যদ্ৰব্য বেচিবলৈ গৈ অসাধু পন্হাৰ অাশ্ৰয়লোৱা বুলি পতঞ্জলীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ এয়াই প্ৰথম নহয়। ইয়াৰ অাগতেও তেওঁৰ বিৰুদ্ধে ভেজালকৰণৰ অভিযোগ উঠিছিল। ২০১৭ চনত এক অাৰ টি অাই কৰ্মীক চৰকাৰে তথ্য অাদায় দিছিল যে পশ্চিম বংগৰ জনস্বাস্হ্য গৱেষণাগাৰত প্ৰমাণ হোৱা অনুসৰি ৪০ শতাংশ অায়ুৰ্বেদিক পণ্যই ভেজাল। তাৰ ভিতৰত পতঞ্জলীৰ প্ৰডাক্টো অাছে। ভেজালৰ অভিযোগতে সেনা বিভাগৰ কেন্টিন ষ্টোৰ ডিপাৰ্টমেন্ট( CSD)এ বৰ্জন কৰিছিল পতঞ্জলীৰ তেনে বস্তু। ইয়াৰ অাগতে পতঞ্জলীৰ মৌৰ বিৰুদ্ধেও ভেজালকৰণৰ তথ্য প্ৰকাশ কৰিছিল Centre for Science and Environmentয়ে। পতঞ্জলীৰ মৌত পোৱা গৈছিল মাত্ৰধিক পৰিমাণৰ ক্ষতিকাৰক এন্টিবায়টিক। ভেজালৰ অভিযোগ তুলি নেপালেও বৰ্জন কৰিছিল পতঞ্জলীৰ পণ্য। অান এবাৰ খোদ পতঞ্জলীৰ কৰ্মীসকলেই ফাদিল কৰি দিছিল উদ্যোগটোৰ কুকীৰ্তি। ২০০৫ চনত কোম্পানিটোৰ প্ৰায় চাৰি ভাগৰ এভাগ কৰ্মচাৰীয়ে প্ৰাপ্য মজুৰীৰ দাবীত হৰ্তাল কৰিব লগীয়া হৈছিল, তেওঁলোকে উদঙাই দিছিল যে পতঞ্জলীৰ নিৰ্দিষ্ট কেতবোৰ প্ৰডাক্ট প্ৰস্তুত কৰোতে মৰা মানুহৰ হাড়-মূৰ ব্যৱহাৰ কৰা হৈছে নীতিবিৰুদ্ধ ভাবে। পাচত এই অভিযোগৰ সত্যতা এটি চৰকাৰী গৱেষণাগাৰত প্ৰমাণিত হৈছিল। পোৱা গৈছিল মানৱ লাওখোলাৰ ডি এন একে ধৰি কিছু অপ্ৰয়োজনীয় উপাদান। পাচত এইবোৰৰো ৰফা দফা কৰা হ’ল।

ৰামদেৱৰ অাশ্ৰমত ভি-অাই-পিৰ ভিৰ

এক শক্তিশালী হিন্দুত্ববাদী ৰাজনৈতিক শক্তিয়ে ৰামদেৱক সুৰক্ষিত কৰি ৰাখিলে। সি যি নহওক, দীৰ্ঘকাল ধৰি সমালোচনা-অভিযোগে খেদি ফুৰিলেও, বা কেবাবাৰো বিচাৰৰ কাঠগড়াত থিয় হব লগা হ’লেও হিন্দুত্ববাদৰ ৰাজনৈতিক ছত্ৰছায়াত থাকি বাৰে বাৰে সুৰক্ষিত হৈ ৰৈছে ৰামদেৱ। ২০১৬ চনৰ অক্টোবৰত খাদ্য অাৰু ঔষধ প্ৰশাসনে পতঞ্জলীৰ ঘী ভেজাল অাৰু ক্ষতিকাৰক বুলি অভিযোগ অানিছিল। পতঞ্জলীৰ ঘী প্ৰকৃততে গৰু -মহ-ছাগলীৰ গাখীৰৰ মিশ্ৰণ হে বুলি কোৱা হৈছিল। পাচত ভাৰতীয় সেনা বিভাগে সেনাৰ বাবে কিনা পতঞ্জলীৰ ফলৰ ৰসো ভেজলকৰণৰ উমান পাই নিষিদ্ধ কৰিব লগা হৈছিল। শংকৰদেৱ নামৰ তেওঁৰে এগৰাকী গুৰুৰ নিৰুদ্দেশ সংক্ৰান্তীয় চিবিঅাইৰ গোচৰতো সাঙোৰ খাইছিল নাম। গোচৰ-অভিযোগৰ সেই সমস্ত ফাইলত এতিয়া ধুলি জমিছে ।

ভাৰতবৰ্ষত অালিয়ে গলিয়ে ‘গডমেন’ বা ক্ষমতাশালী ধনবান সাধুবাবাৰ অাৰ্বিভাৱৰ ঘটনাবোৰ যিমানে বাঢ়ি গৈছে, সিমানে স্পষ্ট হৈ গৈ অাছে সমাজিক অৱক্ষয়ৰ।

‘খেলা’ৰ নাম বাবাজী

অতীজ ভাৰতত মানুহে জীৱনৰ অৰ্ধেক কাল ব্ৰহ্মচাৰ্য-সন্যাস জীৱনেৰে বিষয়-বাসনাৰ পৰা মুক্ত হবলৈ ঈশ্বৰ সাধনা কৰিছিল। অাজিকালি মানুহে বিষয়-ভোগ নিশ্চিত কৰিবলৈ ঈশ্বৰ সাধনা কৰে। লোভী অাৰু বিষয়ী মানুহৰ ঈশ্বৰ বিশ্বাস অধিক। অাজিৰ ভোগী মানুহৰ এনে দুৰ্বলতাৰ কথা জানে বাবেই দেশখনত অতবোৰ যোগী বাবাৰ অাৰ্বিভাব হবলৈ পাইছে। লুভীয়া মানুহে ইচ্ছাবোৰ পূৰাবলৈ সকলোতে এটা চমু ৰাস্তা বিচাৰে। তেওঁলোকক ভগবানৰ অাশীৰ্বাদ লাগে মনৰ বৈষয়িক বাঞ্ছা পূৰ হবলৈ। পিছে তেওঁলোকে জানে ঈশ্বৰক সহজে মেনেজ কৰিব নোৱাৰি। ঈশ্বৰ সহজে সন্তুষ্ট নহয়, গতিকে তেওঁলোকক চৰ্ট কাট ৰাস্তা দেখুৱাৰ প্ৰতিশ্ৰুতিৰেই সমাজত দেখা দিয়ে স্বয়ম্ভূ ভগৱান বা সাধুবাবাৰ। তেওঁলোকে ঈশ্বৰ অাৰু ভক্তৰ মধ্যভোগীৰেই কাম নকৰে, কেতিয়াবা সুযোগ বুজি নিজকেও ভগৱানৰ অৱতাৰ বুলি ঘোষণা কৰি দিয়ে। ভাৰতৰ সাধুবাবাবোৰ ইমানে চালাক যে মানুহৰ মাজত ইলুজন সৃষ্টি কৰিবলৈ সকলো ধৰণৰ কৌশল অৱলম্বন কৰে। প্ৰথমেই ডিম্বে-মদন অাদি পুৰণি নামটো পৰিহাৰ কৰি গ্ৰহণ কৰে এটা ঈশ্বৰৰ নাম। তাৰ পাচত কোনোবাই যদি নগ্ন হয়, কোনোবাই অাকৌ সোণৰ সিংহাসনত ৰজাৰ দৰে বহি থাকে। খোলে টিভি চেনেল, যাতে চিনেমাত অাসক্ত ভাৰতীয়ৰ মনত ভ্ৰমৰ সৃষ্টি কৰিব পাৰি। কাৰণ চিনেমাৰ মায়াজালে ভাৰতীয় মানুহক ইমানেই অাচ্ছন্ন কৰি ৰাখিছে, টিভি-চিনেমাৰ পৰ্দাত চোৰ-ডাকু যিয়েই নহওক, যিমানে ভূমুকি মাৰিব সিমানে গ্লেমাৰাছ হৈ উঠিব। গতিকে গ্লেমাৰাছ সন্ত এজনে যেতিয়া সমস্যা, দুখ-কষ্ট দূৰ কৰাৰ অাশা দেখুৱায়, উচ্চাকাংক্ষাবোৰো পূৰ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে, মানুহ অাকৰ্ষিত হোৱাটো স্বাভাবিক। পিছে কিবা এটা মনোকামনা পূৰণৰ অাশাতেই যদি হত্যাকাৰী, ধৰ্ষণকাৰী বা লুণ্ঠণকাৰী কোনো বাবাৰ চৰণত অামি এনেদৰে উবুৰি খাই পৰোঁ, তেনেহলে সমাজখন কেনে লুভীয়া স্বাৰ্থপৰৰ সমাজত পৰিণত হৈ পৰিছে বুজাই যায়। মন কৰিব যে সদায় সেয়ে ঠগবোৰ খায় লুভীয়া-স্বাৰ্থপৰবোৰেই। গতিকে ঈশ্বৰৰ নামত, ধৰ্মৰ নামত দগাবাজবোৰে মানুহৰ লোভ-স্বাৰ্থপৰতাৰে সুযোগবোৰ লৈ অাহিছে অতি সহজে। ৰামদেৱ এটা সময়ত বেছ কিছু কংগ্ৰেছী নেতাৰেও দৰহম মহৰম সম্পৰ্ক অাছিল। অান্না হাজাৰেই যেতিয়া কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতিবিৰোধী অান্দোলন অাৰম্ভ কৰিছিল, পৰিস্হিতিৰ সুযোগ লবলৈ ৰামদেৱো তাত চামিল হৈছিল। অান্নাৰ মঞ্চত তেওঁ স্বদেশীয়ানাৰ কথা কবলৈ গৈ, এবাৰ পুলিচৰ খেদাত মঞ্চৰ পৰা ৰামজাপ দি পলায়ণ কৰিব লগা হৈছিল। পাচত অান্না হাজাৰে অান হাজাৰজনৰ সোঁতত হেৰাই গ’ল,ৰামদেৱে খুলিলে ৰাজনৈতিক দল। পাচত অৱশ্যে ৰাজনীতিৰ পৰা তেওঁ অাঁতৰত থকাৰ সিদ্ধান্ত লয়। মন কৰিবলগীয়া কথা যে বিজেপি অাৰু ৰামদেৱ দুয়োৰে উত্থান একেলগে হৈছিল। টেবলেট খাই খাই ক্লান্ত-অতীষ্ঠ হৈ পৰা বেমাৰী মানুহক ৰামদেৱে সপোন দেখুৱালে যোগ-ব্যয়াম অাৰু বনৌষধেৰে সুস্হ কৰি তোলাৰ। অনুলোম-বিলোম, কপাল ভাটি অাদি হাজাৰ বছৰীয়া পুৰণি যোগ-অাসনবোৰ চাৰ্কাচৰ দৰে সফলতাৰে বাৰে বাৰে কৰি দেখুৱাই ইমানে চমক খুৱাই দিলে যে হঠাৎ সকলো ৰামদেৱৰ প্ৰতি অাকৰ্ষিত হল। অসহায় ৰুগ্ন মানুহৰ এয়া সহজাত প্ৰৱণতা যে তেওঁলোকে ৰোগমুক্তিৰ সহজ উপায় এটা বিচৰি ফুৰে। যোগ অাৰু বনৌষধিৰ জৰিয়তে মানুহ নিৰোগী হ’ব পাৰি বুলি থকা ধাৰণাটো ৰামদেৱে এনেদৰে জনপ্ৰিয় কৰি তুলিলে যে এই বিশ্বাসটো হৈ পৰিল এক ধৰণৰ শক্তি। ৰাজনীতিৰো, অৰ্থনীতিৰো। ৰামদেৱৰ অনুগামী যিমানে অনুগামী বাঢ়িল, সিমানে তেওঁৰ গ্লেমাৰ বাঢ়িল, যিমানে গ্লেমাৰ বাঢ়িল সিমানে তেওঁ হৈ পৰিল ৰাজনৈতিক। ৰাজনৈতিক এই অৰ্থত যে যিহেতু তেওঁ হিন্দু সংস্কৃতিৰ কথা কয়, তেওঁ যিহেতু হিন্দু জাতীয়তাবাদৰ কথা কয়, অাৰু দেশৰ মানুহ তাতে উদ্ধুদ্ধ হয়–গতিকে একেধৰণৰ হিন্দু ভাৱাদৰ্শৰে মানুহক সংগঠিত কৰিব পৰা এই শক্তিৰ বাবেই বিজেপিকে ধৰি হিন্দুত্ববাদী শক্তিসমূহে মিত্ৰতা গঢ়িবলৈ ৰামদেৱৰ ওচৰ চাপি অাহিল। ৰামদেৱৰ বাবে ই অাছিল সোণালী সুযোগ। তেওঁ জানিছিল যে বিজেপি ক্ষমতাত অধিষ্ঠিত হলে তেওঁৰ ব্যৱসায়িক উত্থান সহজ হ’ব। গতিকে পিছৰ দৃশ্যবোৰ অাছিল তেনেই স্বাভাৱিক। ২০১৪ অাৰু ২০১৯ৰ নিৰ্বাচনৰ বিজেপিৰ মঞ্চসমূহত মুকলি ভাৱেই ৰামদেৱক দেখা গল বিজেপিৰ জয়গান কৰাত। অানকি তেওঁ বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগী হিচাপেও গ’ল। অাজি এই কথা ক’বই লাগিব যে কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ পোৱাৰ ক্ষেত্ৰত ৰামদেৱৰ অৱশ্যেই কিছু অবদান অাছে। সেয়ে অামি দেখিছো ৰামদেৱক প্ৰতিদান দিবলৈ বিজেপি চৰকাৰখনে সদায়ে কিদৰে চেষ্টা চলাই অাহিছে। প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি ভাবে ৰামদেৱৰ প্ৰডাক্টৰ প্ৰশংসা কৰে। সহায় কৰে ৰেহাই মূল্য বা বিনামূল্যত মাটি বাৰী দি ।

২০১৪ চনত ক্ষমতালৈ অাহিয়েই মোডী চৰকাৰে ঋণ সুজিবলৈ সাধু ৰামদেৱক ৰেহাই মূল্যত শ শ বিঘা মাটি অাবন্টন দিছিল, যাতে তেওঁ হিন্দুত্ববাদৰ পতাকা উৰুৱাই ৰাখিবলৈ দেশৰ ধনবান সাধুত পৰিণত হব পাৰে। ৰামদেৱক সুখী কৰিবলৈ বাচি লৈছিল অামাৰ উৰ্বৰ অসমখন। অামি জানো যে অসমখন অতীজৰে পৰা লুন্ঠণৰ সহজ ক্ষেত্ৰভূমি । অাগতে কংগ্ৰেছ চৰকাৰেও বিশেষ উদ্যোগ নীতিৰ অচিলাৰে অসমৰ উৰ্বৰ মাটি বাহিৰৰ পূঁজিপতিক দি সন্তুষ্ট কৰিছিল। ৰামদেৱ হ’ল সেই তালিকাখনৰ শেহতীয়া সংযোজন। খৱৰ মতে অসমৰ ১২০০ একৰ মাটি ৰামদেৱক দিয়া হ’ল এটা পইচাও নোলোৱাকৈ। The Billionaire Yogi Behind Modi’s Rise নামৰ প্ৰতিবেদনটোত Robert F. Worthয়ে উল্লেখ কৰিছে যে তিনিখন ৰাজ্যৰ মাটি এনেদৰে বিনামূল্যে বা কমমূল্যত দিয়া বাবে পতঞ্জলীৰ লাভ হৈছে ৪৬ মিলিয়ন ডলাৰ। ইয়াকে কয় বাবাবাদী অৰ্থনীতি।

বাবাবাদৰ স্বাৰ্থত বন্যজীৱৰ ত্যাগ

ৰাইজৰ নিশ্চয় মনত অাছে তেজপুৰত নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে বালিপাৰাত উদ্যোগ স্হাপনৰ বাবে পতঞ্জলীক যি ৩৫০ বিঘা ভূমি অবন্টন দিয়া হৈছিল সেই ভূমি অাচলতে বন্যহস্তীৰ বিচৰণ স্হলী অাছিল। পতঞ্জলীয়ে খন্দা গাতত পৰি ২০১৬ চনত মৃত্যু হৈছিল এটি বনৰীয়া হাতী। ৰাজ্য চৰকাৰে তদন্তৰো নিৰ্দেশ দিছিল। শেষত সকলো খোলাকটিৰ তাল। প্ৰধান মন্ত্ৰীৰ বন্ধুক কোনে জোকাই লব! অৰ্থাৎ ৰামদেৱৰ স্বাৰ্থত অসমৰ বন্যকূলকো বলি দিয়া গ’ল। ৰাইজ, বাবাবাদৰ পৰিণতি ইয়াতে শেষ হোৱা নাই, ই হৈছে এনে এটা বাদ যিয়ে যি পাত্ৰত খাব, তাতেই মল ত্যাগ কৰিব। ২০১৮ৰ ২৮ ছেপ্টেম্বৰৰ দিনা দৰঙৰ ডুনিত পতঞ্জলীৰ এজন কৰ্মকৰ্তা সতীনাথ বৰালে মিটিঙত ঘোষণা কৰি দিলে যে শংকৰদেৱ পণ্ডিত তণ্ডিত একো নহয়, কেবল নামঘৰ পতা মানুহ। নামঘৰৰ চাকিবোৰ সৰিয়হ তেলেৰে জ্বলোৱাক লৈয়ো কোম্পানিটোৰ এইজন যোগ বিষয়াই ঠাট্টা-মস্কৰা কৰিলে।

গুৰুজনাক কৰা অপমানৰ প্ৰতিবাদ

ইয়াৰ কেইমাহমান অাগতে পতঞ্জলী কোম্পানিৰ জনৈক বিষয়া এছ বি সিঙে নিউ ইয়ৰ্ক টাইমছত পতঞ্জলীৰ ব্যৱসায় প্ৰসংগত অসমীয়া মানুহৰ খাদ্যাভাস অাৰু ব্যৱহাৰ লৈয়ো তামাচা কৰিছিল। তেওঁলোকে সকলো কৰিব পাৰে। কাৰণ তেওঁলোক শাসকৰ বন্ধু। গতিকে দখল লুণ্ঠণ তেওঁলোকৰ অাইনগত অধিকাৰ। যিখন ঠাইৰ উৰ্বৰ ভূমি কৰ্ষণ কৰি দুহাতে ধন ঘটিব, সেইখন ঠাইৰ বাসিন্দা অাৰু ঐতিহ্যক কৃতজ্ঞতা জনোৱাৰ পৰিবৰ্তে ভৰিৰে মোহাৰি দেখুওৱা এই সাহস -স্পৰ্ধা অাৰু অান একো নহয়, এয়া হৈছে পচিব ধৰা এখন দেশৰ সামাজিক-ৰাজনৈতিক স্বৰূপ। এইখনেই হৈছে সেই দেশ যাৰ নেতৃত্বত অাছে নকল নেতা অাৰু নকল সাধু। অাজি শ শ বিঘা ভূমি দান দিয়া হৈছে বিড়াল তপস্বী স্বৰূপ ধুৰন্ধৰ ব্যৱসায়ীক। তেওঁলোকে তাত চৰ্বত, নুডল, বিস্কুট অথবা ঘী উৎপাদন কৰিব। তেওঁলোকে তাত কাপোৰৰ কাৰখানা খুলিব, তেওঁলোকে তাত যোগৰ বিশ্ববিদ্যালয় পাতিব, অথচ এইখন দেশতেই কোটি কোটি ভূমিহীন নাগৰিকে কটাইছে হাহাকাৰৰ জীৱন। পঁজা এটা সাজিবলৈ, খেতি এডৰা পাতিবলৈ মটি নাই। নাই এটা চপৰাও।

চৰকাৰী মাটিত সাধাৰণভাৱে খেতি কৰি কোনোপ্ৰকাৰে জীৱন নিৰ্বাহ কৰা মধ্যপ্ৰদেশৰ দলিতৰ ওপৰত শাসকৰ নিৰ্যাতন
ৰামদেৱ হব নোৱাৰাৰ পৰিণতি। এয়াই অসমৰ বন্যাক্ৰান্তৰ দশা।

অাজি অামি বাবাক বিঘাই বিঘাই মাটি দিছো, বন্যকূলক বলি দি হাতত তুলি দিছো বনজ সম্পদ, বাবাই কি দিছে অসমবাসীক? শ্ৰমিকৰ কেইটামান চাকৰি? এই বানপানী-মহামাৰীৰ দুৰ্যোগ কালত কত অামাৰ মহান বাবা ? কোনোবাই দেখিছেনে এনে এটা দৃশ্য যে কোনো অনাহাৰীৰ হাতত বাবাই মৰমেৰে তুলি দিছে বিস্কুটৰ এটা হলেও পেকেট ?

2 thoughts on “বাবাবাদ

  1. ব্যতিক্ৰমী চিন্তাৰ প্ৰতিফলন ঘটা লেখাটো পঢ়ি ভাল লাগিল

    Like

Leave a reply to Prasanta Kumar Das Cancel reply

Design a site like this with WordPress.com
Get started